আজি ২১ জুন, সোমবাৰ, ২০২১ৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল চাওঁ আহক
আজি ২১ জুন, সোমবাৰ, ২০২১ৰ ৰাশিফল

                                                                                                                        আজি ২১ জুন, সোমবাৰ, ২০২১

                                                                                                                                 জন্মদিনত বৰ্ষফল

যদি জন্মদিনৰ তাৰিখ ২১ জুন তেন্তে আাপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত চন্দ্ৰই মঙলৰ লগত বৰ্গাকাৰৰ সৃষ্টি কৰিছে আৰু ইয়ে মিশ্ৰিত ফলাফল দিব। আপুনি চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিব পাৰে। কিন্তু খৰধৰকৈ কোনো সিদ্ধান্ত নল'ব। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে আপুনি ঘনিষ্ঠজনৰ পৰা পৰামৰ্শ লওক। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীসকলৰ লগত আপোনাৰ সম্পৰ্ক ভালে থাকিব। আপুনি নতুন ধাৰণা ৰূপায়নৰ সিদ্ধান্ত লব পাৰে। আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ ডাঙৰ সিদ্ধান্ত লব পাৰে। আপুনি নতুন প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব পাৰে। আপোনাৰ প্ৰেম-ৰোমান্স বৃদ্ধি পাব। আপুনি বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পানা কৰিব। বৈবাহিক জীৱনে আপোনাক আনন্দ দিব। প্ৰতিজন ব্যক্তিকে আপুনি সুখী কৰাৰ চেষ্টাই ফল দিব। আধৰুৱা হৈ থকা কাম আপুনি সম্পূ্ণ কৰাত ব্যস্ত থাকিব। নিবনুৱাসকলে চাকৰি পাব। আপুনি কেৰিয়াৰৰ প্ৰতি মনোযোগ দিব আৰু সন্তানৰ বিবাহত গুৰুত্ব দিব। প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত আপোনাৰ সমাধান সূত্ৰ থাকিব। কৰ্মৰ ক্ষেত্ৰত আপুনি উজ্জ্বলি উঠিব আৰু কিছু নতুন কথা শিকিব। ইয়ে আপোনাৰ দক্ষতা বৃদ্ধি কৰিব।

শুভ তাৰিখসমূহ : ৩, ১২, ২১, ৩০

শুভ দিনসমূহ : মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহ : পাতন নীলা, বেঙুণীয়া, গুলপীয়া

'আজিৰ দিনটোৰ ৰাশিফল

মেষ : (মাৰ্চ ২১ – ২০ এপ্ৰিল)

আপোনাৰ ভ্ৰাতৃ-ভগ্নী কিছু সমস্যাৰ সন্মুখীন হব পাৰে। ইয়ে আপোনাক দুঃশ্চিন্তাত পেলাব পাৰে। কিন্তু আপুনি ইতিবাচক মনৰ হৈ থাকিব আৰু তেওঁক সহায় কৰিব । সমস্যাৰ সন্মুখীন হোৱা আপোানৰ ভ্ৰাত- বা আত্মবিশ্বাস ঘূৰাই পাব। আপুনি আপোনাৰ উন্নত কথোপকথনৰ দক্ষতা ব্যৱহাৰ কৰিব আৰু তাৰ জৰিয়তে কৰ্মস্থলীত কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব। আপুনি আশাৰ নতুন পথ দেখিব। অধস্তন কৰ্মচাৰীসকলে আপোনাৰ প্ৰতি সম্পূ্ৰ্ণ সহযোগিতা আগবঢ়াব।

বৃষ: (২১ এপ্ৰিল – ২১ মে')

পৰিয়ালৰ জ্যেষ্ঠসকলৰ সৈতে আপোনাৰ সম্পৰ্কত কিছু চিন্তাৰ কাৰক থাকিব। আপুনি আপোনাৰ মতামতক লৈ আকোৰগোঁজ থাকিব। আৰু আপুনি পৰিয়ালত অকলশৰীয়া হৈ পৰিব। কিন্তু কোনোৱেই আপোনাক সহায় কৰিবলৈ আগবাঢ়ি নাহিব। আপুনি মাজ-পথত নিজকে নিঃসহায় অনুভৱ কৰিব। যদি আপুনি নিজৰ দৃষ্টিভংগীত থকা ভুল বুজিব পাৰে, তেতিয়া আপুনি পৰিস্থিতি চম্ভালি লব পাৰিব। আপুনি মাথোঁ কিঞ্চিত নমনীয় হোৱা উচিত। পৰিস্থিতি আপোনাৰ অনুকূল হব।

মিথুন: (২২ মে – ২১ জুন )

আজি আপুনি ব্যৱসায়ত লোকচান ভৰিব পাৰে। ইয়ে আপোনাৰ কৰ্ম-স্পৃহা হ্ৰাস কৰিব পাৰে। আপোনাৰ বিত্তীয় অৱস্থা হঠাতে বিপদাপন্ন হব পাৰে। আপুনি তাতক্ষণিকভাৱে বন্ধুবৰ্গৰ সহায় লব লগা হব পাৰে। তেওঁলোকে আপোনাক হতাশ নকৰিব। কিন্তু ভৱিষ্যতে জ্ঞানী বা বিবেচনাপূৰ্ণ হব। জীৱনসংগীৰ লগত আপোনাৰ সম্পৰ্ক সুস্থিৰ হৈ থাকিব। আপুনি আপোনাৰ ব্যয় হ্ৰাস কৰাৰ প্ৰয়োজন।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনাৰ বাবে আজিৰ দিনটো সুখৰ দিন হব। আপুনি আপোনাৰ ব্যক্তিত্বৰ জৰিয়তে মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হব। আপুনি মানুহৰ পৰা সন্মানো পাব। আপুনি আপোনাৰ সন্তানৰ পৰা আনন্দকৰ খবৰ পাব পাৰে। বিত্তীয় দিশত আপুনি উন্নতি অব্যাহত ৰাখিব। আপুনি উন্নতমানৰ সা-সুবিধা তথা লাভ অৰ্জন কৰিব। মানসিকভাবে আপুনি শান্তি আৰু আৰাম অনুভৱ কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ আজিৰ দিনটো আনন্দকৰ তথা আশ্বৰ্যকৰ দিন হব। ঝীৱনসংগীৰ লগত আপোনাৰ সম্পৰ্ক ভালে থাকিব আৰু ৰোমাণ্টিক মুহূৰ্ত পাৰ কৰিব। আৰু সেই সম্পৰ্কত কিছু নতুনত্ব আৱিস্কাৰ কৰিব। বিত্তীয় দিশত আপুনি সবল হৈ থাকিব। আপুনি জীৱনসংগীৰ বাবে ব্যয়বহুল উপহাৰ ক্ৰয় কৰিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপুনি লোৱা পৰিকল্পনা সফল হব বা চাকৰিত আপুনি পদোন্নতি লাভ কৰিব ।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ আজিৰ দিনটো এটা আশ্বৰ্যকৰ দিনত পৰিণত হব। ব্যৱসায়ত আপুনি প্ৰচুৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি চাকৰিৰ নতুন প্ৰস্তাৱ লাভ কৰিব পাৰে। এই চাকৰিত উচ্চহাৰৰ দৰমহাৰ প্ৰস্তাৱ থাকিব। শিশু আৰু যুৱক-যুৱতীসকলে নতুন কথা শিকি সময় অতিবাহিত কৰিব। আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে। আপোনাৰ প্ৰেম-জীৱন ভাল হব।

তুলা: (২৩ চেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ বাবে আজিৰ দিনটো সম্পৰীক্ষাৰ দিন হব। জীৱনসংগীৰ লগত আপোনাৰ সম্পৰ্কত ব্যাঘাত জন্মিম পাৰে। আপোনাৰ আনুগত্য আৰু প্ৰতিজ্ঞাবদ্ধতাক লৈ সন্দেহ ঘনীভূত হব পাৰে। ইয়ে আপোনাৰ অন্তৰত বেদনাৰ সৃষ্টি কৰিব পাৰে। কিন্তু আপুনি উপলব্ধি কৰিব যে মানুহৰ প্ৰকৃতি ধাৰণাৰ অতীত আৰু ই জীৱনৰ অংগ। লগে লগে আপুনি বেদনাৰ পৰা মুক্ত হব। আপোনাৰ মনত এটা অসন্তুষ্টিৰ ভাব থাকিব, কিন্তু সেয়া ক্ষণস্থায়ী হব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে কঠিন দিন হব। হঠাতে আপোনাৰ বিত্তীয় অৱস্থাৰ অৱনতি ঘটিব পাৰে। কিছু লোকচান ভৰাৰ বাবে আপুনি আপোনাৰ ব্যৱসায় বন্ধ কৰাৰ সিদ্ধান্তও লবলগীয়া হব পাৰে। কিছুমান মানুহে আপোনাৰ ভদ্ৰ আচৰণৰ সুয়োগ লব পাৰে। কোনো তৃতীয় ব্যক্তিক আপুনি অন্ধভাবে আস্থাত নলব। স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক উন্নত হব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

এই সময়ছোৱা আপোনাৰ বাবে লাভদায়ক সময় হব। আপুনি বিশাল সম্পদৰ গৰাকী হোৱাৰ সন্তুষ্টি লাভ কৰিব। আপোনালৈ ধনৰ আগমন দ্ৰুততৰে ঘটিব। কৰ্মস্থলীত আপুনি লাভ অৰ্জন কৰিব। আপোনাৰ আশা-আকাংক্ষা পূৰণ হব। এই সময়ছোৱা আপোনাৰ বাবে অতি উত্তম সময় হব। প্ৰেমিক-প্ৰেমিকাসকলে সম্পূৰ্ণ তৃপ্তি উপভোগ কৰিব। প্ৰেমৰ সম্পৰ্কত সুখ আৰু সন্তুষ্টি অনুভৱ কৰিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজিৰ দিনটো আপোনাৰ বাবে কঠিন দিন হব। আপুনি বিত্তীয় দিশত সমস্যাৰ সন্মুখীন হৈ থাকিব। আৰু আপোনাৰ ব্যয়ো বৃদ্ধি পাব। আপুনি ক'ৰবাৰ পৰা ধাৰ বা ঋণ লোৱাৰ প্ৰয়োজন হব পাৰে। আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে আৰু বন্ধুবৰ্গৰ পৰামৰ্শ বিচাৰিব পাৰে।আপোনাৰ জীৱনসংগীয়ে আপোনাক সমৰ্থন আগবঢ়াই যাব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আজি আপুনি ব্যৱসায় বা জীৱিকাৰ ক্ষেত্ৰত প্ৰচুৰ লাভ অৰ্জন কৰিব। আপুনি আন্তৰিকতাৰে কৰা কঠোৰ পৰিশ্ৰমৰ জৰিয়তে মনে বিচৰাখিনি আদায় কৰিবলৈ সক্ষম হব। কৰ্মস্থলীত আপোনাক জ্যেষ্ঠসকলে সহায় কৰিব। আপোনাৰ ঘৰলৈ কোনো অ-প্ৰত্যাশিত অতিথি আহিব আৰু আপোনাক দিনটো ব্যস্ত কৰি ৰাখিব। ঘৰুৱা কামক লৈ আপুনি জীৱনসংগীৰ সৈতে ব্যস্ত হব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব।

মীন : (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

আপুনি আজি আপোনাৰ ভৱিষ্যতক লৈ ইতিবাচক হব। পৰিস্থিতি আপোনাৰ অনুকূলে থাকিব। আপুনি আন্তৰিকতাৰে কৰা কঠোৰ পৰিশ্ৰমৰ বলত কাৰ্যালয়ৰ মুৰব্বীসকলক মুগ্ধ কৰিবলৈ সক্ষম হব। আপোনৰ পদক্ষেপৰ বাবে আপুনি পুৰস্কৃত হব। আপুনি দৰমহাৰ এক বৃহত বৃদ্ধিসহ চাকৰিত পদোন্নতি লাভ কৰিব পাৰে। আপোনাৰ ধন-সম্পদৰ আগমন অব্যাহত থাকিব আৰু আপুনি ৰোমাণ্টিক জীৱন উপভোগ কৰিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com