Begin typing your search above and press return to search.

আজি ২০ জুন, দেওবাৰৰ দিনটোৰ আপোনাৰ ৰাশিফল

জন্মদিনত বৰ্ষচক্ৰৰ ফল (২০ জুনত জন্মদিন থকাসকলৰ)

আজি ২০ জুন, দেওবাৰৰ দিনটোৰ আপোনাৰ ৰাশিফল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jun 2021 1:41 AM GMT

দেওবাৰ, ২০ জুন, ২০২১

জন্মদিনত বৰ্ষচক্ৰৰ ফল (২০ জুনত জন্মদিন থকাসকলৰ)

আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত চন্দ্ৰই শুক্ৰ গ্ৰহৰ লগত বৰ্গাকাৰৰ সৃষ্টি কৰিছে আৰু ই বছৰটোত আপোনাক মিশ্ৰিত ফল দিব। আপোনাৰ কৰ্মস্থলীত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হব পাৰে। আপুনি আঘাত পাব পাৰে, গতিকে সাৱধান হওক। আপুনি সকলোকে কাষত লওক। কাম সম্পূৰ্ণ কৰিবলৈ আপোনাক কাৰ্যালয়ৰ মুৰব্বীয়ে হেঁচা দিব পাৰে। কঠোৰ পৰিশ্ৰম কৰাৰ বাবে আপুনি অসুস্থ হব পাৰে। গতিকে আপুনি কাম আৰু জিৰণিৰ ভাৰসাম্য বৰ্তাই ৰখাৰ প্ৰয়োজন। আপুনি আপোনাৰ পৰিয়ালকো সময় দিব। প্ৰয়োজনত আপোনাৰ ঘনিষ্ঠজনে আপোনাক সহায়-সমৰ্থন কৰিব। জ্যেষ্ঠজনৰ পেঞ্চনৰ পৰিমাণ বৃদ্ধি পাব। সময় আপোনাৰ অনুকূলে থাকিব। আপোনাৰ দৃষ্টিভংগীয়ে জ্যেষ্ঠজনক মুগ্ধ কৰিব। অবিবাহিতসকলে বিয়াৰ প্ৰস্তুতি চলাব। আপুনি ভাল কাম কৰাৰ কৰিব। আপোনাৰ জীৱনলৈ ইতিবাচক সঁহাৰি অহাৰ কথা আপুনি অনুভৱ কৰিব। আপোনাৰ পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে আপোনাক সন্মান জনাব।

শুভ তাৰিখসমূহ : ২,১১,২০, ২৯

শুভ বাৰসমূহ: বুধবাৰ, শুকুৰবাৰ, শনিবাৰ

শুভ ৰংসমূহ : হালধীয়া, সেউজীয়া, নীলা।

ৰাশিফলত আপোনাৰ আগন্তুক সপ্তাহ

মেষ: (মাৰ্চ ২১ – ২০ এপ্ৰিল)

আগন্তুক সপ্তাহে আপোনালৈ উত্তম ফলাফল আনিব। আপোনাৰ বিত্তীয় দিশৰ আৰু আইনী সমস্যাসমূহ দূৰ হব। এই সময়ছোৱা আপোনাৰ বাবে নতুন সংযোগ, যোগাযোগ আদি স্থাপনৰ ক্ষেত্ৰত উত্তম সময়। আপুনি আপোনাৰ পাৰদৰ্শিতাৰ চূড়াত অৱতীৰ্ণ হব। আপোনাৰ চেষ্টাই আপোনালৈ ধন আনিব। আপুনি মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰাৰ এটা প্ৰাকৃতিক গুণ আছে। আপোনাৰ কাম সম্পূৰ্ণ হৈ উঠিব। কৰ্মৰ ক্ষেত্ৰত আপুনি লক্ষ্যত উপনীত হবলৈ সক্ষম হব। আপুনি বন্ধুবৰ্গৰ সৈতে সময় অতিবাহিত কৰিব আৰু আপোনাৰ অনুভৱ তেওঁলোকৰ লগত ভাগ-বাটোৱাৰা কৰিব। আপুনি সন্তানৰ কেৰিয়াৰ স্থিৰ কৰাত সফল হব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকাসকলে ভাল সুযোগ পাব। আশাসুধীয়া কামত ধন ব্যয় হব। আপুনি জীৱনৰ এই অধ্যায় উপভোগ কৰিব।

বৃষ (২১ এপ্ৰিল- ২১ মে')

আপুনি সন্মুখীন হোৱা জটিলতাসমূহ দূৰ হব। ব্যৱসায়ত আপুনি নতুন অভিজ্ঞতা অৰ্জন কৰিব আৰু লাভ আদায় পাব। আপুনি চাকৰিত পদোন্নতি পোৱাৰ সম্ভাৱনা আছে।কৰ্মত আপুনি কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হব। আপুনি সুন্দৰভাবে কাম সম্পূৰ্ণ কৰি গৌৰৱ অনুভৱ কৰিব। আপোনাৰ প্ৰেম-ৰোমান্সৰ জীৱন সুন্দৰ হব। আপুনি জীৱনসংগীৰ সৈতে সুন্দৰ বান্ধোন উপভোগ কৰিব। কোনো মানুহকে ধন ধাৰে নিদিব, কাৰণ সেয়া উদ্ধাৰ কৰিবলৈ কঠিন হব। সম্পৰ্কীয় লোকৰ পৰা অধিক আশা নকৰিব। তেওঁলোকে মাথোঁ আপোনাক হতাশ কৰিব। আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব। আপোনাৰ কোনো উদ্বিগ্নতা নাথাকিব।

মিথুন : (২২ মে'- ২১ জুন)

এই সময়ছোৱা আপোনাৰ অনুকূলে থাকিব। সন্মন্ধীয় ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্ক উন্নত হব। আপুনি ঘৰত কোনো পাৰ্টীৰ আয়োজন কৰিব পাৰে আৰু সেই পাৰ্টীত কোনো বিশেষ ব্যক্তি উপস্থিত থাকিব। ইয়ে আপোনাক আনন্দিত কৰিব। আপোনাৰ কাম সম্পূৰ্ণ হৈ উঠিব। আপোনাৰ কাম লেহেমীয়া হব। কিন্তু কাম সুন্দৰভাবে শেষ কৰাৰ সুযোগ থাকিব। আপুনি পৰিয়াল আৰু ঘৰুৱা দায়িত্বৰ ক্ষেত্ৰটো মনোযোগ দিব। আপুনি কোনো চৰকাৰী সা-সুবিধা লাভ কৰিব। পৰিয়ালৰ সম্পৰ্কত শান্তি বিৰাজ কৰিব। আপুনি স্বামী বা স্ত্ৰী বা জীৱনসংগীৰ লগত উত্পাদনশীল সময় অতিবাহিত কৰিব। আপোনাৰ এইটো বোধ হব যে জীৱন আপোনাৰ ওচৰত এটা সম্পূৰ্ণ সুকীয়া ধৰণেৰে আহিছে আৰু আপুনি এই অধ্যায় উপভোগ কৰিব।

কৰ্কটঃ (২২ জুন – ২২ জুলাই)

আপোনাৰ কাম সম্পূৰ্ণ কৰি আপুনি সুখী হব। এই সময় অনুকূল হোৱাৰ বাবে আপুনি কৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব। সম্পত্তিক লৈ হোৱা বিবাদ কোনোবাজনৰ মধ্যস্ততাত দূৰ হব। মৃদু ভাব বিনিময়ৰ জৰিয়তে আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব। এই সময়ছোৱা আপোনাৰ বাবে আকাংক্ষিত আৰু সৌভাগ্যৰ সময় হব। আপোনালৈ ধনৰ আগমন অব্যাহত থাকিব। ব্যৱসায়ত আপুনি উজ্জ্বলি উঠিব। প্ৰচুৰ পৰিমাণত আপুনি লাভ অৰ্জন কৰিব। সন্তানক লৈ থকা উদ্বেগ দূৰ হব। আজিৰ দিনটো আপোনাৰ বাবে জ্ঞানবৰ্ধক দিন হব। সপ্তাহটোৰ অন্তিমত আপোনাৰ ঘৰলৈ কোনো অতিথি আহিব। আপুনি আনন্দিত হৈ থাকিব আৰু আপোনাৰ মনত শান্তি বিৰাজ হৈ থাকিব। আপুনি আপোনাৰ জ্ঞান আৰু বুদ্ধিমত্তাৰে বিভিন্ন সমস্যা সমাধান কৰিবলৈ সক্ষম হব।

সিংহ: (২৩ জুলাই- ২৩ আগষ্ট)

কেৰিয়াৰত আপুনি উতকৃষ্ট ফল প্ৰদৰ্শন কৰিব। আধাৰুৱা হৈ থকা সকলো কাম আপুনি সম্পূৰ্ণ কৰিব। আপুনি উতকৃষ্ট ফলাফল লাভ কৰিব। আপুনি বিত্তৰে সম্পৰ্কিত কামতো গুৰুত্ব আৰোপ কৰিব। আপুনি উতসাহ-উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব। আপুনি ভাল খাদ্য খোৱাৰ সন্তুষ্টি লাভ কৰিব। আপুনি শান্তিপূৰ্ণ দিন লাভ কৰিব আৰু পুৰাদ্যমে সেয়া উফভোগ কৰিব। আপুনি অনুভূতি আৰু দয়া গুণ অন্তৰত পুহি ৰাখিব। আোপনাৰ সন্তানৰ সৈতেও আপুনি ভাল সময় অতিবাহিত কৰিব। আপোনাৰ কিছু নতুন কাম আৰম্ভ হব। নিবনুৱাসকলে চাকৰিৰ সুযোগ পাব। মইমতালিৰ পৰিৱৰ্তে আপুনি সদ আচৰণ আয়ত্ব কৰাৰ প্ৰয়োজন। ইয়ে আপোনাক সুফল দিব। আপুনি ভাল কাম কৰা উচিত আৰু বুদ্ধিমান ব্যক্তিৰূপে সুযোগ লওক। আপুনি আপোনাৰ দক্ষতা বৃদ্ধি কৰিব।

কন্যা: (২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

আপুনি চেষ্টাৰ বলত অনেক সন্মান অৰ্জন কৰিব। জীৱিকা বা ব্যৱসায়ত আপুনি কিছু লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। চিন্তা-চৰ্চা আৰু কৃতিত্বৰ ক্ষেত্ৰত আপুনি বহু লোকৰ তুলনাত বহু আগত থাকিব। আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হব। পৰিয়ালৰ লগত আপুনি সুন্দৰ সময় অতিবাহিত কৰিব। এই সময়ছোৱা আপোনাৰ বাবে সুন্দৰ হব। আপুনি যি কামেই নকৰক কিয়, সফলতা অৰ্জন কৰিবই। কৰবাত বাধাগ্ৰস্ত হৈ থকা ধন আপোনালৈ আহিব। আপোনাৰ জীৱনসংগী আপোনাৰ কাষত ছাঁৰ দৰে থাকিব। আপোনাৰ যশস্যা বহুগুণে বৃদ্ধি পাব। আপুনি আচাৰ-আচৰণৰ বিষয়ে শিকিব। আপোনৰ দৈনন্দিন জীৱন সুন্দৰভাবে আগবাঢ়িব। যদি আপুনি সঠিক সময়ত সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়া আপোনাৰ নাম-যশস্যা তুংগত উঠিব। আপোনাৰ বুদ্ধিমত্তা সকলোৱে স্বীকাৰ কৰিব।

তুলা: (২৩ ছেপ্টেম্বৰ- ২৩ অক্টোবৰ)

এই সপ্তাহটো আপোনাৰ বাবে অতি সুন্দৰ সপ্তাহ হব। আপুনি দক্ষতা আৰু আন্তৰিকতাৰে আপোনাৰ সকলো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব। অধিক ধন ব্যয় নকৰাকৈ আপুনি বয়-বস্তু ক্ৰয় কৰিবলৈ সক্ষম হব।আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰামৰ্শ উপকাৰী হব। অপ্ৰয়োজনীয় সমস্যাবোৰ সমাধান হব। আপোনাৰ চেষ্টাই ভাল ফলাফল আনিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। সময়মতে আপোনাৰ কাম সম্পূৰ্ণ হৈ উঠিব। আপুনি কম দূৰত্ব ভ্ৰমণ কৰাৰ সুযোগ আছে। ব্যৱসায়ত আপুনি উন্নতি কৰিব। আপুনি সুখী হব আৰু প্ৰিয়জনক লগ পোৱাৰ এটা সুবিধা পাব। পৰিয়ালৰ সৈতে আপুনি ভ্ৰমণত যাব পাৰে। আপোনাৰ পৰিয়ালত একতা থাকিব। ভাগ্যই বহুখিনি দিব। আপুনি সাহস আৰু মানসিক দৃঢ়তা প্ৰদৰ্শন কৰিব।

বৃশ্চিক: (২৪ অক্টোবৰ– ২২ নৱেম্বৰ)

এই সময়ছোৱা আপোনাৰ বাবে টাৰ্ণিং পইণ্টত পৰিণত হব। আপুনি চাকৰিত নতুন পদ লাভ কৰিব। আপোনাৰ ৰাশিচক্ৰত বৃহস্পতি থাকিব আৰু আপোনাৰ স্বাস্থ্য অতি ভাল হব। আপোনাৰ ধৈৰ্য্যই ফল দিব। কোনো প্ৰভাৱশালী ব্যক্তিক লগ পোৱাটোৱে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব। কিন্তু যদি আপুনি আপোনাৰ জীৱনসংগীৰ মতামত বুজি পোৱাৰ চেষ্টা নকৰে, তেতিয়া আপোনালোকৰ দুয়োৰে মাজত গুৰুতৰ ব্যৱধানৰ সৃষ্টি হব। আইনী যুঁজত আপুনি জয় লাভ কৰিব। আপুনি সুকীয়া সুকীয়া কামত ব্যস্ত হৈ থাকিব। আপুনি কাৰ্যালয় আৰু সহকৰ্মীৰ লগত এটা সহাযক দৃষ্টিভংগী গ্ৰহণ কৰিব । ইয়াৰ সুযোগ গ্ৰহণৰ বাবে এই সময় অতি ভাল সময়। আপুনি আপোনাৰ আগ্ৰহ থকা সকলো বিষয়ত জড়িত হৈ পৰিব। আপুনি বাগিচা স্থাপন কৰি, পৰিয়লৰ সদস্যবৰ্গৰ লগত কথাপাতি আৰু খোজকাঢ়ি সন্তুষ্ট হব।

ধনু: ( ২৩ নৱেম্বৰ– ২৩ ডিচেম্বৰ)

আপুনি এতিয়া সৰ্বশ্ৰেষ্ঠ কামটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হব। সম্পত্তিৰ বিষয়ক কথা-বতৰাৰ বাবে এই সময়ছোৱা অনুকূল সময় হব। আপুনি উত্সৰ্গীকৃত মানসিকতাৰে কাম কৰিব আৰু আকাং৭িত সফলতা লাভ কৰিব। আপুনি সন্তুষ্ট হব যে আপুনি বিচৰা ধৰণেৰে কামবোৰ সম্পূৰ্ণ হৈ উঠিব। আপোনাৰ জমা ধনৰ পৰিমাণ বৃদ্ধি পাব। আপুনি চাকৰিৰ বা ব্যৱসায়ৰ কামত ভ্ৰমণ কৰিব লাগিব। কোনো বন্ধুৰ সহায়ৰ বাবে কোনো সমস্যা সমাধান হব। আপোনাৰ কামত চৰকাৰী বিষয়াবৰ্গ সন্তুষ্ট হব। ইয়ে আোপনাৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি কৰিব। আপুনি কোনো ভাল স্মৃতি আহৰণ কৰিব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী আৰু সুস্থিৰ হব। চাকৰি বা ব্যৱসায়ত আপুনি ভাল সুযোগ লাভ কৰিব। আপুনি জীৱনত উন্নতি কৰিব। আপোনাৰ সকলো সপোন পূৰণ হব।

মকৰ: (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপুনি আগন্তুক সপ্তাহ ভালদৰে পাৰ কৰিব। আপুনি নিজকে বিশ্লেষণ আৰু পুনৰীক্ষণ কৰি চাব। আপুনি সম্পৰ্ক আৰু যোগাযোগৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিব। আপুনি উষ্ম আৰু পূৰ্ণাংগতাৰে কোনো বিশেষ ব্যক্তিৰ লগত জড়িত হৈ পৰিব। নতুন চাকৰি বা ব্যৱসায়ৰ প্ৰস্তাব আপোনালৈ আহিব পাৰে। আপোনাৰ যোগ্যতা প্ৰতিজন ব্যক্তিয়ে জানিব। আপুনি ব্যসায়িক ভ্ৰমণৰ পৰিকল্পনা কৰিব। আপোনাৰ বিত্তীয় অৱস্থা সন্তোষজনক হব। অংশীদাৰিত্ব ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি লাভ অৰ্জন কৰিব। কাৰ্যালয় বা কৰ্মস্থলীত আপুনি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হব। আপুনি চেষ্টাৰ বলত ভাল আয় কৰিবলৈ সক্ষম হব। কোনোবাজনৰ পৰা আপুনি মূল্যবান উপহাৰ লাভ কৰিব। ঘৰৱা বিষয়ত আপুনি গুৰুত্বপূ্ৰ্ণ সিদ্ধান্ত লব। আপুনি নিয়মানুৱৰ্তি হৈ থাকিব আৰু তাৰ পাঠ নিজৰ সন্তানকো দিব।

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী )

আপোনাৰ বাবে সকলো দিশৰ পৰাই আগন্তুক সপ্তাহ ভাল হব। আপুনি সুখেৰে সময় অতিবাহিত কৰিব। আপুনি খং-ক্ষোভো নিয়ন্ত্ৰণত ৰাখিব। ভাই-ভনীৰ মাজৰ মত পাৰ্থক্য দূৰ হব। আপুনি ভ্ৰমণৰ সময়ত ৰেল বা বিমান ধৰিব নোৱাৰিব পাৰে। আনৰ মনত আপোনাৰ ভাবমূৰ্তি উন্নত হব। আপুনি বিত্তীয় লাভ অৰ্জন কৰিব। বিবাহিতসকলৰ জীৱনলৈ বসন্তৰ উন্মনা ঘূৰি আহিব। আপুনি ওচৰৰ সুন্দৰ ঠাইসমূহ ভ্ৰমণ কৰিব। আপুনি আপোনাৰ দায়িত্বও সুন্দৰভাবে পালন কৰিব। আপনি আপোনাৰ ঘৰো সুন্দৰভাবে সজাব। আপুনি মানসিক শান্তি লাভ কৰিব। ধন সম্পৰ্কীয় কথা-বতৰাত আপোনাৰ মন বান্ধ খাই থাকিব। জীৱনত আপোনাৰ আগুৱাই যোৱাৰ আকাংক্ষা থাকিব। কঠোৰ আৰু মানসিক দৃঢ়তাৰ জৰিয়তে আপুনি কঠিন পৰিৱেশ অতিক্ৰম কৰিব। আপুনি জৰিয়তে সুফল পাব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

এই দিনবোৰ আপোনাৰ বাবে অনূকুল দিন। আপোনাৰ শাৰীৰিক স্বাস্থ্য অটুট থাকিব। আপুনি পৰিয়ালক সমস্যাৰ মুক্ত কৰি ৰখাৰ চেষ্টা কৰিব আৰু সেয়া কৰিব পাৰিবও। আপুনি জীৱনৰ ক্ষেত্ৰত সদায়ে ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে। আপুনি লৰা-ঢপৰা কৰি কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব। .ব্যৱসায়িক চুক্তিবোৰ পূৰণ হব। ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰৰ ক্ষেত্ৰত বিকল্প বিচাৰিব। আনৰ কথাত হস্তক্ষেপ কৰাৰ পৰা আপুনি বিৰত থাকিব। আপুনি আপোনাৰ ঘনিষ্ঠজনৰ বাবে এটা উপহাৰ ক্ৰয় কৰিব। কোনো ঘনিষ্ঠজনৰ স্মৃতিত আপুনি কিছু ভাল কাম কৰিব। আপোনাৰ মন ইতিবাচক হৈ থাকিব। কেৰিয়াৰৰ পথত থকা বাধা-বিঘিনী আঁতৰ হব। ভাগ্য আপোনাৰ পক্ষত থাকিব। আলহীৰ আগমনে আপোনাক সুখী কৰিব।

Next Story