আজি ১৪ জুন, ২০২১—আপোনাৰ ৰাশিফলে আজিৰ দিনটোৰ বিষয়ে কি কয় চাওঁ আহক

আজিৰ দিনটোৰ ৰাশিফল চাওক
আজি ১৪ জুন, ২০২১—আপোনাৰ ৰাশিফলে আজিৰ দিনটোৰ বিষয়ে কি কয় চাওঁ আহক

                                                                                                ১৪ জুন, ২০২১ত যিসকলৰ জন্মদিনঃ

আপোনাৰ সৌৰচক্ৰ তালিকাত শুক্ৰই  শনিৰ সৈতে ১৫০ ডিগ্ৰীৰ কোণ কৰিছে। ইয়ে মিশ্ৰিত ফল দিব।  কৰ্মস্থলীত উজলি উঠাৰ আপোনাৰ এক দূৰদৃষ্টি আছে। কিন্তু আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে সেই ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰিব। তথাপি আপুনি চেষ্টা এৰি নিদিব। আপোনাৰ উৰ্ধতন মুৰব্বীয়ে আপোনাক উত্সাহিত কৰি যাব। চূড়ান্ত পৰ্যায়ত আপুনি সকলো পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ সক্ষম হব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব। কিন্তু বৰ্ধিত ব্যয়ে আপোনাক উদ্বিগ্ন কৰিব। পৰিয়ালৰ জ্যেষ্ঠজনৰ স্বাস্থ্যৰ অৱস্থায়ো আপোনাক উদ্বিগ্ন কৰি ৰাখিব। জীৱনসংগীৰ সৈতে আপোনাৰ বান্ধোন দৃঢ় হব। আপোনাৰ জীৱনসংগীৰ বুজাপৰা, সহযোগিতা আগবঢ়োৱাৰ আৰু পৰিৱেশৰ সৈতে মিলি পৰাৰ গুণ থাকিব। আপুনি কিছু সম্পত্তি ক্ৰয়ৰ আঁচনি লব। পৰিয়ালত কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত হব। আপোনাৰ সামাজিক মৰ্যাদা বৃদ্ধি পাব আৰু আপুনি কোনো ডাঙৰ অনুষ্ঠানৰ দ্বাৰা সম্বৰ্ধিত হব। আপুনি পৰিয়ালৰ সৈতে বন্ধৰ দিন উদযাপন কৰিবলৈ যাব। ভগৱানৰ ওপৰত আপোনাৰ বিশ্বাস বৃদ্ধি পাব।

আজি জন্মদিন থকা ব্যক্তিসকলৰ বাবে

শুভ তাৰিখঃ ৫, ১৪ আৰু ২৩। শুভ বাৰঃ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰ। শুভ ৰংঃ সেউজীয়া, শেঁতা হালধীয়া আৰু সুমথিৰা ।

আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি (জন্মদিন ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিল)

আজিৰ দিনটো আপোনাৰ বাবে চিন্তা-দুঃচিন্তামুক্ত দিন হব। আপুনি জীৱনসংগীৰ সৈতে ফুৰিবলৈ গৈ দিনটো উপভোগ কৰিব। দিনটো হাঁহি-আনন্দ-স্ফূৰ্তিৰ মাজেৰে পাৰ হব। জীৱসংগীৰ সৈতে আপোনাৰ বুজাপৰা আৰু বান্ধোন অধিক বৃদ্ধি পাব। আপুনি ব্যৱসায় সম্বন্ধীয় ভ্ৰমণ হাতত লব।

বৃষ ৰাশি( জন্মদিন ২১ এপ্ৰিলৰ পৰা ২১ মে)

আপোনাৰ ভাগ্য হঠাতে পৰিৱৰ্তন হব। কোনো পুৰণি বন্ধুৱে আপোনাক সাক্ষাত কৰিব। আপুনি ধাৰণা কৰিব যে এক নতুন সম্পৰ্ক গঢ়ি তোলাটোৱে নতুন আশা কঢ়িয়াব। আৰু আপুনি হতাশ নহব। বিত্তীয় ক্ষেত্ৰত আপুনি সৌভাগ্যবান। আপুনি পৈত্ৰিক সম্পত্তি বিক্ৰী কৰিব আৰু ইয়ে ভাল ফলাফল দিব।

মিথুন ৰাশি( জন্মদিনঃ ২২ মেৰ পৰা ২১ জুন)

আপোনাক চাকৰিৰ পৰা আঁতৰাব পাৰে। তথাপি আপুনি আশা নেহেৰুৱাব। চেষ্টা অব্যাহত ৰাখিব। নিৱনুৱাসকলে ভাল বাতৰি আশা কৰিব পাৰে। আপুনি পৰিয়াল আৰু বিত্তীয় দিশলৈ চিন্তা-চৰ্চা সলনি কৰিব। প্ৰতিবেশীৰ লগত বিবাদ নিস্পত্তি হব। আপুনি জীৱনসংগীৰ লগত গুৰুত্বপূৰ্ণ বিযয় আলোচনা কৰিব। ভগৱানৰ ওপৰত আপোনাৰ বিশ্বাস বৃদ্ধি পাব।

কৰ্কট ৰাশি( জন্মদিনঃ ২২ জুনৰ পৰা ২২ জুলাই)

আপুনি আজি পৰিয়ালৰ সৈতে সময় কটোৱাৰ চেষ্টা কৰিব। আপুনি আপোনাৰ কামত ব্যস্ত থাকিব আৰু গুৰুত্ব দিয়া বিষয় সলনিৰ প্ৰয়োজন আছে। আপুনি অসম্পূৰ্ণ সকলো কাম সম্পূৰ্ণ কৰিব আৰু পৰিয়ালে সন্মুখীন হোৱা সমস্যা সমাধান কৰিব। আপুনি সমস্যা সমাধানৰ চেষ্টা কৰিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যই বিত্তীয় সহায় বিচাৰিব পাৰে। আপুনি তেওঁক সহায় কৰিবলৈ বাধ্য। সম্পৰ্ক অটুট থাকিব।

সিংহ ৰাশি(জন্মদিনঃ ২৩ জুলাইৰ পৰা ২৩ আগষ্ট)

আপোনাৰ সম্পৰ্কই চিন্তাত ভোগাব। আপোনাৰ চিনা-পৰিচিতজনে আপোনাৰ সমস্যাক গুৰুত্ব নিদিব। আপুনি নিজৰ কাম আৰু চিন্তাত গুৰুত্ব দিয়াৰ প্ৰয়োজন। ভগৱানৰ ওপৰত আপোনাৰ বিশ্বাস বৃদ্ধি পাব। আপুনি সঠিক সিদ্দান্ত লবলৈ সক্ষম হব। আপুনি চেষ্টা অব্যাহত ৰাখিব আৰু লক্ষ্যত উপনীত হব।লক্ষ্য আপোনাৰ সামৰ্থ্যৰ ভিতৰত থাকিব।

কন্যা ৰাশি ( জন্মদিনঃ ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰ)

ব্যৱসায় বা বৃত্তিত আপুনি ভাল লাভালাভ অৰ্জন কৰিব। আপোনাৰ জীৱনশৈলী উন্নত হব। এই সময়ছোৱা আপোনাৰ বাবে অনুকূল সময়। আপুনি মাত্ৰাধিক খৰচ কৰিব। আপুনি নতুন সম্পত্তি ক্ৰয়ৰ আঁচনি লব। আপোনৰ শক্তি-সামৰ্থ বৃদ্ধিৰ এয়াই সঠিক সময়। আপুনি যোগ, ধ্যান আৰু প্ৰাৰ্থনা কৰিব পাৰে।

তুলা ৰাশি ( জন্মদিনঃ ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰ )

আজি আপুনি সুখী আৰু ইতিবাচক হৈ থাকিব। আপুনি ভাগ্যই দিয়াখিনিক লৈ সন্তুষ্ট থাকিব। আপুনি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হব। আপুনি লাভান্বিত হবপৰা সিদ্ধান্ত লব। কৰ্মস্থলীত আপোনাৰ গুৰুত্ব সহকৰ্মীসকলে বুজি পাব। আপুনি সমাজৰ বাবে নিঃস্বাৰ্থভাবে সেৱা আগবঢ়াব আৰু সন্মান অৰ্জন কৰিবলৈ সক্ষম হব।

বৃশ্চিক ৰাশি ( ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ)

আপুনি আপোনাৰ কৰ্মচাৰী বা অধীনৰ কৰ্মচাৰীৰ লগত অৰ্থহীন বিবাদত লিপ্ত হব। আপোনাৰ কৰ্মশৈলীক লৈ তেওঁলোক ক্ষুব্ধ হব। কামৰ গধুৰ বোজাই আপোনাৰ মনত অস্থৰতাৰ সৃষ্টি কৰিব। ইয়ে আপোানাৰ স্বাস্থ্যলৈ প্ৰত্য়াহ্বান আনিব, কিন্তু আপুনি কামবোৰ সুন্দৰকৈ কৰিব। আনৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হব। আপোনাৰ সৈতে তেওঁলোকে সহমত পোষণ কৰিব।

ধনু ৰাশি ( ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ)

আপুনি বিভিন্ন কাম-কাজত অংশীদাৰিত্ব লব পাৰে। এইসমূহে ভৱিষ্যতে বহু লাভ দিব পাৰে। আপুনি ডাঙৰ লাভ আদায় কৰিব পাৰে। আপুনি আনন্দিত আৰু সুখী হৈ থাকিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক আপুনি উপভোগ কৰিব। আপুনি কোনো নতুন হবী বাছি লব পাৰে।

মকৰ (২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰী)

আজি আপুনি কিছু চিন্তাৰ মাজত থাকিব। আপুনি কিছু অৰ্থহীন কথা-বতৰাত ভাগ লব যিয়ে আপোনাৰ চিন্তা বৃদ্ধি কৰিব। আপোনাৰ জীৱসংগীয়ে যি কয় সেয়া নীৰৱে শুনক। তেওঁৰ কথাত কোনো গ্ৰাহ্য কথা থাকিব পাৰে। আপোনালোক স্বামী-স্ত্ৰীয়ে সমস্যা সমাদান কৰিব পাৰিব।

কুম্ভ (২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ)

আজি কৰ্মস্থলীত আজি আপুনি কিছু নতুন কথা শিকিব। আপুনি আচৰিতো হব। ইয়ে আপোনাৰ জ্ঞানৰ ভঁৰাল চহকী কৰিব আৰু বৃদ্ধি কৰিব। আপুনি সময়ৰ সৈতে আগবাঢ়ি যাবলৈ কিছু সময় লব। আপুনি যোগ, ধ্যান আৰু প্ৰাৰ্থনা কৰিব পাৰে।

মীন (১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ)

প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি সৌভাগ্যবান। আপুনি চিনাকি ব্যক্তিৰ সৈতে গভীৰ সম্পৰ্কত বান্ধ খাই পৰিব পাৰে। আপুনি নিজৰ মোহনীয়তাৰে তেওঁক দুৰ্বাৰভাবে আকৰ্ষণ কৰিব। আপুনি দীৰ্ঘ জীৱনৰ বাবে এটা সম্পৰ্ক কামনা কৰিব। আপোনালৈ ধন-সম্পত্তিৰ আগমন অব্যাহত থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com