আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (শনিবাৰ, ২০ নৱেম্বৰ, ২০২১)

আজিৰ দিনটোত ৰাশিফল চাওঁক
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (শনিবাৰ, ২০ নৱেম্বৰ, ২০২১)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (শনিবাৰ, ২০ নৱেম্বৰ, ২০২১) :

জন্মদিনৰ শুভাশুভঃ

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ

২, ১১, ২০, ২৯

শুভ বাৰসমূহ

সোমবাৰ, মঙলবাৰ, দেওবাৰ

শুভ ৰংসমূহ

সেউজীয়া, ৰঙা, শেঁতা বগা

মেষ : (২১ মাৰ্চ- ২০ এপ্ৰিল)

যদি কোনো বিষয়ক লৈ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ওচৰত অধিক মুকলি হয়, তেন্তে সিয়ে আপোনাক অশান্তি দিব পাৰে। প্ৰয়োজনত আপুনি সহায় পাব। সেই ব্যক্তিজনৰ সৈতে আপোনাৰ বান্ধোন অধিক দৃঢ় হব। আপুনি সকাহ অনুভৱ কৰিব। আপুনি এটা নতুন ব্যৱসায়ো আৰম্ভ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত অধিক গুৰুত্ব আৰোপ কৰিব আৰু যুৱক-যুৱতীসকলে সাক্ষাতকাৰত ভাল কৰিবলৈ চেষ্টা কৰিব। এটা চাকৰি পাবলৈ তেওঁলোক সক্ষম হব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি প্ৰেমত পৰিলে জীৱনৰ এটা নতুন অৰ্থ বিচাৰি পাব আৰু আপুনি অনুভৱ কৰিব যে জীৱন সুন্দৰ। আপুনি এজন নতুনকৈ লগ পোৱা ব্যক্তিক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে। ধনৰ পাচত অন্ধভাবে নদৌৰিব। এই সময়ছোৱাত আপুনি এটা গুৰুত্বপূৰ্ণ কাম কৰিব। আজিৰ পিছবেলাৰ সময়ছোৱা আপোনাৰ বাবে অনুকূল হব। অগ্ৰাধিকাৰ ভিত্তিত আপুনি ঘৰৰ তথা পাৰিবাৰিক সকলো কাম কৰিব। লগতে কাৰ্যালয়ৰ কামো কৰিব।

মিথুন : (২২ মে'- ২১ জুন)

প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত খং-ক্ষোভ অনিষ্টকাৰী হব। এই সময়ছোৱা আপোনাৰ বাবে প্ৰেমৰ ক্ষেত্ৰত অধিক আশাপ্ৰদ সময় নহ'ব। কাৰণ আপোনাৰ চকুত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ভুল-ত্ৰুটি বৰকৈ ধৰা পৰিবলৈ ধৰিব। আপুনি জ্ঞান আৰু নতুন দক্ষতা আহৰণ কৰিব। আপোনাৰ ঘৰলৈ আলহী-অতিথি আহিব। আপুনি তেওঁলোকৰ আপ্যায়নত ব্যস্ত থাকিব। আপুনি নতুন চাকৰি /ব্যৱসায়ৰ প্ৰস্তাৱ লাভ কৰিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

যেতিয়া আপোনাৰ সম্পৰ্কীয় লোকে অধিক হস্তক্ষেপ কৰিবলৈ লব, তেতিয়া আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ ভাবুকি আহিব পাৰে। অৱশ্যে আপুনি কথা-বতৰাবোৰ সুন্দৰকৈ চম্ভালিবলৈ সক্ষম হব। কৰ্মৰ ক্ষেত্ৰত পোৱা প্ৰত্যাহ্হানৰ বাবে আপুনি মনত অশান্তি অনুভৱ কৰিব। আপুনি আপোনাৰ ধৈৰ্যও হেৰুৱাব পাৰে। ইয়ে আপোনাৰ স্বাস্থ্যৰো ক্ষতিসাধন কৰিব পাৰে । গতিকে স্বাস্থ্যৰ প্ৰতিও মন দিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক দমন কৰি ৰাখিব বিচৰা প্ৰকৃতি ত্যাগ কৰক। কাৰণ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক এটা প্ৰতিশ্ৰুতি দিবলৈ সাজু হব। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকা দুয়োজেনে বহু সুখৰ মুহূৰ্ত উপভোগ কৰিব। আপুনি এতিয়া ব্যৱসায় আৰু ধনৰ ক্ষেত্ৰত লাভ অৰ্জন কৰাৰ সময়। আপোনাৰ কাম সম্পূৰ্ণ হব। আপোনাৰ ব্যৱসায়ত অনুকূল শ্ৰীবৃদ্ধি ঘটিব। আপোনাৰ চাকৰিৰ ক্ষেত্ৰতো ভাল। আপুনি কাম পাৰদৰ্শিতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বিভিন্ন কাম কৰিব আৰু এয়া সম্পৰ্কক স্থায়ী ৰূপ দিয়াৰ বাবে উপাদান হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত প্ৰচুৰ বুজাপৰা থাকিব। আপোনাৰ পাৰিবাৰিক বান্ধোনত সুখ, শিথিলতা আৰু সুবিধা থাকিব। আপুনি জীৱনসংগীৰ পৰা বন্ধুবৰ্গলৈকে সকলোৰে লগত আপুনি মুকলি মনেৰে কথা-বতৰা পাতিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি ইতিবাচক দৃষ্টিভংগীৰ জৰিয়তে আপোনাৰ প্ৰেম-ৰোমান্স শক্তিশালী কৰিব পাৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকো ইতিবাচক দৃষ্টিভংগী লবলৈ অনুৰোধ জনাব। আপুনি চাকৰি বা ব্যৱসায়ত কথা-বতৰাবোৰ আপোনাৰ অনুকূলে আনিবলৈ অশেষ চেষ্টা কৰিব। আপুনি আপোনাৰ বিশেষ প্ৰতিভাৰ বলত নিজৰ এটা সুকীয়া পৰিচয় দিবলৈ সক্ষম হব। আপোনাৰ বিত্তীয় অৱস্থা ভাল।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

মাজে-সময়ে আপোনাৰ আঁকোৰগোজ আচৰণে আপোনাক সহায় কৰিব পাৰে। এয়া প্ৰতিপন্ন হব যেতিয়া কোনোবা বিপৰীত লিংগৰ এজনে আপোনাৰ পৰা অধিক সুযোগ ল'ব বিচাৰিব। আপুনি তেওঁৰ প্ৰস্তাৱ অস্বীকাৰ কৰিব। আপুনি ব্যস্ততাৰ মাজেৰে দৈনন্দিন জীৱন অতিবাহিত কৰিব। তথাপি আপুনি আপোনাৰ বন্ধুবৰ্গক সময় দিব। আপুনি প্ৰেম-ৰোমান্সক লৈ ব্যস্ত থাকিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপোনাৰ মনত থকা পূৰ্বৰ ভুল বুজাবুজি দূৰ হব আৰু আপুনি মানসিক শান্তি পাব। এতিয়া আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ অধিক সুস্থিৰতা আহিব। আপোনাৰ ব্যক্তিগত সমস্যা সমাধানৰ বাবে আপুনি আবেগিক হোৱাৰ প্ৰয়োজন নাই। আপুনি শান্ত মনেৰে চিন্তা কৰক আৰু প্ৰতিটো কাম কৰক। আপোনাৰ সামৰ্থ্যক স্বীকৃতি দিয়া হ'ব আৰু আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (শনিবাৰ, ২০ নৱেম্বৰ, ২০২১)

আপুনি আজি আপোনাৰ কাৰ্যালয়ৰ কাম শেষ কৰিব নোৱাৰিব পাৰে আৰু বাকী থকা কাম ঘৰলৈ আনিব । কিন্তু আপোনাৰ জীৱনসংগীয়ে এই কথা ভাল নাপাব । কাৰণ তেওঁ সময় অতিবাহিত কৰিবলৈ অপেক্ষা কৰি থাকিব। আপোনাৰ মাত-কথা আৰু মানসিকতা নিয়ন্ত্ৰণত ৰাখিব। নেতিবাচক চিন্তাই আপোনাক বশ কৰিব পাৰে, কিন্তু এই পৰিস্থিতি আপুনি আপোনাৰ আত্মবিশ্বাস আৰু মনৰ জোৰত অতিক্ৰম কৰিব। আপুনি কামত বিলীন হৈ যাব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (শনিবাৰ, ২০ নৱেম্বৰ, ২০২১)

আপোনাৰ আজিৰ দিনটোত কাম-কাজ লাহে-ধীৰে আগবাঢ়িব। কিন্তু সময় আগবঢ়াৰ লগে লগে কামৰ গতি দ্ৰুত হব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা অধিক মনোযোগ আশা নকৰিব। কিন্তু আপুনি আজি এটা সুখৰ দিন অতিবাহিত কৰিব। কাৰণ আজি গোটেই দিন আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ কাষতে থাকিব। পুৰণি কাজিয়া-পেঁচাল দূৰ হব। দুখৰ অনুভূতিৰ মাজতে সুখ থাকিব। আপুনি নতুন ব্যৱসায়ত লাভ অৰ্জন কৰিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সলনি কৰিবলৈ বিচাৰিব পাৰে আৰু নিজকে মুক্ত বিহংগৰ দৰে কৰি তুলিব। এই মুহূৰ্তটো আপোনাৰ বাবে উপভোগ্য মুহূৰ্ত হ'ব আৰু পৰিস্থিতিৰ সৈতে আপুনি সুখী হব।আপুনি কোনো ঘনিষ্ঠজনৰ কথা ভাবিব আৰু আবেগিক হব। কিন্তু আপুনি আপোনাৰ ঘৰৰ আৰু কাৰ্যালয়ৰ কামৰ কথাও ভাবিব। একে সময়তে আপুনি আপোনাৰ নীতিক লৈও দৃঢ় হৈ থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com