আপোনাৰ ৰাশিফলঃ আজি, বুধবাৰ, ৩০ জুন, ২০২১-ৰ দিনটোৰ

৩০ জুনত জন্মলাভ কৰাসকলৰ জন্মদিনত বৰ্ষফল চাওঁ আহক
আপোনাৰ ৰাশিফলঃ আজি, বুধবাৰ, ৩০ জুন, ২০২১-ৰ দিনটোৰ

                                                                                                              জন্মদিনত বৰ্ষফল

চন্দ্ৰই আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত বৰ্গাকৃতিৰ সৃষ্টি কৰিছে আৰু ইয়ে আপোনাক মিশ্ৰিত ফল দিব। আপুনি প্ৰচুৰ পৰিমাণত ধন অৰ্জন কৰিব। উত্তৰাধিকাৰী সূত্ৰেও আপুনি কিছুমান বস্তু লাভ কৰিব। আপুনি প্ৰতিজনকে আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। কিন্তু আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লোৱাৰ প্ৰয়োজন। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ আপোনাৰ পৰা অধিক প্ৰত্যাশা থাকিব। আপোনাক প্ৰয়োজন অনুসৰি আপোনাৰ ঘনিষ্ঠ ব্যক্তিয়ে সহায় কৰিব। কিন্তু টকা-পইচাৰ ক্ষেত্ৰত আপুনি সকলোকে আস্থাত নলব। আপুনি অনলাইন শ্বপিং বা লেনদেনত প্ৰৱঞ্চিত হব পাৰে। সময়ত আপুনি আত্মকেন্দ্ৰিকো হব পাৰে। আপোনাৰ আত্মবিশ্বাস দৃঢ় হব আৰু আপুনি প্ৰচুৰ শক্তি অনুভৱ কৰিব। আপোনাৰ পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব। আপুনি সামাজিক কল্যাণ সাধনৰ কামৰ প্ৰতি আকৰ্ষিত হব। যিকোনো কামতে আপুনি সফলতা অৰ্জন কৰিব। আপুনি ঘৰৰ তথা পৰিয়ালৰ বাজেটো প্ৰস্তুত কৰিব। পেচাগত কামে গুৰুত্ব অৰ্জন কৰিব। আপুনি ব্যৱসায় সম্বন্ধীয় ভ্ৰমণ কৰিব পাৰে। আপোনাৰ আয় বৃদ্ধি পাব। কামত আপোনাৰ বদলি হব পাৰে।

শুভ তাৰিখসমূহ : ৩, ১২, ২১,৩০

শুভ বাৰসমূহ : সোমবাৰ, বুধবাৰ, শনিবাৰ

শুভ ৰংসমূহ : ৰঙা, সেউজীয়া, নীলা

আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আজিৰ দিনটো আপোনাৰ বাবে ভাল হব। আপুনি নিৰ্ভেজাল সম্পৰ্ক গঢ়াৰ বাবে প্ৰচুৰ সুযোগ পাব। আপুনি প্ৰেমৰ ক্ষেত্ৰত মধুৰ সম্পৰ্ক উপভোগ কৰিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকা অতি ভাল হব। আপুনি নতুন মানুহৰ সৈতে যোগাযোগ বৃদ্ধিত অতুলনীয় গুণৰ অধিকাৰী। আপোনাৰ পৰিয়ালৰ সদস্যসকলে পাৰস্পৰিক বুজাবুজিৰে সুন্দৰ সময় অতিবাহিত কৰিব।

বৃষ : (২১ এপ্ৰিল -২১ মে')

আপোনাৰ এতিয়ালৈ কাৰোৰে লগত প্ৰেমৰ সম্পৰ্ক নাই। আপুনি কোনো শক্তিশালী প্ৰেমৰ সম্পৰ্ক গঢ়াৰ সুযোগ পাব পাৰে। আপোনাৰ অন্তৰত কোনো নতুন চিনাকী ব্যক্তিৰ প্ৰতি গভীৰ অনুৰাগৰ সৃষ্টি হব পাৰে। কামত আপুনি লাভ অৰ্জন কৰিব। আপোনাৰ ঘৰলৈ আলহী-অতিথি আহিব আৰু এক প্ৰোজ্জ্বল বাতাবৰণৰ সৃষ্টি কৰিব। আপুনি পৰিয়ালৰো তত্বাৱধান কৰিব।

মিথুন : (২২ মে' – ২১ জুন)

আপুনি কাম-কাজ সহজ কৰিবৰ বাবে চেষ্টা চলাব লাগিব। কোনো উত্থান-পতনে আপোনাৰ সম্পৰ্কত আঘাত হানিব আৰু আপুনি ধাৰণা কৰিব যে আপোনাৰ বৰ্তমানৰ সম্পৰ্ক শেষ হব। আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হব। ভাল অভিভাৱকৰ লেখীয়ৈকে আপুনি আপোনাৰ সন্তানৰ তত্বাৱধান কৰিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব।

কৰ্কট: (২২ জুন – ২২ জুলাই)

আপুনি আবেগিক জীৱনত সু-স্থিৰতা অৰ্জন কৰিব। প্ৰায়োগিক দৃষ্টিভংগীৰে কথা-বতৰা জুঁকিয়ালে, সি আপোনাক শান্তি দিব। আপুনি দূৰণিবটীয়া ভ্ৰমণ হাতত লব পাৰে। আপুনি আপোনাৰ কাম বা চাকৰিত ভাল উন্নতি লাভ কৰিব। আপোনাৰ প্ৰগতিৰ পথ উজ্জ্বল। আপুনি বন্ধুবৰ্গ আৰু সহকৰ্মীৰ পৰা পোৱা সহায় গ্ৰহণ কৰিব। এই সহায় উপকাৰী প্ৰমাণিত হব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আনন্দকৰ মুহূৰ্ত অতিবাহিত কৰিব। আপুনি আপোনাৰ বন্ধুবৰ্গক লগ পাব আৰু নিজকে সামাজিক কৰি তুলিব। আপুনি বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অতি বিনয়ী আৰু কোমল হব লাগিব। আপুনি আপোনাৰ ধন দূৰদৰ্শিতাৰে খৰচ কৰিব। মূৰৰ কামোৰণিয়ে আপোনাক আমনি কৰিব পাৰে। আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লব আৰু আৰাম কৰিব।

কন্যা: (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

ভবা মতে কাম হৈ নুঠিলে আপোনাৰ মন-মেজাজ বেয়া হব। অৱশ্যে ইয়ে কথাবোৰ অধিক বেয়াৰ ফালে ঢাল খুৱাই নিব । গতিকে আপুনি যিমান সোনকালে সম্ভৱ হয়, সিমান সোনকালে মন সলনি কৰাৰ প্ৰয়োজন। কামত থকা চাপৰ লগত আপুনি তাল মিলাব পাৰিব। আপুনি সু-বিবেচনাৰে ধন বিনিয়োগ কৰাৰ প্ৰয়োজন। কাৰণ ক'ৰবাত আপোনাৰ ধন আবদ্ধ হৈ পৰিব পাৰে। ব্যৱসায়ত আপুনি লাভ অৰ্জন কৰিব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

প্ৰত্যাহ্বানৰ সময়ত আপোনাৰ ব্যৱসায়ৰ সংগী আপোনাৰ কাষত থিয় দিব আৰু তাৰ বাবে আপুনি তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ ৰব। কাম সম্পূৰ্ণ কৰাৰ বাবে আপুনি পৰিচিতজনৰ ধাৰাবাহিক সহায়-সহযোগিতা লাভ কৰি যাব। আপুনি ভাল খবৰ পাব। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে আপুনি সেই কামটোৰ বিষয়ে গুৰুত্বসহকাৰে চিন্তা কৰাৰ প্ৰয়োজন। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হব। আপোনাক অতি সহায় কৰা কোনো গুৰুত্বপূৰ্ণ ব্যক্তিক আপুনি লগ পাব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আজিৰ দিনটো প্ৰেমৰ বাবে ভাল দিন। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ বাবে অনেক কাম কৰিব। আপোনাৰ অন্তৰত ধীৰে ধীৰে প্ৰেমৰ বীজ অঁকুৰিত হব আৰু আপোনালোক দুয়োজনে অন্তৰংগ মুহূৰ্ত পাৰ কৰিব। আপোনাৰ জীৱনত কল্যাণসাধন, দয়া-স্নেহ আৰু সামাজিক কৰ্মৰ প্ৰতি বিশেষ অনুৰাগ থাকিব। আপুনি যিমানেই কষ্ট কৰিব, সিমানেই ভাল ফল পাব। আজি আপোনাৰ উদ্যম বৃদ্ধি পাব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপোনাৰ জীৱনত ধীৰে ধীৰে ৰোমান্স গঢ় লৈ উঠিব। আপুনি কিঞ্চিত কল্পনা কৰক আৰু সপোনৰ গাঁথৰিৰে আপোনাৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলক। আপোনাক সমৰ্থন জনোৱা কোনো পৰিচিতজনে এই সপোন বাস্তৱত পৰিণত কৰাত সহায় কৰিব। আপোনাৰ আয় বৃদ্ধি পাব। আপোনাৰ সম্পদ প্ৰচুৰ হব। আপুনি কামৰ লগত একাত্ম হৈ পৰিব। আপুনি পদোন্নতিও লাভ কৰিব পাৰে।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

সুখ কঢ়িয়াই অনা এটা নতুন সম্পৰ্কত আপুনি বান্ধ খাব। আপোনলোক দুয়োজনৰ মাজত অনেক দিয়া-লোৱা থাকিব। আপোনালোক পৰস্পৰে পৰস্পৰক ভালদৰে বুজি পাব আৰু ইজনে সিজনক শুভেচ্ছা জনাব।আপুনি গৃহৰ তত্বাৱধান লৈ সময় অতিবাহিত কৰিব। আপুনি ঘৰো পৰিষ্কাৰ কৰিব। আপুনি শান্তি পাব আৰু আৰাম অনুভৱ কৰিব। আপোনাৰ গৃহত কোনো অনুষ্ঠানৰ আয়োজন হব পাৰে।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ বৰ্তমানৰ জীৱনসংগীক লৈ সম্পূৰ্ণৰূপে ছিৰিয়াছ হৈ উঠিব। আপুনি ইতিবাচক মনেৰে শান্ত তথা ধীৰ-স্থিৰভাবে সমস্যা সমাধান কৰাৰ প্ৰয়োজন। কোনো প্ৰভাৱশালী ব্যক্তিক লগ পোৱাটোৱে আপোনাৰ প্ৰগতিৰ দুৱাৰ মুকলি কৰিব। আপুনি প্ৰচুৰ অনুপ্ৰেৰণা পাব। আপুনি যিমানে কষ্ট কৰিব, সিমানে ফল লাভ কৰিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কাম হৈ উঠাত পলম হব পাৰে আৰু ইয়ে আপোনাক অত্যধিক ব্যস্ত ৰাখিব। প্ৰিয়জনৰ বাবে আপুনি সময় দিব নোৱাৰিব। ইয়ে আপোনাৰ মনত কিছু হতাশাৰ সৃষ্টি কৰিব। আপোনাৰ পৰিযালৰ জ্যেষ্ঠজনৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব। অন্যথা সমস্যাৰ সৃষ্টি হব পাৰে। সম্পত্তিৰ লগত জড়িত বিবাদ নিষ্পত্তি হব। আপুনি বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্ত সু-চিন্তিতভাবে লোৱা উচিত।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com