Begin typing your search above and press return to search.

আজি ১৩ জুন, ২০২১—আপোনাৰ ৰাশিফলে আজিৰ দিনটোৰ বিষয়ে কি কয় চাওঁ আহক

আজি ১৩ জুন, ২০২১—আপোনাৰ ৰাশিফলে আজিৰ দিনটোৰ বিষয়ে কি কয় চাওঁ আহক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jun 2021 5:59 AM GMT


১৩জুন, ২০২১ত জন্মদিনঃ আজিৰ দিনটো যিসকলৰ জন্মদিন , তেওঁলোকৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত চন্দ্ৰক দেখা গৈছে। ইয়ে আপোনাক গোটেই বছৰটোত সুফল দিব। জীৱনত উন্নতি কৰাৰ আপুনি প্ৰচুৰ সুযোগ পাব। আপোলালৈ ধনৰ আগমন অব্যাহত থাকিব। আপুনি ব্যৱসায়ৰ কিছু নতুন পথৰ সন্ধান কৰি ভাল পাব। আৰু নতুন ব্যৱসায় অথবা ব্যৱসায়িক অংশীদাৰিত্বত প্ৰৱেশ কৰিব। আপুনি আপোনাৰ উন্নত কথোপকথন কৌশল ব্যৱহাৰ কৰি সৰ্বোত্তম সুযোগ লব পাৰিব। আৰু আপুনি কোনো ডাঙৰ ঠিকা বা ৱৰ্ক অৰ্ডাৰ লব। তদুপৰি আপুনি নতুন আনন্দদায়ক প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব। সম্পৰ্ক আগবাঢ়ি যাব। আপুনি বিয়াৰ কথা চিন্তা কৰিব পাৰে আৰু জীৱন থান-থিত লগাব। ছাত্ৰ-ছাত্ৰীকলে কঠোৰ পৰিশ্ৰম কৰিব আৰু পৰীক্ষা বা সাক্ষাতকাৰত সফলতা অৰ্জন কৰিব। বিদেশত চাকৰি বিচাৰি থকাসকলে সফলতা অৰ্জন কৰিব। সৃষ্টিশীল কাম-কাজৰে জড়িতসকলেও সফলতা অৰ্জন কৰিব। সমাজৰ প্ৰতি আপুনি আগবঢ়োৱা অৱদানে প্ৰচাৰ অৰ্জন কৰিব। আপুনি পৰিয়ালৰ সদস্যৰো যতন লব।

এইসকলৰ বাবে শুভ তাৰিখঃ ৪, ১৩ আৰু ২২। শুভ বাৰঃ মঙল, শুকুৰ আৰু শনি। শুভ ৰংঃ মৌৰাৰ দৰে নীলা, মুগা আৰু গাঢ় বেঙুনীয়া (পাৰ্পল) ।

মেষ ৰাশি( জন্মদিনঃ ২১ মাৰ্চ-২০ এপ্ৰিল)ৰ ব্যক্তিৰ বাবে আজিৰ দিনটো

আপোনাৰ বাবে আজিৰ দিনটো শান্তিপূৰ্ণ দিন হব। আপুনি আজি জিৰণিৰ মাজেৰে দিনটো পাৰ কৰিব আৰু জীৱনক লৈ আপুনি ইতিবাচক দৃষ্টিভংগী গঢ়ি তুলিব। আপুনি আপোনাৰ জ্যেষ্ঠজনৰ তত্বাৱধান লব আৰু তেওঁলোকৰ স্বাস্থ্যৰ যতন লব। আপুনি আপোনাৰ অসমাপ্ত কাম সম্পূৰ্ণ কৰিব। আপুনি কামত লাভ অৰ্জন কৰিব। আপোনাৰ সন্মানো বৃদ্ধি পাব। আপুনি পৰিয়ালক ফলপ্ৰদ সময় দিব। আপোনাৰ বাবে চাকৰিৰ নতুন সুযোগ থাকিব। আপোনাৰ বাবে ইতিবাচক কাম সমাধা হব। অবিবাহিতসকলৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিব। আপুনি নতুন বন্ধুত্ব গঢ়াত আগ্ৰহী হব। অপোনাৰ নাম আৰু যশস্যা বৃদ্ধি পাব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী আৰু সুস্থিৰ হব। যোগ, ধ্যান আৰু প্ৰাৰ্থনাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব।

বৃষ ৰাশি(জন্মদিনঃ ২১ এপ্ৰিলৰ পৰা ২১ মে')-ৰ বাবে আজিৰ দিনটো

আপোনাৰ পেচাত আপুনি লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আপোনাৰ আত্মসন্মান বৃদ্দি পাব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব। আপোনাৰ বাবে চাকৰিৰ নতুন সুযোগ উপলব্ধ হব। ৰাজনৈতিক প্ৰতিপত্তী থকা ব্যক্তিৰ লগত আপোনাৰ সংযোগ স্থাপন হব। আপুনি সম্পৰ্কীয় ব্যক্তি আৰু বন্ধুবৰ্গৰ দ্বাৰা উপকৃত হব। আপুনি কোনো ডাঙৰ সুযোগ লাভ কৰিব পাৰে। আপুনি কোনো উচ্চপদস্থ বিষয়াক লগ পাব পাৰে, যিয়ে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। পৰিয়ালৰ লগত আপুনি আনন্দকৰ মুহূৰ্ত অতিবাহিত কৰিব। আপুনি আপোনাৰ ব্যয় হ্ৰাস কৰাৰ প্ৰয়োজন। আপোনাৰ অৱস্থা উন্নত হব। আপুনি কৰিবলৈ লোৱা কাম সম্পূৰ্ণ হৈ উঠিব। আপোনাৰ মন সুখী হব। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ মন আকৰ্ষিত হব।

মিথুন ৰাশি (জন্মদিনঃ ২২ মে'ৰ পৰা ২১ জুন)-ৰ ব্যক্তিৰ বাবে আজিৰ দিনটো

আপুনি মনত বিপুল শান্তি লাভ কৰিব। আপুনি কাৰোবাৰ পৰা পাবলগীয়া ধন লাভ কৰিব। পৰিয়ালক আপুনি অগ্ৰাধিকাৰ দিব। আপুনি আপোনাৰ কোনো পুৰণি বন্ধুক লগ পাব। ইয়ে আপোনাক সুখী কৰিব। আপোনৰ ব্যৱসায-বাণিজ্য উন্নত হব। সংগীৰ সৈতে আপোনাৰ বান্ধোন উন্নত হব। আপোনাৰ জীৱনশৈলীলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ আপুনি সক্ষম হব। কাৰোবাৰ পৰা পাবলগীয়া ধন আপুনি উদ্ধাৰ কৰিবলৈ সক্ষম হব। আপুনি সুচিন্তিতভাবে কৰা সকলো বিনিয়োগে ভৱিষ্যতে আপোনাক উপকৃত কৰিব। আপুনি আপোনাৰ উৰ্ধতন মুৰব্বী আৰু সহকৰ্মীৰ লগত সু-সম্পৰ্ক ধৰি ৰাখিব। আপোনাৰ দিন ভাললৈ আহিব। অনেক প্ৰভাৱশালী ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্ক গঢ়ি উঠিব।

কৰ্কট ৰাশি (জন্মদিনঃ ২২ জুনৰ পৰা ২২ জুলাইলৈ)-ৰ ব্যক্তিৰ বাবে আজিৰ দিনটো

আগন্তক সপ্তাহটোত আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হব। কিছুমান মানুহে আপোনাক ভুলকৈ বুজিব। শত্ৰৰ আৰু প্ৰতিদ্বন্দ্বী আপোনাৰ বাবে চিন্তৰ কাৰক হৈ উঠিব। জীৱন সংগীৰ সৈতেও আপোনাৰ মতানৈক্য গঢ়ি উঠিব। কিন্তু দ্বন্দ্বৰ কাৰকবোৰ সমাধা হব। শক্তিশালী ইচ্ছাশক্তিৰ বলত আপুনি আগবাঢ়ি যাব। এই সময়চোৱা আপোনাৰ বাবে অনুকূল। আপুনি দৃষ্টিভংগীৰ জৰিয়তে উৰ্ধতন মুৰব্বীৰ আস্থা অৰ্জন কৰিব। আপুনি মানসিক শান্তিত থাকিব। আপোনাৰ কাম-কাজৰ গতি বৃদ্ধি পাব। আপুনি নিজৰ মানুহৰ সংগত থাকিব আৰু সজীৱ অনুভৱ কৰিব।

সিংহ ৰাশি (জন্মদিনঃ ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ)-ৰ ব্যক্তিৰ বাবে আজিৰ দিনটো

আপোনাৰ ক্ষেত্ৰত কোনো ইতিবাচক ঘটনা সংঘটিত হব আৰু ইয়ে আপোনাক সুখী কৰিব আৰু আপোনাৰ অৱস্থা উন্নত কৰিব। এই সময়ছোৱা আপোনাৰ বাবে অতি অনুকূল সময়। আপুনি শান্তিৰ মাজেৰে আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব। পতি-পত্নীৰ ইজনে সিজনৰ অনুভৱ বুজি পাবলৈ সক্ষম হব আৰু পৰস্পৰে পৰস্পৰক সহায় কৰিব। লাভ অৰ্জনৰ বাবে আপুনি ভিন্ন পৰিকল্পনা কৰিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। ব্যক্তিগত জীৱনত আপুনি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় উপস্থিত হৈছে। আপুনি উজ্জীৱিত অনুভৱ কৰিব । আপোনাৰ ঘৰত শান্তিৰ পৰিৱেশ বিৰাজ কৰিব।

কন্যা ৰাশি (জন্মদিনঃ ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ)-ৰ ব্যক্তিৰ বাবে আজিৰ দিনটো

হঠাতে আপোনাৰ ক্ষেত্ৰত এক জটিল গঢ়ি উঠিব। আপুনি আপোনাৰ পিতৃ-মাতৃ বা পৰিয়ালৰ জ্যোষ্ঠজনৰ স্বাস্থ্যক লৈ চিন্তাত পৰিব । আপুনি সাহসেৰে পৰিস্থিতিৰ সন্মুখীন হব লাগিব। । আপুনি কল্পনাৰ জগতৰ পৰিৱৰ্তে বাস্তৱসন্মত হওক। অন্যথা আপুনি আপোনাৰ সৈতে কি ঘটিছে, সেয়া অনুধাৱন কৰিব নোৱাৰিব। আপুনি আপোনাৰ সন্তানৰ চিন্তা-ধাৰা বুজি পোৱা উচিত। তেওঁলোকৰো ভালদৰে যতন লওক। প্ৰাণীৰ প্ৰতি আপোনাৰ মৰম বৃদ্ধি পাব। আপুনি বিত্তীয় দিশত সফলতা অৰ্জন কৰিব। আপুনি নিজে কৰি ভালপোৱা কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব।

তুলা ৰাশি (জন্মদিনঃ ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ)-ৰ ব্যক্তিৰ বাবে আজিৰ দিনটো

এই সময়ছোৱা আপোনাৰ বাবে অনুকূল। ব্যৱসায় বা জীৱিকাত আপুনি লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি ব্যস্ত সূচীৰ মাজত কাম সম্পাদন কৰিব। আপুনি আপোনাৰ স্বাস্থ্য়ৰ যতন লোৱা প্ৰয়োজন। আপুনি লক্ষ্যত উপনীত হবলৈ সক্ষম হব। আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লোৱাৰ প্ৰয়োজন। এই সময়ছৱাত আপুনি অতিৰিক্ত কাম বাদ দিয়াৰ প্ৰয়োজন। আপোনাৰ পৰিয়াল আৰু আপোনাৰ প্ৰেমত শান্তি বিৰাজ কৰিব। আপুনি কোনো পুৰস্কাৰ জয় কৰিবলৈ সক্ষম হব। আপুনি শক্তি-দৃঢ়তাৰ উত্স হব। আপুনি নতুন ব্যৱসায় বা জীৱিকাৰ পথৰ সন্ধান লাভ কৰিব। আপুনি এনে সুযোগ ততপৰতাৰে গ্ৰহণ কৰিব।

বৃশ্চিক ৰাশি (জন্মদিনঃ ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ)-ৰ ব্যক্তিৰ বাবে আজিৰ দিনটো

আপুনি জীৱনত কোনো ডাঙৰ সফলতা অৰ্জন কৰিব। ভাগ্য আপোনাৰ অনুকূলে থাকিব। সমাজত আপোনাৰ মৰ্যাদা বৃদ্ধি পাব। আপোনাৰ পৰিয়ালৰ সদস্যবগ্ৰ আৰু বন্ধুবৰ্গই আপোনাক সমৰ্থন জনাই যাব। আপুনি তেওঁলোকৰ সংগ উপভোগ কৰিব। আপুনি ঘৰৰ বাবে কোনো নতুন সামগ্ৰী ক্ৰয়ৰ সুযোগ পাব। আপুনি সন্তানৰ শিক্ষাৰ বাবে কৰিবলৈ লোৱা কোনো কাম সম্পূৰ্ণ হৈ উঠিব। আপুনি এটা সু-বাৰ্তা লাভ কৰিব। আপোনাৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হৈ উঠিব। আপুনি কোনো গুৰুত্বপূৰ্ণ পদ লাভ কৰিব। আপুনি নিজৰ লক্ষ্যত দৃষ্টি ৰাখিব আৰু সফলতা অৰ্জন কৰিব। আপোনাৰ জনপ্ৰিয়তা, নাম আৰু যশস্যা বৃদ্ধি পাব।

ধনু ৰাশি (জন্মদিনঃ ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ)-ৰ ব্যক্তিৰ বাবে আজিৰ দিনটো

আগন্তুক সপ্তাহটো আপোনাৰ বাবে আশ্বৰ্যকৰ সপ্তাহ হব। আপোনাৰ চাকৰিত পদোন্নতিৰ যুগ আছে। আপুনি আপোনাৰ উৰ্ধতন মুৰব্বীৰ পৰা সহযোগিতা লাভ কৰিব। আপুনি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে। আহি থকা দিনবোৰে আপোনালৈ সুখ আৰু আনন্দ আনিব। আপুনি প্ৰতিটো কামতে সফলতা অৰ্জন কৰিব । কাৰিকৰী কামত জড়িতসকলে অধিক সফলতা অৰ্জন কৰিব। আপুনি উত্তৰাধিকাৰী সূত্ৰে লাভ অৰ্জন কৰিব। আপোনৰ জীৱনত কোনো ইতিবাচক পৰিৱৰ্তন সাধন হব। ইয়ে আপোনাক আত্মবিশ্বসী কৰি তুলিব। আগন্তুক সপ্তাহটো আপোনাৰ বাবে সুখ আৰু শান্তিৰ সময়। আপুনি সফলতা অৰ্জনৰ দিশত অগ্ৰসৰ হব।

মকৰ ৰাশি (জন্মদিনঃ ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ)-ৰ ব্যক্তিৰ বাবে আজিৰ দিনটো

আপোনাৰ আৰু আপোনাৰ কামৰ গুৰুত্ব বৃদ্ধি পাব। আপোনাৰ অৱস্থা উন্নত হব আৰু নিজৰ সৈতে সময় পাৰ কৰি সুখী হব। আপুনি আপোনাৰ স্বাস্থ্যক লৈ সাধান হোৱা উচিত।কিন্তু আপোনাৰ অসাৱদানতাৰ বাবে কৰ্মস্থলীত বিজুটি ঘটিব। আপুনি আপোনাৰ চৰকাৰী কাম-কাজৰ নথি সাৱধানেৰে ৰখা উচিত যাতে শত্ৰুৱে আপোনাক বিপদত পেলাব নোৱাৰে। আপুনি ব্য সীমিত কৰা উচিত। এই দিনবোৰত আপুনি চৰকাৰী কাম-কাজৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। আপোনাৰ পৰিয়ালত শান্তি-সৌহাৰ্দ্যতা বিৰাজ কৰিব। আপুনি পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকৰ পৰা সহযোগিতা লাভ কৰিব।

কুম্ভ ৰাশি (জন্মদিনঃ ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ)-ৰ ব্যক্তিৰ বাবে আজিৰ দিনটো

আগন্তক সপ্তাহটোৰ আৰম্ভণি আপোনাৰ বাবে সুখৰ হব। আপুনি সুখী আৰু আনন্দিত হৈ থাকিব। ধনৰ ক্ষেত্ৰত আপোনাৰ বাবে দিনবোৰ ভাল। আপুনি কোনো বা ভাল সন্তুষ্টিদায়ক বাৰ্তা পাব। ইচ্ছাশক্তিৰ বলত আপুনি সফলতাৰ দিশত অগ্ৰসৰ হব। আপোনাৰ শত্ৰুৱে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব। আপোনাৰ ক্ষেত্ৰত সম্পূৰ্ণ শান্তি বিৰাজ কৰিব। আপুনি মানসিক শান্তি লাভ কৰিব। পৰীক্ষা বা সাক্ষাতকাৰৰ বাবে ভালদৰে প্ৰস্তুতি চলাওক। আপোনাৰ বাবে এই দিনবোৰ জ্ঞানবৰ্ধক দিন। আপুনি আনৰ পৰা উপকাৰ পাব।

মীন ৰাশি (জন্মদিনঃ ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ)-ৰ ব্যক্তিৰ বাবে আজিৰ দিনটো

আপোনাৰ কেৰিয়াৰৰ সৈতে জড়িত সমস্যাবোপ সমাধান হব। আপুনি কামত মনোনিৱেশ কৰাৰ প্ৰয়োজন। কাৰোবাৰ প্ৰতি পুহি ৰখা শত্ৰুতাৰ ভাব দূৰ কৰক। আপুনি পঢ়া-শুনা কৰি সময় অতিবাহিত কৰিব। আপোনাৰ কৰ্ম—ক্ষতা বৃদ্ধি পাব।আপুনি কোনো পুৰণি বন্ধুক লগ পাব। আপোনাৰ উপস্থাপনা ৰীতি অতীব সুন্দৰ। সময় আপোনাৰ বাবে অনূকুল। আপুনি আপোনাৰ সকলো কাম শেষ কৰিবলৈ সক্ষম হব। আপুনি কামত সফলতা অৰ্জন কৰিব। জীৱনত আপুনি কোনো ডাঙৰ কাম কৰাৰ পৰিকল্পনা কৰিব। অবিবাহিতসকলে উপযুক্ত পাত্ৰ-পাত্ৰীৰ পৰা বিয়াৰ প্ৰস্তাৱ লাভ কৰিব। পৰিয়ালৰ পৰা আপুনি সম্পূৰ্ণ সহযোগিতা লাভ কৰিব।

Next Story
চাকৰি