ৰাজ্যিক বাতৰি

৮,৯ এপ্ৰিলত ৰাজহুৱা বাছৰ প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ৰাজহুৱা বাছ সমন্বয় সমিতিৰ

Sentinel Digital Desk

সদৌ অসম ৰাজহুৱা বাছ সমন্বয় সমিতিয়ে ৮ আৰু ৯ এপ্ৰিলত চকা বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি প্ৰকাশ কৰিছে । লোকসভা নিৰ্বাচনত চৰকাৰে বাছৰ চালক তথা মালিক সকলক ওপৰত আৰোপ কৰা নীতি সমুহত অসন্মতি প্ৰকাশ কৰিছে সদৌ অসম ৰাজহুৱা বাছ সমন্বয় সমিতিয়ে ।

আগন্তুক লোকসভাৰ নিৰ্বাচনত ৰাজহুৱা বাছৰ মালিক / চালকৰ ওপৰত লগোৱা চাৰ্জ সমুহত অসন্মত প্ৰকাশ কৰি এই চকা বন্ধৰ কাৰ্যসূচীৰ আহ্বান জনাইছে ।

ৰাজ্যত তিনি টা পৰ্যায়ত অনুষ্ঠিত হব লোকসভাৰ নিৰ্বাচন। ১১ এপ্ৰিলত প্ৰথম পৰ্যায় ভোট গ্ৰহণ, ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত আৰু ২৩ এপ্ৰিলত তৃতীয় পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হব । ২৩ মেত ফলাফল ঘোষণা কৰা হব ।

গুৱাহাটীকে ধৰি ৪ টা সমষ্টিত ২৩ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠান হব ।

নিৰ্বাচন সময়ত ৰাজহুৱা বাছৰ মালিক / চালকৰ ওপৰত লগোৱা নীতি সমুহত অসন্মতি প্ৰকাশ কৰি ৮,৯ এপ্ৰিলত ৰাজহুৱা বাছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব সদৌ অসম ৰাজহুৱা বাছ সমন্বয় সমিতিয়ে|

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি