আজি, ১৮ জুন, শুকুৰবাৰৰ আপোনাৰ ৰাশিফল, জন্মদিনৰ শুভাশুভ

যদি আপোনাৰ জন্ম তাৰিখ ১৮ জুন, তেন্তে আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন চক্ৰত চন্দ্ৰই প্লুটোৰ লগত কৌণিক অৱস্থান কৰিছে
আজি, ১৮ জুন, শুকুৰবাৰৰ আপোনাৰ ৰাশিফল, জন্মদিনৰ শুভাশুভ

                                                                                                                জন্মদিনত বৰ্ষচক্ৰ (১৮ জুন)

যদি আপোনাৰ জন্ম তাৰিখ ১৮ জুন, তেন্তে আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন চক্ৰত চন্দ্ৰই প্লুটোৰ লগত কৌণিক অৱস্থান কৰিছে আৰু ইয়ে আপোনাক সুন্দৰ ফল দিব। আপোনালৈ নতুন চাকৰিৰ প্ৰস্তাৱ আহিবলৈ ধৰিব। আপোনাৰ বিত্তীয় অৱস্থা অতি ভাল হব। আপুনি আপোনাৰ মুৰব্বী আৰু বিষয়াবৰ্গৰ পৰা আস্থা অৰ্জন কৰিবলৈ সক্ষম হব । সমাজক আৰু আপোনাৰ চৌপাশৰ মানুহবোৰৰ অৱস্থা কৰাৰ আপোনাৰ এটা আকাংক্ষা থাকিব। পৰিয়ালৰ বান্ধোন আপুনি উপভোগ কৰিব আৰু আশীৰ্বাদ লাভ কৰিব। আপুনি প্ৰেমত নতুন সম্পৰ্ক গঢ়িব আৰু বিবাহৰ দিশে অগ্ৰসৰ হব। আপুনি আপোনাক গঢ়ি তুলিব। কোনো আকাংক্ষিত অনুষ্ঠান অনুষ্ঠিত হব। বিত্তীয় লাভালাভ অৰ্জন কৰাৰ এটা পৰিৱেশ সূচীত হ'ব । আপোনাৰ আইন সংক্ৰান্তীয় বিবাদ নিষ্পত্তি হব। আপুনি কৰা যত্নৰ জৰিয়তে সফলতা অৰ্জন কৰিব। এজন প্ৰভাৱশালী ব্যক্তিয়ে আপোনাক যথেষ্ট সহায় কৰিব। ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। আপুনি ৰাজনৈতিক দিশটো লাভ অৰ্জন কৰিব। আপুনি জীৱন যুঁজত অৱতীৰ্ণ হবলৈ চেষ্টা কৰিব আৰু লাভ অৰ্জন কৰিব। আৰু অৱশেষত জয়ী হব।

শুভ তাৰিখসমূহ : ৯, ১৮,২৭

শুভ দিনসমূহ : বুধবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহ : ৰঙা, বগা আৰু মেজেণ্টা।

দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ বিবাদ যিকোনো ব্যক্তি সংগীৰ ওপৰতো নিৰ্ভৰ কৰিছে। আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ স্বতন্ত্ৰৰীয়া চিন্তা ভালো আৰু বেয়াও। গতিকে আপুনি এটা মধ্যৱৰ্তী অৱস্থান বিচাৰি উলিওৱাৰ চেষ্টা কৰক আৰু সেই পথেৰে অগ্ৰসৰ হওক। বৃহস্পতি আৰু চন্দ্ৰৰ অৱস্থানে আপোনাক মানসিক শান্তি আৰু সুখ দিব। আপুনি আপোনাৰ স্বামী বা স্ত্ৰীৰ পৰা সম্পূৰ্ণ সহযোগ পাব। আপুনি হাঁহিমুখীয়া হৈ থাকিব আৰু আপোনাৰ স্পৃহা অটুট থাকিব।

বৃষ: (২১ এপ্ৰিল – ২১ মে')

আপোনাৰ প্ৰেমৰ সম্পৰ্কই আপোনাক জীৱনক এটা ইতিবাচক ধাৰা দিব আৰু আশাৰে ভৱিষ্যতলৈ চাবলৈ আপোনাক সক্ষম কৰি তুলিব। আপোনাৰ সংগীৰ প্ৰতি কোনো ক্ষোভ আঁতৰিব। কোনো ক্ষেত্ৰত ধন বিনিয়োগৰ পূৰ্বে আপুনি সংশ্লিষ্ট নথিপত্ৰ সাৱধানেৰে পৰীক্ষা কৰিব। আপোনাৰ গুপ্তশত্ৰু আৰু ষড়ষন্ত্ৰকাৰী সক্ৰিয় হৈ উঠিব। আপুনি চৰকাৰৰ পৰা সহায় পাব। আপোনাৰ কাম সম্পূৰ্ণ হৈ উঠিব।

মিথুন : (২২ মে'- ২১ জুন)

আপুনি আপোনাৰ সামৰ্থ্যক লৈ সন্দেহৰ মাজত থাকিব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি দৃষ্টিভংগী গ্ৰহণ কৰিব। আত্মসন্মানৰ অভাৱে আপোনাক জীৱনৰ আনন্দ লোৱাত বঞ্চিত কৰিব। আপুনি আদালতৰ পৰা অনুকূল নিৰ্দেশ পাব। আপুনি সমস্যাৰ পৰাও মুক্ত হব। আপুনি গুৰুত্ব অৰ্জন কৰিব। আপুনি আনৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিব।

কৰ্কট : ( ২২ জুন- ২২ জুলাই)

আপুনি এনে এজন ব্যক্তিক জীৱনসংগীৰূপে বিচাৰি আছে, য়িয়ে আপোনাৰ জীৱনলৈ সুস্থিৰতা আনিব পাৰে। যদি আপুনি অ-বিবাহিত তেন্তে আপুনি কোনো আপোনাৰ পচ্ছন্দৰ আকৰ্ষণীয় ব্যক্তিক লগ পাব। আপুনি কাৰোবাৰ পৰা সময়োচিত সহায় লাভ কৰিব। আপুনি জীৱনৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা অৰ্জনৰ চেষ্টা কৰিব। আপোনালৈ ব্যৱসায়ৰ নতুন প্ৰস্তাৱ আহিব।আপুনি এইবেৰৰ প্ৰতি গভীৰভাবে গুৰুত্ব দিব আৰু তাৰ পাছত গ্ৰহণ কৰিবনে নকৰে, তাৰ সিদ্ধান্ত লব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাল অৱস্থানত নথকাৰ বাবে আপুনি বিচৰা ধৰণেৰে ভাল অৱস্থানলৈ নিবলৈ কথা-বাৰ্তা সলনি কৰিব। এই চিন্তাই একেৰাহে আপোনাক খুন্দি থাকিব।আপুনি সংগীৰ সৈতে সময় কটাবলৈ এটা সুযোগ পাব। আপোনাৰ নতুন প্ৰতিষ্ঠানৰ সৈতেও সংযোগ স্থাপন হব।আপোনাৰ নাম আৰু যশস্যা চৌদিশে বিয়পি পৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি এতিয়া যি অনুভৱ কৰি আছে, সেই অনুভৱত সকলোখিনি থাকিলেও সেই অনুভৱত প্ৰাণ নাই। ইয়ে আপোনাক সকলো কাম বাদ দি অকলশীয়াকৈ থাকিবলৈ দিব। মনত ৰাখব যে আপুনি জীৱনসংগীৰ প্ৰতি অন্যায় কৰিছে। আপুনি আপোনাৰ আগ্ৰহ পূৰণৰ বাবে সুযোগ পাব। আপুনি আপোনাৰ দিনটো উপভোগ কৰিব। চাকৰিত আপুনি এক দায়িত্বশীল পদবী লাভ কৰিব। আপোনাৰ বেতন বৃদ্ধি পাব পাৰে।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সৃষ্টি হোৱা ভুল বুজাবুজিৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক জগৰীয়া কৰাৰ পূৰ্বে আপোনাৰ নিজৰ ভুলৰ প্ৰতি দৃষ্টি দিয়ক । আপুনিও ভুল কৰিব পাৰে। সা-সুবিধা আৰু আৰামদায়ক জীৱনৰ বাবে ধন ব্যয় হব পাৰে। আপুনি ভাল আৰু বেয়াৰ মাজৰ পাৰ্থক্য বিচাৰি লব লাগিব। আপোনালৈ চাকৰিৰ নতুন প্ৰস্তাৱ আহিব আৰু সি আপোনাৰ সুবিধাদায়ক হব।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

অতীতৰ প্ৰেম বিচ্ছেদৰ অভিজ্ঞতাই আপোনাক কোনোবাজনৰ নেতিবাচক দিশ গ্ৰহণ কৰিবলৈ সাজু কৰি তুলিব আৰু আপুনি অধিক বুজাবুজিৰ মাজেৰে চলিবলৈ প্ৰস্তুত হৈ উঠিব। এয়াই আপোনাৰ জীৱনত ঘটিব। আপুনি আত্মবিশ্বাসেৰে জটিলতা অতিক্ৰম কৰিবলৈ সক্ষম হব। আপুনি পিতৃ-মাতৃৰ লগত বাক-বিতন্দ্বা এৰাই চলিব। ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি এটা সৰু ঘটনাৰ দ্বাৰাই আতংকিত হব আৰু সেইটো চম্ভালিবলৈ অসমৰ্থ হব। আপোনাৰ বালিৰ দৰে সলনি হৈ থাকিব আৰু আপুনি আনৰ বাবে অশান্তিকৰ হৈ উঠিব। আপুনি চাকৰিত উন্নতি কৰিবলৈ সক্ষম হব। আপোনাৰ স্বাস্থ্যৰো উন্নতি হব। শিশুৰ সৈতে আপুনি বন্ধুসুলভ আচৰণ কৰিব আৰু সিহঁতে আপোনাৰ কথা শুনিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপোনাৰ বাবে এটা নিৰস দিনে অপেক্ষা কৰিছে কাৰণ আপুনি এটা জটিল সিদ্ধান্ত লব লাগিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত যুক্তিতৰ্কত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত লব। আপুনি কটিন প্ৰত্যাহ্বান অতিক্ৰম কৰিব আৰু অগ্ৰসৰ হব। দৈনিক ব্যৱহাৰৰ বাবে আপুনি কিবা-কিবি কিনিব। আপুনি শিক্ষাৰ সৈতে জড়িত সমস্যা সমাধান কৰিব। আপোনাৰ সমগ্ৰ চিন্তা-চৰ্চা আপোনাৰ ঘৰ আৰু সন্তানৰ ওপৰত থাকিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

কৰ্মময় জীৱনে আপোনাক সংগীৰ পৰা আঁতৰত ৰাখিব। অৱশ্যে দিনটোৰ শেষলৈ আপুনি কাম সামৰি থব। পতি-পত্নীৰ মাজত ভাল বুজাবুজি থাকিব।আপুনি কামত ইমান ব্যস্ত থাকিব য়ে নিজৰ বাবে সময় বিচাৰি নাপাব। কিন্তু কেনেবাকৈ সকলো কাম সম্পাদন কৰিবলৈ সক্ষম হব।

মীন: (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

আপুনি আপোনাৰ সংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুতত ব্যস্ত থাকিব। আপোনালোকৰ জীৱনত ই এক ইতিবাচক সময়, কাৰণ দুয়ো দুয়োৰে ইতিবাচক দিশতহে চকু দিব। আপোনাৰ ব্যৱসায় আৰু লাভ বৃদ্ধি পাব। আপুনি হাতত কাম কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হব। আপোনাৰ চেষ্টাই ফল দিব। আয় ভাল হব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com