ছাত্ৰীক যৌন নিৰ্য়াতনঃ চৰাইদেউত শিক্ষক গ্ৰেপ্তাৰ

ভু্ক্তভোগীৰ অভিযোগৰ ভিত্তিত আজি আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।
ছাত্ৰীক যৌন নিৰ্য়াতনঃ চৰাইদেউত শিক্ষক গ্ৰেপ্তাৰ
Published on

এগৰাকী স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত চৰাইদেউ জিলাত গ্ৰেপ্তাৰ হৈছে এজন শিক্ষক। অভিযোগ অনুসৰি গকুল বৰুৱা নামৰ শিক্ষকজনে ঘৰৱাভাৱে টিউচন কৰে। তেওঁৰ ওচৰত টিউচন লোৱা এগৰাকী ছাত্ৰীক তেওঁ বিগত কিছুদিন ধৰি শিক্ষকজনে যৌন উত্পীড়ন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। অৱশেষত ভুক্তভোগী আৰক্ষীৰ দ্বাৰস্থ হয়। ভু্ক্তভোগীৰ অভিযোগৰ ভিত্তিত আজি আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে। শিক্ষকজনৰ এই গৰ্হিত কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com