Begin typing your search above and press return to search.

আজি বুধবাৰ, ২৩ জুন, ২০২১ৰ ৰাশিফল, বৰ্ষফল

জন্মদিনত বৰ্ষফল চাওঁ আহক

আজি বুধবাৰ, ২৩ জুন, ২০২১ৰ ৰাশিফল, বৰ্ষফল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Jun 2021 4:27 AM GMT

২৩ জুনৰ জন্মদিনত বৰ্ষফল'

যদি আজি আপোনাৰ জন্মদিন তেন্তে সৌৰ প্ৰত্যাৱৰ্তন তালিকাত বুধ প্ৰত্যক্ষভাবে আছে আৰু ইয়ে ভাল ফলাফল দিব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব। আপুনি ভাল চাকৰিৰ প্ৰস্তাৱ পাব। আপুনি ব্যৱসায়তো উন্নতি কৰিব। আপোনাৰ উৰ্ধতন মুৰব্বীৰ আকাংক্ষা পূৰণ বাবে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিব। আপোনাৰ স্বাস্থ্য অটুট থাকিব। আপুনি মহত কৰ্ম কৰিব। আপোনাৰ সন্মান আৰু যশস্যাসহ গণ-সংযোগ বৃদ্ধি পাব। আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰাৰ পৰা আপুনি বিৰত থাকিব। আপোনাৰ সম্পত্তিৰ সৈতে জড়িত বিবাদ নিষ্পত্তি হব। এই বিবাদ আপোনাৰ পক্ষে নিষ্পত্তি হব। আপুনি সম্পূৰ্ণ উতসৰ্গিকৃত মনোভাবেৰে কাম কৰিব আৰু ভাল ফল পাব। জীৱনসংগীৰ লগত আপুনি ভাল সম্পৰ্ক উপভোগ কৰিব। আপুনি আনক সহায় কৰিবলৈও বিচাৰিব। প্ৰতিটো দায়িত্বৰ ক্ষেত্ৰত আপুনি এটা ভাল কাম কৰিব। আপোনাৰ নেতৃত্ব প্ৰদানৰ গুণো থাকিব। পৰিয়ালৰ লগত আপুনি আনন্দদায়ক ভ্ৰমণ কৰিব। আপোনাৰ শত্ৰুৱে আপোনাৰ মুখামুখী হোৱাৰ সাহস নকৰিব।

শুভ তাৰিখসমূহ : ৫, ১৪, ২৩

শুভ দিনসমূহ : বুধবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহ : সেউজীয়া, নীলা, ৰঙা

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি কোনো পৰিচিত ব্যক্তিৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব। ই সন্তুষ্টিদায়ক আৰু জীৱন পূৰ্ণকাৰী সম্পৰ্ক হব। প্ৰেমিক-প্ৰেমিকাসকলে এই সুন্দৰ প্ৰেমৰ বান্ধোনৰ প্ৰতিটো মুহূ্ৰ্ত উপভোগ কৰিব। আপুনি বিবাহপাশত আবদ্ধ হোৱাৰ কথা চিন্তা কৰিব। আপুনি দায়িত্ব পালন কৰিবলগীয়া কোনো চাকৰিৰ বাবে বাছনি হব। ইয়ে আোপানৰ পৰিয়াললৈ হাঁহি আৰু আনন্দ আনিব। আপোনাৰ পৰিয়ালৰ সামগ্ৰিক বাতাবৰণ সুন্দৰ হৈ থাকিব।

বৃষ : (২১ এপ্ৰিল – ২১মে')

পৰিয়ালৰ সৈতে আপোনাৰ বিদেশ ভ্ৰমণৰ পৰিকল্পনা অৱশেষত বাস্তৱায়িত হব। এই ভ্ৰমণ অস্থিৰতাৰে ভৰা দীৰ্ঘ-দূৰত্বৰ হব। কিন্তু আপুনি জীৱনসংগীৰ সংগ সমগ্ৰ যাত্ৰাত উপভোগ কৰিব। আৰু আপুনি আৰাম তথা পুনৰুজ্জীৱিত উপভোগ কৰিব। আপুনি নিঃসংগতাত কিছুদিন উপভোগ কৰিব। আপোনাৰ ব্যয় বৃদ্ধি পাব।.

মিথুন : (২২মে – ২১ জুন)

এই সময়ছোৱাত আপোনাৰ সৌভাগ্য উদয় হব। এই সময়ছোৱাত আপোনাৰ দৃষ্টিভংগী, মূল্যবোধ আৰু আচৰণ সলনি হব। আপুনি ভাল কৰ্মস্পৃহাৰ অধিকাৰী হব। ইয়ে আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব। আপুনি ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হাতত লব আৰু ইয়ে আপোনাক বহুলাংশে উপকৃত হব। লগতে আপুনি ঘৰুৱা আৰু বিষয়ৰ প্ৰতি মনোযোগ দিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

কৰ্মস্থলীত আপুনি ভাল সময় অতিবাহিত কৰিব। আপুনি পদোন্নতি লাভ কৰিব আৰু আপোনাৰ দৰমহা বৃদ্ধি পাব। ইয়ে আপোনাক আৰু আপোনাৰ জীৱনসংগীক গভীৰ সন্তুষ্টি দিব।আপোনাক জ্যেষ্ঠকৰ্মীয়ে ভালেখিনি সহায়-সমৰ্থন দিব। আৰু আপুনি আপোনাক দায়িত্ব সকলো কাম ভালদৰে কৰিব। আপুনি পৰিয়ালৰ সৈতে চুটি ভ্ৰমণ হাতত লব পাৰে।

সিংহ : (২৩ জুলাই- ২৩ আগষ্ট)

এই সময়চোৱা আপোনাৰ বাবে পৰীক্ষণীয় সময়। আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ স্বাস্থ্য আপোনাৰ বাবে চিন্তাৰ কাৰক হৈ উঠিব পাৰে আৰু তাৰ বাবে তাতক্ষণিক ব্যৱস্থা লবলগীয়া হব পাৰে। আপুনি তাতক্ষণিক বিত্তীয় লাভালাভৰ বাবে কোনো ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈ ধন বিনিয়োগ কৰিব। কিন্তু তাৰ বাবে আপুনি কোনো অ-পৰিচিত ব্যক্তিক অন্ধভাবে আস্থাত লবলগীয়া হব পাৰে। ইয়ে আপোনাৰ প্ৰতিষ্ঠাত ক্ষতিসাধন কৰিব পাৰে।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে কঠিন দিন হব। আপুনি আপোনাৰ কাৰ্যালয়ৰ সহকৰ্মীসকলৰ প্ৰতি অ-সহিষ্ণু মনোভাব প্ৰকট কৰিব আৰু তেওঁলোকে আপোনাক এৰাই চলিবলৈ ধৰিব। আপুনি সহকৰ্মীৰ সৈতে উতপ্ত বাক-বিতন্দ্বাত লিপ্ত হব পাৰে। ই অহংবোধক লৈ হোৱা বাক-বিতন্দ্বা হব। কিন্তু আপুনি জ্ঞানীৰ পৰিচয় দি ততকালে বিবাদ নিষ্পত্তি কৰিবলৈ সক্ষম হব। আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যা থাকিব পাৰে।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

চাকৰিৰ ক্ষেত্ৰত আপোনাৰ কোনো ডাঙৰ দায়িত্ব দিয়া হব পাৰে। আপুনি হঠাতে বিখ্যাত হৈ উঠিব। আপুনি জনপ্ৰিয়ও হৈ উঠিব। আপোনাৰ প্ৰেমিক-প্ৰেমিকাৰ দৃষ্টিত আপোনাৰ সন্মান বৃদ্ধি পাব। আপোনাৰ কৃতিত্বক লৈ তেওঁ গৰ্বিত হব। আপোনাৰ আত্মবিশ্বাস আকাশস্পৰ্শী হব। আপোনাৰ সামৰ্থ্যৰ ওপৰত আপোনাৰ বিশ্বাস থাকিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ ব্যক্তিগত সম্পৰ্ক উন্নত হবলৈ ধৰিব। আপুনি আপোনাৰ মনৰ ভাব উপযুক্তভাবে প্ৰকাশ কৰিবলৈ সক্ষম হব আৰু মানুহে আপোনাৰ আবেগ—অনুভূতি বুজি পাব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ওচৰ চাপি আহিব। কোনো নাৰী বন্ধুৱে আপোনাক আধ্যাত্মিক জ্ঞান দিব। তেওঁ আপোনাক ডাঙৰ সহায় কৰিব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব। আপোনাৰ আয় ভাল হব।

ধনু: (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপোনাৰ ক্ষেত্ৰত কোনো সৰু-সুৰা দুৰ্ঘটনা সংঘটিত হব পাৰে। গতিকে আপুনি যান-বাহন সাৱধানেৰে চলোৱা উচিত। আপুনি হেলমেট, ছীটব্লেট আদিৰ লেখীয়া প্ৰতিৰোধমূলক ব্যৱস্থা হাতত লব। আপোনাৰ আজি জিভা পিচল খাবও পাৰে। গতিকে আনৰ লগত আপুনি সাৱধানেৰে কথা পতাৰ প্ৰয়োজন হব। কৰ্মস্থলীত আপুনি কোনো প্ৰতিবন্ধকতাৰ সন্মুখীন হব পাৰে।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজিৰ দিনটো আপোনাৰ বাবে অনুকূল দিন হব। কৰ্মস্থলীত আপুনি উজ্জ্বলি উঠিব আৰু আপোনাৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ পাব। আপুনি নিজৰ সামৰ্থ আৰু প্ৰতিভা অনুসৰি কাম কৰিব। আপুনি সন্মান আৰু প্ৰশংসা আদায় কৰিব। আপোনাৰ বিত্তীয় অৱস্থা অতি ভালে থাকিব। অ-বিবাহিতসকলে বিয়াৰ প্ৰস্তাৱ লাভ কৰিব। আপুনি জীৱনসংগীৰ সৈতে ভ্ৰমণৰ আঁচনি লব পাৰে।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আজিৰ দিনটো আপোনাৰ বাবে সুখৰ দিন হব। কৰ্মস্থলীত আজি আপুনি ব্যতিক্ৰমতাৰে উত্কৃষ্ট প্ৰদৰ্শন কৰিব। ইয়ে আপোনাৰ নাম আৰু যশস্যা বৃদ্ধি কৰিব। বৈবাহিক জীৱনত আপোনাৰ সুখ বৃদ্ধি পাব। আপুনি কোনো চুটি ব্যৱসায়িক ভ্ৰমণত যাব পাৰে। আপুনি শাৰীৰিক-মানসিকভাবে শক্তিশালী অনুভৱ কৰিব। ব্যৱসায়ত আপুনি লাভ অৰ্জন কৰিব। সহকৰ্মীৰ লগত আপুনি বাক-বিতন্দ্বা এৰাই চলিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আজি আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লোৱাৰ প্ৰয়োজন। আৰু কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত আপুনি কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিব। আপুনি আপোনাৰ আবেগ-অনুভূতি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন। অন্যথা আপুনি কৰিবলৈ লোৱা কামত ব্যাঘাত জন্মিব পাৰে। আপোনাৰ ধনৰ অৱস্থা স্বাভাৱিক হৈ থাকিব। আপুনি বেয়া সংগ ত্যাগ কৰাৰ প্ৰয়োজন। আপুনি পাবলগীয়া ধন পাব।

Next Story
চাকৰি