শিলচৰৰ য়ুথ এগেন্টচ ছচিয়েল এভিল গোটে এগৰাকী বিবাহিত মহিলাক যৌন-উৎপীড়ন চলোৱা বুলি কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে নগাঁও আৰক্ষী চকীত গোচৰ ৰুজু হোৱাত আজি মন্ত্ৰী জনৰ প্ৰতিকৃতি দাহ কৰে।সংগঠনটোৰ শতাধিক কৰ্মীয়ে ৰাজেন গোঁহাইক অতি সোনকালে মন্ত্ৰীত্বৰ পৰা অপসাৰনৰ দাবীত এই প্ৰতিকৃতি দাহ কাৰ্য্যসুচীত ৰূপায়ন কৰে। ৰাজেন গোঁহাইৰ বিপক্ষে দিয়া শ্লোগানৰ উপৰিও বিজেপি মুৰ্দাবাদ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।ৰাজেন গোঁহাইৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ উঠিছে।বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধীয়ে ৰেলমন্ত্ৰী জনক সমালোচনা কৰা লগতে প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰিছে।