আজি ১৬ জুন, বুধবাৰৰ ৰাশিফল, জন্মদিনৰ শুভাশুভ চাওক

আজি আপোনাৰ ৰাশিফলে কি কয় চাওক
আজি ১৬ জুন, বুধবাৰৰ ৰাশিফল,  জন্মদিনৰ শুভাশুভ চাওক

                                                                                        জন্মদিনৰ শুভাশুভ

আজি যিসকলৰ জন্মদিন, তেওঁলোকৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত বুধ গ্ৰহে মঙলৰ সৈতে অৰ্ধবৃত্ত কৰিছে আৰু ই মিশ্ৰিত ফল দিব। এইসকল ব্যক্তিৰ কৰ্মস্থলীত কিছু সমস্যাৰ সৃষ্টি হব। সহকৰ্মীৰ সৈতে তেওঁলোকৰ মত পাৰ্থক্য থাকিব পাৰে। কিন্তু তেওঁলোকে পৰিস্থিতি চম্ভালি লবলৈ সক্ষম হব। যদি আজি আপোনাৰো জন্মদিন তেন্তে আপোনাক সমস্যা বা অশান্তিয়ে ঘেৰি থাকিব, কিন্তু আপুনি এই সকলো বাধা-বিঘিনী অতিক্ৰম কৰিবলৈ সক্ষম হব। আপোনাৰ বন্ধুবৰ্গৰ সংখ্যা বৃদ্ধি পাব আৰু আপোনাৰ অনেক মানুহৰ সৈতে সাক্ষাত ঘটিব। আপোনাৰ বিত্তীয় অৱস্থা স্বাভাৱিক হৈ থাকিব। আপুনি আপোনাৰ স্বাস্থ্যৰ উপযুক্ত যতন লব আৰু এক শৃংখলিত জীৱনশৈলী গঢ়ি তুলিব। আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গই আপোনাক সমৰ্থন কৰি যাব। আপুনিও এক অপূৰ্ব প্ৰেমৰ সম্পৰ্ক উপভোগ কৰিব। আপোনাৰ সংগী বা প্ৰেমিক বা প্ৰেমিকাই আপোনাক সম্পূৰ্ণ সমৰ্থন দিব । প্ৰেম-ৰোমান্সৰ সম্পৰ্ক বিবাহত পৰিণত হোৱাৰ এটা সুযোগ আছে। আপুনি ব্যক্তিগত জীৱন আৰু পেচাদাৰী জীৱনৰ মাজত ভাৰসাম্য ধৰি ৰাখিবলৈ সক্ষম হব। আপুনি পৰিয়ালৰ সৈতে এক আনন্দকৰ ভ্ৰমণ হাতত লব পাৰে।

শুভ তাৰিখ : ৭, ১৬, ২৫

শুভবাৰ : সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ

শুভ ৰং : ৰঙা, নীলা, সেউজীয়া

আজিৰ দিনটোৰ ৰাশিফল

মেষ (২১ মাৰ্চ – 20 এপ্ৰিল)

আপুনি জীৱনসংগীক সুখী কৰি ৰাখিব আৰু প্ৰায়ে তেওঁৰ পৰা প্ৰশংসা বিচাৰিব। কিন্তু আপুনি বিচৰা ধৰণেৰে প্ৰশংসা নাপালে বিৰক্ত হব। আপুনি ভাল কাম কৰিব পৰাৰ সম্ভাৱনা আছে। আপোনাক কাৰ্যালয়ৰ মুৰব্বীয়ে সমৰ্থন জনাব। আপুনি উতসৰ্গীকৃত মানসিকতাৰে কাম কৰিব আৰু সফলতা আশা কৰিব।

বৃষ : (21 এপ্ৰিল – 21 মে)

আপুনি এটা ভাল দিনৰ দিশে অগ্ৰসৰ হৈছে। পাৰিবাৰিক বা প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ বহু আশা আছে আৰু ইয়াৰ পৰিমাণ বৃদ্দি পাব। আপুনি বৃহত হাৰত বিনিয়োগ কৰিব। ভৱিষ্যত পৰিকল্পনাও আপুনি কৰিব। ঘনিষ্ঠ বন্ধুবৰ্গকো আপুনি সহায় কৰিব। আপোনাৰ জীৱনশৈলী আৰু কৰ্মৰ সূচীলৈ এটা পৰিৱৰ্তন আহিব।

মিথুন : ( 22 মে – 21জুন)

আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক এটা সুন্দৰ ছাৰপ্ৰাইজ দিব পাৰে। ইয়ে আপোনাক অতি সুখী আৰু আনন্দিত কৰিব। ধন আৰু বিত্তীয় দিশত আপুনি সৌভাগ্যবান।

অবিবাহিতসকলে বিয়াৰ সিদ্ধান্ত লব পাৰে। ইয়ে আপোনাক সুখী কৰিব।

কৰ্কট: (22জুন – 22 জুলাই)

কৰ্মজীৱন অতি ব্যস্ততাপূৰ্ণ হব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত অধিক সময় কটাবলৈ নাপাব। কোনো নতুন কামৰ সুযোগ পাব পাৰে। আপুনি কাম বা ব্যৱসায়ত লাভ অৰ্জন কৰিব। আজি আপুনি কোনো প্ৰভাৱশালী ব্যক্তিক লগ পাব।

সিংহ: (23 জুলাই – 23 আগষ্ট)

আপোনাৰ সমস্যা খুলাখুলিকৈ আলোচনা কৰক। আপুনি উপলব্ধি কৰিব যে জীৱন কম জটিলতাপূৰ্ণ। আপুনি কোনো গোপনীয়তা অৱলম্বন কৰাৰ প্ৰয়োজন নাই। আপোনাৰ কাম সম্পূ্ণ হব। ব্যৱসায়ৰ ক্ষেত্ৰত জটিল পৰিস্থিতিৰ সন্মুখীন হব। কামৰ পৰিমাণ বৃদ্ধিৰ লগে লগে আপোনাৰ গুৰুত্ব বৃদ্ধি পাব।

কন্যা: (24আগষ্ট – 22 ছেপ্টেম্বৰ)

আপোনাৰ প্ৰেম জীৱন সুন্দৰভাবে আগবাঢ়িব। আপুনি অপ্ৰয়োজনীয় জটিলতাৰ সৃষ্টি নকৰিব। আৰাম কৰক আৰু পৰিস্থিতিয়ে অনা সুখৰ মুহূৰ্ত উপভোগ কৰক। আপোনাৰ বাদ পৰি ৰোৱা কাম সম্পূৰ্ণ হৈ উঠিব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীয়ে আপোনাক প্ৰশংসা কৰিব।

তুলা : (23 ছেপ্টেম্বৰ – 23 অক্টোবৰ)

আপুনি নিজকে সামাজিক কৰি তুলিব আৰু ইয়ে জীৱনত বহুখিনি দিব। আপুনি সৌভাগ্য কঢ়িয়াই আনিব কোনো ব্যক্তিক সোনকালে লগ পাব। জীৱনলৈ অহা পৰিৱৰ্তনে আপোনাক সুখী কৰিব। অতিৰিক্ত ব্যয় এৰাই চলক। আপোনাৰ সংযোগ বৃদ্ধি পাব। এইসকল ব্যক্তিয়ে আপোনাক উপকৃত কৰাটো সময়ত প্ৰমাণিত হব।

বৃশ্চিক : (24 অক্টোবৰ - 22 নৱেম্বৰ)

পৰিকল্পনা আৰু আলোচনাই আজি আপোনাক দিনটো ব্যস্ত কৰি ৰাখিব। নিজৰ ভুল বিচৰাত আপুনি গভীৰভাবে মনোনিৱেশ কৰিব আৰু সমস্যা সমাধানৰ চেষ্টা কৰিব। ইয়ে পৰিস্থিতি আপোনাৰ অনুকূল কৰিব।

আপুনি কামৰ জৰিয়তে লাভ অৰ্জন কৰিব।

ধনু : (23 নৱেম্বৰ – 21 ডিচেম্বৰ)

কামৰ বিপৰীত ক্ৰিয়াই জৰ্জৰিত কৰিব বুলি আপুনি ভয়ত থাকিব। আপুনি খুলাখুলি হওক আৰু সমস্যাত পেলোৱা বিষয় আলোচনা কৰক। আপোনাৰ প্ৰিয়জনে আপোনাৰ সমস্য়া গুৰুত্বসহকাৰে শুনিব আৰু আপোনাক বাৰাক্ৰান্ত হোৱাৰ পৰা ৰ৭া কৰিব। বন্ধুবৰ্গৰ পৰা জীৱনসংগীলৈঃ সকলোৱে আপোনাক সহায় কৰিব। আপোনাৰ কৰ্ম-দক্ষতা বৃদ্ধি পাব। আপুনি আপোনাৰ কাম সম্পূ্ৰ্ণ কৰিবলৈ সক্ষম হব।

মকৰ : ( 22 ডিচেম্বৰ – 20 জানুৱাৰী)

আপোনাৰ আগুৱাই যোৱা কোনো কাম আপুনি কৰিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক কোনো সুখবৰ দিব। আৰু ইয়ে গোটেই দিন আপোনাক আনন্দিত কৰি ৰাখিব। আপুনি সমালোচনালৈ ভয় নকৰিব। লগতে আপুনি নেতিবাচক চিন্তা মনৰ পৰা বিসৰ্জন দিব।। আপনি আপোনাৰ স্বাস্থ্যৰ যতন লব।

কুম্ভ : (21 জানুৱাৰী – 18 ফেব্ৰুৱাৰী)

আপোনাৰ ধনৰ আগমনত কোনো পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা আছে। আপোনাৰ ভালদৰে কৰিব পৰা গুণ আছে। আপুনি সন্মুখীন হোৱা সমস্যা সমাধান কৰিবলৈ সক্ষম হব। নিজৰ ভুল বিচৰাত আপুনি গভীৰভাবে মনোনিৱেশ কৰিব আৰু সমস্যা সমাধানৰ চেষ্টা কৰিব। ইয়ে পৰিস্থিতি আপোনাৰ অনুকূল কৰিব।

মীন: (19 ফেব্ৰুৱাৰী – 20 মাৰ্চ)

পৰিস্থিতিয়ে এটাৰ পৰা আন এটা জটিল ৰূপ লব পাৰে। আপুনি সাংসাৰিক বা আন সম্পৰ্কৰ ক্ষেত্ৰত আগ্ৰাসী ৰূপ লব। আপুনি উতসৰ্গীকৃত মানসিকতাৰে কাম কৰিব আৰু সফলতা আশা কৰিব। আপুনি লাভদায়ক বুলি প্ৰমাণ হেৱা ক্ষেত্ৰত বিনিয়োগ কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com