Begin typing your search above and press return to search.

আজি শনিবাৰ, ১৯ জুন, ২০২১ৰ ৰাশিফল, জন্মদিনৰ শুভাশুভ

আজি শনিবাৰ, ১৯ জুন, ২০২১ৰ ৰাশিফল, জন্মদিনৰ শুভাশুভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2021 2:00 AM GMT

'শনিবাৰ, ১৯ জুন ২০২১'

' জন্মদিনত বৰ্ষচক্ৰ( ১৯ জুন)

যদি আপোনাৰ জন্মদিন ১৯ জুনত, তেন্তে আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত সূৰ্যই শনিৰ লগত ১৩৫ ডিগ্ৰী কোণ কৰিছে আৰু ই গোটেই বছৰটোত আপোনাক শুভফল দিব। আপুনি আপোনাৰ চাকৰি বা কেৰিয়াৰত উন্নতি কৰাৰ এটা সুযোগ পাব। আপোনাৰ সকলো সমস্যা দূৰ হব। আপুনি বহু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সংযোগলৈ আহিব, যিসকলৰ গুৰুত্ব আপোনাৰ জীৱনত থাকিব । আপুনি আপোনাৰ প্ৰেম জীৱনৰ প্ৰতিও সমান গুৰুত্ব দিব। পৰিয়ালৰ সদস্যবৰ্গৰ লগত আলোচনা কৰি আপুনি বিবাহৰ পৰিকল্পনা কৰিব আৰু জীৱনত সংস্থাপিত হব। তদুপৰি আপুনি পৰিয়ালৰ সদস্যবৰ্গৰ লগত আলোচনা কৰি কোনো ডাঙৰ সিদ্ধান্ত লব । আপোনাৰ ঘনিষ্ঠজনে আপোনাৰ প্ৰতি সহায়ৰ হাত আগবঢ়াব। নতুন দায়িত্ব পোৱাৰ বাবে আপুনি ব্যস্ত হৈ থাকিব। আপুনি নতুন সম্পত্তি বা গাড়ী কিনাৰ পৰিকল্পনা কৰিব। আপুনি ধন আৰ্জন কৰিব। আপুনি নতুন কামো আৰম্ভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা বা চাকৰিৰ সাক্ষাতকাৰত গুৰুত্ব দিব। আপোনাৰ পৰিয়ালে আপোনাৰ পৰা আশা কৰিব। আপুনি তেওঁলোকক হতাশ নকৰিব।

শুভ তাৰিখবোৰ : ১, ১০, ১৯, ২৮।

শুভ দিনবোৰ : দেওবাৰ, মঙলবাৰ, বুধবাৰ

শুভ ৰংবোৰ : ৰঙা, তীখা ধোঁৱা বৰণীয়া, পাতল নীলা

আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ বাবে আজিৰ দিনটো প্ৰেমৰ দিন। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক সংগ দিব আৰু আপোনাক সুখী কৰি ৰখাৰ বাবে যথাসাধ্য চেষ্টা কৰিব। দুয়োজনে একেলগে কিছু সময় পাৰ কৰিব। চাকৰিত বদলি হব পাৰে। ইয়ে আপোনাৰ ওপৰত মানসিক চাপৰ সৃষ্টি কৰিব। মূলধনী বিনিয়োগ সম্পৰ্কীয় বিষয়ত আপুনি ব্যস্ত থাকিব। আপুনি ধৰ্মীয় কাম-কাজ আৰু ধ্যানৰ প্ৰতি আগ্ৰহী হব।

বৃষ :(২১ এপ্ৰিল – ২১ মে' )

আপুনি জীৱনসংগীৰ লগত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰে । আপোনালোক দুজনে পৰস্পৰৰ লগত নিজৰ নিজৰ আশা আৰু হাবিয়াসৰ ভাগ বাটোৱাৰা কৰি কিছু আনন্দকৰ মুহূৰ্ত পাৰ কৰিব। আপুনি কোনো তুচ্ছ বিষয়ক লৈ কোনো ঘনিষ্ঠ ব্যক্তিৰ লগত বাক-বিতন্দাত লিপ্ত হব। আপুনি আপোনাৰ খং-ক্ষোভ, আবেগ—অনুভূতি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন। বাক-বিতন্দাই আপোনাক নাপাত্তা কৰিব পাৰে।

মিথুন : (২২ মে' – ২১ জুন)

আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কক লৈ ব্যস্ত হব। প্ৰেমৰ বান্ধোন, মৰম-স্নেহ আদিয়ে অভূতপূৰ্ব আনন্দকৰ মুহূৰ্তৰ সৃষ্টি কৰিব। কৰ্মত আপোনাৰ পাৰদৰ্শিতা উনন্নত হব আৰু সুন্দৰ হব। পৰি থকা চৰকাৰী আৰু কাৰ্যালয়ৰ কাম এতিয়া সম্পূৰ্ণ হৈ উঠিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আজি এটা উপভোগ্য দিন পাব। আপুনি আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাত ঠাই দিবলগা এজন ব্যক্তিক লগ পোৱাৰ সুযোগ আছে। আপোনালোক দুয়োজনৰ ইতিবাচক মানসিকতাই এই পৰিকল্পনাক বাস্তৱ ৰূপ দিব। আগতে পৰিকল্পনা কৰা সকলো কাম আপুনি সম্পূৰ্ণ কৰিব। আপুনি মানুহৰ সৈতে যোগাযোগ বৃদ্ধি কৰিব আৰু আপোনাৰ সামাজিক চক্ৰ বৃদ্ধি পাব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি জীৱনলৈ ডাঙৰ পৰিৱৰ্তন অনাৰ কথা চিন্তা কৰি আছে। কিন্তু বাস্তৱত তাৰ প্ৰয়োজন নাই, কাৰণ জীৱন মসৃণতাৰে আগবাঢ়িছে। কিছুমান বিশেষ কথা বিশেষভাবে ৰাখিবলৈ আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই পৰামৰ্শ দিব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব। আপোনাৰ দৃষ্টিভংগী আৰু প্ৰতিজ্ঞাবদ্ধতাই আপোনাৰ মুৰব্বীক মুগ্ধ কৰিব। ইয়ে আপোনালৈ অতিৰিক্ত দায়িত্ব আনিব পাৰে।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আজি আপুনি এটা উপভোগ্য দিন পাব। আপোনালোক দুয়োজনৰ ইতিবাচক মানসিকতাই এই পৰিকল্পনাক বাস্তৱ ৰূপ দিব। আগতে পৰিকল্পনা কৰা সকলো কাম আপুনি সম্পূৰ্ণ কৰিব। কিন্তু আপোনাৰ নিকটজনেই আপোনাৰ প্ৰতি বিদ্ৰোহী হৈ উঠিব আৰু বন্ধুত্বসুলভ মানসিকতা ত্যাগ কৰিব। ইয়ে আপোনাৰ স্বাৰ্থত আঘাত হানিব। ব্যৱসায়ৰ সৈতে জড়িত সিদ্ধান্ত সুবিবেচনা আৰু কৌশলপূৰ্ণতাৰে

তুলা: (২৩ চেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ মন ইতিবাচক হৈ থাকিব। আপুনি কৰ্মস্থলীত আগবঢ়োৱা প্ৰস্তাৱক আপোনাৰ মুৰব্বীয়ে অনুমোদন জনাব। আপুনি কোনো ডাঙৰ ৰিস্ক লবলৈ আগবাঢ়িছে আৰু কোনো অসাধাৰণ কাম কৰিবলৈ পৰিকল্পনা কৰিছে। বন্ধৰ দিন কৰিবলৈ যাওঁতে আপুনি কোনো নতুন ব্যক্তিক লগ পাব পাৰে। আৰু আপুনি তেওঁৰ সৈতে সোনকালে বিবাহপাশত আবদ্ধ হোৱাৰ কথা চিন্তা কৰিব পাৰে। আপোনাৰ জীৱন ভালৰ বাবে সলনি হৈছে।

বৃশ্চিক : (অক্টোবৰ ২৪ – ২২ নৱেম্বৰ)

আপুনি এক সুখৰ সময়ৰ দিশে অগ্ৰসৰ হৈছে।. কৰ্মস্থলীত আপোনাৰ প্ৰকল্পই সেউজ সংকেত পাব। সময়মতে আপুনি কাম কৰিব পৰা দক্ষতাৰ জৰিয়তে আপুনি মানুহক বিস্ময়াবিভূত কৰিব। আপুনি আপোনাৰ বিয়াৰ কথা ঘোষণা কৰি পৰিয়ালৰ মানুহক আৰু আনন্দিত কৰিব। আপোনালৈ লাভ ধনৰ আগমন অব্যাহত থাকিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি ব্যৱসায় বা পেচাত অ-প্ৰত্যাশিত সফলতা অৰ্জন কৰিব। ইয়ে আপোনাক প্ৰচুৰভাবে সহায় কৰিব। আপুনি কৰ্মস্থলীত অস্থিৰতাৰে কাম কৰিব। আপুনি নিজৰ ব্যক্তিগত জীৱনলৈ তেনেই কম সময় ৰাখি ব্যস্ত হব। কিন্তু আপোনাৰ জীৱনসংগীয়ে আপোনাৰ আগ্ৰহবোৰৰ যতন লব। আপোনাৰ সমকৰ্মী আৰু জ্যেষ্ঠসকলে আপোনাক সহায়-সমৰ্থন কৰি যাব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপোনাৰ ধনস্থান উন্নত হৈ গৈ থাকিব, কাৰণ আপোনালৈ সম্পদৰ আগমন অব্যাহত থাকিব। কৰ্মস্থলীত আপুনি আপোনাৰ অনুকূল বাৰ্তা পাব। আপোনাৰ কনিষ্ঠ ভ্ৰাতৃ বা ভগ্নী পৰীক্ষাত উত্তীৰ্ণ হব। আপুনি কোনো ঘৰুৱা সমস্যা সামাধান কৰিবলৈ সক্ষম হব। আপুনি সুখ অনুভৱ কৰিব । এই সময় আপোনাৰ বাবে উপভোগৰ সময়।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনৰ স্ফূৰ্তিবাজ প্ৰকৃতি সকলোৱে দেখা পাব। আপুনি নিজক লৈয়ে আনন্দ, স্ফূৰ্তিৰ মাজেৰে সময় পাৰ কৰিব। আপোনাৰ পৰিয়ালত ভাল বান্ধোন আৰু মৰম-চেনেহ অটুট থাকিব। আপোনাৰ জীৱনসংগী আপোনাক লৈ অতি সন্তুষ্ট থাকিব। . আপুনি কোনো উচ্চাকাংক্ষী প্ৰকল্প হাতত লব আৰু আন্তৰিকতাৰে তাৰ কাম কৰিব। আপুনি আপোনাৰ সপোন পূৰ কৰিবলৈ সক্ষম হব।

মীন : ( ১৯ ফেব্ৰুৱাৰী-২০ মাৰ্চ)

আপুনি ঘৰত পৰম শান্তি লাভ কৰিব। আপোনাৰ বৈবাহিক জীৱন অতি ভাল হব। আপুনি জীৱনসংগীৰ লগত সুৰক্ষিত ভৱিষ্যতৰ পৰিকল্পনা কৰিব।আপোনাৰ পৰিয়ালত কোনো এজন কনিষ্ঠ সদস্যৰ বিয়াৰ কথা আলোচিত হব। আপুনি কোনো সম্পত্তি ক্ৰয়ৰ কথা চিন্তা কৰিব। আৰু তাৰ উদ্দেশ্য কাম কৰিব।

Next Story
চাকৰি