ৰাজ্যিক বাতৰি

ৰক্ত দানৰ প্ৰয়োজন আৰু গুৰুত্ব

Sentinel Digital Desk

ৰক্তদান(ব্লাড দনেচন)ৰ এখন কিতাপ লেখক অপূৰ্ব ঘোষ আৰু অনুবাদ কৰিছে ডিএইচ কানৈ কমাৰ্চ কলেজৰ অধ্যক্ষ ড° খনিন্দ্ৰ মিশ্ৰ ভাগবতীয়ে আৰু কিতাপ খন যোৱা শুক্ৰবাৰে আনুষ্ঠানিক ভাৱে ডিএইচএছকেচিৰ কলেজ প্ৰেক্ষাগৃহত মুকলি কৰে । বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ শুভ আৰম্ভনি কৰে আৰু জনপ্ৰিয় কণ্ঠশিল্পী বৈশ্যনাম ভুমিকে ভক্তিমুলক গীত পৰিৱেশন কৰে ।

আনুষ্ঠানিক ভাৱে মুকলি কৰা অসমীয়ালৈ অনুবাদ কৰা কিতাপ খনক লৈ অপূৰ্ব ঘোষে ডিব্ৰগড় ব্লাড দনাৰচ ফৰ্মক উৎসাহিত কৰে আৰু তেওঁ আশা কৰে যে কিতাপ খনে মানুহৰ মাজৰ ৰক্তদানৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰিব ।ইয়াৰোপৰি তেওঁ দীৰ্ঘদিন ধৰি ৰক্তদানৰ লগত জড়িত থকা কথাও সকলোৰে আগত প্ৰকাশ কৰে । ডিএইচএছ কানৈ কলেজৰ অধ্যক্ষ ড° শশী কান্ত শইকীয়া আৰু প্ৰাক্তন প্ৰধান শিক্ষক পৰিমল মুখাৰ্জীয়ে ৰক্তদানৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিভিন্ন দিশ সমূহ দাঙি ধৰে ।