ৰাজ্যিক বাতৰি

ৰেলত চোৰ কৰা এক প্ৰত্যাহ্বান

Sentinel Digital Desk

যোৱা কেইবা বছৰ ধৰি গুৱাহাটী ৰেলেৱে ষ্টেচনত যাত্ৰী সকলৰ পৰা একাডিক্ৰমে চোৰ হোৱা ঘটনা সম্পৰ্কে ৰেলৱে সুৰক্ষা বাহিনীৰ পৰা জানিব পৰা মতে যাত্ৰী সকলৰ পৰা জানিব পৰা গৈছে।ৰেলৱে সুৰক্ষা বাহিনীয়ে জনোৱা অনুসৰি চুৰে অতি চলনাৰে কামাখ্যা ষ্টেচনত উঠি যাত্ৰী সকলৰ পৰা সামগ্ৰী সমূহ চোৰ কৰি গুৱাহাটী ষ্টেচন পোৱাৰ আগত ৰেলে পৰা জপিয়াঁই দিয়ে।

ৰেলেৱে সুৰক্ষা বাহিনীৰ তথ্যানুসৰি ,এই বছৰত ৰেলৱে সুৰক্ষা বাহিনীয়ে গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় ৪৭জন মান চুৰক গ্ৰেপ্তাৰ কৰে।এই ৪৭জন দোষীৰ ভিতৰত জানুৱাৰী মাহত ২জনক,ফেব্ৰুৱাৰীত ২জন,মাৰ্চত ৫জন,এপ্ৰিলত ২জন,১৩জন মে'ত,১৩জন জুনত,আৰু বাকী ১০জনক জুলাইৰ ২৫ তাৰিখলে আটক কৰে।আৰু শেষৰ এজন বুধুৱা চৌহান নামৰ এজনক যোৱা মঙলবাৰে নিশা গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা আটক কৰিবলৈ সক্ষম হয়।