ৰাজ্যিক বাতৰি

ৰাজ্যপাল জগদীশ মুখীয়ে কৰ্কট ৰোগী সকলৰ নামত উৎসৰ্গা কৰিলে চিটি স্কেন যন্ত্ৰ

Sentinel Digital Desk

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বি বৰুৱা কেন্সাৰ হাস্পতালত অনুষ্ঠিত এখন সভাত কৰ্কট ৰোগীৰ নামত উৎসৰ্গা কৰিলে চিটি স্কেন যন্ত্ৰ আৰু এটা উচ্চ প্ৰযুক্তিৰ ৰেডিঅ থেৰাপি যন্ত্ৰ। ভাৰতৰ চৰকাৰৰ পাৰমাণবিক শক্তি বিভাগৰ আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ মাজৰ বুজাবুজি চুক্তিৰ

অংশ স্বৰুপে ৫.৭০ কৌটি টকা মুল্যৰ যন্ত্ৰ দুটা ৰাজ্যৰ কৰ্কট ৰোগী সকলৰ সেৱাৰ বাবে মুকলি কৰে ৰাজ্যপাল গৰাকীয়ে।

ভাষণ প্ৰসংগত ৰাজ্যপাল গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কৰ্কট ৰোগ এক গুৰুতৰ সমস্যা হিচাপে উল্লেখ কৰি উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অতি সীমিত সংখ্যক ব্যৱস্থাহে আছে বুলি কয়। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে ভাৰত চৰকাৰৰ পাৰমাণবিক শক্তি বিভাগ আৰু টাটা মেমোৰিয়েল ট্ৰাষ্টৰ সহযোগত এই ক্ষেত্ৰত বহুখিনি কাম কৰি আছে বুলি উল্লেখ কৰে। এই প্ৰচেষ্ঠাই অসম আৰু উত্তৰ-পূৱৰ জনসাধাৰণক উপকৃত কৰিব বুলি মতামত প্ৰকাশ কৰে।

ৰাজ্যপাল গৰাকীয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ বাবে এক সুস্থ জীৱন শৈলী গঢ়ি তোলাৰ বাবে সকলোকে আহ্বান জনাই। মুখীয়ে কয় যে যদিওঁ ৰোগ কৰ্কট ৰোগ জীৱন শৈলীৰ ওপৰত নিৰ্ভৰশীল নহয় তথাপিও জীৱনশৈলীৰ ওপৰত নিৰ্ভৰশীল কিছুমান উপাদানে কৰ্কট ৰোগ বৃদ্ধিত অৰিহণা যোগাই। ৰাজ্যত ধঁপাত সেৱনৰ সংখ্যা ২০১০ চনৰ ৩৯ শতাংশৰ পৰা ২০১৭ চনত ৪৮.৫ শতাংশলৈ বৃদ্ধি হোৱা বাবে ৰাজ্যপাল গৰাকীয়ে চৰকাৰ

আৰু অন্যান্য অংশীদাৰী দল সমূহক এই ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰাৰ বাবে আহ্বান জনাই।বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে কৰ্কট ৰোগৰ প্ৰতিকাৰক হিচাপে বিভিন্ন ঠাইত যোগ,ধ্যান,প্ৰাৰ্থনা আৰু অন্যান্য সংগীতক মাধ্যম হিচাপে সজাগতা সৃষ্টি কৰা প্ৰচেষ্ঠাক ভূয়সী প্ৰসংশা কৰে ৰাজ্যপাল গৰাকীয়ে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি