ৰাজ্যিক বাতৰি

ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰসংগত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বিশেষ প্ৰতিক্ৰিয়া

Sentinel Digital Desk

ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ল বৃহস্পতিবাৰ অৰ্থাৎ ১১ এপ্ৰিলত ৷ তেজপুৰ,যোৰহাট,ডিব্ৰুগড়,লক্ষীমপুৰ আৰু কলিয়াবৰত হোৱা নিৰ্বাচনৰ সম্পৰ্কে বিজেপিৰ(BJP) ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে দলে পাঁচখন আসনত জয় লাভ কৰিব।

বিগত লোকসভা নিৰ্বাচনত ৭৮.২৯ শতাংশ ভোট বিজেপিৰ কাৰণে ভাল সংকেত ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে লগতে কয় যে অসম গণ পৰিষদৰ লগত ভোটদাতাসকলৰ ভাল সম্পৰ্ক আছে। আৰু জনতাই পুনৰাই এবাৰ মোডী চৰকাৰক বিছাৰিছে ৷ সেয়েহে জয়ী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি