ৰাজ্যিক বাতৰি

ৰাজ্যপাল জগদীশ মুখীয়ে পৰিদৰ্শন কৰিলে মধুপুৰ সত্ৰ

Sentinel Digital Desk

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে কোচ বিহাৰস্থিত মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে।মধুপুৰ সত্ৰৰ সংস্কৃতি আৰু পৰ্যটক বিকাশ কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে জগদীশ মুখীয়ে।

কেন্দ্ৰটোৰ নিৰ্মান কাৰ্য্য অহা ১২মাহৰ ভিতৰত সম্পূৰ্ন হ'ব বুলি জানিব পোৱা গৈছে আৰু নিৰ্মানৰ বাবে ২কোটি টকা আৱণ্টন কৰিছে।কেন্দ্ৰটিত ২মহলীয়া অট্টালিক প্ৰায় ৫০০জন লোক থাকিব পৰাকৈ অতিথি শালা আৰু ভোগ ঘৰ নিৰ্মান কৰা হ'ব। এই প্ৰজেক্টটিৰ মুল লক্ষ্য হৈছে মধুপুৰ সত্ৰৰ সংস্কৃতি আৰু পৰ্যটক কেন্দ্ৰ বিকাশ কৰাটো।

ইয়াৰ উপৰিও জগদীশ মুখীয়ে মধুপুৰ সত্ৰৰ সুৰক্ষা আৰু বিকাশ"ৰ আন এটা প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰে।এই প্ৰজেক্টৰ জৰিয়তে মধুপুৰ সত্ৰৰ লগত জড়িত বিদ্যালয় তথা সাংস্কৃতিক কেন্দ্ৰ,ভগত হাটী,গোসাই ঘৰ নিৰ্মান কৰাৰ লগতে কীৰ্ত্তন ঘৰৰ পুনঃনিৰ্মান,আলোচনা কক্ষ আৰু অফিচ নিৰ্মান,আৰ্ট আৰু সংগ্ৰাহলয়ৰ বিকাশ,দৌল গৃহ নিৰ্মান আদি কৰা হ'ব।