ৰাজ্যিক বাতৰি

৬২ জন শিক্ষাৰ্থীক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সম্বৰ্ধনা

Sentinel Digital Desk

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শিলচৰ শাখাই ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱসৰ লগত সংগতি ৰাখি গান্ধী ভৱনত অনুস্থিত পৰিষদৰ ৬৯ সংখ্যক প্ৰতিস্থা দিৱসত ৬২ জন মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়।দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সুন্দৰ ফলাফল দাঙি ধৰা মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।পৰিষদৰ কৰ্মী সুজিত তিৱাৰীয়ে কয় যে আমি বিপ্লৱৰ জড়িয়তে দেশ খন সলনি কৰিব বিচাৰো।তিৱাৰিয়ে লগতে কয় যে সকলোতকৈ দৰকাৰী বস্তু হল চৰিত্ৰ গঠন,আমি ভাৰতবৰ্ষ এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ় দিবলৈ চেষ্টা কৰি আছো।তেওঁ নাগৰিক সংশোধনী বিধেয়কৰ বিৰুধীতা কৰা দল সংগঠনক নিন্দা কৰে।মুখ্য অতিথি শিক্ষাবিদ বিমল নাথ চৌধুৰীৰে শিক্ষাৰ্থী সকলক উজ্বল ভৱিস্যতৰ বাবে শুভকামনা জনায়।সভাত পৰিষদৰ শিলচৰ শাখাৰ সভাপতি ৰতন কুমাৰ দাস আৰু সম্পাদক সুচাৰিতা ৰয় উপস্থিত থাকে।