আজি বৃহস্পতিবাৰ, ১৭ জুন, ২০২১ৰ ৰাশিফল, জন্মদিনৰ শুভাশুভ

১৭ জুনৰ জন্মদিনত বৰ্ষচক্ৰৰ ফল
আজি বৃহস্পতিবাৰ, ১৭ জুন, ২০২১ৰ ৰাশিফল, জন্মদিনৰ শুভাশুভ

                                                                                     ১৭ জুনৰ জন্মদিনত বৰ্ষচক্ৰৰ ফল

আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত চন্দ্ৰই ইউৰেনাছৰ লগত মিলিত হৈছে আৰু ই সুন্দৰ ফল দিব। এই বছৰটো আপোনাৰ বাবে অতি অনুকূল বৰ্ষ হব। বহু ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব। আপুনি সুখী হব আৰু আপোনাৰ পৰা ইতিবাচক দৃষ্টিভংগী নিঃসৰিত হব। আপোনাৰ সমস্যা সমাধান হব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত কঠোৰ শ্ৰম কৰিব আৰু ভাল ফল পাব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী আৰু সুস্থিৰ হব।

আপুনি নতুন চাকৰি/ ব্যৱসায়ৰ প্ৰস্তাৱ পাব। ভাগ্য আপোনাৰ সু-প্ৰসন্ন হব। আপুনি আপোনাৰ ব্যক্তিগত আৰু পেচাদাৰী জীৱনত ভাৰসাম্য ৰক্ষা কৰিব চলিবলৈ সক্ষম হব। অ-বিবাহিতসকলে বিয়াৰ প্ৰস্তাৱ লাভ কৰিব। এই সময়ছোৱাত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব।আপোনাৰ পাৰিবাৰিক সম্পৰ্কত শান্তি—ম্প্ৰীতি বিৰাজ কৰিব।আপুনি সন্মুখীন হোৱা জটিলতা-কঠিনতা দূৰ হব। আমোদ-প্ৰমোদৰ ক্ষেত্ৰত এই সময়চোৱা আপোনাৰ বাবে ভাল সময়। আপুনি নিজ কৰ্মও ভালদৰে কৰিব। বিত্তীয় বিনিয়োগৰ পৰা আপুনি লাভ অৰ্জন কৰিবলৈ সক্ষম হব।

শুভ তাৰিখসমূহ : ৮,১২,২৬

শুভ বাৰসমূহ : সোমবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহ : বগা, ৰঙা,ক'লা

আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ নিঃস্বাৰ্থ স্বভাৱে বহুতকে আকৰ্ষণ কৰিব । আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ দৃষ্টিত আপোনাৰ ভাবমূৰ্তি উজ্জ্বল হব আৰু তেওঁ আপোনাক প্ৰশংসা কৰিব। গুৰুত্বপূৰ্ণ বিষয়ত আপুনি আপোনাৰ সহকৰ্মীসকলৰ লগত এক এনিমেটেড আলোচনাত অংশ লব। তেওঁলোকে আপোনাৰ মতামত গ্ৰহণ কৰিব। আপোনাৰ স্বাস্থ্য অটুট থাকিব।

বৃষ: (২১ এপ্ৰিল – ২১ মে')

কোনো ডাঙৰ পৰিৱৰ্তন ঘটাব বিচৰাৰ পূৰ্বে আপুনি অলপ ৰৈ কিছু চিন্তা কৰাৰ প্ৰয়োজন । যিহেতু বহু কথা জড়িত আছে, গতিকে কোনো পৰিৱৰ্তন সাধনৰ পূৰ্বে ব্যক্তিগত সিদ্ধান্ত সাৱধানেৰে আৰু ধীৰে-সুস্থিৰে লওক। এই ক্ষেত্ৰত আপুনি পৰিয়ালৰ সদস্যবৰ্গ আৰু শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লোৱাটো গুণীৰ পৰিচয় হব । আপুনি অ-প্ৰত্যাশিতভাবেও কাৰোবাৰ পৰা সহায়-সমৰ্থন পাব পাৰে। আপোনাৰ আয় ভাল হব।

মিথুন : (২২ মে - ২১ জুন)

এতিয়াৰে পৰা আপুনি উপলব্ধি কৰিব যে আপুনি বিচৰা তথা আকাংক্ষা কৰাখিনিৰ প্ৰতি মনোযোগ নিদিয়ে। আপুনি ইমান খৰতকীয়া যে আপোনাৰ জীৱন সংগীক সন্তুষ্ট নহয়। গতিকে গুৰুত্বপূৰ্ণ বিষয়ত আপুনি জীৱনসংগীৰ লগত আলোচনা কৰা প্ৰয়োজন। . আপোনাৰ দৃষ্টিভংগী তেওঁ গ্ৰহণ কৰিবৰ বাবে আপুনি যথেষ্ট কষ্ট কৰিব লাগিব।

কৰ্কট: (২২ জুন – ২২ জুলাই)

আপোনাৰ মইমতালি স্বভাৱ আপোনাৰ হিতে-বিপৰীত হব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত প্ৰতিদ্বন্দ্বিতাত মিলিত হবলৈ বিচাৰিব পাৰে। কিন্তু সিয়ে আপোনাক একো নিদিব। অহংবোধে আপোনালোক দুয়োজনকে ধ্বংস কৰিব পাৰে। আপুনি আপোনাৰ ভৱিষ্যত সম্পৰ্কৰ কথা সাৱধানেৰে আলোচনা কৰাৰ প্ৰয়োজন হব। আৰু আপুনি এৰা-ধৰা কৰিব লাগিব। দুয়োপক্ষৰ পৰা এৰা-ধৰা মনোভাবে সম্পৰ্ক আগুৱাই নিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

সম্প্ৰতি আপুনি বিষাদগ্ৰস্ত হৈ থকাৰ কাৰণ হৈছে আপুনি জীৱনসংগীৰ লগত ভুল বুজাবুজিত উপনীত হোৱাটো। কিছু কম দূৰত্বৰ ভ্ৰমণে আপোনাৰ মনৰ এই বিষাদ দূৰ কৰিব। আপুনি আধ্যাত্মিক কাম-কাজতো জড়িত হব আৰু কোনো ধৰ্মীয় স্থান অথবা মন্দিৰ দৰ্শন কৰিব। ইয়ে আপোনাৰ মনলৈ শান্তি আনিব আৰু শিথিলতা অনুভৱ কৰিব।

কন্যা : (২৪আগষ্ট – ২২ ছেপ্টেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ দিন হব। আপুনি জীৱনসংগীৰ সৈতে জীৱনৰ সবিশেষ ভাগ-বাটোৱাৰা কৰিব আৰু তেৱোঁ সেয়া কৰিব। ভৱিষ্যত সম্পৰ্কে আপোনালোকে আলোচনা কৰিবলগীয়া বহু কথা থাকিব।আপোনালোকৰ ভৱিষ্যত উজ্জ্বল যেন বোধ হয়। আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ। ইয়ে আপোনাক নতুন সম্পত্তি ক্ৰয়ৰ কথা চিন্তা কৰিবলৈ সুযোগ দিব । আপুনি ধন বিবেচনাপূৰ্ণভাবে বিনিয়োগ কৰিব। এই সকলোখিনিৰ বাবে সময় অনুকূল।. আপুনি লাভ আদায় কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

যদি আপুনি অ-বিবাহিত, তেন্তে আপুনি আপোনাৰ প্ৰতি অতি মনোযোগ দিয়া কাৰোবাক লগ পাব। আপোনাৰ বাবে এই সময় হৈছে কাৰোবাৰ প্ৰেমপাশত আবদ্ধ হোৱাৰ সময় আৰু ভাল সম্পৰ্ক গঢ়ি তোলাৰ সময়। আপুনি ধৰ্মীয় কাম-কাজতো জড়িত হব আৰু সিয়ে আপোনাক মানসিক শান্তি দিব। আপোনাৰ প্ৰজ্ঞা শক্তি শক্তিশালী হৈ উঠিব। প্ৰেম আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ হৈ উঠিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

এই সময়ছোৱা আপুনি ধীৰে-সুস্থিৰে আগবঢ়াৰ সময়। গ্ৰহণ কৰা আঁচনিৰ ক্ষেত্ৰত আৰু কিছু অধিক সাৱধানতা অৱলম্বন কৰিব। কোনো ভুল হলে আপোনাক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব। মানুহে আপোনাক স্বীকৃতি দিব। আপোনাৰ ব্যক্তিত্ব উজ্জ্বলি উঠিব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু অতি ভাল ফলাফল লাভ কৰিব। আপুনি পৰিয়ালৰ বিশেষ যতন লব।আৰু আপুনি আপোনাৰ কৰ্তব্য পালন কৰিব।

ধনু: (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আপুনি কোনো অতি আকৰ্ষিত ব্যক্তিক লগ পাব। আপোনাক তেওঁ উষ্ণ আদৰণি জনাব। আপুনি নতুন পৰিকল্পনা প্ৰস্তুত কৰিব। আৰু কোনো নতুন প্ৰযুক্তি আৰু বিজ্ঞানৰ সৈতে জড়িত বিষয়ৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব। আপোনাৰ স্বাস্থ্য অটুট থাকিব। স্বাস্থ্যক লৈ আপুনি উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি নিজকে এক ত্ৰিকোণ প্ৰেমৰ মাজত বিচাৰি পাব আৰু আগন্তুক কি আচে, তাক লৈ সাৱধান হব। আপুনি জোখতকৈ অধিক মুখ মেলিব আৰু তাক চম্ভালি লোৱাটো সহজ নহব। আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব। আপুনি প্ৰতিদ্বন্দ্বিক পৰাভুত কৰিবলৈ সক্ষম হব আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব। এই লাভদায়ক বুলি প্ৰমাণিত হব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ প্ৰেম-জীৱন ৰোমান্সকৰ হৈ উঠিব। ইয়ে আপোনাক সুখী কৰিব আৰু সেই কথাই আপোনাৰ প্ৰতি আনৰ দৃষ্টি আকৰ্ষণ কৰিব। ইয়ে আপোনাৰ বাবে আশীৰ্বাদস্বৰূপ হব। আপুনি পৰিয়ালক সময় দিব আৰু আপোনাৰ পৰিয়াল আপোনাৰ ভাল বন্ধুত পৰিণত হব। আপুনি নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ সক্ষম হব।যদিও আপুনি মানুহৰ ওপৰত প্ৰবাৱ বিস্তাৰ কৰিব পাৰে, তথাপি আপুনি নিজকে সামাজিক বুলি প্ৰদৰ্শন নকৰিব। .

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ )

পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ পূৰ্বে আপুনি পৰিস্থিতিক লৈ আলোচনা কৰা প্ৰয়োজন। আপোনাৰ সম্পৰ্কত হস্তক্ষেপ কৰা কোনোবাজন বা কোনো বিষয়ক লৈ আপুনি দৃঢ় স্থিতি গ্ৰহণ কৰা প্ৰয়োজন।সকলো দিশৰ পৰাই আজিৰ দিনটো আপোনাৰ বাবে ভাল। আপোনাৰ শক্তিশালী ব্যক্তিত্ব মোহনীয় হব। আপুনি সহ্যগুণৰ অধিকাৰী আৰু জীৱনত কি গুৰুত্বপূৰ্ণ তাক লৈ সচেতন থাকিব। আপুনি ভাৰসাম্য বৰ্তাই ৰখাৰ প্ৰয়োজন।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com