আপোনাৰ ৰাশিফলঃ আজি, শুকুৰবাৰ, ২ জুলাই, ২০২১-ৰ দিনটোৰ

আজি, শুকুৰবাৰ, ২ জুলাই, ২০২১ৰ জন্মদিনৰ বৰ্ষফল
আপোনাৰ ৰাশিফলঃ আজি, শুকুৰবাৰ, ২ জুলাই, ২০২১-ৰ দিনটোৰ
Published on

                                                                                         আজি, শুকুৰবাৰ, ২ জুলাই, ২০২১

                                                                                                      জন্মদিনত বৰ্ষফল

আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত চন্দ্ৰই শুকুৰৰ লগত ৬০ ডিগ্ৰীৰ কৌণিক ভংগীমা কৰিছে আৰু ইয়ে আপোনাৰ অনুকূলে ফল দিব। আপোনাৰ কামবোৰ সম্পূ্ৰ্ণ হৈ উঠিব। আপুনি কামত উজ্জ্বলি উঠিব। আপুনি প্ৰভাৱশালী ব্যক্তিক লগ পাব আৰু কাম সম্পূ্ৰ্ণ কাম সম্পূৰ্ণ কৰাবলৈ সক্ষম হব। আপুনি নতুন ঘৰ বা সম্পত্তি ক্ৰয়ৰ পৰিকল্পনা কৰিব। আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে আপোনাৰ শক্তিশালী সম্পৰ্ক থাকিব। তেওঁলোকে আপোনাক অনেক সহায় কৰিব। কোনো দীৰ্ঘম্যাদী আঁচনিৰ দ্বাৰা আপুনি উপকৃত হব পাৰে। আপুনি আপোনাৰ পৰিচিত কোনো ব্যক্তিৰ সৈতে ৰোমাণ্টিক সম্পৰ্কতো বান্ধ খাই পৰিব পাৰে। আপোনালৈ কোনো নতুন চাকৰি বা বযৱসায়ৰ অফাৰ আহিব পাৰে। আপুনি কোনো আত্মীয়ৰ ভাল খবৰ শুনিব পাৰে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ বিয়া ঠিক হব পাৰে। আপোনাৰ জ্যেষ্ঠ বিষয়াসকলে আপোনাক প্ৰশংসা কৰিব আৰু ইয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। আপুনি ঘৰুৱা কাম-কাজৰ লগত জড়িত হব। কৰ্মস্থলীৰ পৰিৱেশ আপোনাৰ অনুকূল হব।

শুভ তাৰিখসমূহ : ২, ১১, ২০, ২৯

শুভ বাৰসমূহ : মঙলবাৰ, বুধবাৰ, শনিবাৰ

শুভ ৰংসমূহ :সেউজীয়া, বেঙুণীয়া, হালধীয়া

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ: (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনালোক প্ৰেমিক-প্ৰেমিকাৰ মাজত থকা সুন্দৰ বুজা-পৰাৰ দ্বাৰা উপকৃত হব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত বাধাৰ সৃষ্টি কৰা কাৰকৰ ক্ষেত্ৰত সময়োচিত পদক্ষেপ লব আৰু তাৰ দ্বাৰা মানসিক সুখ-শান্তি লাভ কৰিব। আপুনি ঘৰুৱা কাম-কাজক লৈ ব্যস্ত হৈ পৰিব। আপুনি আপোনাৰ পৰিয়ালৰ বাবে বয়বস্তু ক্ৰয় বা বিক্ৰী কৰিব পাৰে আৰু আপুনি আপোনাৰ পৰিয়ালৰ তত্বাৱধান লব। আহি থকা দিনসমূহে আপোনাক ব্যস্ত কৰি ৰাখিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে)

কোনো কোনো সময়ত আপুনি অকলশৰীয়া অনুভৱ কৰিব আৰু আপুনি আপোনাক অকলশৰীয়া কৰাৰ আশংকাত প্ৰশ্ন কৰিবলৈ ভয় কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সহায়-সহযোগিতা পাব আৰু তেওঁ আপোনাৰ মনোবল বৃদ্ধি কৰিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হবলৈ অগ্ৰসৰ হৈছে। আপুনি আপোনাৰ পৰিয়ালৰো তত্বাৱধান ভালদৰে কৰিব। আপুনি ভাল পোৱা কোনো কথাৰ প্ৰতিও আপুনি আগ্ৰহ বৃদ্ধি কৰিব।

মিথুন : (২২ মে – ২১ জুন)

আপোনাৰ মনে কব যে আপুনি অধিক শক্তিশালী, কিন্তু আপোনাৰ আবেগে কব যে যি হৈছে হবলৈ দিয়ক। এই সময় হৈছে জীৱনত যি ঘটিছে, তাক সহজভাবে লোৱাৰ সময়। আপুনি হাঁহি-স্ফূৰ্তিৰে সময় অতিবাহিত কৰিব। আপুনি উত্সাহী হব। আপুনি ঘৰত আলহী-অতিথি ৰাখিবলৈ পাই আনন্দিত হব। আপুনি সম্পূৰ্ণ উত্সৰ্গীকৃত মনোভাবেৰে আৰু আন্তৰিকতাৰে কাম সম্পূৰ্ণ কৰিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিব আৰু সেইখিনি পূৰণ কৰিব। আপুনি আপোনাৰ প্ৰেম-জীৱনত গুৰুত্ব দিবলৈ সময় পাব আৰু এনেবোৰ কাম আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ হৈ উঠিব। ব্যৱসায়ত আপুনি লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি নতুন চাকৰিৰ অফাৰ বা পদোন্নতি লাভ কৰিব পাৰে। আপুনি যি কামেই নকৰক কিয়, তাতে সফল হব। হঠাতে আপুনি চাকৰিত পদোন্নতি পাব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট) আপুনি জীৱনলৈ ডাঙৰ পৰিৱৰ্তন অনাৰ কথা চিন্তা কৰি আছে। কিন্তু বাস্তৱত তাৰ প্ৰয়োজন নাই, কাৰণ জীৱন মসৃণতাৰে আগবাঢ়িছে। কিছুমান বিশেষ কথা বিশেষভাবে ৰাখিবলৈ আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই পৰামৰ্শ দিব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব। আপোনাৰ দৃষ্টিভংগী আৰু প্ৰতিজ্ঞাবদ্ধতাই আপোনাৰ মুৰব্বীক মুগ্ধ কৰিব। ইয়ে আপোনালৈ অতিৰিক্ত দায়িত্ব আনিব পাৰে।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আজি আপুনি এটা ভাল দিন পাব। আপোনালোক দুয়োজনৰ ইতিবাচক মানসিকতাই এই পৰিকল্পনাক বাস্তৱ ৰূপ দিব। আগতে পৰিকল্পনা কৰা সকলো কাম আপুনি সম্পূৰ্ণ কৰিব। কিন্তু আপোনাৰ নিকটজনেই আপোনাৰ প্ৰতি বিদ্ৰোহী হৈ উঠিব আৰু বন্ধুত্বসুলভ মানসিকতা ত্যাগ কৰিব। ইয়ে আপোনাৰ স্বাৰ্থত আঘাত হানিব। ব্যৱসায়ৰ সৈতে জড়িত সিদ্ধান্ত সুবিবেচনা আৰু কৌশলপূৰ্ণতাৰে সিদ্ধান্ত লব।

তুলা: (২৩ চেপ্টেম্বৰ – ২৩ অক্টোবৰ) আপোনাৰ মন ইতিবাচক হৈ থাকিব। আপুনি কৰ্মস্থলীত আগবঢ়োৱা প্ৰস্তাৱক আপোনাৰ মুৰব্বীয়ে অনুমোদন জনাব। আপুনি কোনো ডাঙৰ ৰিস্ক লবলৈ আগবাঢ়িছে আৰু কোনো অসাধাৰণ কাম কৰিবলৈ পৰিকল্পনা কৰিছে। বন্ধৰ দিন কৰিবলৈ যাওঁতে আপুনি কোনো নতুন ব্যক্তিক লগ পাব পাৰে। আৰু আপুনি তেওঁৰ সৈতে সোনকালে বিবাহপাশত আবদ্ধ হোৱাৰ কথা চিন্তা কৰিব পাৰে। আপোনাৰ জীৱন ভালৰ বাবে সলনি হৈছে।

বৃশ্চিক : (অক্টোবৰ ২৪ – ২২ নৱেম্বৰ) আপুনি এক সুখৰ সময়ৰ দিশে অগ্ৰসৰ হৈছে।. কৰ্মস্থলীত আপোনাৰ প্ৰকল্পই সেউজ সংকেত পাব। সময়মতে আপুনি কাম কৰিব পৰা দক্ষতাৰ জৰিয়তে আপুনি মানুহক বিস্ময়াবিভূত কৰিব। আপুনি আপোনাৰ বিয়াৰ কথা ঘোষণা কৰি পৰিয়ালৰ মানুহক আৰু আনন্দিত কৰিব। আপোনালৈ লাভ ধনৰ আগমন অব্যাহত থাকিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ) আপুনি ব্যৱসায় বা পেচাত অ-প্ৰত্যাশিত সফলতা অৰ্জন কৰিব। ইয়ে আপোনাক প্ৰচুৰভাবে সহায় কৰিব। আপুনি কৰ্মস্থলীত অস্থিৰতাৰে কাম কৰিব। আপুনি নিজৰ ব্যক্তিগত জীৱনলৈ তেনেই কম সময় ৰাখি ব্যস্ত হব। কিন্তু আপোনাৰ জীৱনসংগীয়ে আপোনাৰ আগ্ৰহবোৰৰ যতন লব। আপোনাৰ সমকৰ্মী আৰু জ্যেষ্ঠসকলে আপোনাক সহায়-সমৰ্থন কৰি যাব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী) আপোনাৰ ধনস্থান উন্নত হৈ গৈ থাকিব, কাৰণ আপোনালৈ সম্পদৰ আগমন অব্যাহত থাকিব। কৰ্মস্থলীত আপুনি আপোনাৰ অনুকূল বাৰ্তা পাব। আপোনাৰ কনিষ্ঠ ভ্ৰাতৃ বা ভগ্নী পৰীক্ষাত উত্তীৰ্ণ হব। আপুনি কোনো ঘৰুৱা সমস্যা সামাধান কৰিবলৈ সক্ষম হব। আপুনি সুখ অনুভৱ কৰিব । এই সময় আপোনাৰ বাবে উপভোগৰ সময়।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ বাবে ভাল সময়ে অপোক্ষা কৰিছে। আপুনি কোনো উদ্ভাৱনী গুণ-সম্পন্ন ব্যক্তিক লগ পাই উতসাহিত হব। আপোনালোক দুয়োজনৰ মাজত ৰোমাণ্টিক সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। আপুনি ভ্ৰমণৰ আঁচনি ঠিক কৰিব পাৰে। ইয়াৰ বাবে আপুনি আপোনাৰ পত্নী বা স্বামীৰ পৰা পূৰ্ণ সমৰ্থন পাব। অ-বিবাহিতসকলে ভাল খবৰ পাব। আপুনি কোনো উত্সৱ উদযাপনৰ প্ৰস্তুতিত ব্যস্ত থাকিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ ৰোমাণ্টিক জীৱন অধিক প্ৰবল হৈ উঠিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাবে সময় দিবলৈ সংগ্ৰাম কৰিবলগীয়া হব পাৰে। কাৰণ আপুনি কৰ্ম-ব্যস্ততাৰে সময় অতিবাহিত কৰিব লাগিব। ইয়ে আপোনাক মানসিকভাবে ভাৰাক্ৰান্ত কৰিব পাৰে। সৰ্বশেষত আপুনি সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হব। আপোনাৰ সন্মান বৃদ্ধি পাব। আপুনি অধিক সন্তুষ্টি লাভ কৰিব আৰু ডাঙৰ ফলাফল লাভ কৰিব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হব। .

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com