Begin typing your search above and press return to search.

আপোনাৰ ৰাশিফলঃ আজি, ২৬জুন, ২০২১ৰ, জন্মদিনৰ শুভাশুভ

২৬ জুনত জন্মাসকলৰ বৰ্ষফল’

আপোনাৰ ৰাশিফলঃ আজি,  ২৬জুন, ২০২১ৰ, জন্মদিনৰ শুভাশুভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jun 2021 4:24 AM GMT

'জন্মদিনত বৰ্ষফল'

যদি আপোনাৰ জন্মদিন ২৬ জুন, তেন্তে আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত চন্দ্ৰই নেপচুনৰ লগত বৰ্গাকৃতিৰ সৃষ্টি কৰিছে আৰু ইয়ে আপোনাক মিশ্ৰিত ফল দিব। আপোনাৰ পৰিয়ালত কোনো দুঃখ-পীড়াৰ অনুভৱ থাকিব, কিন্তু ই সোনকালেই দূৰ হব। আপোনাৰ স্বাস্থ্যও চিন্তাৰ কাৰক হব পাৰে। বিত্তীয় ক্ষেত্ৰৰ বিষয়ক লৈ আপুনি সতৰ্ক থাকিব। আপোনাৰ স্বামী বা স্ত্ৰীয়ে আপোনাৰ পৰা সহযোগিতা বিচাৰিব। আপুনি চাকৰি বা ব্যৱসায়ত কোনো পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰিব। আপোনাৰ পৰিয়ালে আপোনাক মৰম আৰু সমৰ্থন জনাব। আপুনি আপোনাৰ পিতৃ-মাতৃৰ পৰাও মৰম-স্নেহ পাব। আপোনাৰ মনত চলি থকা সংঘাত দূৰ হব। আপোনাৰ পথত কোনো প্ৰতিব্ন্ধকতা নাথাকিব। প্ৰিয়জনৰ লগত আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব। এনে ভ্ৰমণত আপুনি শান্তিপূৰ্ণ দিন অতিবাহিত কৰিব। সময়মতে আপোনাৰ কাম সম্পূৰ্ণ হৈ উঠিব। আপোনাৰ পৰিকল্পনা সফল হব। আপোনাৰ আয় বৃদ্ধি পাব কিন্তু একেসময়তে আপোনাৰ ব্যয়ো বৃদ্ধি পাব। আপুনি সময়মতে কাম সম্পূৰ্ণ কৰিব। আপুনি কোনো চাকৰিৰ অফাৰ লাভ কৰিব কিন্তু গভীৰভাবে চিন্তা নকৰাকৈ সেই অফাৰ গ্ৰহণ নকৰিব।

শুভ তাৰিখসমূহ :৮, ১৭, ২৬

শুভ বাৰসমূহ : সোমবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহ : বেঙুণীয়া, ৰঙা, বগা

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ: (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ কথাত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই সহমত পোষণ নকৰাৰ বাবে দুয়োজনৰ মাজত বিবাদ হব পাৰে। আপুনি ফেণ্টাচী জগতত বায় কৰে আৰু ভাবে যে সেই ফেণ্টাচী অতি সোনকালে বাস্তৱত পৰিণত হব। আপুনি বৈষয়িক সন্তুষ্টি উপভোগ কৰিব। প্ৰিয়জনৰ সৈতে সাক্ষাতে আপোনাৰ মনৰ পৰা দুঃশ্চিন্তা দূৰ কৰিব।আজি আপুনি ক'ৰবাত অতিথি হব পাৰে। আপুনি অনেক পৰিকল্পনা কৰিব আৰু ইয়াক লৈ আপুনি এক ৰূপৰেখা প্ৰস্তুত কৰিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

এই মুহূৰ্তত আপুনি কাৰোবাৰ লগত সম্পৰ্ক গঢ়ি তোলাৰ পূৰ্বে সকলো কথা আৰু দিশ তন্নতন্নকৈ চালি-জাৰি চোৱা উচিত। আপুনি ভৱিষ্যত পৰিকল্পনাত গুৰুত্ব দিব। পৰিয়ালৰ সদস্যবৰ্গৰ লগত আপোনাৰ সম্পৰ্ক শক্তিশালী হব। আপুনি সন্তানক অধ্যয়নত সহায় কৰিব আৰু ভৱিষ্যত পৰিকল্পনা প্ৰস্তুতত সহায় কৰিব।

মিথুন : (২২ মে' – ২১ জুন)

আপোনাৰ দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আপোনাৰ জীৱনসংগীক বাধ্য কৰাটো সহজ নহব। আপোনালোক দুয়োজনে শান্ত মগজুৰে কথাবোৰ বিবেচনা কৰা উচিত। কিন্তু আপোনালোকে ইজনে সিজনৰ সকলো কথা গ্ৰহণ কৰিবলৈ অসন্মত হব। আপুনি নিজৰ এক বৃত্ত তৈয়াৰ কৰিব। কিবা নতুন কথা শিকাৰ এটা প্ৰৱণতাও আপোনাৰ থাকিব। আপুনি অনু কৰিব যে আপোনাৰ পাৰদৰ্শিতা পূৰ্বতকৈ বৃদ্ধি পাইছে।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনাৰ মনত এক উত্সাহৰ ভাব থাকিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কোনো সুন্দৰ স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব। ইয়াৰ উদ্দেশ্য হব ইজনে সিজনক অধিক বুজি পোৱা আৰু তেওঁৰ লগত কিছুসময় কটোৱা। নতুন বাহন কিনাৰ আপোনাৰ এটা আকাংক্ষা থাকিব। কোনো কাম অকলে আৰম্ভ নকৰিব। এজন অংশীদাৰ লব। আপোনাৰ বিত্তীয় দিশত কোনো সমস্যা নাথাকিব। আপুনি ভাল লাভ অৰ্জন কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰিয়জনক কথা অত্যন্ত মনোযোগেৰে শুনিব আৰু তেওঁৰ প্ৰতিটো কথাই মনত সোমোৱাই লব। এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হল যে আপুনি আপোনাৰ মন সম্পূৰ্ণ খোলা ৰাখিব লাগিব। আপুনি আপোনাৰ মনৰ সৈতে মিলা কোনো ব্যক্তিক লগ পাব। আপুনি নীৰৱতাত মানসিক শান্তি বিচাৰিব। আপুনি মানুহৰ সমাগম ভাল নাপাব। কিন্তু মানুহৰ সংগ এৰাই চলাটোৱে আপোনাক সহায় নকৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ প্ৰেম-জীৱন আনন্দকৰ আৰু উত্সাহেৰে পৰিপূৰ্ণ হব। যদি আপোনাৰ কোনো প্ৰেমিক বা প্ৰেমিকা নাই, তেন্তে আপুনি প্ৰেমিক বা প্ৰেমিকাৰ সন্ধান কৰিব। আপোনাৰ অনেক গুণগ্ৰাহী থাকিব আৰু আপুনি কোনোজনক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰূপে বাছি লব পাৰে। আপুনি আপোনাৰ লক্ষ্যত উপনীত হব। কিন্তু আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ স্বাস্থ্যৰ যতন লোৱাৰ প্ৰয়োজন। আপুনি সম্পূৰ্ণ উত্সৰ্গীকৃত মানসিকতাৰে কাম কৰিব আৰু ভাল ফলাফল লাভ কৰিব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

দৃঢ়তাৰ অভাৱৰ বাবে কোনো কোনো সময়ত আপুনি সিদ্ধান্ত লব নোৱাৰিব পাৰে। বুজাবুজিৰ মাত্ৰা বৃদ্ধি কৰি আপুনি অধিক সুষম সম্পৰ্ক গঢ়ি তুলিব পাৰে। আপুনি আদালতত চলি থকা গোচৰত জয়ী হব। বিবাহ বা তেনেধৰণৰ উত্সৱ আোপানৰ ঘৰত অনুষ্ঠিত হব পাৰে। যুৱক-যুৱতীসকল নিজৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ব্যস্ত থাকিব। আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি কোনো সামাজিক অনুষ্ঠানত কোনো বিশেষ ব্যক্তিক লগ পাব আৰু সেই ব্যক্তিজনৰ প্ৰতি অন্তৰত ৰোমাণ্টিক ভাবনা অনুভৱ কৰিব। আপুনি বহু দূৰলৈ আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি দিব। প্ৰেমিকাসকলে ভাল সময় উপভোগ কৰিব। কোনোবাজন সুখী হোৱাৰ এয়াই উপযুক্ত সময়। সময় ভালদৰে অতিবাহিত হব। ছাত্ৰ-ছাত্ৰীসকলে ঘৰত কৰিবলৈ দিয়া কাম সম্পূ্ৰ্ণ কৰিব আৰু অধ্যয়নত মনোনিৱেশ কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আজিৰ দিনটো আপোনাৰ অনুকূল হব। আপোনাৰ সাহস আৰু দৃঢ়তাই আপোনাক প্ৰতি মুহূৰ্ততে সহায় কৰিব। আপুনি সফল হোৱাত পৰিস্থিতি আৰু আপোনাৰ প্ৰিয়জনে সহায় কৰিব। আপুনি আপোনাৰ সকলো কামতে সফল হব। ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। বিত্তীয় সমস্যা আপোনাৰ জীৱনত কেতিয়াও নাই। আপুনি লাভ অৰ্জন কৰিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি আপোনাৰ প্ৰয়িজনৰ লগত হিয়া উজাৰি ভাব বিনিময় কৰা উচিত। আপুনি মিলি যাব নোৱৰা কোনো কথাৰ লগত মিলাটো কঠিন হব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক সহায় কৰিব পাৰে। আয়ৰ নতুন উত্স মুকলি হব। ডাঙৰ কোনো কাম কৰাৰ পৰিকল্পনা প্ৰস্তুত হৈ উঠিব। আপুনি প্ৰচুৰ প্ৰশংসা অৰজ্ন কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি লিভিং টুগেদাৰ কৰাৰ আকাংক্ষা এতিয়া বাস্তৱত পৰিণত হব পাৰে। আপুনি ঘৰ সজোৱাৰ নতুন পৰিকল্পনা কৰি অনেক সময় পাৰ কৰিব। আপুনি জীৱনসংগীৰ বাবে অধিক ধন ব্যয় কৰিবলগীয়া হব পাৰে। আপুনি ব্যৱসায় বা কামত উন্নতি সাধন কৰিব। আপুনি কোনো সন্যাসীক লগ পাব পাৰে আৰু নিজকে ধন্য মানিব পাৰে। আপুনি আজিৰ দিনটো প্ৰাৰ্থনা, ধ্যান আৰু ভাব-ভক্তিত পাৰ কৰিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি দীঘলীয়া সময়ৰ পাছত আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত অনেক মুহূৰ্ত পাৰ কৰিব। আপুনি বিবাহপাশত আবদ্ধ হোৱাৰ কথাও চিন্তা কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যও ভালে থাকিব। আজিৰ দিনটো আোপনাৰ বাবে লাভদায়ক দিন। আপুনি আপোনাৰ সকলো কামতে সফলতা অৰ্জন কৰিব। আপোনালৈ ধন আৰু সম্পদৰ আগমন অব্যাহত থাকিব। আপুনি হাস্যমুখেৰে থাকিব।

Next Story
চাকৰি