Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৮নৱেম্বৰ, বৃহস্পতিবাৰ, ২০২১)

আজিৰ দিনটোত ৰাশিফল চাওঁক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৮নৱেম্বৰ, বৃহস্পতিবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Nov 2021 12:30 AM GMT

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৮নৱেম্বৰ, বৃহস্পতিবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ

৯, ১৮, ১৮

শুভ বাৰসমূহ

মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহ

গাঢ় নীলা, মেজেণ্টা , বেঙুণীয়া

১৮ নৱেম্বৰ তাৰিখৰ আপোনাৰ দিনটোৰ সম্ভাৱনা :

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ বাবে আপোনাৰ প্ৰেম-জীৱন অনুকূল হব। আপোনাক আপোনাৰ জীৱনসংগীয়ে সুখী কৰি ৰাখিব। আৰু আপুনি তেওঁ আপোনাৰ প্ৰতি মুক্তভাবে দিয়া গুৰুত্বক উপভোগ কৰি যাব। স্বামী-স্ত্ৰীৰ মাজত বুজাপৰা উন্নতৰ হব। আপোনালোক ইজনে-সিজৰ ভালপোৱা আৰু পচ্ছন্দ অনুসৰি কাম কৰিব। ঘৰুৱা বয়-বস্তু ক্ৰয়ত আপুনি হাত উজাৰি ধন খৰচ কৰিব।

বৃষ: (২১ এপ্ৰিল – ২১ মে')

যদি আপুনি অ-বিবাহিত তেন্তে আপোনাৰ প্ৰতি অতি স্নেহ প্ৰদৰ্শন কৰা কোনোবা এজনক লগ পোৱাৰ সম্ভাৱনা আছে । আপুনি সেই ব্যক্তিজনৰ প্ৰেমত পৰিব পাৰে আৰু এক আন্তৰিকতাপূৰ্ণ সম্পৰ্ক উপভোগ কৰিব পাৰে। আপোনাৰ কৰ্ম-পাৰদৰ্শিতাক লৈ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী সুখী হব। আপুনি আপোনাৰ কামৰ প্ৰতিও মনোযোগ দিব। আপুনি আপোনাৰ জ্যেষ্ঠ কৰ্মচাৰীসকলৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব।

মিথুন: (২১ মে' – ২১ জুন)

এক বহু দীঘলীয়া সময়ৰ পাছত আপুনি শান্ত-সমাহিত হব। আপোনাৰ প্ৰেমৰ সম্পৰ্কই সৃষ্টি কৰা মানসিক চাপ হ্ৰাস পাবলৈ ধৰিব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সংগ উপভোগ কৰিবলৈ লব। আপুনি আপোনাৰ যান-বাহনৰ যান্ত্ৰিক দিশৰ প্ৰতি চকু দিব । অন্যথা চলাই থকা অৱস্থাত যান-বাহনৰ সমস্যাৰ সৃষ্টি হব পাৰে। আপোনাৰ প্ৰগতিৰ পথ মুকলি কৰি দিয়া কোনো প্ৰভাৱশালী ব্যক্তিক আপুনি লগ পাব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ কোনো বন্ধুৰ ঘনিষ্ঠ হৈ উঠিব পাৰে আৰু প্ৰেম-ৰোমান্সৰ সৃষ্টি হ'ব পাৰে ৷ আপোনালোক দুয়োজনৰে মাজত বহু কথাৰ মিল আছে আৰু দুয়োজনে জীৱন উপভোগ কৰাৰ ধাৰণাত বিশ্বাস কৰে ৷ মানুহৰ লগত আপুনি সংযোগ বৃদ্ধি কৰিব। আপুনি অ-প্ৰত্যাশিত লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব আৰু প্ৰচুৰ লাভ অৰ্জন কৰিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাক আকৰ্ষণ কৰা কোনো ব্যক্তিক আজি লগ পাব ৷ আপোনাৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী হ'ব ৷ আপুনি অতি সুখী আৰু আশীৰ্বাদ পুষ্ট অনুভৱ কৰিব ৷ আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিব আৰু চিন্তা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব ৷ আপোনাৰ প্ৰেমৰ সম্পৰ্ক উন্নত হ'ব ৷ আপুনি আপোনাৰ আচৰণ সলনি কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পোৱাত আপোনাক আপোনাৰ প্ৰিয়জনে সহায় কৰিব ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ বাবে যি পাৰে কৰিব আৰু তেওঁ আপোনাৰ প্ৰতি কৃতজ্ঞ হ'ব ৷ আপুনি ব্যৱসায়ত ভাল লাভ অৰ্জন কৰিব। আপুনি চাকৰিৰ ক্ষেত্ৰত সন্মুখীন হোৱা বাধা-বিঘিনী দূৰ হ'ব ৷ আপুনি আপোনাৰ নিকট আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আজিৰ দিনটো আপোনাৰ বাবে ভালদিন হ'ব ৷ আপোনাৰ পৰিকল্পনা অনুসৰি সকলো কথা-বতৰা আগবাঢ়িব । আপোনাক আপোনাৰ জীৱনসংগীয়ে সহায় কৰিব আৰু আপোনাৰ বাবে বহুখিনি কৰিব ৷ আপুনি আনন্দ-সন্তুষ্টিৰ বাবে ভ্ৰমণ কৰাৰ ইংগিত সূচিত হৈছে। মানুহে আপোনাৰ কথা ইতিবাচকভাবে আলোচনা কৰিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব ৷ আপোনাক মানুহে সহায় কৰি যাব ৷ আপুনি এটা ভাল খবৰ পাব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি ক্ষেত্ৰত এজনতকৈ অধিকৰ সৈতে সম্পৰ্ক গঢ়িব ৷ আপুনি কামত অযথা খৰধৰ নকৰিব ৷ অন্যথা সমস্যাৰ সন্মুখীন হ'ব পাৰে ৷ আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব আৰু সিয়ে আপোনাক ব্যক্তিগতভাবে লাভান্বিত কৰিব ৷ আপোনাৰ মন সুখ-সন্তুষ্টিৰে ভৰি পৰিব। আপুনি উৰ্ধতন কৰ্তৃপক্ষৰ সৈতে সংযোগলৈ আহিব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

এজন আকৰ্ষণীয় ব্যক্তিয়ে আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে ৷ আপুনি সেই ব্যক্তিজনৰ প্ৰতি পূৰ্বৰে পৰা আকৰ্ষিত হৈ আছে আৰু তেওঁৰ লগত আপোনাৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব ৷ আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ অধিক সুস্থিৰতা আহিব। আপোনাৰ ব্যক্তিগত সমস্যা সমাধানৰ বাবে আপুনি আবেগিক হোৱাৰ প্ৰয়োজন নাই। আপুনি শান্ত মনেৰে চিন্তা কৰক আৰু প্ৰতিটো কাম কৰক ৷

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব ৷ আপুনি মনে মিলা বহু মানুহক লগ পাব আৰু ইয়ে আপোনাক জীৱন উপভোগ কৰাত সহায় কৰিব ৷ প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি সদায়ে অতি ইতিবাচক মনৰ গৰাকী। কিন্তু বিবাহৰ উপযোগীসকলে সমস্যাৰ সন্মুখীন হ'ব ৷ আপুনি কামৰ বাবে বা অধ্যয়নৰ বাবে বিদেশলৈ যোৱাৰ কথা চিন্তা কৰিব ৷ আজিৰ দিনটো আপোনাৰ বাবে এটা সুন্দৰ দিন।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

কোনেও আপোনাৰ পৰা সুযোগ ল'ব নোৱাৰে তাৰ বাবে আপুনি সচেষ্ট থকাৰ প্ৰয়োজন ৷ আপুনি অতি উদ্যমী হ'ব আৰু কাম-কাজ সুন্দৰভাবে সমাপন কৰিব। প্ৰেমত আপুনি বিচৰা সকলোখিনিয়েই পাব ৷কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত অধিক চাপ থাকিব , যিয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আপুনি হ্ৰস্বম্যাদী ছুটী লোৱা উচিত ৷আপোনাৰ মন লক্ষ্যত নিৱদ্ধ থাকিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে তৰ্কাতৰ্কি কৰিব পাৰে। তেওঁ খঙত কোৱা কথাই আপোনাক আঘাত দিব পাৰে। আপুনি কথা-বতৰাবোৰ আগৰ দৰে আগবঢ়াই নিয়াৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব ৷ বহু যত্ন আৰু চেষ্টাৰ জৰিয়তে আপুনি সকলো কাম সমাপন কৰিবলৈ সক্ষম হ'ব ৷ আপুনি আপোনাৰ ব্যৱসায়ৰ জৰিয়তে অধিক আয় কৰিবলৈ চেষ্টা কৰিব ৷

আৰু পঢ়ক : নিজৰেই অপহৰণৰ নাটক কৰি গ্ৰেপ্তাৰ তামিল নাডুৰ এজন যুৱক

Next Story
চাকৰি