Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৬ ফেব্ৰুৱাৰী, দেওবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৬ ফেব্ৰুৱাৰী, দেওবাৰ, ২০২২)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Feb 2022 3:30 AM GMT

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ )

শুভ তাৰিখসমূহ

৭, ১৬, ২৫

শুভ বাৰসমূহ

মঙলবাৰ, বৃহস্পতিবাৰ, দেওবাৰ

শুভ ৰংসমূহ

অফ হোৱাইট , ৰঙা, লাভেণ্ডাৰ

মেষ: (২১ মাৰ্চ – ২০ এপ্ৰিল)

আজি আপুনি সাৱধানেৰে চলা-ফুৰা কৰিব লাগিব ৷ কোনো পুৰণি অসুখে আপোনাক পুনৰ অশান্তি দিব পাৰে আৰু আপুনি চিকিৎসকৰ দ্বাৰস্থ হ'বলগা হ'ব পাৰে ৷ স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্কৰো অৱনতি ঘটিব পাৰে ৷ গতিকে আপুনি মৌনতা অৱলম্বনৰ প্ৰয়োজন হ'ব পাৰে ৷ আপোনাৰ বিৰুদ্ধে কৰ্মস্থলীত এটা ভুৱা অভিযোগ উত্থাপিত হ'ব পাৰে ৷ কিন্তু আপুনি আপোনাৰ সহকৰ্মী আৰু জ্যেষ্ঠ কৰ্মীৰ পৰা সহায় পাব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপুনি আজি নিজৰ সুনাম বৃদ্ধিৰ বাবে কাম কৰিব ৷ কৰ্মস্থলীত আপুনি আজি নতুন ধাৰণা প্ৰয়োগ কৰিব আৰু নতুন নীতি-নিয়ম (এথিকচ) বলবৎ কৰিব ৷ এইসমূহ অৱশেষত ফলদায়ক প্ৰমাণিত হ'ব ৷ আপোনাক কামক লৈ আপোনাৰ জ্যেষ্ঠ কৰ্মচাৰীসকল সন্তুষ্ট আৰু সুখী হ'ব ৷ কোনো অ-পৰিচিত ব্যক্তিৰ সৈতে হোৱা সাক্ষাতে আপোনাৰ জীৱনলৈ উৎসাহদ্দীপক প্ৰেম-ৰোমান্স কঢ়িয়াই আনিব ৷

মিথুন : (২২ মে' – ২১ জুন)

আপুনি সুন্দৰ আৰ্থিক স্থিতি উপভোগ কৰিব ৷ আপুনি দীৰ্ঘম্যাদী ভিত্তিত ধন বিনিয়োগ কৰিব ৷ আপুনি আপোনাৰ উচ্চাকাংক্ষী ব্যৱসায়িক প্ৰকল্পৰ বাবে কোনো বেংক অথবা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ পাব ৷ আপোনাৰ ঘৰত শান্তি-সম্প্ৰীতি বিৰাজ কৰিব ৷ ভাই বা ভনীৰ বিয়া চূড়ান্ত হ'ব ৷ আপুনি চাকৰিৰ এটা নতুন অফাৰ পাব ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত উন্নত বুজাবুজিয়ে জীৱন সহজ কৰি তুলিব ৷ আপুনি সঠিক দিশত অনেক স্পৃহা-উদ্যম পাব আৰু পুনৰ জীৱন উপভোগ কৰিবলৈ ল'ব ৷ আপুনি আপোনাৰ ঘৰ পুনৰ নিৰ্মাণ বা সজাই-পৰাই তুলিব ৷ আপুনি কিছু নতুন সম্পত্তি ক্ৰয়ৰ পৰিকল্পনা কৰিব ৷ আপোনাৰ বিত্তীয় সমস্যা নাই ৷ প্ৰেমে আপোনাক সহায় কৰিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি উন্নতি সাধন কৰাৰ সম্ভাৱনা আছে ৷ আপুনি জীৱনত স্থিৰতা বিচাৰিব আৰু পৰিয়াল গঠনৰ পৰিকল্পনা কৰিব ৷ আপুনি কৰ্মস্থলীত আপোনাৰ মুৰব্বী বিষয়াৰ সৈতে আপুনি কোনো গুৰত্বপূৰ্ণ কথা আলোচনা কৰিব ৷ আপোনাৰ বিষয়বস্তু উত্থাপনৰ শৈলীত তেওঁলোক মুগ্ধ হ'ব আৰু আপোনাৰ প্ৰস্তাৱত সন্মতি জনাব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক পাৰিবাৰিক জীৱন আৰম্ভ কৰাৰ বাবে উদ্ধুদ্ধ কৰিব পাৰে ৷ আপুনি এগৰাকী জ্যেষ্ঠ বা কনিষ্ঠ সহকৰ্মীৰ প্ৰেমত পৰিব, ইয়ে আপোনাৰ অন্তৰত সুকীয়া অনুভূতিৰ সৃষ্টি কৰিব। আপোনাৰ ৰাশিচক্ৰত বৃহস্পতি আৰু চন্দ্ৰৰ অৱস্থানে আপোনাৰ ভাগ্য উদয় কৰিব। আপুনি কাম বা ব্যৱসায়ত লাভ অৰ্জন কৰিব। আপুনি লাভত থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি নিজকে অধিক সামাজিক কৰি তুলিব আৰু নতুন নতুন মানুহৰ সংগ উপভোগ কৰিব। আজি আপুনি অনেক আনন্দ-স্ফূৰ্তিৰ মাজত থাকিব। আপোনাৰ কাষত আপোনাৰ প্ৰিয়জন থকাৰ পৰিপ্ৰেক্ষিতত আপুনি আনন্দিত হৈ থাকিব । আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিব আৰু নিজৰ শক্তি-সামৰ্থ অনুযায়ী সিদ্ধান্ত লব আৰু আপুনি সঠিক প্ৰমাণিত হব। আপুনি সঁচা বন্ধুৰ লেখীয়াকৈ আচৰণ কৰিব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

দিনটোৰ শেষৰফালে আপোনাৰ লগত আপোনাৰ প্ৰিয়জনৰ অন্তৰংগতা বৃদ্ধি পাব পাৰে । তথাপি আপুনি আপোনাৰ প্ৰিয়জনৰ পৰা কিছু সময়ৰ বাবে আঁতৰত থাকিব পাৰে। পুনৰ দুয়ো লগ হবলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হব পাৰে। পতি-পত্নীৰ মাজত পাৰস্পৰিক বুজা-পৰা থাকিব। আপুনি অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ নাম-যশস্যা সকলোতে থাকিব। আপুনি সুখী অনুভৱ কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

কোনো কোনো সময়ত আপুনি অকলশৰীয়া অনুভৱ কৰিব পাৰে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি অনুভৱ কৰা ভাব-আবেগৰ অনুপস্থিতি অনুভৱ কৰিব পাৰে ৷ কৰ্মস্থলীত আপুনি এটা ভাল খবৰ পাব পাৰে আৰু ই আপোনাক সুখী কৰিব ৷ আপোনাক কোনো গুৰুত্বপূৰ্ণ কামৰ বা অতিৰিক্ত কোনো দায়িত্ব দিয়া হ'ব পাৰে ৷ আপোনাৰ আয়ৰ উৎস ভাল হ'ব ৷

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ভাগ-বাটোৱাৰা কৰা সপোন আৰু আশাবোৰ সোনকালেই বাস্তৱত পৰিণত হ'ব আৰু সিয়ে আপোনাক সুখী কৰিব ৷ এয়া সময়ছোৱা আগবাঢ়ি যোৱাৰ সময় আৰু জীৱনত স্থিৰতা অৰ্জনৰ সময় ৷ কৰ্মস্থলীত আপোনাক অশান্তি কৰি থকা এটা সমস্যা নিজে নিজে সমাধান হ'ব আৰু আপুনি সকাহ পাব ৷ আপুনি সামাজিক বা দাতব্য সেৱামূলক কামলৈও সময় দিব ৷

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে একেলগে সময় অতিবাহিত কৰাটোৱে দুয়োৰে সম্পৰ্ক গভীৰ কৰি তুলিব ৷ আপুনি এনেদৰে প্ৰেমত পৰিব যে আপোনাৰ বাবে সৰগো মূল্যহীন হ'ব ৷ আপোনাৰ পৰিকল্পনা সম্পূৰ্ণ হৈ উঠিব ৷ আপুনি সঠিক পথলৈ উভতি আহিব ৷ আপুনি সুখী হ'ব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ পৰিয়ালে সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ পাব আৰু আপুনি ৰোমাণ্টিক মুহূৰ্ত উপভোগ কৰিব নোৱাৰিব পাৰে ৷ আপুনি আপোনাৰ জীৱনসংগীৰ ওচৰত বাস্তৱবাদী হওক ৷ আপুনি কোনো অসাধাৰণ কামৰ পৰিকল্পনা কৰিব পাৰে ৷ আপোনাক আপোনাৰ সকলো সহকৰ্মী আৰু জ্যেষ্ঠ কৰ্মীয়ে সমৰ্থন কৰিব ৷


আৰু পঢ়ক:আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৫ ফেব্ৰুৱাৰী, শনিবাৰ, ২০২২)


Next Story
চাকৰি