আপোনাৰ ৰাশিফলঃ আজি সোমবাৰৰ (৫ জুলাই, ২০২১)

৫ জুলাইত জন্মগ্ৰহণ কৰাসকলৰ বৰ্ষফল
আপোনাৰ ৰাশিফলঃ আজি সোমবাৰৰ (৫ জুলাই, ২০২১)

                                                                                                     জন্মদিনত বৰ্ষফল

চন্দ্ৰই আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত ৬০ ডিগ্ৰীৰ কোণ কৰিছে আৰু ইয়ে আপোনাক সুন্দৰ ফলাফল দিব। আপুনি ৰাজনীতি /চৰকাৰী/ব্যৱসায় অথবা সম্পৰ্কিত বিষয়ৰ সমস্যা সমাধা কৰিবলৈ সক্ষম হব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হোৱাৰ দিশত অগ্ৰসৰ হৈছে। চাকৰি অথবা বিত্ত বিষয়ক কথাতো আপুনি সফলতা অৰ্জন কৰিব। আপুনি পদোন্নতিও লাভ কৰিব। আপোনাৰ কৰ্মস্থলীত আপুনি কোনো এক নিৰ্দিষ্ট দায়িত্ব পালন কৰিব। আপুনি নিৰৱচ্ছিন্নভাবে ধন-সম্পদ লাভ কৰি থকাৰ সম্ভৱনা আছে। আপোনাৰ বিয়াৰ কথা চূড়ান্ত হব পাৰে। কোনো অনুপ্ৰেৰণাদায়ক বা প্ৰভাভশালী ব্যক্তি লগ পোৱাৰ বাবে উত্সাহ-উদ্দীপনাৰে উঠলি উঠিব। আপোনাৰ ভ্ৰাতৃসকলে আপোনাৰ কথা শুনিব। আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গই আপোনাক সমৰ্থন জনাব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ বাবে ধন গোটোৱাত থকা প্ৰতিবন্ধকতা দূৰ হব। বিনিয়োগ সম্পৰ্কীয় আপোনাৰ সিদ্ধান্ত ভুল প্ৰমাণিত হব। আপুনি সাৱধান হোৱাৰ প্ৰয়োজন হব। আপোনাৰ সিদ্ধান্ত নিৰ্ভুল কৰিব লাগিব।

শুভ তাৰিখসমূহ :৫, ১৪, ২৩

শুভ বাৰসমূহ : বুধবাৰ, শুকুৰবাৰ, দেওবাৰ

শুভ ৰংসমূহ : বগা, ৰঙা, হালধীয়া

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক জনোৱাৰ পূৰ্বে কোনো বিষয় নিজে ভালদৰে চাব লাগিব। আপুনি সৌভাগ্যবান কাৰণ আপুনি আশাৰ সঞ্চাৰ কৰা প্ৰতিক্ৰিয়া পাব আৰু সেয়ে উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাথাকিব। আপোনাৰ সকলো পৰিকল্পনা চূড়ান্ত হব। আপুনি এটা সুখপ্ৰদ তথা ভাল খবৰ পাব। আপুনি কোনো কাম কৰাৰ দৰে অনুভৱ নকৰিব। আপুনি লক্ষ্যৰ পৰা বিচ্যুত নহব।

বৃষ: (২১ এপ্ৰিল – ২১ মে)

আপুনি সদায়ে নিজৰ অনুভূতি প্ৰকাশ নকৰে, যিবোৰে গভীৰতালৈ প্ৰৱেশ কৰিব পাৰে। অৱশ্যে এনে দ্ৰুতভাবে বা কোন থাকিব, কোন নাথাকে ধৰণেৰে ঘটনা সংঘটিত হব, তাৰ বাবে আপুনি মুখ মেলাৰ প্ৰয়োজন হব। এই সময়চোৱা আপুনি নিজকে গুণী-জ্ঞানী তোলাৰ সময়। আপুনি আপোনাৰ কামক লৈ সচেতন থাকিব। আপোনাৰ পৰিয়ালৰ সুখ আৰু উন্নতি বৃদ্ধি পাব। ব্যৱসায় আৰু কামত আপুনি উন্নতি সাধন কৰিব।

মিথুন : (২২ মে – ২১ জুন)

আপুনি বৰ্তমানে কৰি থকা প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি নিজকে সহায় কৰাৰ বাবে কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰাৰ প্ৰয়োজন। অতি সাধাৰণভাবে কৰা কোনো পৰিকল্পনাৰ আপুনি চৰম মূল্য দিবলগা হব পাৰে। গতিকে সাৱধান হব।আপুনি কোনো অনুষ্ঠান আয়োজনৰ প্ৰস্তুতি চলাব। আপুনি অত্যন্ত সুখ অনুভৱ কৰিব আৰু আনন্দৰে থাকিব। আপুনি কোনো কামৰ বিষয় ওচৰৰ পৰা লক্ষ্য কৰাৰ সুবিধা পাব আৰু কামটোৰ গভীৰতালৈ প্ৰৱেশ কৰিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনালোক প্ৰেমিক-প্ৰেমিকা দুয়োজনেই নিজা আঁচনি গ্ৰহণ কৰিবলৈ অগ্ৰসৰ হৈছে আৰু এইসমূহক বাস্তৱায়িত কৰিবলৈ যথেষ্ট প্ৰস্তুতিৰ প্ৰয়োজন হব। কাম সম্পূ্ৰ্ণ কৰাৰ বাবে অগ্ৰাধিকাৰ ভিত্তিক কাম বাছনি কৰক। আপোনাৰ ব্যৱহাৰৰ বাবে আপোনাৰ সন্মান বৃদ্ধি পাব। আপুনি জটিল সমস্যাৰ সমাধান পাব। আজিৰ দিনটো আোপনাৰ বাবে লাভদায়ক দিন হব। স্বামী-স্ত্ৰীৰ মাজৰ বুজা-পৰা ভাল হব।

সিংহ: (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দৃঢ়তাৰে কাম কৰিব লাগিব আৰু আপুনি এতিয়া আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল ভোগ কৰিবলৈ ভাল পাব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপুনি দিয়া সঁহাৰিৰ সমান ইতিবাচক সঁহাৰি দিব। আপোনাক দায়িত্বশীল স্থান দিয়া হব পাৰে। আপোনাৰ স্বাস্থ্য ভাল হব। আপোনাৰ কামক লৈ আপোনাৰ জ্যেষ্ঠ কৰ্মী সম্পূৰ্ণৰূপে সন্তুষ্ট হব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব বিচৰা কোনোবাজনৰ প্ৰেমত আপুনি পৰিব পাৰে। আপুনি এনেদৰে থাকি গুড বুকত স্থান অব্যাহত ৰাখিব বিচাৰে। আপুনি মানসিক শান্তি পাব। আপুনি আপোনাৰ জ্ঞান বৃদ্ধি কৰিব। আপুনি দৈনন্দিন কাম-কাজত ব্যস্ত থাকিব। আপুনি শান্তিত থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি আপোনাৰ প্ৰিয়জনৰ লগত অতি প্ৰত্যাশিত এটা ভ্ৰমণ কৰিব। আপুনি এনে এটা ভ্ৰমণ কৰিবলৈ একেৰাহে বিচাৰি আছিল। কাৰণ এই ভ্ৰমণ সুখৰ আৰু পাহৰিব নোৱৰা অভিঝ্ঞতাৰ হব। আপুনি নিজাববীয়াকৈ কামত কঠোৰ পৰিশ্ৰম কৰিব আৰু অধীনৰ কৰ্মচাৰীসকলৰ বাবে বহুখিনি কৰিব। আপুনি আপোনাৰ ভৱিষ্যত উন্নতিৰ বাবেও কাম কৰিব। সময় আপোনাৰ বাবে অনুকূল। আপুনি সুখী হব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি এটা সন্তুষ্টিদায়ক দিনৰ দিশে অগ্ৰসৰ হৈছে। কামত অগ্ৰগতিৰ বাবে আপুনি মন-মগজু সংগঠিত কৰিব লাগিব। আপুনি আোপানৰ প্ৰেমিক বা প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিব পাৰে। আপোনাৰ পিতৃ-মাতৃ তথা ভাই-ভনীৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা আৰু মৰম-স্নেহ বৃদ্ধি পাব। আপোনাক মৰ্যাদা সহকাৰে আপোনাৰ প্ৰতি আচৰণ প্ৰদৰ্শন কৰা হব। চিন্তা নকৰাকৈ কথা নকব । অন্যথা ইয়ে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি কিছুসংখ্যক নতুন ব্যক্তিক লগ পাব পাৰে আৰু তাৰে এজনৰ প্ৰতি মোহাৱিষ্ট হব পাৰে। সুখ-সন্তুষ্টিৰে থকা আপুনি যি মনোভাব প্ৰদৰ্শন কৰে, সিয়ে আপোনাক জীৱনটো সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ সবল কৰি তুলিব। কোনো স্থান ভ্ৰমণৰ বাবে এয়াই উপযুক্ত সময়। আপুনি কোনো গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব, যিজন আপোনাৰ বাবে লাভদায়ক প্ৰমাণিত হব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

মানুহক আোপনাৰ প্ৰতি আকৰ্ষণ কৰাৰ যি শোভা আপোনাৰ আছে, তাৰ বৃদ্ধি অব্যাহত থাকিব আৰু সি আজি তুংগত উঠিব তথা অধিক মানুহক আজি আপোনাৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সক্ষম হব। অপ্ৰত্যাশিত প্ৰেম আহি আজি আপোনাক আচৰিত কৰি তুলিব। কৰবাত আবদ্ধ হৈ থকা আপোনাৰ ধন আপুনি পাব। এক আকংক্ষিত ঘটনা সংঘটিত হব। আপোনাৰ আৰ্থিক দিশ শক্তিশালী হৈ থাকিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ আজি কোনো সমস্যাযুক্ত সিদ্ধান্ত লব লাগিব । আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ মনত ইয়াকে লৈ আস্থা সৃষ্টি কৰিব পাৰে। কৰ্মত আপুনি উজ্জ্বলি উঠিব। আপুনি বহু পৰিমাণে প্ৰেক্টিকেল। আপুনি এটা পৰীক্ষাৰ চিন্তাৰ পৰা মুক্তি পাব। আৰাম কৰক আৰু কামৰ সৰু-সুৰা পদক্ষেপ গ্ৰহণ কৰক। আপুনি সফলতা অৰ্জন কৰিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনালোক প্ৰেমিক-প্ৰেমিকা দুয়োজনে মাৰ্জিত সম্পৰ্ক উপভোগ কৰিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি আপোনাৰ নিষ্পাপ আকুলতা বৃদ্ধি পাব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি আপোনাৰ প্ৰেম অতি গভীৰ হব। আপোনাৰ বিৰুদ্ধে কোনো ষড়যন্ত্ৰ থাকিব পাৰে। আপুনি আবেগিক সমৰ্থন লাভ কৰিব। আপোনাৰ গৃহত সুখ-শান্তি বিৰাজ কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com