আপোনাৰ ৰাশিফলঃ আজি, বৃহস্পতিবাৰ, ১ জুলাই, ২০২১-ৰ দিনটোৰ

১ জুলাইত জন্মদিন থকাসকলে বৰ্ষফলো চাব পাৰে
আপোনাৰ ৰাশিফলঃ আজি, বৃহস্পতিবাৰ, ১ জুলাই, ২০২১-ৰ দিনটোৰ

                                                                                         জন্মদিনত বৰ্ষফল

আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত চন্দ্ৰই বৃহস্পতিৰ লগত ১৬০ ডিগ্ৰীৰ কোণ কৰিছে, ইয়ে আপোনাক মিশ্ৰিত ফল দিব। আপোনাৰ কথাই কোনো ব্যক্তিক আঘাত হানিব, সিয়ে দুয়োৰে সম্পৰ্কত তিক্ততাৰ সৃষ্টি কৰিব পাৰে। আপুনি হাস্যৰসবোধ সৃষ্টিৰ বাবে কথা-বতৰাত সুন্দৰ শব্দ প্ৰয়োগ কৰা উচিত। আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাতো সফলতা অৰ্জন কৰিব, কিন্তু তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীক সন্তুষ্ট ৰাখিবলৈও কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তেওঁলোকে আপোনাৰ পৰা বহুখিনি আশা কৰিব। আপুনি ভৱিষ্যতৰ যি পৰিকল্পনা কৰিছে, সেই পৰিকল্পনাত উপনীত হবলৈ বহু বাধা-বাঘিনী অতিক্ৰম কৰিব লাগিব। কিন্তু সৰ্বশেষত আপুনি জয়ী হব। আপুনি সফলতা অৰ্জন কৰিব আৰু আোপনাৰ দৈনদ্দিন জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আহিব। কামৰ ক্ষেত্ৰত আপোনাৰ যশ-খ্যাতি আৰু জনপ্ৰিয়তা বৃদ্ধি অটুট থাকিব। আপুনি নতুন প্ৰেমপাশত আবদ্ধ হব, ইয়াৰ পৰিণতি বিবাহ হবলৈ পাৰে। এই সময় আপোনাৰ বাবে পৰিয়ালৰ লগত কটোৱাৰ সময়। আপুনি সুন্দৰভাবে আপোনাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব। আপুনি সুচিন্তিতভাবে বিনিয়োগৰ সিদ্ধান্ত লব।

শুভ তাৰিখসমূহ : ১, ১০. ১৯. ২৮

শুভ বাৰসমূহ : সোমবাৰ, বুধবাৰ, শুকুৰবাৰ

শুভ ৰংসমূহ : ৰঙা, সেউজীয়া, হালধীয়া

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

প্ৰেম-জীৱন আপোনাৰ ইনুকূল হব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সুখী কৰি ৰাখিব। আৰু আপুনি তেওঁ আপোনাৰ প্ৰতি দেখুওৱা মনোযোগ উপভোগ কৰিব। আপুনি আপোনাৰ লক্ষ্যত উপনীত হবলৈ কঠোৰ পৰিশ্ৰম কৰিব। আপুনি আপোনাৰ কৰ্তব্য দক্ষতাৰে সম্পাদন কৰিব। ক'ৰবাত আবদ্ধ হৈ থকা ধন আপুনি লাভ কৰিব। আজিৰ দিনটো আোপানৰ বাবে এটা ভাল দিন।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

যদি আপুনি অ-বিবাহিত তেন্তে, আপোনাৰ প্ৰতি প্ৰচুৰ মৰম-স্নেহ দেখুওৱা কোনোবাজনক লগ পাব। আপুনি সুন্দৰ সম্পৰ্ক উপভোগ কৰিব পৰা সেই ব্যক্তিজনৰ প্ৰেমত পৰিব। আপোনাৰ ব্যয় নিয়ন্ত্ৰণত থাকিব। আপোনাৰ বন্ধুবৰ্গই আপোনালৈ সহায়-সহযোগিতা আগবঢ়াই যাব। আপোনাক সমস্যাত পেলোৱা মানসিক চাপ দূৰ কৰিবলৈ সক্ষম হব।

মিথুন : (২২ মে' – ২১ জুন)

দীৰ্ঘদিনৰ পাছত আপুনি শান্ত-সৌম্য হব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত দেখা দিয়া দুঃশ্চিন্তা হ্ৰাস পাবলৈ ধৰিব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সংগ উপভোগ কৰিব। আপুনি বিত্তীয় দিশত ভাল লাভ অৰ্জন কৰিব। কিন্তু আপোনাৰ শত্ৰু আৰু প্ৰতিদ্বন্দ্বী আপোনাৰ চিন্তাৰ কাৰক হৈ থাকিব। অৱশ্যে আপোনাক তেওঁলোকে বেছি অশান্তি দিব নোৱাৰিব। কোনো তৃতীয় ব্যক্তিক ধন নিদিব।

কৰ্কট ৰাশি (২২ জুন-২২ জুলাই')

আপুনি এই সময়ছোৱাত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ওপৰত অধিক নিৰ্ভৰশীল হব। আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব। আপুনি প্ৰতিদ্বন্দ্বীক পৰাভুত কৰিবলৈ সক্ষম হব। আপুনি দৰিদ্ৰ লোকক সহায় কৰিব। মানুহৰ উপদেশ গুৰুত্বসহকাৰে গ্ৰহণ কৰক।

সিংহ ৰাশি (২৩ জুলাই-৩ আগষ্ট') ভাল-বেয়াৰ মাজৰ ভালটো আপুনি গ্ৰহণ কৰক। আপোনাৰ স্বাধীনটিতিয়া মনোভাবে আপোনাক অধিক স্বতন্ত্ৰতীয়া কৰি তুলিব, যিটো আপোনাৰ সংগীয়ে ভাল নেপাব পাৰে। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপুনি নতুন কৌশল গ্ৰহণ কৰিব। আনৰ সৈতে আপোনাৰ ভাব-বিনিময় বৃদ্ধি পাব। আপুনি তেওঁলোকক সাক্ষাতত ব্যস্ত থাকিব।

কন্যা (২৪ আগষ্ট-২২ ছেপ্টেম্বৰ) আপোনাক এক ভ্ৰমণলৈ পঠিওৱা হব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আজিৰ দিনটোৰ অন্তিমফালে সাক্ষাত দিব পাৰে। আপুনি সন্তানক শিক্ষাদানত ব্যস্ত থাকিব। সন্তানক সকলো গুৰুত্বপূৰ্ণ বস্তু যোগান ধৰাত ব্যস্ত হব।আপোনাৰ পথৰ পৰা বাদা-বিঘিনী আঁতৰ হব। ধনৰ আগমন ঘটিব আৰু আয় বৃদ্ধি পাব।

তুলা (ছেপ্টেম্বৰ২৩-২৩ আগষ্ট) আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ মনৰ পৰা অতি চেষ্টা কৰিও ভুল বুজাবুজি দূৰ কৰিবলৈ সক্ষম নহব। খৰতকীয়াকৈ লোৱা এটা যাত্ৰা আৰম্ভ হব পাৰে। জ্ঞানৰ ক্ষেত্ৰত আপুনি আনতকৈ আগবঢ়া হব। আপুনি চাকৰিত প্ৰমোচন লাভ কৰিব।

বৃশ্চিক (২৪ অক্টোবৰ-২২ নৱেম্বৰ) আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কিছু ত্যাগ কৰাটো বিচাৰিব, কিন্তু সে.া হৈ নুঠিলে আপুনি ক্ষুব্ধ হব। আপুনি আলোচনাৰ মাজেৰে প্ৰতিবন্ধকতা দূৰ কৰিবলৈ সক্ষম হব। কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি প্ৰদৰ্শন কৰা ফলাফল আপোনাৰ অনুকূল নহব পাৰে। আপুনি আপোনাক আগবঢ়াই নিয়াৰ প্ৰয়োজন। সফলতা আহি আছে।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আজি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰিয়ালক লগ পাই কিছু নাৰ্ভাছ হব। অৱশ্যে সকলো ঠিকে-ঠাকে আগবাঢ়িব আৰু তেওঁলোকে সুন্দৰভাবে আদৰণী জনাব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত কোমলতা আৰু সহজতা—দুয়োটাই থাকিব। আপুনি নতুন সামগ্ৰী ক্ৰয় কৰিব। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য উন্নত হব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি কাৰোবাৰ পৰা পোৱা সতৰ্কতাৰ বাৰ্তা দলিয়াই নেপেলাব। অন্যথা আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। আপুনি জীৱনত ধীৰে-স্থিৰে আগবাঢ়ক আৰু সঠিক সিদ্ধান্ত লব। আপুনি সঠিক ক্ষেত্ৰত কৰিবলৈ লোৱা বিনিয়োগৰ ক্ষেত্ৰত পলম নকৰিব। আপুনি আপোনাৰ সপোন পূৰণ কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ এয়াই উপযুক্ত সময়।

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ কোনো আত্মীয় ব্যক্তিয়ে আপোনাৰ প্ৰেমৰ সম্পৰ্কত আউল লগাব পাৰে। আপুনি বিবাদ এৰাই চলা উচিত আৰু পৰিপক্কতাৰে পৰিস্থিতি চম্ভালী লোৱা উচিত। আপুনি প্ৰতিটো স্তৰত সন্মুখীন হোৱা সমস্যা সমাধান কৰি আহিছে। আপুনি এতিয়া ঘনিষ্ঠজনৰ পৰা পৰামৰ্শ লব। তাৰ পৰা আপুনি উপকৃত হব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি চৰম আনন্দ উপভোগ কৰাৰ প্ৰচুৰ সুযোগ পাব। আপুনি এনে সুয়োগ গ্ৰহণ কৰিবনে? এই প্ৰশ্ন নিৰ্ভৰ কৰিছে, আপোনাৰ মানসিক অৱস্থা আৰু অভিপ্ৰায়ৰ ওপৰত। আপুনি আমোদ-প্ৰমোদত সময় অতিবাহিত কৰিব। কামৰ প্ৰতি আপোনাৰ মনোযোগ অব্যাহত থাকিব। আপুনি চাকৰিৰ নতুন অফাৰ পাব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com