Begin typing your search above and press return to search.

আজিৰ দিনটো ২২ জুন, মঙলবাৰ, ২০২১ৰ ৰাশিফল

জন্মদিনত বৰ্ষফল জানো আহক

আজিৰ দিনটো ২২ জুন, মঙলবাৰ, ২০২১ৰ ৰাশিফল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Jun 2021 5:02 AM GMT


( জন্মদিনঃ ২২ জুন)

জ্ন্মদিনত বৰ্ষফল

আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত চন্দ্ৰই নেপচুনৰ লগত কৌণিক অৱস্থান কৰিছে আৰু ইয়ে আপোনালৈ সুফল কঢ়িয়াই আনিব । আপুনি মানুহৰ লগত যথেষ্ট ভাব বিনিময় কৰিব। আপুনি অধিক বহিঃমুখী হব। ইয়ে আপোনাৰ সৈতে সংযোগ বহু পৰিমাণে বৃদ্ধি কৰিব আৰু নতুন নতুন মানুহৰ লগত বন্ধুত্ব গঢ়িব। আপোনাৰ পেচাগত দিশত বন্ধু-বান্ধৱীৰ সংখ্যা বৃদ্ধি পাব আৰু ই আপোনাৰ বাবে বহুল উপকাৰত পৰিণত হব। কোনো মানুহে আপানালৈ সময়োচিত সহায়-সমৰ্থন আগবঢ়াব। আপোনালৈ চাকৰিৰ নতুন নতুন প্ৰস্তাৱ আহিব। আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব আৰু মাজৰ পৰা এক নতুন ব্যক্তিত্ব প্ৰতিভাত হব। প্ৰেম-ৰোমান্সৰ সম্পৰ্ক বিবাহত পৰিণত হব পাৰে। আপোনাৰ গৃহত শান্তি-সম্প্ৰীতি বিৰাজ কৰিব। আপুনি পৰিয়ালৰ লগত বন্ধৰ দিন উদযাপনৰ পৰিকল্পনা কৰিব। জীৱনসংগীয়ে আপোনাক সহযোগ আগবঢ়াই যাব। আপোনাৰ স্বাস্থ্য অটুট থাকিব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হব। অধ্যয়ন তথা পঢ়া-শুনাত ছাত্ৰ-ছাত্ৰীসকল উজ্জ্বলি উঠিব। আপোনাৰ আহাৰ সুষম কৰি ৰাখিব আৰু স্বাস্থ্য পৰীক্ষা কৰাই থাকিব। ইয়ে আপোনাক সুস্থ-সবল কৰি ৰাখিব।

শুভ তাৰিখসমূহ : ৪, ২২, ১৩।

শুভ দিনসমূহ : বুধবাৰ, বৃহস্পতিবাৰ, সোমবাৰ

শুভ ৰংসমূহ : শেঁতা গুলপীয়া, শেঁতা নীলা, পাতল হালধীয়া

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ ব্যক্তিত্ব মোহনীয় আৰু আপুনি প্ৰাণ-শক্তিৰে ভৰপূৰ। এই সময়চোৱা আপুনি সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। আপুনি কোনোবা এজনৰ লগত ডেটিং কৰাৰ পৰিকল্পনা কৰিব পাৰে আৰু শিঁহৰিত মনেৰে আপুনি এই কাম আৰম্ভ কৰিব। আপোনাৰ বিত্তীয় অৱস্থা অতি উন্নত হব। কিন্তু আপুনি নতুন কামত অতিৰিক্ত যতন লব লাগিব। আপুনি প্ৰেক্টিকেল হব লাগিব আৰু সপোন দেখা বন্ধ কৰাৰ প্ৰয়োজন। তেতিয়া আপুনি ততালিকে ফলাফল পাব।

বৃষ: (২১ এপ্ৰিল – ২১ মে')

আপুনি আগবাঢ়ি যাবলৈ ভাল পায় আৰু সেই কাৰণে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক উতসাহিত কৰাটো অব্যাহত ৰাখিব। আপোনাৰ এনে পদক্ষেপসমূহে আপোনাক মূৰ ঘূৰাই যোৱা উচ্চতালৈ লৈ যাব। আপুনি অধিক আবেগিক হৈ পৰিব আৰু পৰিয়ালৰ প্ৰতি আপোনাৰ বান্ধোন বৃদ্ধি পাব। মচলাযুক্ত আহাৰ খোৱাৰ পৰা বিৰত থাকিব। সাধাৰণ আহাৰ গ্ৰহণ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল পাব।

মিথুন : (২২ মে'- ২১ জুন)

আপুনি অধিক সাৱধানী আৰু যতনশীল হওক। আপোনাৰ পত্নী বা স্বামীৰ দৃষ্টিত আপোনাৰ মানসিকতা জটিলৰূপে ধৰা পৰিব। ইয়ে অ-প্ৰয়োজনীয় ঘৰ্ষণৰ সৃষ্টি কৰিব আৰু দুয়োকে অসুখী কৰি ৰাখিব। আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ নিজৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিয়ক। আপোনাক কোনো ৰাজনৈতিক সমস্যা সমাধান হব। আপুনি অত্যন্ত প্ৰয়োজনত পৰিয়াৰ আৰু বন্ধুবৰ্গৰ পৰা সহায়-সহযোগিতা পাব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি অসুবিধাজনক পৰিস্থিতিৰ সন্মুখীন হব পাৰে আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি নাপাব পাৰে। আপোনাক উদ্ধাৰ কৰিবলৈ আপোনাৰ জীৱনসংগী আগবাঢ়ি আহিব আৰু আপোনালৈ অতি প্ৰয়োজনীয় সহায়ৰ হাত আগবঢ়াই দিব। অভিজ্ঞ ব্যক্তিৰ সৈতে থকা ঘনিষ্ঠতা অতি সহায়ক আৰু লাভদায়কৰূপে প্ৰমাণিত হব। আপোনাৰ প্ৰেমজীৱন অতি সুন্দৰ হব। এয়া আপুনি উপভোগ কৰক।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনৰ ওচৰত জটিল কথা-কাম যিমানেই কম থাকিব সিমানেই আপুনি কেনেধৰণৰ ব্যক্তিৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়িব, সেই বিষয়ে চিন্তা কৰি থাকিব । আপুনি প্ৰেমিক বা প্ৰেমিকাৰ লগত ফুৰিবলৈ ওলাই যাব। কিছুমান কামৰ বাবে সমালোচিত হব। কিন্তু সেই সমালোচনাই আপোনাৰ ওপৰত কোনোধৰণে প্ৰভাৱ নেপেলায়। আপোনাৰ উদ্যম অটুট থাকিব।

কন্যা: (২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

আপুনি খেলি-মেলি থকা সম্পৰ্ক ভাল নাপায়। গতিকে ভৱিষ্যতলৈ আগুৱাই যোৱাৰ বাবে আপুনি কৰিবলগীয়া বহুখিনি আছে। আপুনি অবিভাজিত যি আকৰ্ষণ বিচাৰে, সেয়া আপোনালৈ আহিব। আপোৱাৰ কৰ্ম-শক্তি বৃদ্ধি পাব। আপুনি আপোনাৰ লক্ষ্যত উপনীত হবলৈ সক্ষম হব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব। ধনৰ আৰ্জন অব্যাহত থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ- ২৩ অক্টোবৰ)

বৰ্তমানৰ সম্পৰ্কত আপুনি অধিক স্বাধীনতা বিচাৰিব আৰু কোনো ক্ষেত্ৰতে কম হলে সুস্থিৰ নহব। আনকি যদি আপুনি আগুৱাই যাবলৈ বিচাৰে তেন্তে কোনো অনুশোচনা নোহোৱাকৈ আপুনি সেই কাম কৰিব লাগিব। আপুনি পুৰণি বন্ধুবগৰ্ক লগ পাব আৰু নষ্টালজিক হব। কথা কওঁতে আপুনি সাৱধান হোৱা উচিত , কাৰণ আপোনাৰ কঠোৰতাই আনৰ মনত দুখ দিব পাৰে। আপুনি প্ৰতিজ্ঞাবদ্ধতা আৰু সম্বৰণশীলতা প্ৰদৰ্শন কৰা উচিত।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ হৃদয় অস্থিৰ হলেও ধীৰে-সুস্থিৰে আগবাঢ়ক । কাৰণ চিন্তা আৰু কামৰ দিশৰ পৰা আপোনাৰ পৰা সম্পূ্ৰ্ণৰূপে সুকীয়া কোনো ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। আপোনাৰ ঘৰ আৰু কাৰ্যালয়ত কঠিন পৰিৱেশ বিৰাজ কৰিব। আপুনি সকলো ক্ষেত্ৰতে ভাৰসাম্য ধৰি ৰখাৰ প্ৰয়োজন। আপুনি কোনো জৰুৰী কাম যুদ্ধকালীন ততপৰতাৰে কৰিবলগীয়া হব পাৰে।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

অতীতৰ কোনো বেদনাদায়ক ব্ৰেক-আপৰ পৰা আপুনি এতিয়াও সম্পূৰ্ণৰূপে উদ্ধাৰ পোৱা নাই। এনে অৱস্থাতে আপুনি কোনো নতুন ব্যক্তিক লগ পাব। দুয়োৰে মাজত শক্তিশালী প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। কিন্তু এতিয়ালৈকে আপুনি কোনো প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ লেখীয়াকৈ থাকিব। আপোনাৰ বন্ধু বা পৰিচিতজনে সন্মুখীন হোৱা সমস্যা দূৰ হব। কৰ্মৰ জৰিয়তে আপুনি অতি জনপ্ৰিয় হব।

মকৰ: (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপুনি আপোনাক ব্যক্তিৰূপে সকলোৱে গ্ৰহণ কৰাটো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কাৰোৰে সৈতে সম্পৰ্ক গঢ়ি নোতোলে। আপুনি প্ৰেমিক বা প্ৰেমিকাৰ লগত এক কম দূৰত্বৰ ভ্ৰমণসূচী হাতত লব পাৰে। বুজাপৰা থকা কোনো ব্যক্তিক আপুনি সাক্ষাত কৰিব পাৰে। পৰিয়ালৰ লগত আপুনি কোনো অনুষ্ঠান সুখেৰে উদযাপন কৰিব। আপোনালৈ নতুন কোনো চাকৰি বা ব্যৱসায়ৰ প্ৰস্তাৱ আহিব।

কুম্ভ: (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আনৰ ইৰ্ষাৰ পাত্ৰ হব পাৰে। এনে অৱস্থাত আপোনাৰ জীৱনসংগীয়ে আপোনাক আশ্বস্থ কৰিব যে আপুনি একক। জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী পূৰ্বতকৈ অধিক ইতিবাচক হব। পূৰ্বতকৈ আপুনি অধিক ধনৰ লাভ অৰ্জন কৰিব।আপুনি আজিৰ দিনটো উপভোগ কৰক।

মীন : (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

কোনো ভ্ৰমণৰ সময়ত লগ পোৱা কোনো ব্যক্তিৰ প্ৰেমত আপুনি পৰিব পাৰে। আন ঠাইৰ কোনো ব্যক্তিৰ প্ৰতি আপুনি আকৰ্ষিত হব পাৰে আৰু সেই ব্যক্তিজনৰ লগত আপুনি সুখী হব। আপুনি উদ্যম আৰু উত্সাহ অনুভৱ কৰিব। কৰ্মৰতসকলে বোনাচ আৰু ভাট্টা পাব পাৰে। বৃহত্ পৰিমাণত আপুনি ধন অৰ্জন কৰিব পাৰে।

Next Story
চাকৰি