Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৬ নৱেম্বৰ, মঙলবাৰ, ২০২১)

আজিৰ দিনটোত ৰাশিফল চাওঁক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৬ নৱেম্বৰ, মঙলবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Nov 2021 9:44 AM GMT

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৬ নৱেম্বৰ, মঙলবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ :

জন্মদিনৰ শুভাশুভ :

শুভ তাৰিখ

৭, ১৬, ২৫

শুভ বাৰ

সোমবাৰ, বুধবাৰ,শুকুৰবাৰ

শুভ ৰং

বগা, নীলা, ৰঙা

১৬ নৱেম্বৰ তাৰিখৰ আপোনাৰ দিনটোৰ সম্ভাৱনা :

মেষ ৰাশি (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপুনি পৰিকল্পনা কৰা আঁচনিৰ প্ৰতিটো কথাৰ প্ৰতি গুৰুত্ব নিদিলে, আপুনি বিচৰা ধৰণেৰে কাম হৈ নুঠিব৷ এইক্ষেত্ৰত আপোনাৰ প্ৰিয়জনে আপোনাক দিক-নিৰ্দেশনা দিব বা সহায় কৰিব, কাৰণ ইয়াৰ সৈতে আপোনালোক দুয়োজনৰে স্বাৰ্থ জড়িত আছে ৷ আপুনি সন্মুখীন হোৱা জঞ্জালৰ পৰা উদ্ধাৰ পাব ৷ আপুনি কোনোবা বন্ধুক সহায় কৰাটো তেওঁৰ বাবে বিশেষ হ'ব ৷ সেই ব্যক্তিজনে আপোনাক প্ৰশংসা কৰিব আৰু আপোনাৰ প্ৰতি কৃতজ্ঞ হৈ ৰব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে)

আবেগপ্ৰবণ শান্তি-সম্প্ৰীতি বিৰাজ কৰিব আৰু আপোনাৰ মনোযোগে এক শীৰ্ষ শিখৰত অৱগাহন কৰিব ৷ আপোনাক আকৰ্ষণ কৰা ব্যক্তিজনক আপুনি প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে ৷ আপুনি নিজকে সামাজিক কৰি তুলিব আৰু মানুহৰ সৈতে সংযোগ স্থাপন কৰিব ৷ আপুনি আপোনাক কেনেদৰে উপস্থাপন কৰে, তাৰ ওপৰত ভালেখিনি কথা নিৰ্ভৰ কৰিব ৷ আপোনাৰ মুৰব্বী বিষয়াৰ লগত আপোনাৰ মতৰ অমিলক বিশেষ গুৰুত্ব দিবলগীয়া নহ'ব ৷

মিথুন : (২২ মে' – ২১ জুন)

আপুনি আপোনাৰ অন্তৰৰ সংগীৰ আবেগ-অনুভূতি আৰু আকাংক্ষাৰ যতন ল'ব ৷আপুনি আজিৰ সন্ধিয়াটো নিজকে সামাজিক কৰি তুলি উমৈহতীয়া বন্ধুবৰ্গৰ লগত কটাব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি গুৰত্ব দিবলগীয়া হ'ব পাৰে৷ প্ৰেমৰ সম্পৰ্ক অধিক সবল কৰি তুলিব। আপোনাৰ প্ৰগতিৰ পথ উজ্জ্বল ৷ আপুনি কৰ্মস্থলীত সুবিধাজনক স্থানত থাকিব ৷ আৰু আপুনি পদোন্নতিও পাব ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ বন্ধুক লগ পোৱাৰ লগে লগে অন্তৰত এটা নষ্টালজিক অনুভৱ হ'ব ৷ ই এক ছাৰপ্ৰাইজৰ দৰে হ'ব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি অধিক মৰম-স্নেহ অনুভৱ কৰিব ৷ আপুনি আজিৰ দিনটো পৰিয়ালৰ লগত পাৰ কৰিব ৷ আপুনি এটা ভাল খবৰ পাব পাৰে। গভীৰভাবে ভাবি-চিন্তিহে কোনো ডাঙৰ সিদ্ধান্ত ল'ব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আজি আপোনাৰ বন্ধুবৰ্গৰ লগত গে'ট টুগেদাৰ কৰিব পাৰে ৷ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ নিজৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব ৷ আপোনাৰ প্ৰেম মুক্তভাবে অগ্ৰসৰ হ'ব ৷ আপোনাৰ আয় বৃদ্ধি পাব। আপোনাৰ ওচৰত বহুত সমল থাকিব। আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ যতন ল'ব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

অলপতে আপোনাৰ কাৰ্যালয়ৰ কৰ্ম-তালিকা সম্পূৰ্ণৰূপে সলনি হ'ব পাৰে ৷ কিন্তু ইয়াক লৈ আপুনি উদ্বিগ্ন নহ'ব ৷ আপোনাৰ মনত উৎসাহ-উদ্দীপনা অটুট থাকিব আৰু আপুনি উৎসাহেৰে কামত জড়িত হ'ব ৷ আপুনি এজন প্ৰেৰণদায়ক ব্যক্তিক লগ আৰু তেওঁ আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হ'ব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি কৰ্মক্ষেত্ৰত পলম হোৱাটো নিবিচাৰিব আৰু যিয়ে আপুনি আপোনাৰ প্ৰিয়জনৰ লগত কৰি পৰিকল্পনাত বাধা জন্মাব পাৰে ৷ আপুনি ইতিমধ্যে বহু সময় অপেক্ষা কৰিছে৷ আপুনি কোনো পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতিত ব্যস্ত থাকিব ৷ আপোনাৰ পৰিয়াল আপোনাৰ আয়ত্তত থাকিব ৷ আপোনাৰ বিত্তীয় লাভ সূচিত হৈছে ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনৰ লক্ষ্য-উদ্দেশ্যত কোনো পৰিৱৰ্তন সাধন হৈছে ৷ আজি আপোনাৰ প্ৰিয়জনৰ লগত এক চুটি ভ্ৰমণ কৰিব পাৰে ৷ এই ভ্ৰমণৰ সময়ত আপুনি আনন্দদায়ক প্ৰেম-ৰোমান্স উপভোগ কৰিব ৷ আপুনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বহু কথা আলোচনা কৰিবলগীয়া আছে ৷ আপুনি অধিক লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সন্মান বৃদ্ধি পাব ৷ বিক্ৰেতাসকলৰ বাবে পৰিস্থিতি ভাল ৷

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আপোনাৰ আশা-আকাংক্ষা পূৰণ হ'ব ৷ বিশেষকৈ যেতিয়া আপোনাৰ বিপৰীত লিংগৰ কোনো এজনে সুযোগ ল'বলৈ বিচাৰিব । আপুনি তেওঁৰ প্ৰস্তাৱ অস্বীকাৰ কৰিব। আপুনি শাৰীৰিকভাবে সক্ষম হৈ থাকিব ৷ আপুনি প্ৰেমত অনুভৱৰ ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি হঠাতে দুৰ্ভাগ্য বহন কৰিবলৈ অপাৰগ হ'ব ৷ আপুনি সাৱধান হোৱা উচিত।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপোনাৰ মনত অপাৰ আনন্দৰ সৃষ্টি হ'ব ৷ কাৰণ আপুনি আশা কৰি থকা সকলোখিনি বাস্তৱত পৰিণত হৈছে ৷ আপুনি মনত স্পৃহা-উদ্যম অনুভৱ কৰিব ৷ আজি কাৰ্যালয়ৰ সকলো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম নহ'ব পাৰে আৰু আধৰুৱা কাম ঘৰলৈ আনিব। ইয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰিব ৷ কাৰণ তেওঁ আজি আপোনাক লগ কৰিবলৈ বিচাৰিব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

কৰ্মস্থলীৰ চাপে আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিব ৷ কৰ্মস্থলীত আপুনি কোনোবাজনৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে ৷ আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ অধিক সুস্থিৰতা আহিব ৷ পূৰ্বৰ ভুল বুজাবুজি আঁতৰিব আৰু সম্পৰ্ক মধুৰ হ'ব ৷ আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু সহকৰ্মীৰ পৰা প্ৰত্যাশিত সহায় পাব ৷

মীন : (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

আপুনি আপোনাৰ প্ৰকৃতিৰ ফালৰ পৰাই নিজকে স্বাধীনচিতিয়া অনুভৱ কৰিব ৷ দিনটো আপোনাৰ বাবে শিথিলতাৰে আগবাঢ়িব ৷ কাৰণ গোটেই দিন আপোনাৰ কাষত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা থাকিব ৷ আপুনি নতুন সংযোগ স্থাপনত অতুলনীয়ভাবে পাৰদৰ্শী ৷ আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ মাজত মৰম-স্নেহ থাকিব ৷ আপোনাৰ ঘৰলৈ আলহী-অতিথি আহিব আৰু ইয়ে সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব ৷

Next Story
চাকৰি