আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১১ ফেব্ৰুৱাৰী, শুকুৰবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১১ ফেব্ৰুৱাৰী, শুকুৰবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহ

২, ১১, ২০

শুভ বাৰসমূহ

বুধবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহ

ৰঙা, নীলা, হালধীয়া 

মেষ : (২১ মাৰ্চ - ২০ এপ্ৰিল )

আপুনি আজি কোনো পাৰ্টীত অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই পাৰ্টীতে আপুনি আপোনাৰ ভাললগাজনক বিয়াৰ প্ৰস্তুাৱ দিয়াৰ প্ৰৱল সম্ভাৱনা আছে ৷ আপুনি আপোনাৰ বন্ধু-বান্ধৱৰ সৈতে এক বৃহৎ আনন্দ উৎসৱৰ আয়োজন কৰাৰ সম্ভাৱনা আছে ৷ আপুনি হাতত লোৱা কাম শেষ নকৰালৈকে শান্ত নহ'ব ৷ কিন্তু আপুনি কেৰিয়াৰৰ চূড়াত উপনীত হোৱাৰ বাবে খৰধৰ কৰাৰ প্ৰয়োজন নাই ৷ সকলোৰে সাজ্জোন ঠিক হৈ আছে ৷

বৃষ : (২১ এপ্ৰিল - ২১ মে' )

আপুনি নিজকে সামাজিক কৰি তুলিব আৰু নতুন নতুন মানুহক লগ পাব ৷ আপুনি আজি প্ৰচুৰ আনন্দ-স্ফূৰ্তি কৰিব ৷ আপোনাৰ জীৱনসংগী আপোনাৰ কাষত থকাৰ পৰিপ্ৰেক্ষিতত সকলো সুন্দৰ হ'ব ৷ আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিব আৰু নিজে ভবা মতে এটা সিদ্ধান্ত ল'ব, যিটো সঠিক বুলি প্ৰমাণিত হ'ব। আপুনি এজন প্ৰকৃত বন্ধুৰ লেখীয়াকৈ আচৰণ কৰিব ৷ আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব ৷

মিথুন: (২২ মে' -২১ জুন)

আপোনাৰ আজি প্ৰস্তুত কৰা আঁচনি-পৰিকল্পনাসমূহ পোহৰলৈ নাহিব পাৰে ৷ কাৰণ এইবোৰ সুদূৰ পৰাহত হ'ব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ভ্ৰমণৰ সময়ত কিছু ব্যয় হ'ব পাৰে ৷ অধ্যয়নৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ বৃদ্ধি পাব ৷ প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি সফলতা অৰ্জন কৰিব ৷ আপুনি হৃদয়ৰ সৈতে জড়িত বিষয়সমূহত সফলতা অৰ্জন কৰিব ৷ আপুনি কৰ্মস্থলীত ব্যস্ত থাকিব ৷

কৰ্কট : (২২ জুন - ২২ জুলাই)

আপোনাৰ জীৱনসংগী সলনি হোৱাৰ প্ৰৱল ইংগিত স্পষ্ট হৈছে ৷ আপুনি কিছুসংখ্যক ব্যক্তিয়ে আপোনাৰ প্ৰদৰ্শনৰ দ্বাৰা বিমোৰত পৰিব ৷ দৰাচলতে আপুনি কোনো সিদ্ধান্ত ল'ব নোৱৰা এটা অৱস্থাত উপনীত হ'ব ৷ আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী ৷ আপুনি ক'ৰবাত আবদ্ধ হৈ থকা কাম সম্পূৰ্ণ কৰিব ৷ সম্পত্তিৰ সৈতে জড়িত বিবাদসমূহ নিষ্পত্তি হ'ব।

সিংহ : (২৩ জুলাই - ২৩ আগষ্ট)

আপোনাৰ আৰু আপোনাৰ প্ৰেমিকাৰ মাজত কিছু মতানৈক্যই দেখা দিব পাৰে ৷ গতিকে প্ৰেম-জীৱনত উৎসাহ-উদ্দীপনাৰ অভাৱে দেখা দিব পাৰে ৷ এই পৰিস্থিতিত আপুনি দুঃখ অনুভৱ কৰিব পাৰে ৷ আপুনি সামাজিক কাম-কাজৰ লগত ব্যস্ত থাকিব ৷ আপুনি চাকৰিৰ এটা নতুন প্ৰস্তাৱ পাব ৷ আৰু বিশ্বস্ত ব্যক্তিৰ লগত আলোচনা কৰি এই প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে ৷ আপুনি বিত্তীয় লাভ অৰ্জন কৰিব ৷

কন্যা : (২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

আপোনাৰ জীৱনত এটা উৎসাহ-উদ্দীপনাৰে ভৰপূৰ প্ৰেম-ৰোমান্স আহিব পাৰে ৷ আপুনি আনন্দ-উৎসাহেৰে পূৰ্ণ এটা ধাৰাৰ প্ৰতি অগ্ৰসৰ হৈছে ৷ কোনো এটা ভ্ৰমণৰ সময়ত আপুনি এজন ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে ৷ আপুনি ধীৰ-স্থিৰ হ'ব আৰু জীৱনৰ প্ৰতি এটা ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিব ৷ অৱশেষত আপুনি আপোনাৰ কাম আৰু ব্যৱসায়ত সফলতা অৰ্জন কৰিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ - ২৩ অক্টোবৰ)

আপুনি আজি লগ পাবলৈ বিচৰা কোনো এজন ব্যক্তিয়ে আপোনাৰ জীৱনত ইতিবাচক ভূমিকা পালন কৰিব পাৰে ৷ আপুনি ইয়াক মূল্য দিয়ে ৷ আপোনাৰ ৰোমাণ্টিক অনুভূতি দৃশ্যমান হ'ব পাৰে আৰু আপুনি আপুনি আপোনাৰ সুখৰ প্ৰতি অধিক গুৰুত্ব দিব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি শান্ত মনেৰে সিদ্ধান্ত ল'ব লাগিব। অন্যথা কথা-বতৰাবোৰ আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে ৷ অপৰিচিত ব্যক্তিক সহজে বিশ্বাসত নল'ব ৷

বৃশ্চিক : (২৪ অক্টোবৰ - ২২ নৱেম্বৰ )

কামৰ বোজাই আপোনাক আপোনাৰ প্ৰিয়জনৰ পৰা দূৰৈত ৰাখিব পাৰে ৷ কৰ্মজীৱনৰ ব্যস্ততা বৃদ্ধি পোৱাৰ সময়তে আপুনি সময়ৰ সৈতে কেনেদৰে মিলি পৰে, তাৰ বাবে চেষ্টা কৰিব লাগিব। পেচাগত ক্ষেত্ৰত লগ পোৱা কোনোবা নতুনজনৰ লগত আপোনাৰ আন্তৰিকতা বৃদ্ধি পাব আৰু সদ্যহতে আপুনি ভাল অনুভৱ কৰিব ৷ আপুনি কিছু কাম পাব, যিয়ে আপোনাক আশ্বৰ্যচকিত আৰু উৎসাহিত কৰি ৰাখিব ৷ আপুনি আস্থাত লোৱা মানুহৰ লগত কাম কৰিব ।

ধনু : (২৩ নৱেম্বৰ - ২১ ডিচেম্বৰ)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১১ ফেব্ৰুৱাৰী, শুকুৰবাৰ, ২০২২)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১১ ফেব্ৰুৱাৰী, শুকুৰবাৰ, ২০২২)

আজিৰ দিনটো আপোনাৰ অতি উৎসাহ-উদ্দীপনাপূৰ্ণ দিন হ'ব ৷ আপুনি এক সম্পূৰ্ণৰূপে নতুন ভাব-অনুভূতিৰ অভিজ্ঞতা অৰ্জন কৰিব ৷ আপুনি এজন নতুন ব্যক্তিক লগ পাব ৷ আপুনি জীৱনত উজ্জ্বলি উঠাৰ সুযোগ পাব ৷ যদি আপুনি চাকৰি কৰে, তেন্তে আপোনাৰ দৰমহা বৃদ্ধি পাব পাৰে ৷ যদি আপুনি ব্যৱসায় কৰে তেন্তে আপুনি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰ বৃদ্ধি কৰিব ৷

মকৰ : (২২ ডিচেম্বৰ - ২০ জানুৱাৰী)

আপোনাৰ প্ৰেম-জীৱন সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে আপুনি অংগীকাৰবদ্ধ হৈ আছে। আপোনাাৰ অনুপ্ৰেৰণাদায়ক পদক্ষেপে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক উজ্জীৱিত কৰিব পাৰে৷ বন্ধু-বান্ধৱৰ লগত আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পৰব আৰু আপোনাক আপোনাৰ কোনো বন্ধু বা বান্ধৱীয়ে বিয়াৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে ৷ আপুনি পৰীক্ষা বা সাক্ষাৎকাৰত সফল হ'ব ৷ আপুনি সম্পন্ন হোৱা সকলো কামৰ কৃতিত্বও পাব। আপুনি সতৰ্ক হৈ সাৱধানে থাকিব ৷

কুম্ভ : (২১ জানুৱাৰী - ১৮ ফেব্ৰুৱাৰী)

এই সময়ক আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰো প্ৰতি উৎসৰ্গা কৰিব আৰু ই আপোনাৰ জীৱনৰ মূল কথাত পৰিণত হ'ব। জীৱনৰ প্ৰতি আপোনাৰ এটা ইতিবাচক দৃষ্টিভংগী থাকিব । আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত চকুত চকু থৈ কথা পাতিব ৷ আপুনি সম্পৰ্ক উন্নত কৰাৰ চেষ্টা নকৰিলে আপোনাৰ প্ৰেমত ভাঙোন অৱশ্যেম্ভাৱী হৈ পৰিব পাৰে ৷ আপুনি ধনৰ ব্যয় নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন ৷ অন্যথা আপুনি ঋণ ল'ব লাগিব ৷ আপোনাৰ বাবে সামগ্ৰিকভাবে এই সময়চোৱা ভাল ৷

মীন : (১৯ ফেব্ৰুৱাৰী - ২০ মাৰ্চ)

আপোনাৰ ঘেৰি ধৰা সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত প্ৰয়োজনীয় শক্তি আপোনাৰ নাথাকিব পাৰে ৷ আপুনি এক সমস্যাজৰ্জৰিত সময়ৰ সন্মুখীন হ'ব ৷ আপুনি বিচৰাধৰণেৰে কাম হৈ নুঠিব ৷ আপুনি আপোনাৰ দৃষ্টিভংগীৰ জৰিয়তে সকলোকে মুগ্ধ কৰিব ৷ আপুনি এজন বোদ্ধাৰূপে প্ৰতিপন্ন হ'ব, যাৰ সামাজিক দায়-দায়িত্ব, বন্ধুত্বসুলভ প্ৰকৃতি আৰু আতিথ্যপৰায়নতা থাকিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com