আপোনাৰ ৰাশিফলঃ আজিৰ দিনটোৰ (শনিবাৰ, ৩ জুলাই, ২০২১)

৩ জুলাইত জন্মগ্ৰহণ কৰাসকলৰ জন্মদিনত বৰ্ষফল
আপোনাৰ ৰাশিফলঃ আজিৰ দিনটোৰ (শনিবাৰ, ৩ জুলাই, ২০২১)

                                                                                            ৩ জুলাইত জন্মগ্ৰহণ কৰাসকলৰ জন্মদিনত বৰ্ষফল

আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত চন্দ্ৰই প্লুটোৰ লগত বৰ্গাকৃতিৰ সৃষ্টি কৰিছে আৰু ইয়ে আপোনাক মিশ্ৰিত ফল দিব। আপুনি আপোনাৰ কাম বা পেছাত সফল হবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ প্ৰতিদ্ভন্দ্বীয়ে আপোনাৰ বাবে পৰিস্থিতি জটিল কৰি তুলিব। আনকি আপোনাৰ শত্ৰুও সক্ৰিয় হৈ উঠিব। কিন্তু আপুনি পৰিস্থিতি ভালদৰে চম্ভালিব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীসকলে আপোনাক পূৰ্ণ সমৰ্থন জনাই যাব। আপোনালৈ ধনৰ আগমন ভাল হৈ থাকিব। কিন্তু আপুনি ধনৰ ব্যয় নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন। আপুনি আপোনাৰ কামতো ব্যস্ত থাকিব। কিন্তু আপুনি ঋণ নলব, কাৰণ সেয়া পৰিশোধ কৰিব নোৱাৰিব পাৰে। আপোনাৰ কাৰ্যালয়ত কাম কৰা ব্যক্তিৰ প্ৰেমত আপুনি পৰিব পাৰে। আপোনাৰ বিবাহৰ যোগ আছে। আপুনি কামতে মন-প্ৰাণ সঁপি দিব । তথাপি আপুনি পৰিয়ালৰ লগত ফুৰিবলৈ যাবৰ বাবে সময় উলিয়াব লাগিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি আপোনাৰ কৰ্ম-ক্ষমতা আৰু সামৰ্থৰ বলত আপুনি কৰ্মস্থলীত উজ্জ্বলি উঠিব। আপুনি আনৰ বাবে ৰোল মডেল বা আদৰ্শত পৰিণত হব।

শুভ তাৰিখসমূহ : ৩, ১২, ২১, ৩০

শুভ বাৰসমূহ : বুধ, শুকুৰ, দেওবাৰ

শুভ ৰংসমূহ: ৰঙা, নীলা, সেউজীয়া

                                                                                                আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি আপোনাৰ জীৱনসংগীৰ পৰা পোৱা সমৰ্থন আৰু সহযোগিতা উপভোগ কৰিবলৈ গৈ আছে। আপোনাৰ বিয়াৰ কথা আলোচনা হব পাৰে আৰু এনে আলোচনাৰ লগত যিমান সম্ভৱ হয়, সিমান সোনকালে আপুনি আপোনাৰ পৰিয়ালক জড়িত কৰিব পাৰে। আপুনি জ্যেষ্ঠসকলৰ পৰা পোৱা সঁহাৰিত আনন্দিত হব। আপোনাৰ কৰ্ম-পৰিকল্পনা সফলতাৰ দিশে অগ্ৰসৰ হব। আপোনাৰ বিত্তীয় অৱস্থা ভাল।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি হঠাতে লগ পোৱা কোনো ব্যক্তিৰ প্ৰতি আপোনাৰ অন্তৰত ক্ষিপ্ৰতৰে প্ৰেমৰ ভাব জাগ্ৰত হব পাৰে। অৱশ্যে আপুনি মনত ৰখা প্ৰয়োজন যে এইক্ষেত্ৰত সফল হবলৈ আপোনাৰ অন্তৰত বহুত অনুকম্পা থাকিব লাগিব। অধিক প্ৰতিক্ৰিয়াশীল হোৱাৰ পৰা বিৰত থাকক। আপোনাৰ উত্সৰ্গীকৃত মনোভাবে আপোনাক বহুলভাবে পুৰস্কৃত কৰিব। আপোনাৰ কৰ্ম-ক্ষমতা বৃদ্ধি পাব। আপুনি চাকৰিত পদোন্নতিৰ সুযোগ পাব।

মিথুন : (২২ মে – ২১ জুন)

কৰ্মস্থলীত গুৰুত্ব পোৱা কাৰোবাৰ প্ৰতি আপুনি ইৰ্ষান্বিত হব পাৰে। আপুনি নিজকে কিঞ্চিত আগলৈ আগবঢ়াই দিয়াৰ প্ৰয়োজন হব। আপুনি আজিৰ দিনটো আনন্দ-স্ফূৰ্তিৰে পাৰ কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ প্ৰতি আপোনাৰ ব্যৱহাৰ স্নেহপূৰ্ণ হব। তেওঁলোকে বহুত মৰম কৰিব আৰু আপোনাৰ প্ৰতি সহায়-সহযোগিতা আগবঢ়াই যাব। আপোনাৰ স্বাস্থ্য ভালে থাকিব।

কৰ্কট: (২২ জুন – ২২ জুলাই)

আজিৰ দিনটোত প্ৰেমৰ দেৱতা আপোনাৰ অনুকূলে নাথাকিব আৰু গতিকে আপুনি প্ৰয়োজনতকৈ অধিক নিবিচাৰিব। আপুনি আপোনাৰ প্ৰতি যি ব্যগ্ৰতাৰে আনৰ যেনেদৰে মনোযোগ আকৰ্ষণ কৰিব বিচাৰে, সেয়া নাপাব। আপোনাৰ গুৰুত্ব পৰিয়াল আৰু ঘৰৰ কাম-কাজত থাকিব। আপুনি এই কথাও অনুভৱ কৰিব যে জীৱনত স্থিৰতা আৰু সফলতা অৰ্জনৰ বাবে পৰিয়ালো গুৰুত্বপূ্ৰ্ণ।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

প্ৰেমৰ ক্ষেত্ৰত মীমাংসা নোহোৱা সমস্যাই আপোনাৰ দম বন্ধ হোৱাৰ নিচিনা কৰিব পাৰে। এই অৱস্থাৰ অৱসানৰ বাবে আপুনি চলোৱা সকলো চেষ্টা ব্যৰ্থ হ'লে আপুনি মনে নিবিচৰা পৰিস্থিতিত বাস কৰিবলৈ পচ্ছন্দ কৰিব পাৰে। আপুনি সৰু-সুৰা ৰোগত আক্ৰান্ত হব পাৰে। কিন্তু ৰোগৰ পৰা সোনকালেই মুক্তি পাব। আপোনাৰ সন্তানে অধ্যয়নত গুৰুত্ব আৰোপ কৰিব। ইয়ে আপোনাক সুখী কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ মনত কোনো নতুন ধাৰণাৰ উদয় হব আৰু সেইসমূহৰ বিষয়ে ব্যৱসায়ৰ সংগীৰ সৈতে আলোচনা কৰিব। আপোনালোক প্ৰেমিক-প্ৰেমিকাই কিছুদিন অকলে থকাৰ পৰিকল্পনা কৰিব আৰু আৰামত নিজৰ সময় উপভোগ কৰিব। আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব। আপোনাৰ পেচাত থকা সকলো সমস্যাৰ সমাধান হ'ব। আপোনাৰ ব্যৱসায় পূৰ্বৰ লেখীয়াকৈ তজবজীয়া হব আৰু লাভ অৰ্জন কৰিবলৈ ধৰিব ।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

এজন নতুন ব্যক্তিক লগ পোৱাৰ বাবে আপোনাৰ আবেগ-অনুভূতিৰ বিস্ফোৰণ ঘটিব। সেই ব্যক্তিজনৰ হৃদয় জয় কৰাৰ বাবে আপুনি উষ্ম আৰু বিনয়ী হব। এই সময়ছোৱা আপোনাৰ বাবে অতি ফলদায়ক আৰু ভাল সময় হব। আপোনাৰ পদক্ষেপৰ বাবে আপুনি ভাল পুৰস্কাৰ পাব। কিন্তু আপুনি এই সময়ছোৱাত মানসিক ক্লান্তিত ভুগিব আৰু কিছু সময়ৰ বাবে কামৰ পৰা অব্যাহতি লোৱাৰ প্ৰয়োজন হব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি ভালপোৱা ব্যক্তিজনৰ লগত বিবাহপাশত আবদ্ধ হবলৈ বিচাৰিব। কোনো অপ্ৰত্যাশিত ঘটনাই আপোনালৈ সৌভাগ্য কঢ়িয়াই আনিব পাৰে। জীৱনত আপুনি অত্যন্ত সুখী হবলৈ অগ্ৰসৰ হৈছে। আপুনি আপোনাৰ ঘৰটোক পুনৰ সজোৱাৰ পৰিকল্পনা কৰিব। ইয়ে আপোনাৰ উপকাৰ সাধন কৰিব। আপুনি উচ্চ শিক্ষা আৰু গৱেষণাৰ লগত জড়িত কামৰ লগতে সন্তানৰ সৈতে সম্পৰ্কিত কাম সম্পূৰ্ণ কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি ভাবিব পাৰে যে আপুনি দুঃশ্চিন্তা নথকা যিকোনো কামৰ লগত খাপ খাই পৰিব পাৰে আৰু আপুনি আপোনাৰ সম্পৰ্ক বিচৰা ধৰণেৰে আগুৱাই নিব বিচাৰে। অৱশ্যে আপোনাক এইক্ষেত্ৰত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সহযোগিতাৰ প্ৰয়োজন হব। আপুনি কোনো কাম আৰম্ভ কৰাৰ পূৰ্বে কামটোৰ বিষয়ে ভালদৰে চিন্তা কৰাৰ প্ৰয়োজন। সময় আপোনাৰ অনুকূলে থাকিব। আপোনাৰ বিত্তীয় অৱস্থা ভালে থাকিব। আপুনি সফলতাৰ দিশত অগ্ৰসৰ হব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজি আপুনি মনে বিচৰা ব্যক্তিজনে আপোনাক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াব। আজিৰ দিনটো আপোনাৰ বাবে ছাৰপ্ৰাইজেৰে ভৰ-পূৰ দিন হব। আপুনি আৰাম কৰিব পাৰে। আপুনি কোনো নতুন আৰু ভাল কাম কৰিব বিচাৰিব পাৰে। আপোনাৰ বৈবাহিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব। আপুনি কামত সফলতা অৰ্জন কৰিব। আপুনি ঔষধৰ বিধান দিয়াৰ লেখীয়া কামতো ব্যস্ত হব।

কুম্ভ: (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি বন্ধুত্বৰ ক্ষেত্ৰত এটা পাৰস্পৰিক বুজা-পৰা সৃষ্টি কৰাৰ প্ৰয়োজন। প্ৰেমৰ সম্পৰ্ক বিকশিত হোৱাৰ বাবে এয়াই উপযুক্ত সময় আৰু আপুনি বহু কথা শিকিব। আপুনি আন্তৰিকতাৰে কঠোৰ পৰিশ্ৰম কৰিব। আপুনি সপোন বাস্তৱত ৰূপায়িত কৰিব আৰু ভাল ফল পাব। আপুনি ক'ৰবাৰ পৰা ভাল খবৰ পাব। সময় আপোনাৰ বাবে শান্তিপূৰ্ণ।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি এটা ভাল সময়ৰ দিশে অগ্ৰসৰ হৈছে। আপুনি নিজকে এই পৃথিৱীৰ সবাতোকৈ সুখী মানুহ বুলি বিবেচনা কৰিব, কাৰণ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা পোৱা মৰম-স্নেহেৰে উপচি থাকিব। আপুনি মাত-কথা আৰু খং-ৰাগৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। সময় আপোনাৰ অনুকূলে আছে। আপুনি জীৱনত সন্মুখীন হোৱা বহু সমস্যাৰ সমাধান পাবলৈ সক্ষম হব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com