আপোনাৰ ৰাশিফলঃ সোমবাৰ, ২৮ জুন, ২০২১ৰ

২৮ জুনত জন্মগ্ৰহণ কৰাসকলৰ জন্মদিনত বৰ্ষফল
আপোনাৰ ৰাশিফলঃ সোমবাৰ, ২৮ জুন, ২০২১ৰ

                                                                                                            জন্মদিনত বৰ্ষফল

আপোনাৰ সৌৰ-প্ৰত্যাৱৰ্তন তালিকাত মঙলে ৰাহুৰ লগত ৬০ ডিগ্ৰী কৌণিক ভংগীমাত অৱস্থান কৰিছে আৰু ইয়ে আপোনাক লাভ আদায় দিব। আপুনি মানসিক শান্তি লাভ কৰিব। আপুনি আপোনাৰ কামত সুন্দৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। আৰু আপুনি জ্ঞানৰ বৰ্ধন অব্যাহত ৰাখিব। আপুনি দৈনন্দিন কাম-কাজত ব্যস্ত থাকিব। আপুনি কৰ্ম-ব্যস্ততাৰ মাজতে আপোনাৰ পৰিয়ালকো সময় দিব। জীৱনসংগীৰ লগত আপোনাৰ বান্ধোন অপূৰ্ব হব। আপোনাৰ ভ্ৰাত-ভগ্নীয়ে আপোনাক পূৰ্ণ সমৰ্থন আগবঢ়াই যাব। কৰ্মত আপোনাৰ গুৰুত্ব বৃদ্ধি পাব আৰু আপুনি আনৰ পৰা সঁহাৰি পাব। আপোনাৰ পৰিয়ালত শান্তি অব্যাহত থাকিব আৰু আপুনি কোনো নতুন কাম সম্পূ্ৰ্ণকৈ শেষ কৰিব পাৰিব। আপুনি নতুনকামৰ বাবে বুজাপৰা কৰিব। আপুনি সুখী হব আৰু আপোনাৰ বন্ধু-বৰ্গক লগ পোৱাৰ সুযোগ পাব। ভূমি সম্পৰ্কীয় বিবাদ নিষ্পত্তি হব। আপোনাৰ আয়ো বৃদ্ধি পাব । ক'ৰবাত আবদ্ধ হৈ থকা ধন আপুনি লাভ কৰিব। আপোনাৰ আৰ্থিক দিশ শক্তিশালী হব। মংগলময় অনুষ্ঠান আপুনি আশা কৰিব পাৰে। এই অনুষ্ঠান আপুনি পৰিয়ালৰ সৈতে উদযাপন কৰিব।

শুভ তাৰিখসমূহঃ ১, ১০, ১৯, ২৮।

শুভ দিনসমূহ : মঙলবাৰ, শুকুৰবাৰ, দেওবাৰ

শুভ ৰংসমূহ : মগা-হালধীয়া, মাখন, মৌৰাৰ দৰে নীলা

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

পোনালোকৰ সম্পৰ্কত এড্ৰিনেলিনে আধিপত্য বিস্তাৰ কৰিব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক শক্তি আৰু দৃঢ়তাৰে চম্ভালি লব। আপুনি যিমান সম্ভৱ হয়, সিমান সোনকালে তেওঁক বিয়াৰ আয়োজন কৰিবলৈ কব পাৰে। আপুনি জীৱিকা বা ব্যৱসায়ত লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আপোনাৰ আত্মসন্মানো বৃদ্ধি পাব। আপোনালৈ নতুন সুযোগ আহি থাকিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপোনাৰ প্ৰেমিক বা প্ৰেমিকৰ সৈতে আপোনাৰ বান্ধোন অধিক শক্তিশালী হব আৰু দুয়ো সুখৰ মুহূৰ্ত পাৰ কৰিব। আনকি আপুনি বিয়াৰ বন্দবস্তিও বিচাৰিব পাৰে। সৌভাগ্যৰ বাবে কিছুমান ঘটনা সংঘটিত হব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে ৰাজনৈতিক দিশতো এটা গুৰুত্বপূৰ্ধ দিন। অ-বিবাহিতসকলে বিয়াৰ প্ৰস্তাৱ লাভ কৰিব। আপোনাৰ পৰিয়ালে এই প্ৰস্তাৱত সন্মতি দিব।

মিথুন : (২২ মে' -২১ জুন)

আপোনাৰ সম্পৰ্কক লৈ থকা মানসিক উদ্বিগ্নতাই অনেক মানসিক চাপৰ সৃষ্টি কৰিব। কি ভুল হৈছে, তাৰ নিজে কৰা সন্ধানৰ জৰিয়তে আপুনি ভুলৰ শিপাৰ সন্ধান পাবলৈ সক্ষম হব। আপুনি আত্মীয়-স্বজন আৰু বন্ধুবৰ্গৰ পৰা সহায় পাব। আপুনি কোনো ডাঙৰ ব্যৱসায়িক চুক্তি কৰিব পাৰে। পৰিস্থিতি আপোনাৰ অনুকূল হব। ভাগ্যই আপোনাক সহায় কৰিব আৰু আপুনি বিত্তীয় লাভ অৰ্জন কৰিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি এটা নতুন সম্পৰ্কত জড়িত হবলৈ ব্যগ্ৰ হৈ পৰিব পাৰে। আপুনি পেচাদাৰিত্বৰে কাম কৰিব আৰু আপুনি এক সুন্দৰ প্ৰেম-জীৱনৰ বাবে বিত্তীয় উদ্দীপনা সংয়োজন কৰিব। আপুনি আোপনাৰ ব্যয় নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন। কিন্তু আপোনাৰ অৱস্থা উন্নত হব। আপুনি বিচৰা কাম সম্পূৰ্ণ হৈ উঠিব। আপোনাৰ মন শান্ত আৰু সুখী হৈ থাকিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনালোক প্ৰেমিক-প্ৰেমিকা, দুয়োজনৰ মাজত কিছু ভুল বুজাবুজিৰ ফলত চিন্তাৰ সৃষ্টি হব পাৰে। কিন্তু আপুনি আপোনাৰ ভুল সোনকালে বুজি পাব । আপুনি লগতে বুজি পাব যে বিষয়টো ইমানেই গুৰুত্বহীন যে, সেইটো কাজিয়া কৰিবলগা বিষয়েই নহয়। আপুনি মানসিক শান্তি পাব। ক'ৰবাৰ পৰা আপুনি ধন লাভ কৰিব। পৰিয়ালৰ সৈতে জড়িত সমস্যা সমাধান হব। আপুনি সাহসেৰে কৰ্মাস্থলীত পৰিস্থিতিৰ সন্মুখীন হব।

কন্যা : (আগষ্ট ২৪- ২২ ছেপ্টেম্বৰ)

আপুনি কোনো কামৰ চুক্তি বা বুজাপৰাৰ সৈতে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক জড়িত কৰিব, কাৰণ তেওঁৰ দক্ষতা আপুনি অনুধাৱন কৰে । এনে কামৰ বাবে আপোনাৰ বাবে এই সময়ছোৱাত আনন্দ-স্ফূৰ্তি নাথাকিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ আত্মসন্মান আৰু মৰ্যদা বৃদ্ধি পাব। আপোনাৰ পৰিয়ালৰ কোনো কনিষ্ঠ সদস্যৰ বিয়া স্থিৰ হব পাৰে। ইয়ে পৰিয়ালৰ পৰিৱেশ উন্নত কৰিব পাৰে।

তুলা : (২৩ ছেপ্টেম্বৰ- ২৩ অক্টোবৰ)

আপুনি সামাজিক দিশত অধিক জড়িত হৈ পৰাৰ কথা চিন্তা কৰাৰ সময়তে আপুনি কোনো মোহনীয় ব্যক্তিত্বৰগৰাকী ব্যক্তিক লগ পাব। কিন্তু আপুনি অনুভৱ কৰিব যে আপোনাৰ মৰ্যাদা সেই ব্যক্তিজনৰ সমান নহয়। ধন অৰ্জনৰ বাবে আপুনি গ্ৰহণ কৰা পদক্ষেপ সফল হব। চৰকাৰৰ সৈতে জড়িত আপোনাৰ কথাবোৰে গুৰুত্ব পাব। সকলো পে়ঞ্চনাৰে তেওঁলোকৰ প্ৰাপ্য পাব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি পুৰণি ধ্যান-ধাৰণাৰ প্ৰিয়জনক বিদায় দিয়াৰ সময় সমাগত হৈছে । কিন্তু নতুনকৈ লগ পাবলগাজনে আপোনাৰ প্ৰায়বোৰ কথাতে সমৰ্থন নিদিব বা সহযোগ নকৰিব। ইয়াৰ কাৰণ হব আপুনি কিছু পৰিমাণে ৰক্ষণশীল। কাৰ্যালয়ত আপোনাৰ লগত আলোচনা কৰিহে আপোনাৰ সহকৰ্মীয়ে প্ৰতিটো কাম কৰিব। আপোনাৰ কেৰিয়াৰত সুস্থিৰতা থাকিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ জীনসংগীক পথৰ সন্ধান দেখুৱাবলৈ কব আৰু আপুনি মাথোঁ তেওঁৰ নিৰ্দেশনা মানি অগ্ৰসৰ হব। কাৰণ মানসিকভাবে আপুনি নিজকে প্ৰস্তুত নহয় য়েন অনুভৱ কৰিব। আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব। আদালতত চলি থকা গোচৰত আপুনি জয়ী হব। বৃহস্পতি আপোনাৰ অনুকূলে থাকিব। আপোনাৰ ভাৱমূৰ্তি ভাল হব। আপোনাৰ বিত্তীয় সমস্যা সমাধান হব।

মকৰ: (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

সামগ্ৰিকবাবে আজিৰ দিনটো আপোনাৰ বাবে কঠিন দিন হব পাৰে। আপোনাৰ জীৱনসংগী অসন্তুষ্ট হব পাৰে আৰু সেই কাৰণে আপুনি প্ৰতিৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ ভুল-ত্ৰুটি উলিওৱাৰ চেষ্টা কৰিব। আপুনি কোনো উচ্চ পদস্থ বিষয়াক লগ পাব, যিয়ে জীৱনত আগবাঢ়ি যোৱাত আপোনাক সহায় কৰিব। পৰিস্থিতি আপোনাৰ অনুকূল হৈ উঠিব। আপুনি চাকৰি বা ব্যৱসায়ত নতুন প্ৰস্তাৱ পাব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

সুখৰ মুহূৰ্ত অনেক হব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে অতি হাস্যমধুৰ মুহূৰ্ত পাৰ কৰিব আৰু দুয়ো দুয়োৰে সংগ উপভোগ কৰিব। ৰাজনৈতিক ব্যক্তিৰ সৈতে থকা আপোনাৰ সংযোগে আপোনাক উপকৃত কৰিব। আপুনি আপোনাৰ আত্মীয়-স্বজন আৰু বন্ধুবৰ্গৰ দ্বাৰাও উপকৃত হব। আপুনি কোনো ডাঙৰ ব্যৱসায়ৰ সৈতে জড়িত হব পাৰে। আপুনি বাল ফল আদায় কৰিব পাৰে।

মীন : (১৯ ফেব্ৰৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ কথা আৰু কামত ভদ্ৰ হোৱা উচিত। অন্যথা আপোনাৰ প্ৰতি আন কাৰোবাৰ মনত নেতিবাচক ভাব গঢ় লৈ উঠিব পাৰে। আপুনি বিচাৰ-বিবেচনাশীল হওক। ইয়ে আপোনাৰ উপকাৰ সাধন কৰিব। আপোনাৰ পৰিয়ালত মৰম আৰু শান্তি বিৰাজ কৰিব। আপুনি কাৰোবাৰ সৈতে আপোনাৰ সম্পৰ্কক লৈ দোধোৰ-মোধোৰত পৰিব পাৰে। আপুনি সঠিক সিদ্দান্ত গ্ৰহণ কৰাৰ প্ৰয়োজন। ইয়ে অনাগত সময়ত সময়ত আপোনাক সহায় কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com