১৫জুন, ২০২১ত জন্মদিন থকাসকলৰ ভাগ্যচক্ৰ
আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত মঙলে বৃহস্পতিৰ লগত ১৫০ ডিগ্ৰী কোণ কৰিছে আৰু ই সমগ্ৰ বছৰটোত মিশ্ৰিত ফল দিব। প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি সৌভাগ্যশালী ব্যক্তি। আপুনি পৰিয়ালৰ সন্মতিসাপেক্ষে আপোনাৰ পচ্ছন্দৰ ব্যক্তিৰ লগত বিবাহপাশত আবদ্ধ হব। কিন্তু আপুনি ধন অৰ্জন আৰু দৈনন্দিন প্ৰয়োজনীয়তা পূৰণৰ বাবে বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ ধোঁৱাখুলীয়াভাবে ধন ব্যয়ৰ স্বভাৱ আছে আৰু আপুনি বৰ্ধিত খৰচৰ মুখামুখি হব লাগিব। অধস্তন কৰ্মচাৰীৰ সৈতে আপোনাৰ সম্পৰ্ক স্বাভাৱিক হব। আপোনাৰ পৰা আপোনাৰ উৰ্ধতন মুৰব্বীৰ অনেক প্ৰত্যাশা থাকিব। আপুনি সকলো সময়তে মেজাজী হৈ থাকিব আৰু মানুহৰ সৈতে মিলি যোৱাত জটিলতা অনুভৱ কৰিব। সকলো সাৱধানতা লৈ আপুনি ধনৰ বিনিয়োগ কৰিব। কিন্তু আপুনি পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে বিনিয়োগৰ অংশ ভাগ-বাটোৱাৰা কৰিব। বন্ধুবৰ্গই আপোনাক সহায়-সমৰ্থন কৰিব। আপোনাতকৈ বয়সত সৰু সকলৰ বাবে আপুনি প্ৰেৰণাৰ উত্স হব। সমাজত আপোনাৰ স্থান বৃদ্ধি পাব আৰু সমাজৰ প্ৰতি আপুনি আগবঢ়োৱা অৱদানৰ স্বীকৃতি পাব।
১৫ জুনৰ জন্মদিন পৰাসকলৰ বাবে শুভঃ
শুভ তাৰিখঃ ৬,১৫, ২৪।
শুভবাৰঃ সোমবাৰ, বুধবাৰ, শুকুৰবাৰ।
শুভ ৰংঃ নেভী ব্লু, বেঙুণীয়া, মাখন ।
আজিৰ দিনটোৰ ৰাশিফলঃ
মেষ ৰাশি (জন্মদিন ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিল)
ক্ৰমে তিক্ততাৰ দিশে আগবঢ়া এটা সম্পৰ্ক আপোনাৰ পদক্ষেপৰ বাবে ইতিবাচক হৈ উঠিব। ইয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আচৰণত প্ৰভাৱ পেলাব। এক চুটি ভ্ৰমণ হাতত লব পাৰে। ক'ৰবাত পৰি থকা ধন আপুনি লাভৰ আশা আছে। এই সময় আপোনাৰ বাবে ভাল সময়। সংগীৰ পৰা আপুনি পূৰ্ণ সমৰ্থন পাব। ব্যৱসায়ত আপুনি লাভ অৰ্জন কৰিব।
বৃষ ৰাশি (জন্মদিন ২১ এপ্ৰিলৰ পৰা ২১ মে')
আপোনাৰ বাবে এই সময় কৃতজ্ঞ হৈ ৰোৱাৰ সময়। আপোনাৰ প্ৰেমৰ সম্পৰ্ক হাঁহি-আনন্দৰ হবলৈ অগ্ৰসৰ হৈছে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই দুয়োজনে কৰিব পৰা বহু কাম পাব আৰু দুয়োৱে কৰিবলৈ লব। ব্যৱসায় বা কৰ্ম সংক্ৰান্তত আপুনি বিদেশ ভ্ৰমণ কৰিবলগীয়া হব পাৰে। আপুনি আপোনাৰ সমস্যা সমাধান কৰিব। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব।
মিথুন ৰাশি (জন্মদিন ২২ মেৰ পৰা ২১ জুন')
বুজাবুজিৰ মাজেৰে দিনটো অগ্ৰসৰ হব। আপোনাৰ কৰ্মৰ ক্ষেত্ৰত কোনো জটিল মুহূৰ্ত নাথাকিব আৰু জীৱন সম্পূৰ্ণৰূপে মুকলিমুৰীয়া হব। আপুনি পআপোনাৰ প্ৰেমিক বা প্ৰেমিকাক দিবলৈ সময় নাথাকিব। আপুনি ভাল বিত্তীয় লাভ অৰ্জন কৰিব, কিন্তু তাৰ বাবে অনুকূল সময়লৈ অপেক্ষা কৰিব লাগিব। নতুন চাকৰিৰ বা ব্যৱসায়ৰ প্ৰস্তাৱ আহিব।
কৰ্কট ৰাশি (জন্মদিন ২২ জুনৰ পৰা ২২ জুলাই')
আপুনি এই সময়ছোৱাত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ওপৰত অধিক নিৰ্ভৰশীল হব। আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব। আপুনি প্ৰতিদ্বন্দ্বীক পৰাভুত কৰিবলৈ সক্ষম হব। আপুনি দৰিদ্ৰ লোকক সহায় কৰিব। মানুহৰ উপদেশ গুৰুত্বসহকাৰে গ্ৰহণ কৰক।
সিংহ ৰাশি (জন্মদিন ২৩ জুলাইৰ পৰা ২৩ আগষ্ট')
ভাল-বেয়াৰ মাজৰ ভালটো আপুনি গ্ৰহণ কৰক। আপোনাৰ স্বাধীনটিতিয়া মনোভাবে আপোনাক অধিক স্বতন্ত্ৰতীয়া কৰি তুলিব, যিটো আপোনাৰ সংগীয়ে ভাল নেপাব পাৰে। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপুনি নতুন কৌশল গ্ৰহণ কৰিব। আনৰ সৈতে আপোনাৰ ভাব-বিনিময় বৃদ্ধি পাব। আপুনি তেওঁলোকক সাক্ষাতত ব্যস্ত থাকিব।
কন্যা (জন্মদিন ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰ)
আপোনাক এক চুটি ভ্ৰমণলৈ পঠিওৱা হব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আজিৰ দিনটোৰ অন্তিমফালে সাক্ষাত দিব পাৰে। আপুনি সন্তানক শিক্ষাদানত ব্যস্ত থাকিব। সন্তানক সকলো গুৰুত্বপূৰ্ণ বস্তু যোগান ধৰাত ব্যস্ত হব।আপোনাৰ পথৰ পৰা বাদা-বিঘিনী আঁতৰ হব। ধনৰ আগমন ঘটিব আৰু আয় বৃদ্ধি পাব।
তুলা (জন্মদিন ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ আগষ্ট)
আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ মনৰ পৰা অতি চেষ্টা কৰিও ভুল বুজাবুজি দূৰ কৰিবলৈ সক্ষম নহব। খৰতকীয়াকৈ লোৱা এটা যাত্ৰা আৰম্ভ হব পাৰে। জ্ঞানৰ ক্ষেত্ৰত আপুনি আনতকৈ আগবঢ়া হব। আপুনি চাকৰিত প্ৰমোচন লাভ কৰিব।
বৃশ্চিক (জন্মদিন ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰ)
আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কিছু ত্যাগ কৰাটো বিচাৰিব, কিন্তু সে.া হৈ নুঠিলে আপুনি ক্ষুব্ধ হব। আপুনি আলোচনাৰ মাজেৰে প্ৰতিবন্ধকতা দূৰ কৰিবলৈ সক্ষম হব। কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি প্ৰদৰ্শন কৰা ফলাফল আপোনাৰ অনুকূল নহব পাৰে। আপুনি আপোনাক আগবঢ়াই নিয়াৰ প্ৰয়োজন। সফলতা আহি আছে।
ধনু(২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ)
সকলো কথা-বতৰাই আপোনাৰ পক্ষত থাকিব। আপুনি বহু লোকক সাক্ষাত কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকক প্ৰলুব্ধ কৰিব। আপোনাৰ মনত সৃষ্টিশীল চিন্তাই থাই পাব। আপোনাৰ খাম-খেয়ালিপূৰ্ণ স্বভাৱে আগস্থান পাব। আপোনাৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত কিছু উন্নতি সাধন হব।
মকৰ(২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ)
আপুনি আবেগ-অনুভূতি প্ৰকাশৰ বাবে আৰু কিছু সময় বিচাৰিব। অতীতৰ কিছুমান মুহূৰ্তৰ চিন্তাই আপোনাৰ ক্ষতি কৰিব পাৰে। ব্যৱসায়ত আপুনি ভাল আয় কৰিবলৈ সক্ষম হব। আপুনি আপোনাৰ জ্যেষ্ঠ কৰ্মীৰ সৈতে কিছু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব। আপোনাৰ দৃষ্টিভংগীয়ে তেওঁলোকক মুগ্ধ কৰিব। আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব।
কুম্ভ , ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ
আপুনি নিজকে ত্ৰিকোণ প্ৰেমৰ মাজত আৱিষ্কাৰ কৰিব পাৰে। কিন্তু কি ঘটিব পাৰে তাক লৈ আপুনি অৱগত থাকিব। আপুনি পৰিয়ালৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব। পাৰিবাৰিক সম্পৰ্কত সুখ আৰু আনন্দ থাকিব। প্ৰেমিক-প্ৰেমিকাসকলৰ ইজনে সিজনৰ কাষ চাপি আহিব। ইয়ে হৈছে জীৱনৰ প্ৰকৃত সুখ।
মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ
আপুনি কেতবোৰ গুৰুত্বপূৰ্ণ কাম-কাজত মনোনিৱেশ কৰিব। এই বিষয়ে চিন্তা কৰি আপুনি যথেষ্ট সময় অতিবাহিত কৰিব। এই সময়ছোৱা আপোনাৰ বাবে জ্ঞান বৃদ্ধিৰ সময়। সামাজিক কাম-কাজত আপুনি জড়িত হৈ পৰিব। আপুনি অতি ব্যস্ত হব পাৰে। আপোনাৰ বিত্তীয় অৱস্থা ভালে থাকিব।