Begin typing your search above and press return to search.

আপোনাৰ ৰাশিফলঃ আজি দেওবাৰৰ (৪ জুলাই, ২০২১)

৪ জুনত জন্মলাভ কৰাসকলৰ জন্মদিনত বৰ্ষফল

আপোনাৰ ৰাশিফলঃ আজি দেওবাৰৰ (৪ জুলাই, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 July 2021 3:31 AM GMT


৪ জুনত জন্মলাভ কৰাসকলৰ জন্মদিনত বৰ্ষফল

চন্দ্ৰই আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত ৬০ ডিগ্ৰীৰ কোণ কৰিছে আৰু ইয়ে আপোনাক মিশ্ৰিত ফল দিব। আপুনি ধনৰ লাভ অৰ্জন কৰিব, কিন্তু আপুনি আোপনাৰ ব্যয় নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন। কোনো প্ৰতিষ্ঠিত সংস্থাৰ পৰা আপুনি নতুন চাকৰিৰ অফাৰ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে সফলতা অৰ্জন কৰিব। নপঢাকৈ কোনো আইনী নথিত স্বাক্ষৰ নকৰিব। ধন বা টকা-পইচা আদিৰ ক্ষেত্ৰত অপৰিচিত ব্যক্তিক আস্থাত নলব। আপুনি কোনো অতি বিশেষ ব্যক্তিৰ প্ৰেমতো পৰিব। আপোনাৰ বিয়া সূচীত হৈছে। আপুনি আপোনাৰ জীৱনশৈলীলৈ চিৰদিনৰ বাবে পৰিৱৰ্তন আনিব। আপুনি সমস্যা সমাধানৰ বাবে এক ধৰণৰ দৃষ্টিভংগী গ্ৰহণ কৰাৰ প্ৰয়োজন আৰু নমনীয় ব্যক্তিত্ব গঢ়ি তোলাৰ প্ৰয়োজন। আপুনি ভাই-ভনীৰ পৰা ভাল সমৰ্থন-সহযোগিতা পাব। আপুনি সামাজিক কাম-কাজত অংশ গ্ৰহণৰ সুযোগো পাব। পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে কোনো ইচ্ছাপত্ৰ বা উত্তাৰাধিকাৰীক লৈ চলি থকা বিবাদ আপোনাৰ অনুকূলে নিষ্পত্তি হব।

শুভ তাৰিখসমূহ: ৪, ১৩, ২২, ৩১

শুভ বাৰসমূহ : বুধবাৰ, মঙলবাৰ, শনিবাৰ

শুভ ৰংসমূহ : বগা, নীলা, ৰঙা

আপোনাৰ সপ্তাহটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

সকলো দিশৰ পৰাই আগন্তুক সপ্তাহটো আপোনাৰ বাবে ব্যতিক্ৰমী সপ্তাহ। বহু উত্সৰ পৰা আপুনি লাভ আদায় পাব। আপুনি আপোনাৰ সপোন পূৰ কৰিবলৈ সক্ষম হব। আপোনালৈ নতুন চাকৰি বা ব্যৱসায়ৰ অফাৰ আহিব। আগন্তক সপ্তাহটোত আপুনি উপলব্ধি কৰিব যে আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত কিবা পাইছে যিটো আনকি আপুনি পাব পৰাতকৈ অধিক। আপোনাৰ বিত্তীয় অৱস্থা অধিক ভাল হব। আপুনি আপোনাৰ ভাল গুণ প্ৰদৰ্শন আৰু চৰিত্ৰৰ শক্তি প্ৰদৰ্শনৰ বাবে বহু সুযোগ পাব। আপোনাৰ সহকৰ্মী আৰু কাৰ্যালয়ৰ মুৰব্বীয়ে আপোনাক সমৰ্থন কৰিব। আপুনি আপোনাৰ কামত সৃষ্টিশীলতা আৰু কল্পনাৰ সমাহাৰ পাব। আপোনাৰ প্ৰেম-জীৱন অপূৰ্ব হবলৈ গৈ আছে। আপুনি আপোনাৰ জীৱনসংগীৰ চিন্তা-ধাৰা বুজি পাব আৰু তেওঁৰ সৈতে এক আকৰ্ষণীয় বান্ধোনত বান্ধ খাই পৰিব। ই জীৱনজোৰা অভিজ্ঞতা হব পাৰে। আপোনাৰ ধন উপাৰ্জন ভাল হব। আপোনাৰ বন্ধুবৰ্গ অতি সহায়কাৰী হব। আপোনাৰ ঘৰত কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত হব পাৰে।

বৃষ: (২১ এপ্ৰিল – ২১ মে)

আপোনাৰ মতামতে বহুল গ্ৰহণীয়তা পাব আৰু আপোনাৰ পৰিয়ালে আপোনাৰ প্ৰতি অতি সন্মান প্ৰদৰ্শন কৰিব। আপুনি আনৰ বাবে অনুকৰণীয় ৰোল মডেলত পৰিণত হব। ৰাজনীতি আৰু সংবাদ মাধ্যমেৰে জড়িতসকলে অভূতপূৰ্ব সফলতা অৰ্জন কৰিব। আপোনাৰ সমৰ্থক আৰু শুভাকাংক্ষীৰ সংখ্যা বৃদ্ধি পাব। আপোনাৰ বিত্তীয় দিশ শক্তিশালী হব। আপোনাৰ পৰা আঁতৰত বাস কৰা লোকৰ সৈতে আপোনাৰ যোগাযোগ বৃদ্ধি পাব। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত কৰা ভ্ৰমণ লাভদায়ক হব। আপুনি আপোনাৰ ব্যক্তিত্বও বৃদ্ধি কৰিব আৰু নিজৰ অন্তনিৰ্হিত শক্তিৰ বিকাশৰ বাবে কাম কৰাৰ আকাংক্ষা থাকিব। আপুনি অদিক অৰ্জনৰ বাবে সফল পদক্ষেপ গ্ৰহণ কৰিব। আপোনাৰ প্ৰেম-জীৱন অপূৰ্ব সুন্দৰ হব। আপুনি গুণবান পিতৃ বা মাতৃ হব আৰু আপুনি আপোনাৰ সন্তানৰ স্কুল, কলেজ বা কৰ্মক্ষেত্ৰৰ সভা আৰু আন বিষয়ৰ অংশ হব। আপুনি আপোনাৰ স্বাস্থ্যৰ তত্বাৱদান লোৱাৰ প্ৰয়োজন আৰু সময়মতে চিকিত্সকলৰ লগত আলোচনা কৰা প্ৰয়োজন।

মিথুন : (২২ মে – ২১ জুন )

এই সপ্তাহত আপুনি অতি সুন্দৰ ফলাফল পাব। আপুনি আনক ভাল ব্যৱহাৰ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গক, সামাজিক কাম, সহকৰ্মী আৰু অধীনৰ কৰ্মচাৰীলৈও সহায়-সমৰ্থন আগবঢ়াব। তেওঁলোক আপোনাৰ ব্যৱহাৰ আৰু আচৰণৰ দ্বাৰা মুগ্ধ হব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হৈ গৈ থাকিব। আপুনি সম্পদৰ সন্তুষ্টি লাভ কৰিব। আপুনি নতুন সম্পত্তি বা বাহন ক্ৰয়ৰ পৰিকল্পনা প্ৰস্তুত কৰিব। আনক আপুনি অন্ধভাবে আস্থাত লোৱাৰ প্ৰয়োজন নহব আৰু আপোনাৰ স্বাৰ্থ সুপক্ষিত কৰাৰ প্ৰয়োজন। আপোনাৰ ইচ্ছা পূৰণ হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। আপোনাৰ সপোন পূৰণ হব। আপুনি সুখ-সন্তুষ্টি উপভোগ কৰি থাকিব। আপোনাৰ এটা সুন্দৰ প্ৰেম-জীৱন থাকিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰি যাব। আপুনি আপোনাৰ কামত আৰু ব্যক্তিগত সম্পৰ্কত উন্নতি সাধন কৰিব। আপুনি আপোনাৰ দায়িত্ব আৰু দায়বদ্ধতা সুন্দৰভাবে পালন কৰিব।

কৰ্কট : (২২জুন-২২ জুলাই)

আগন্তুক সপ্তাহটো আপোনাৰ বাবে ভাল সপ্তাহ হ'ব ৷ আপুনি আপোনাৰ চিন্তা-ধাৰাৰ পৰীক্ষা কৰা আৰু নিজকে উলতি চোৱাৰ বাবে উপযুক্ত সময় ৷ আপুনি দক্ষতা আৰু বুজাপৰা বৃহৎ পৰিসৰত প্ৰদৰ্শন কৰিব আৰু আপোনাক সন্তুষ্টি দিয়া ফলাফল লাভ কৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা ভাল হ'ব ৷ আপোনাৰ সহকৰ্মীয়ে আপোনাৰ নিৰ্দেশ মানি চলিব ৷ নতুন চাকৰি বা ব্যৱসায়ৰ সুযোগ আপোনালৈ আহিব৷ আপোনাৰ সন্তান, পৰিয়াল আৰু আত্মীয়-স্বজন আপোনাৰ ওচৰ চাপি আহিব। আপোনালৈ দ্ৰূততৰে ধনৰ আগমন ঘটিব। আপোনাৰ পত্নী বা স্বামীৰ লগত আপোনাৰ বান্ধোন দৃঢ় হব। আপোনাৰ পৰিয়ালত হাঁহি-আনন্দ অব্যাহত থাকিব। আপোনাৰ আত্মবিশ্বাস ইমান দৃঢ় হব যে আপুনি প্ৰতিটো অসম্ভৱ কামেই কৰিবলৈ সক্ষম হব। পেচাগত সংযোগৰ পৰা আপুনি উপকৃত হব। আপুনি ঘৰ পুনৰুজ্জীৱিত কৰাৰ পৰিকল্পনা কৰিব। আপুনি কিছু নতুন পৰিকল্পনা কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আগন্তুক সপ্তাহত আপুনি সফলতাৰ দিশে অগ্ৰসৰ হব। আপোনালৈ নতুন চাকৰি /ব্যৱসায়ৰ অফাৰ আহিব। আপোনাৰ কাম ভাল বুলি প্ৰতিপন্ন কৰাৰ আপোনাৰ সকলো গুণ বা দক্ষতা আছে।আপুনি উত্কৃষ্ট ফলাফল লাভ কৰিব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব। আয়ৰ অতিৰিক্ত উত্সৰ সন্ধান পাব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এয়া সুন্দৰ সময়। আপুনি কোনো গুৰুত্বপূৰ্ণ ব্যক্তিকো লগ পাব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু নিজা মতে কামত ব্যস্ত থাকিব। আপুনি সমালোচনালৈ ভয় নকৰিব, কাৰণ আপুনি জীৱনৰ অতি উচ্চতাত অৱগাহন কৰিব বিচাৰে। আপুনি আপোনাৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। আপুনি সপ্তাহটোৰ অন্তিমফালে সুখ, আৰাম আৰু সহজবোধ অনুভৱ কৰিব। বন্ধুবৰ্গৰ পৰা জীৱনসংগীলৈঃ আপুনি সকলোৰে লগত মুকলিমুৰীয়া আচৰণ কৰিব। আপোনাৰ কাৰ্যদক্ষতা বৃদ্ধি পাব। আপুনি নিজৰ মাজতে ভাল পৰিৱৰ্তন বিচাৰি পাব।

কন্যাঃ (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আগন্তক সপাতহটো মানসিক দিশৰ পৰা সন্তুষ্টিদায়ক সপ্তাহ হব। আপোনাৰ বোধগম্যতাৰ বাহিৰত থকা কাম আপুনি বন্ধু-বান্ধৱৰ সহায়ত সম্পন্ন কৰিবলৈ সক্ষম হব। আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গ আপোনাৰ বাবে সহায় হব। আপোনাৰ ভাই-ভনীয়ে আোপনাৰ কথা শুনিব আৰু আপুনি পাবৰ যোগ্য সন্মান তেওঁলোকৰ পৰা পাব। আনকি আপোনাৰ পত্নী বা স্বামীয়ে আপোনাক অনুপ্ৰাণিত কৰি থাকিব। আপুনি সন্থুষ্টি পাব। আপুনি লাভান্বিত হোৱাৰ সুযোগ পাব, যিয়ে আপোনাক সুকী কৰিব। আপুনি কৰবাৰ পৰা ভাল খবৰ পাব। আপুনি কৰা কাম সম্পূ্ৰ্ণ হৈ উঠিব। আকাংক্ষিত কামত সফলতা অৰ্জন কৰিব। আপুনি আপোনাৰ বন্ধুবৰ্গৰ পৰা সহায়-সমৰ্থন পাব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীয়ে আপোনাক উত্সাহিত কৰিব। আপুনি ঘৰ আৰু কাৰ্যালয়ৰ কাম একেটা স্পৃহাৰে কৰিব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আগন্তক সপ্তাহত আপোনাৰ আয় ভাল হব। আপুনি নতুন কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব। পৰিকল্পনা অনুসৰি আপুনি নতুন কাম কৰিব। ইয়াৰ বাবে আপুনি পুৰস্কৃত হব। আপুনি সম্পত্তি বা গাড়ী কিনাৰ পৰিকল্পনা কৰিব। আপোনাৰ বিত্তীয় অৱস্থা সম্পূ্ৰ্ণৰূপে সন্তোষজনক। আপোনাৰ বিনিয়োগেও ভাল ফলাফল দিব। আপুনি কাৰোবাক ধাৰে দিয়া ধন ঘূৰাই পাব। সহকৰ্মীৰ লগত আপোনাৰ সংঘাত থাকিব। গতিকে আপুনি আপোনাৰ খং-ৰাগ নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন। অন্যথা পৰিস্থিতি জটিল হৈ উঠিব পাৰে। আপুনি জীৱনসংগীৰ সৈতে সুন্দৰ সম্পৰ্ক বৰ্তাই ৰাখিব আৰু দুয়ো একেলগে উত্পাদনশীল সময় অতিবাহিত কৰিব। কোনো পৰিচিত ব্যক্তিৰ প্ৰতি আপোনাৰ মনত প্ৰেমৰ সৃষ্টি হব পাৰে। আপোনাৰ মন-মেজাজ ভালে থাকিব। আৰু পৰিয়ালৰ সদস্যবৰ্গৰ লগত কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব। আপুনি তেওঁলোকৰ লগত সৌজন্যতাৰে ভাব বিনিময় অব্যাহত ৰাখিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ জীৱন ভালৰ ফালে আহিব। আপুনি আপোনাৰ কৰ্ম-জীৱন আৰু পৰিয়ালৰ কৰ্মৰ মাজত ভাৰসাম্য ৰখাৰ প্ৰয়োজন। আপুনি সামাজিক দায়িত্বও সুন্দৰভাবে পালন কৰিব। এই সময়ছোৱাত আপুনি সাহসী সিদ্ধান্ত লব লাগিব। আপোনাৰ কামৰ চৰ্তবোৰ সহজ নহব। আপুনি কটোৰ পৰিশ্ৰম কৰিব আৰু কামৰ সম্প্ৰসাৰণ কৰিবলৈ অনেক চেষ্টা কৰিব। এইক্ষেত্ৰতো আপুনি সফলতা অৰ্জন কৰিব। প্ৰেমিক-প্ৰেমিকাসকলে সুন্দৰ সময় অতিবাহিত কৰিব। বন্ধৰ দিন উদযাপনৰ বাবে আপুনি কোনো ৰোমাণ্টিক স্থানলৈ যাব পাৰে। প্ৰতিযোগিতাত সফলতা আপোনাৰ সাধ্যৰ ভিতৰত থাকিব। এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে সাক্ষাতে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব। দলগত কাম আৰু দলীয় কাম-কাজৰ ক্ষেত্ৰত আপুনি যলৈকে নাযাওক কিয়, সফলতা অৰ্জন কৰিবই। আপুনি আপোনাৰ কাম আৰু হবীৰ প্ৰতি আগ্ৰহী হব।

ধনু : (২৩ নৱেম্বৰ-২১ ডিচেম্বৰ)

সাধাৰণ অৱস্থাতকৈ আপুনি অধিক উজ্জীৱিত-প্ৰাণৱন্ত অনুভৱ কৰিব। আপোনালৈ নতুন চাকৰি বা ব্যৱসায়ৰ অফাৰ আহিব। আপুনি দৈনন্দিন কাম-কাজত এখন সময়-তালিকা অনুসৰণ কৰিব। আপুনি মানসিক শান্তিও অনুভৱ কৰিব। কিছুদিন ধৰি অশান্তি কৰি থকা কাৰকবোৰ দূৰ হব। আপোনাৰ বিৰোধীয়ে চেষ্টা চলায়ো সফল নহব। সময় আপোনাৰ বাবে ফলদায়ক। আপুনি ইতিবাচক ফল পাব। আগতকৈ আপোনাৰ বিত্তীয় অৱস্থা অধিক উন্নত হব। কোনো তৃতীয় ব্যক্তিৰ সহযোগত সম্পত্তি ভাগ-বাটোৱাৰা কৰা সমস্যা দূৰ হব। আপুনি লক্ষ্যত উপনীত হবলৈ আপোনাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। আপুনি আপোনাৰ পত্নী বা স্বামীৰ লগত ভাল সময় অতিবাহিত কৰিব। আধ্যাত্মিকতাৰ লগত জড়িত বিষয়ৰ প্ৰতি আপুনি আগ্ৰহ প্ৰকাশ কৰিব। আপোনাৰ মহত্ কামে আপোনাৰ নাম-যশস্যা বৃদ্ধি কৰিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপোনাৰ কামত আপুনি উন্নতি সাধন কৰিব। প্ৰতিজন ব্যক্তিৰ সন্মুখত আপোনাৰ দক্ষতা আৰু সামৰ্থ ফুটি উঠিব। আপোনাৰ দক্ষতাৰ দ্বাৰা মানুহ মুগ্ধ হব। আপুনি পদোন্নতিও পাব পাৰে। এজন তৃতীয় ব্যক্তিৰ হস্তক্ষেপত ভ্ৰাতৃৰ সৈতে থকা আপোনাৰ বিবাদ দূৰ হব। আপোনাৰ প্ৰিয়জন আপোনাৰ ওচৰ চাপি আহিব। আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ মাজত মৰম-স্নেহ বৃদ্ধি পাব। আপোনাৰ ৰোমাণ্টিক জীৱন বাল হব। আপুনি কোনো পুৰণি পৰিচিত ব্যক্তিক লগ পাব। তদুপৰি নতুন বন্ধুবৰ্গ আদিও লগ পাব আৰু আপোনাৰ জীৱনলৈ সুখ আহিব। আপুনি আপোনাৰ আজৰি সময় নিজকে উন্নত কৰা আৰু সাহিত্য পঢ়াত পাৰ কৰিব। আপুনি সামাজিক মাধ্যমতো সক্ৰিয় হব। আপোনাৰ পৰিয়ালৰ পৰিৱেশ উন্নত হব। আপোনাৰ ভাল প্ৰকৃতি আৰু দয়া গুণৰ বাবে আপোনাৰ প্ৰতিদ্বন্দ্বী আপোনাৰ বন্ধুত পৰিণত হব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

বিত্তীয় ক্ষেত্ৰত আপুনি সুন্দৰ ফল লাভ কৰিব। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত শক্তিশালী আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব, যিয়ে আপোনাক দীঘলীয়া সময়ৰ বাবে লাভান্বিত কৰিব। আপুনি ধাৰে দিয়া বা কৰবাত আবদ্ধ হৈ থকা কিছু ধন লাভ কৰিব। অ-বিবাহিতসকলৰ বিয়াৰ কথা-বতৰা চলি থাকিব। ইয়ে আপোনাক সুখী কৰিব। আপোনাৰ পৰিয়ালক আপুনি সকলো বিষয়ৰে ওপৰত ৰাখিব। ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে গুৰুত্বসহকাৰে চিন্তা কৰক। দীৰ্ঘদিনৰ পৰা আপুনি কৰিবলৈ বিচৰা কাম প্ৰতিব্ন্ধকতাৰ বাবে কৰিব নোৱাৰিব আৰু সিয়ে আপোনাক হতাশ কৰিব। আপুনি সিংহভাগ সময় আমোদ-প্ৰমোদত আৰু স্ফূৰ্তি কৰি পাৰ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব। স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক মধুৰ হৈ থাকিব। আপুনি ধনৰ ক্ষেত্ৰত লাভ অৰ্জন কৰিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি কামৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু সন্তুষ্টিদায়ক ফল ল্ভ কৰিব। আপুনি ধনৰ ক্ষেত্ৰত লাভ অৰ্জন কৰিব। আপুনি আপোনাৰ কামত লাভ অৰ্জন কৰিব। সামাজিক যোগাযোগ বৃদ্ধিৰ চেষ্টা চলালে আপুনি তাকে লৈ অনেক সময় ব্যয় কৰিব লাগিব। ভূমি, সম্পত্তি আৰু সম্পদৰ ক্ষেত্ৰত আপুনি লাভ অৰ্জন কৰিব। আপুনি লক্ষ্যত উপনীত হব পৰাকৈ বুদ্ধিমান। বিত্তীয় দিশত আপুনি কৰি থকা সংগ্ৰাম সেষ হব। বিত্তীয় দিশত আপুনি শক্তিশালী আৰু সুস্থিৰ হব। আপুনি কৰবাৰ পৰা ভাল খবৰ পাব। বিবাহৰ বাবে উপযুক্তসকলৰ বিয়াৰ কথা-বতৰা অদিক আগবাঢ়িব। বহুক্ষেত্ৰত আপোনাৰ কাম০কাজ অব্যাহত থাকিব। আগতকৈ আপুনি ভাল অনুভৱ কৰিব। আনৰ সৈতে লেনদেনৰ ক্ষেত্ৰত আপুনি স্বচ্ছতা অৱলম্বন কৰিব। আপুনি আপোনাৰ নতুন ধাৰণা বাস্তৱায়িত কৰিব।

Next Story