আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৫ ফেব্ৰুৱাৰী, শনিবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৫ ফেব্ৰুৱাৰী, শনিবাৰ, ২০২২)

                                                                                            জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ )

শুভ তাৰিখসমূহ

৫, ১৪, ২৩  

শুভ বাৰসমূহ

সোমবাৰ, বুধবাৰ, শুকুৰবাৰ

শুভ ৰংসমূহ

ভায়'লেট, সেউজীয়া, মেৰুন 

মেষ : (২১ মাৰ্চ - ২০ এপ্ৰিল)

আপুনি আৰম্ভণিৰ পৰা আপোনাৰ স্থিতি স্পষ্ট নকৰিলে আপুনি জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে ৷ আপোনাৰ অনুকূলে কৰ্মক্ষেত্ৰত কোনো পৰিৱৰ্তন সাধন হ'ব পাৰে ৷ আপোনাৰ তাগিদা কামৰ প্ৰতি কামৰ প্ৰতি, পৰিয়ালৰ প্ৰতি আৰু ঘৰৰ প্ৰতি থাকিব ৷ আপুনি আনসকলৰ পৰাও সহযোগিতা পাব ৷ আপুনি ধন আৰু সৌভাগ্য অৰ্জন কৰিব ৷

বৃষ : (২১ এপ্ৰিল - ২১ মে' )

পৰিস্থিতিৰ সৈতে ভালদৰে মিলি যোৱাৰ ক্ষেত্ৰত আপোনাৰ প্ৰচুৰ শক্তি আৰু সামৰ্থ থাকিব ৷ আপোনাৰ প্ৰিয়জনৰ প্ৰয়োজনীয়তা পূৰণৰ চেষ্টা কৰা উচিত ৷ আপুনি কামৰ কিছু অতিৰিক্ত দায়িত্ব পাব পাৰে ৷ আপোনাৰ পৰি থকা কামো সম্পূৰ্ণ হৈ উঠিব ৷ আপোনাৰ কাম-কাজবোৰ শৃংখলাবদ্ধ হৈ উঠিব ৷ আপুনি এতিয়াৰে পৰা পদ্ধতিগতভাবে কাম কৰিব ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷

মিথুন: (২২ মে' - ২১ জুন)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি অতি ৰক্ষণশীল হ'ব আৰু তেওঁ আপোনাৰ দ্বাৰা অৱহেলিত নোহোৱাটো নিশ্চিত কৰিব ৷ আপুনি আপোনাৰ অগ্ৰাধিকাৰ ভিত্তিক কামত গুৰুত্ব আৰোপ কৰিব আৰু মনত শান্তি পাব ৷ আপুনি আপোনাৰ পৰিয়াল আৰু নিকটজনৰ লগত প্ৰচুৰ সময় অতিবাহিত কৰিব ৷ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগতো আপোনাৰ মৰম-চেনেহৰ সম্পৰ্ক থাকিব ৷ প্ৰেম আৰু হাঁহিৰ মাজত আপোনাৰ সময় অতিবাহিত হ'ব ৷

কৰ্কট : (২২ জুন - ২২ জুলাই)

আপোনাৰ প্ৰেম-ৰোমান্সে ছিৰিয়াছ ৰূপ পৰিগ্ৰহ কৰিব ৷ আপুনি আপোনাৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিবলৈ নিজৰ প্ৰেমিক বা প্ৰেমিকাক ক'ব পাৰে ৷ আপুনি বিবাহপাশত আবদ্ধ হোৱাৰ কথাও চিন্তা কৰিব ৷ আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব ৷ আপোনাৰ সন্তান আপোনাৰ বাবে আনন্দৰ কাৰক হ'ব ৷ আপুনি হঠাতে ক'ৰবাৰ পৰা এটা ভাললগা খবৰ পাব ৷

সিংহ : (২৩ জুলাই - ২৩ আগষ্ট)

এই সময় হৈছে প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আগবাঢ়িব নে নাই, তাক লৈ আপুনি এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ সময় ৷ আপুনি এইক্ষেত্ৰত আগবঢ়াৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনাই অধিক আৰু বিয়াৰ পৰিকল্পনা কৰিব ৷ আপুনি আপোনাৰ ব্যৱসায়ত সহায়ক হোৱা ৰাজনৈতিক সংযোগৰ সন্ধান কৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ লক্ষ্যত অগ্ৰসৰ হ'ব ৷ আপুনি আপোনাৰ লগত থকা প্ৰতিজন ব্যক্তিৰ পৰা সমৰ্থন পাব।

কন্যা : (২৪ আগষ্ট - ২২ ছেপ্টেম্বৰ)

এটা অতি উৎসাহদ্দীপক ঘটনা সংঘটিত হ'ব পাৰে ৷ আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে ৷ আপোনাৰ প্ৰেমৰ সম্পৰ্কত সুখ আৰু সমন্বয় বিৰাজ কৰিব ৷ আপোনাৰ কাম বা চাকৰিত আপুনি সুযোগ পাব ৷ বিত্তীয় ক্ষেত্ৰক লৈ আপোনাৰ মনত থকা উদ্বিগ্নতা দূৰ হ'ব ৷ আপোনাৰ আশা-আকাংক্ষাও পূৰণ হ'ব ৷

তুলা : (২৩ ছেপ্টেম্বৰ - ২৪ অক্টোবৰ)

আপোনাৰ বাবে আজিৰ দিনটো সুখৰ দিন হ'ব ৷ আপুনি সামাজিক ক্ষেত্ৰত সক্ৰিয় হৈ উঠিব পাৰে ৷ আপুনি নতুন নতুন ব্যক্তিৰ সংস্পৰ্শলৈ আহিব আৰু আপোনাক আকৰ্ষণ কৰা কোনো ব্যক্তিৰ লগত আপোনাৰ পৰিচয়ো ঘটিব ৷ প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব ৷ আপুনি প্ৰতিজন ব্যক্তিৰ পৰা সমৰ্থন পাব ৷ আপুনি সুখী আৰু প্ৰগতিশীল হ'ব। সময় আপোনাৰ বাবে অনুকূল হ'ব ৷

বৃশ্চিক: (২৪ অক্টোবৰ - ২২ নৱেম্বৰ)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কোৱা কোনো কথাৰ প্ৰতি আপুনি প্ৰকাশ কৰা প্ৰতিক্ৰিয়াকলৈ আপুনি নিজে আচৰিত হ'ব পাৰে ৷ আপুনি কেতিয়াও নতশিৰ নহ'ব আৰু নিজৰ ইচ্ছা অনুসৰি কাম কৰিব ৷ কৰ্মস্থলীৰ কাম-কাজকলৈ আপুনি সংকল্পবদ্ধ থাকিব ৷ মানুহৰ লগত সংযোগ স্থাপন আৰু আলাপ-আলোচনাৰ বাবে এই সময়ছোৱা ভাল ৷ আপুনি ক'ৰবাত আবদ্ধ হৈ থকা প্ৰতিটো পইচাই লাভ কৰাৰ সম্ভাৱনা আছে ৷

ধনু : (২৩ নৱেম্বৰ - ২১ ডিচেম্বৰ)

আপোনাৰ প্ৰেম-ৰোমান্স ধীৰে-সুস্থিৰে আগবঢ়াৰ বাবে আপুনি আপোনাৰ মন শিথিল কৰি ৰাখিব ৷ আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কথা আৰু কামেৰে সুখী কৰি ৰাখিব ৷ আপুনি ব্যক্তিগত বিষয়কলৈ অধিক ব্যস্ত হ'ব ৷ আপোনাৰ আশা-আকাংক্ষা পূৰণৰ বাবে আপোনাৰ হাতত ধন থাকিব ৷ আপুনি সহজে নিজৰ লক্ষ্যত উপনীত হ'ব ৷

মকৰ : ( ২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপুনি কোনো পাৰ্টী আয়োজনৰ কথা চিন্তা কৰিব পাৰে আৰু নিজক উজ্জীৱিত কৰি ৰাখিব ৷ অৱশ্যে আপুনি অত্যুৎসাহী নহ'ব ৷কাৰণ এনে কাৰণৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ পৰা দীৰ্ঘ সময় ধৰি দূৰত অৱস্থান কৰিছে ৷ আপুনি ভগৱানৰ প্ৰতি উৎসৰ্গিত হ'ব ৷ আপোনাৰ বাবে এই সময় হৈছে এটা নতুন কাম আৰম্ভ কৰাৰ বাবে অনুকূল সময় ৷ আপুনি নতুন নতুন বন্ধু-বান্ধৱ আৰু মানুহ লগ পাব ৷ তেওঁলোকৰ লগত আপুনি সুন্দৰ সম্পৰ্ক গঢ়ি তুলিব ৷

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)

আপুনি আজি এটা কৰ্মময় দিনৰ দিশে অগ্ৰসৰ হৈছে ৷ আপুনি আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিব পাৰে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এক নতুন স্থান ভ্ৰমণ কৰিবলৈ ভাল পাব ৷ আপুনি প্ৰচুৰ ধন আয় কৰিব ৷ আপুনি বজাৰ-সমাৰ কৰিবলৈও ভাল পাব ৷ আপুনি কোনো উৎসৱ-পাৰ্বন আয়োজনতো ব্যস্ত থাকিব ৷ আপুনি সুকীয়া সুকীয়া ধৰণৰ কাম-কাজো কৰিব লাগিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী - ২০ মাৰ্চ )

আপোনাৰ সৈতে একেলগে কাম কৰা কোনোবা এজনৰ প্ৰতি হৃদয়ত প্ৰৱল অনুভৱ জাগ্ৰত হ'ব পাৰে ৷ এই অনুভৱৰ আপুনি ইতিবাচক সঁহাৰি পাব আৰু ইয়ে আপোনাক অতিশয় সুখী কৰিব ৷ আপোনাক নিজৰ মানুহে অনেক সহায় কৰিব ৷ আপোনাৰ বাবে এই সময় নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে অনুকূল সময় ৷ আপুনি নিজৰ কাম বা চাকৰিটো উন্নতি লাভ কৰিব ৷ আপুনি কোনো ধৰণৰ মানসিক দুঃশ্চিন্তাৰ সন্মুখীন নোহোৱাকৈ নিজৰ কাম কৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com