ৰাজ্যিক বাতৰি

৮০.৭৪ শতাংশ ভোটৰ হাৰৰে ৰাজ্যত সমাপ্ত হয় তৃতীয় অথা অন্তিম পৰ্যায় ভোট গ্ৰহণ

Sentinel Digital Desk

মংগলবাৰে ৰাজ্যত তৃতীয় অথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ শান্তি পুৰ্ন ভাবে সমাপ্ত হয় । সন্ধিয়া ৭ বজালৈকে ৮০.৭৪ শতাংশ ভোটৰ হাৰৰে সমাপ্ত হয় তৃতীয় পৰ্যায় লোকসভা নিৰ্বাচন। কিছুমান ভোট গ্ৰহণ কেন্দ্ৰত সময়তকৈ অধিক সময় ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল । মংগলবাৰে ৰাজ্যৰ ৪ টা লোকসভা সমষ্টিৰ ৯,৫৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ । গুৱাহাটী, কোকৰাঝাৰ,বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত অনুষ্ঠিত হয় ভোট গ্ৰহণ । ৪ টা সমষ্টিত প্ৰাৰ্থী আছিল ৫৪ জন । ২৩ মেত ফলাফল ঘোষণা কৰা হব লোকসভা নিৰ্বাচনৰ ।

মুখ্য নিৰ্বাচনী বিষয়া এম চি চাহুয়ে প্ৰকাশ কৰে যে কোনো ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা বিক্ষিপ্ত ঘটনাৰ বাতৰি অহা নাই । ৰাজ্যিক নিৰ্বাচনী বিভাগে প্ৰকাশ কৰা মতে গুৱাহাটী লোকসভা সমষ্টিত ভোটৰ হাৰ ৮০.২০ শতাংশ । ২১,৭৮,৬১৭ ভোটাৰে সাব্যস্ত কৰে ভোটদান । কোকৰাঝাৰত ভোটৰ হাৰ ৭৭.৩৮ শতাংশ । ১৭,৬৫,৪২৩ ভোটাৰে সাব্যস্ত কৰে ভোটদান । বৰপেটাত ভোটৰ হাৰ ৭৮.১১ শতাংশ । ১৬,৭৬, ৮৫৪ ভোটাৰে সাব্যস্ত কৰে ভোটদান । ধুবুৰীত ভোটৰ হাৰ হৈছে ৮৬.৯৪ শতাংশ । ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাৰৰ সংখ্যা ১৮,৫৬,১৬৮ ।

বহুতো ভোট গ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে বদলি কৰা হয় । বৰপেটাৰ হৰিপুৰ চকপাৰা প্ৰাথমিক বিদ্যালয় , সুন্দৰীয়া হাই স্কুল, বাঘবৰৰ পুব দেউলদি প্ৰাথমিক বিদ্যালয় , হাজোৰ কুলহাতী ছোৱালী হাই স্কুল, দুধনৈ ছোৱালী হাই স্কুল, বৰক্ষেত্ৰীৰ ১০৫ ভোট গ্ৰহণ কেন্দ্ৰ আৰু বঙাইগাঁও ৰেলৱে হাই স্কুল ।

ধুবুৰীত প্ৰিজাইডিং বিষয়াক গ্ৰেপ্তাৰ। গৌৰীপুৰ বানী বিদ্যামন্দিৰ ভোটকেন্দ্ৰত এই ঘটনা সংঘটিত হয় । ভোটাৰ শ্লিপৰ লগত পৰিচয় পত্ৰ নথকাকৈ ভোট গ্ৰহণৰ অভিযোগ উত্থাপন হৈছে । গ্ৰেপ্তাৰ হোৱা প্ৰিজাইডিং বিষয়া গৰাকীৰ নাম গৌড় প্ৰসাদ বৰ্মন । বৰ্মনৰ স্থানত অন্য এগৰাকী নিযুক্তি দিয়া হয় ।

ৰাজ্যৰ ১০ লোকসভা সমষ্টিত ১১ আৰু ১৮ এপ্ৰিলত অনুষ্ঠিত হয় হয় ভোট গ্ৰহণ । ২৩ মেত ঘোষণা কৰা হব নিৰ্বাচনী ফলাফল ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি