Begin typing your search above and press return to search.

আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)

আজিৰ দিনটোৰ ৰাশি ফল

আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Nov 2021 5:54 PM GMT

আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ

৩, ১২, ২১, ৩০

শুভ বাৰসমূহ

সোমবাৰ, মঙলবাৰ, শনিবাৰ

শুভ ৰংসমূহ

সেউজীয়া, ঘন নীলা, মেজেণ্টা


আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)



এই সপ্তাহৰ আৰম্ভণি সুন্দৰ হব। আপুনি ব্যৱসায়িক আলোচনাত মিলিত হব আৰু এটা অনুকূল ব্যৱসায়িক চুক্তি কৰিব। ই অত্যন্ত গুৰুত্বপূৰ্ণ হব আৰু আপুনি লাভ অৰ্জন কৰিব। আপোনাৰ শত্ৰু আৰু বিৰোধী সক্ৰিয় হব, কিন্তু আপোনাৰ স্বাৰ্থত আঘাত হানিবলৈ সক্ষম নহব। আত্মীয়ৰ সৈতে আপোনাৰ সু-সম্পৰ্ক থাকিব। আপোনাৰ ৰোমাণ্টিক জীৱন অপূৰ্ব হব। প্ৰেমিক-প্ৰেমিকাসকলে অপূৰ্ব সুন্দৰ সময় অতিবাহিত কৰিব আৰু ইজনে সিজনৰ অনুভূতি ভালদৰে বুজি পাব। আপুনি এটা ডাঙৰ বিত্তীয় বুজাবুজি কৰিব। কিন্তু চুক্তিত স্বাক্ষৰৰ পূৰ্বে আপুনি ভালদৰে নথিপত্ৰবোৰ পঢ়াৰ প্ৰয়োজন। আপুনি যোগ, ধ্যান আৰু প্ৰাৰ্থনাৰ প্ৰতি আগ্ৰহ বৃদ্দি কৰিব। আপুনি বৈচিত্ৰপূৰ্ণ ক্ষেত্ৰত সক্ৰিয় হৈ থাকিব। আপোনাৰ আয় বৃদ্ধি পাব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')



ভাগ্য আপোনাৰ অনুকূল হব। এই সপ্তাহে আপোনালৈ লাভ কঢ়িয়াব। আপুনি সম্পত্তিও ক্ৰয়-বিক্ৰয় কৰিব। আপুনি ধনৰ লাভ অৰ্জন কৰিব। আপুনি আপোনাৰ ব্যয়ো সীমিত কৰাৰ প্ৰয়োজন হব। আপোনাৰ স্বাস্থ্যৰ কোনো ডাঙৰ সমস্যা নাথাকিলেও আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লোৱাৰ প্ৰয়োজন হব। কৰ্মস্থলীত আপুনি গুৰুত্বপূৰ্ণ নথিপত্ৰ সাৱধানে ৰখাৰ প্ৰয়োজন, যাতে আপোনাৰ শত্ৰুৱে কোনো উপায়েৰেই আপোনাৰ ক্ষতিসাধন কৰিব নোৱাৰে। চৰকাৰৰ সৈতে সম্পৰ্কিত কাম বা বিষয়ত আপুনি সফলতা অৰ্জন কৰিব। এই সময় হৈছে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে আনন্দ-স্ফূৰ্তি কৰাৰো সময়। আপুনি বনভোজ অথবা আনন্দ-স্ফূৰ্তিৰে ভৰা ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব ।

মিথুন : (২২ মে'- ২১ জুন)



আপুনি মানসিক আনন্দ পাব। আপুনি আপোনাৰ কাম বা চাকৰিত অগ্ৰগতি অৰ্জন কৰিব আৰু সকলোৰে মাজত উজ্জ্বলি উঠিবলৈ সক্ষম হব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব। আপুনি আয়ৰ নতুন পথৰো সন্ধান কৰিব। এই সময়ছোৱা আপোনাৰ বাবে স্বীকৃতি লাভৰ সময়। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আনন্দকৰ মুহূৰ্ত পাৰ কৰিব। প্ৰেমিক-প্ৰেমিকাসকলে অতি ৰোমান্সকৰ সময় অতিবাহিত কৰিব। আপুনি নতুন পৰিকল্পনা আৰু কৰি ভালপোৱা কাম বাস্তৱায়িত কৰিবলৈ সক্ষম হব। আপুনি প্ৰতিটো কথা আৰু কামত গুৰুত্ব দিব। আধ্যত্মিক আৰু পাৰ্থিৱ—দুয়োটা দিশৰ পৰাই এই সময়ছোৱা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হব। আপুনি নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি অগ্ৰসৰ হব। স্বামী-স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব। বিবদমান বিষয়ত আপোনাৰ জয়ৰ ইংগিত সূচিত হৈছে।

কৰ্কট : (২২ জুন- ২২ জুলাই)



এই সপ্তাহটো আপোনাৰ বাবে অতি আনন্দকৰ-বিস্ময়কৰ সপ্তাহ হব। আপুনি সন্মুখীন হোৱা সকলো প্ৰতিবন্ধকতা আৰু হেঙাৰ দূৰ হব। আপুনি আপোনাৰ কাম বা চাকৰিত অগ্ৰগতি অৰ্জন কৰিব। আপুনি আধাৰুৱা হৈ থকা সকলো কাম সম্পূৰ্ণ কৰিব। আপুনি ধনেৰে উপচ খাই থাকিব আৰু কোনো বিত্তীয় সমস্যা নাথাকিব। আপোনাৰ স্বাস্থ্যও ভালে থাকিব। আপুনি আপোনাৰ পচ্ছন্দৰ এজন ব্যক্তিৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ যোগ আছে। আপুনি আকস্মিকভাবে পদোন্নতিও পাব। আপুনি আপোনাৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ পৰা সহায়-সহযোগিতা পাব। আপুনি এটা নতুন কাম /ব্যৱসায়ো আৰম্ভ কৰিব। আপুনি আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যবৰ্গৰ লগত ভাল বান্ধোন অটুট ৰাখিব। আহি থকা দিনবোৰে আপোনালৈ আনন্দ আৰু সম্পদ আনিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)



আপুনি আপোনাৰ চেষ্টাৰ ফল লাভ কৰিবলৈ ধৰিব। কাম বা ব্যৱসায়ত আপুনি প্ৰচুৰ লভ্যাংশ অৰ্জন কৰিব। আপুনি চাকৰিত পদোন্নতি পাব। আপুনি বিদেশৰ পৰাও কামৰ অৰ্ডাৰ পাব। আপুনি নিজৰ বাবে নতুন কিছু কাম কৰাৰ আকাংক্ষা থাকিব আৰু ইয়াৰ বাবে আপুনি অনেক নতুন কথা শিকিব। আপোনাৰ উৰ্ধতন মুৰব্বী বিষয়াসকলে আোপনাক সহায়-সমৰ্থন কৰিব। সময় আপোনাৰ বাবে অনুকূল। আপুনি সুন্দৰ ৰোমাণ্টিক জীৱন লাভ কৰিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক যথেষ্ট সহায় কৰিব। আপোনাৰ ভাগ্যৰবি শক্তিশালী হব আৰু জীৱনত আগবাঢ়ি যোৱাত আপোনাক সহায় কৰিব। এই সময়ছোৱাত আপোনাৰ বাবে অংশীদাৰী ব্যৱসায় শ্ৰেয়। আপুনি আকাংক্ষিত এটা কাম লাভ কৰি পূৰ্ণ শক্তিৰে কাম কৰিব। আপুনি এটা ভাল কাম কৰিবলৈ লব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)



সময় দ্ৰুততৰে সলনি হব আৰু আপুনি উপভোগ্য দিন লাভ কৰিব। আপুনি কৰা কোনো কামে আপোনালৈ প্ৰচুৰ নাম আৰু যশস্যা কঢ়িয়াব। কোনো লোকে আপোনাৰ কৰ্তৃত্বৰ প্ৰতি প্ৰত্যাহ্বান জনাব পাৰে, কিন্তু আপোনাৰ কোনো ক্ষতি কৰিবলৈ সক্ষম নহব।ধনৰ দিশৰ পৰা এই দিনবোৰ আপোনাৰ বাবে ভাল দিন। ক'ৰবাৰ পৰা আপুনি ভাললগা বা সুখ কঢ়িয়াব পৰা বাৰ্তা পাব। আপুনি চাকৰি বা ব্যৱসায়ৰ ভাল প্ৰস্তাৱ পাব। আপুনি আপোনাৰ শক্তিশালী ইচ্ছাশক্তিৰ বলত সফলতাৰ দিশত অগ্ৰসৰ হব। আপোনালৈ ধন আৰু সম্পদৰ আগমন অব্যাহত থাকিব । আপোনাৰ শত্ৰু আৰু বিৰোধীয়ে আপোনাৰ স্বাৰ্থত আঘাত হানিবলৈ সক্ষম নহব। আপুনি আনৰ প্ৰতি সহানুভূতিশীল হব। আপুনি গুৰুত্বসহকাৰে কাম সম্পূৰ্ণ কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)



এই সপ্তাহত আপুনি সফলতা অৰ্জনৰ মন্ত্ৰ হব কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰখা। তদুপৰি নিজৰ শ্ৰেষ্ঠত্ব সম্পূৰ্ণৰূপে উজাৰি আপুনি কাম কৰিব লাগিব। আপুনি নতুন ব্যক্তিৰ লগতো যোগোযোগ স্থাপন কৰিব। আপুনি নতুন চাকৰি /ব্যৱসায়ৰ প্ৰস্তাৱো পাব। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সহায়ত জটিল কাম কৰিবলৈ সক্ষম হব। আপুনি বিত্তীয় লাভ অৰ্জন কৰিব। আপোনাৰ প্ৰেম-ৰোমান্সৰ জীৱন অপূ্ৰব হব। কোনোবা এজনৰ সৈতে ঘটা সাক্ষাতে আনন্দকৰ প্ৰেমৰ সম্পৰ্কৰ সৃষ্টি কৰিব। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কত থকাসকলে বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰিব। আপুনি পৰিয়ালৰ সৈতে আমোদ-প্ৰমোদৰ বাবে ভ্ৰমণতো যাব পাৰে । আপুনি আপোনাৰ প্ৰিয়জন আৰু বন্ধুবৰ্গৰ সৈতে অবিস্মৰণীয় মুহূৰ্ত পাৰ কৰিব। আপুনি সামাজিক আৰু ৰাজনৈতিক কাম-কাজৰ প্ৰতি আকৰ্ষিত হব পাৰে।

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)



এই সময়ছোৱা আপোনাৰ বাবে সম্পূৰ্ণৰূপে ভাল সময়। আপোনাৰ পৰীক্ষাৰ ফলাফল আপোনাৰ অনুকূল হব। আপুনি চাকৰি সলনি কৰাৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত লব আৰু এটা নতুন ব্যৱসায় আৰম্ভ কৰিব। কোনো ব্যক্তিয়ে আপোনাৰ অন্তৰত আঘাত দিব পাৰে। আপোনাৰ উৰ্ধতন বিষয়াই আপোনাক সম্পূৰ্ণ সহায়-সমৰ্তন কৰিব। প্ৰভাৱশালী ব্যক্তিৰ লগত আপোনাৰ যোগাযোগে অকথিত লাভ দিব। আপোনাৰ ব্যক্তিগত জীৱন শান্তিপূৰ্ণ হব। আপুনি আপোনাৰ জীৱনসংগীৰ লগত উত্পাদনশীল সময় অতিবাহিত কৰিব। আপুনি আপোনাৰ সকলো শক্তি-সামৰ্থ খটুৱাই কাম কৰিব। আপুনি আপোনাৰ ঘনিষ্ঠজনৰ আস্থা জয় কৰিব। মানুহে আপোনাৰ ভদ্ৰ আৰু অমায়িক আচৰণক প্ৰশংসা কৰিব। সপ্তাহটোৰ শেষৰফালে আপুনি ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হাতত লব পাৰে, যিটো ফলদায়ক হব।

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)



এই সপ্তাহটো আপোনাৰ বাবে লাভদায়ক আৰু উত্পাদনশীল সপ্তাহ হব। আপুনি মানসিক শান্তি লাভ কৰিব আৰু মন শিথিল হব। আপুনি কামত উজলি উঠিবৰ বাবে অনেক চেষ্টা কৰিব লাগিব। আপোনাৰ বিৰোধী সক্ৰিয় হৈ থাকিব, কিন্তু আপোনাৰ কোনো ক্ষতি কৰিবলৈ সক্ষম নহব। আপুনি কামত ব্যস্ত থাকিব, কিন্তু তাৰ মাজতে পৰিয়ালৰ বাবে সময় উলিয়াব লাগিব। আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰক লৈ উদ্বিগ্ন হব। আপুনি অকলশৰে নিৰলাত সময় অতিবাহিত কৰিবলৈ বিচাৰিব । এই সময়ছোৱাত আপুনি ধ্যান কৰিব আৰু তথ্যসমৃদ্ধ তথা অভিযানমূলক কাহিনীৰ গ্ৰন্থ পঢ়িব। আনকি আপোনাক যোগ, প্ৰাৰ্থনা, উপাসনা আৰু ধৰ্মীয় কাম-কাজে আকৰ্ষিত কৰিব।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)



এই সপ্তাহত আপোনাৰ কাম পুনৰ গতি লব আৰু আপুনি কামত কৰা চেষ্টাৰ ফল পাবলৈ অপেক্ষা কৰিব। অপেক্ষাৰ ফল মিঠা হব। আপোনাৰ কামৰ পাৰদৰ্শিতাকলৈ আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ সন্তুষ্ট হব। ইয়ে আপোনাক সুখী কৰিব। আপুনি অধ্যয়ন, পৰীক্ষা আৰু লিখা-মেলাত গুৰুত্ব দিয়াত আগ্ৰহী হব। চাকৰিত কেতবোৰ সমস্যাই দেখা দিব পাৰে আৰু তাৰ বাবে আপুনি খৰতকীয়া সিদ্ধান্ত লব লাগিব। আপুনি ভাল বন্ধুৰ সহায়-সমৰ্থন পাব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ বান্দোন ভাল হব আৰু দুয়োজনে পৰস্পৰক ভালদৰে বুজি পাবলৈ সক্ষম হব। আপুনি নতুন বন্ধুত্বও গঢ়িব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু পদক্ষেপে সফলতা আনিব। আপুনি চাকৰিত পদোন্নতি পাব। আপোনাৰ বাৰ্তা-সংযোগৰ দক্ষতা অদ্বিতীয়।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)



আপুনি আপোনাৰ কাম আৰু ব্যৱসায়ত ভাল সুযোগ পাব। আপুনি এটা আকাংক্ষিত খবৰ পাব। আপুনি অতিৰিক্ত ৰিস্ক লোৱাৰ প্ৰয়োজন মানুহে আপোনাৰ বুদ্ধিমত্তা, সৃজনশীলতা আৰু সামৰ্থ্যক প্ৰশংসা কৰিব। আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব। আপুনি ভাল খবৰ আৰু ধন লাভ কৰাৰ উচ্চ সুযোগ আছে। আপুনি অনেক উতৰ্গীকৃত মনোভাবেৰে কাম কৰিব। আপুনি আপোনাৰ জীৱনসংগীৰ লগত ভাল সম্পৰ্ক অটুট ৰাখিব। আপুনি তেওঁক এৰাব নোৱৰা কামত পৰামৰ্শ দিব। আপুনি অনুষ্ঠান, কৰ্মসূচী আৰু আলোচনা চক্ৰত ব্যস্ত থাকিব। আপুনি নতুন যোগাযোগ স্থাপন কৰিব। কৰ্মস্থলীত আপোনাৰ দায়িত্ব বৃদ্ধি পাব। আপুনি আপোনাৰ সহকৰ্মীৰ লগত অতি ভাল বাৰ্তা-সংযোগ বৰ্তাই ৰাখিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)



এই সপ্তাহত আপুনি ডাঙৰ বিত্তীয় লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। আপুনি নতুন বিনিয়োগো কৰিব। আপুনি এক নতুন সম্পত্তি আৰু বাহন ক্ৰয়ৰো পৰিকল্পনা কৰিব। চাকৰি বিচাৰি থকাসকলে নিজৰ চেষ্টাত সফলতা অৰ্জন কৰিব। টকা-পইচাৰ ক্ষেত্ৰত প্ৰত্যেক ব্যক্তিকে আস্থাত নলব। অন্যথা আপুনি প্ৰৱঞ্চিত হব পাৰে। আপোনাৰ প্ৰেম-জীৱন ৰঙেৰে পৰিপূৰ্ণ হব। আপুনি কোনো মোহনীয় আৰু বুদ্ধিমান ব্যক্তিৰ লগত জড়িত হব। বহু চিন্তা-চৰ্চাৰ অন্তত আপুনি সিদ্ধান্ত লব। আপুনি তথ্যসমৃদ্ধ বা অভিযানমূলক কাহিনীৰ গ্ৰন্থ পঢ়ি সময় অতিবাহিত কৰিব। দীঘলীয়া সময়ৰ পাছত আপুনি কোনো পুৰণি বন্ধুক লগ পাই সুখী হব। আপুনি আপোনাৰ পৰিয়াল আৰু সন্তানৰ সৰু-সুৰা প্ৰয়োজনীয়তাও পূৰণ কৰিব।


আৰু পঢ়ক : পাৰ্লাৰ আৰু চেলুনৰ পৰা ৫০,০০০ টকা জৰিমনা সংগ্ৰহ গুৱাহাটী পৌৰ নিগমৰ


Next Story
চাকৰি