Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৯ অক্টোবৰ, শুকুৰবাৰ)

আজিৰ দিনটোত ৰাশিফল চাওঁক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৯ অক্টোবৰ, শুকুৰবাৰ)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Nov 2021 12:30 AM GMT

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৯ অক্টোবৰ, শুকুৰবাৰ)

জন্মদিনৰ শুভাশুভ :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ

১, ১০, ১৯, ২৮

শুভ বাৰসমূহ

সোমবাৰ, বুধবাৰ, শনিবাৰ

শুভ ৰংসমূহ

গুলপীয়া, বগা, মুগা

মেষ : ( ২১ মাৰ্চ – ২০ এপ্ৰিল )

আপুনি আপোনাৰ আবেগ-অনুভৱ ধৰি নাৰাখি প্ৰকাশ কৰা উচিত ৷ আপোনাৰ প্ৰিয়জনে আপোনাৰ কথা শুনিবলৈ বিচৰা সময়লৈ অপেক্ষা কৰক আৰু তেতিয়া আপুনি আপোনাৰ মতামত প্ৰকাশ কৰক। আপুনি সম্পূৰ্ণৰূপে সংবেদনশীল হ'ব। আপুনি দয়ালু, স্বাধীনচিতিয়া, আনুগত্যশীল আৰু সৃষ্টিশীল ব্যক্তি হ'ব ৷ আপুনি খৰধৰকৈ লোৱা কোনো সিদ্ধান্ত সলনি কৰিবলগীয়া হ'ব পাৰে ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে)

আপুনি চিন্তা কৰিবলৈ আৰম্ভ কৰিব যে মাথোঁ এজন ব্যক্তিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত ৷ আপোনাৰ আচাৰ-আচৰণত এই কথা ফুটি উঠাৰ লগে লগে আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গ সুখী হ'ব। আপুনি পেচাগত কাম আৰু ঘৰৰ কামৰ মাজত ভাৰসাম্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব ৷ আপুনি আপোনাৰ পিতৃ-মাতৃৰ দয়াশীল দৃষ্টিত থাকিব। আপুনি আপোনাৰ সন্তানকলৈ উৎকণ্ঠিত নহ'ব ৷

মিথুন : (২২ মে' – ২১ জুন)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক লৈ সুখী হ'ব, কাৰণ তেওঁৰ আচাৰ-আচৰণত আপোনাৰ চিন্তা-ধাৰাৰ প্ৰতিফলন ঘটিব ৷ আপুনি ভদ্ৰ আৰু অমায়িক হ'ব আৰু তেওঁক সন্তুষ্ট কৰাৰ বাবে সকলো চেষ্টাই চলাব ৷ কথা-বতৰা বা কাম-কাজবোৰ সুন্দৰ হ'ব ৷ আপুনি ধন লাভৰ সম্ভাৱনা আছে ৷ আপুনি ক'ৰবাৰ পৰা ভাল খবৰ পাব পাৰে ৷ আপুনি কামত বা ব্যৱসায়ত সফলতা অৰ্জন কৰিব ৷ আপোনাৰ আয় ভাল হ'ব ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি কামত জটিলতাৰ সৃষ্টি নকৰিব ৷ আপুনি সাধাৰণভাবেই মানুহক আপোনাৰ প্ৰতি আকৰ্ষণ কৰে ৷ যদি আপুনি অবিবাহিত তেন্তে আপুনি সুযোগ্য পাত্ৰ বা পাত্ৰী লাভ কৰিব ৷ সাধাৰণভাবে ব্যৱসায় আৰম্ভ কৰা সত্বেও আপুনি লাভ অৰ্জন কৰিব ৷ আপুনি ব্যক্তিগত যোগাযোগৰ জৰিয়তে কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব ৷ মানুহে আপোনাক সহায় কৰিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি বহুতক আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব আৰু তেওঁলোকৰ সংগ উপভোগ কৰিব ৷ আপোনাৰ প্ৰেম মুক্তভাবে অগ্ৰসৰ হ'ব ৷ আপোনাৰ আয় বৃদ্ধি পাব। আপোনাৰ ওচৰত বহুত সমল থাকিব। আপুনি কামত সম্পূৰ্ণৰূপে নিমজ্জিত হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ যতন ল'ব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি বহুত মোহনীয় আৰু আত্মবিশ্বাসী ৷ ইয়ে আজি আপোনাৰ প্ৰতি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰেম বৃদ্ধি কৰিব ৷ আপুনি সামাজিক কাম-কাজৰ সৈতেও জড়িত হ'ব ৷ ইয়ে আপোনাৰ মনত আনন্দৰ সৃষ্টি কৰিব আৰু আপুনি উৎসাহেৰে কামত জড়িত হ'ব ৷ আপুনি এজন প্ৰেৰণদায়ক ব্যক্তিক লগ আৰু তেওঁ আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি মনে বিচৰা ফল পাবলৈ হ'লে আপোনাৰ দৃষ্টিভংগী সলনি কৰিব লগা হ'ব পাৰে ৷

আপুনি জীৱনৰ অন্ধকাৰ দিশো দেখে ৷ আপুনি সমস্যা সমাধানৰ বাবে সুযোগ পাব। আপুনি আপোনাক সদায়ে সহায় কৰিবলৈ সাজু থকা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সহায় লওক ৷ আপুনি আজি কোনো প্ৰিয় স্থান ভ্ৰমণলৈ যাব আৰু তাৰ পৰাই কাম কৰিব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি প্ৰেমৰ ক্ষেত্ৰত প্ৰথমে অগ্ৰসৰ হ'বলৈ টান পাব ৷ কাৰণ আপোনাৰ আত্মবিশ্বাস কম হ'ব ৷ এই ভ্ৰমণৰ সময়ত আপুনি আনন্দদায়ক প্ৰেম-ৰোমান্স উপভোগ কৰিব ৷ আপুনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বহু কথা আলোচনা কৰিবলগীয়া আছে ৷ আপুনি অধিক লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সন্মান বৃদ্ধি পাব ৷ বিক্ৰেতাসকলৰ বাবে পৰিস্থিতি ভাল ৷

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

বিভিন্ন ধৰণৰ চিন্তাই আপোনাক কিছু অস্থিৰ কৰি তুলিব ৷ সন্দেহৰ কলীয়া ডাৱৰে আপোনাৰ প্ৰেমৰ সম্পৰ্কত শান্তি বিঘ্নিত কৰিব ৷ কেৰিয়াৰৰ সৈতে সম্পৰ্কিত আপোনাৰ সকলো সমস্যা সমাধান হ'ব ৷ পাৰস্পৰিক শত্ৰুতা পাহৰি কামত মনোনিৱেশ কৰক। আপুনি হঠাতে দুৰ্ভাগ্য বহন কৰিবলৈ অপাৰগ হ'ব ৷ আপুনি সাৱধান হোৱা উচিত।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপোনাৰ ইতিবাচক চিন্তাই প্ৰেমৰ মাত্ৰা বৃদ্ধি কৰিব ৷ কামৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত আপুনি প্ৰেম-ৰোমান্সত সময় দিবলৈ নাপাব ৷ আপুনি শিক্ষামূলক আৰু মনোগ্ৰাহী সাহিত্য পঢ়ি সময় পাৰ কৰিব ৷ আজি কাৰ্যালয়ৰ সকলো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম নহ'ব পাৰে আৰু আধৰুৱা কাম ঘৰলৈ আনিব। ইয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰিব ৷ কাৰণ তেওঁ আজি আপোনাক লগ কৰিবলৈ বিচাৰিব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ অধিক সুস্থিৰতা আহিব ৷ পূৰ্বৰ ভুল বুজাবুজি আঁতৰিব আৰু সম্পৰ্ক মধুৰ হ'ব ৷ আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু সহকৰ্মীৰ পৰা প্ৰত্যাশিত সহায় পাব ৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অধিক বিনয়ী আৰু মৃদুভাষী হ'ব লাগিব ৷ আজিৰ দিনটোত আপোনাৰ বহু ধন খৰচ হ'ব।

মীন : (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

আজি দিনটো আপোনাৰ বাবে শিথিলতাৰে আগবাঢ়িব ৷ আপুনি অধিক কাম আশা নকৰিব আৰু দিনটো ভালদৰেই আগবাঢ়িব ৷ কাৰণ গোটেই দিন আপোনাৰ কাষত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা থাকিব ৷ আপুনি নতুন সংযোগ স্থাপনত অতুলনীয়ভাবে পাৰদৰ্শী ৷ আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ মাজত মৰম-স্নেহ থাকিব ৷ আপোনাৰ ঘৰলৈ আলহী-অতিথি আহিব আৰু ইয়ে সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব ৷

আৰু পঢ়ক : এইমছ গুৱাহাটীত জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

Next Story
চাকৰি