আপোনাৰ আজিৰ ৰাশিফল (মঙলবাৰ, ৬ জুলাই. ২০২১) '

৬ জুলাইত জন্মগ্ৰহণ কৰাসকলৰ জন্মদিনত বৰ্ষফল
আপোনাৰ আজিৰ ৰাশিফল (মঙলবাৰ, ৬ জুলাই. ২০২১) '

                                                                                ৬ জুলাইত জন্মগ্ৰহণ কৰাসকলৰ জন্মদিনত বৰ্ষফল

চন্দ্ৰই আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত মিলিত হৈছে আৰু ইয়ে মিশ্ৰিত ফল দিব। আপুনি কিছু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হব। গতিকে সময়মতে আপুনি স্বাস্থ্যৰ যতন লোৱাৰ প্ৰয়োজন। গ্ৰহ-গ্ৰহাদিৰ চলনে আপোনাৰ বিত্তীয় অৱস্থা উন্নত কৰিব, কিন্তু আপোনালৈ ধনৰ আগমন সুস্থিৰ নহব। গতিকে সু-বিবেচনাপূৰ্ণ সিদ্ধান্ত লব আৰু হাতত থকা ধন অত্যন্ত প্ৰয়োজনীয় কামতহে খৰচ কৰিব। আপুনি কৰ্মস্থলীত কঠোৰ পৰিশ্ৰম কৰিব আৰু সকলোকে সুখী কৰি ৰাখিব। আপোনাৰ কাম সম্পূৰ্ণ হৈ উঠিব। আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ নতুন সুযোগ পাব। আপুনি সাক্ষাতকাৰ বা প্ৰতিযোগিতাত সফল হোাৱাৰ সুযোগ আছে। আপুনি জীৱনসংগীৰ সৈতে মধুৰ সম্পৰ্ক উপভোগ কৰিব। আপোনাৰ ঘৰত সুখ-শান্তি বিৰাজ কৰিব। আপুনি সামাজিক কাম-কাজো কৰিব। আপুনি প্ৰিয়জনৰ প্ৰয়োজনীয়তাও উপলব্দি কৰিব। আপুনি পৰিয়ালৰ কোনোবা এজনৰ ঘনিষ্ঠ হৈ উঠিব। আপোনাৰ পৰিয়ালত হাঁহি-আনন্দ থাকিব।

শুভ তাৰিখসমূহ : ৬, ১৫. ২৪

শুভ বাৰসমূহ : বুধবাৰ, শুকুৰবাৰ, দেওবাৰ

শুভ ৰংসমূহ : সেউজীয়া, নীলা, ৰঙা

৬জুলাই, ২০২১ঃ আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোন

আপোনাৰ কোনো পৰিচিত ব্যক্তিৰ লগত থকা আপোনাৰ আগ্ৰহৰ বিষয়বস্তুৱে দুয়োকে দুয়োৰ ওচৰ চপাই আনিব পাৰে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক ভালদৰে বুজি পোৱাৰ বাবে আপুনি আপোনাৰ কথোপকথনৰ দক্ষতা ব্যৱহাৰ কৰিব পাৰে। ইয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু আপোনাৰ বন্ধু আৰু পেচাগত চক্ৰ বৃদ্ধি কৰিব। হঠাতে আপুনি কামত পদোন্নতি পাব।

বৃষ: (২১ এপ্ৰিল – ২১ মে)

আপুনি পেচাগত কামত অত্যধিক সময় দিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ প্ৰেমিকা বা প্ৰেমিক আপোনাক লৈ সন্তুষ্ট নহ'ব। ইয়াৰ পৰিণতিস্বৰূপে আপোনাৰ ৰোমাণ্টিক জীৱনে আপোনাক অশান্তি দিব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আপোনাক লৈ সুখী হব। আপুনি কৰবাৰ পৰা সুখবৰ পাব। শত্ৰু আৰু বিৰোধীয়ে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব।

মিথুন : (২২ মে – ২১ জুন)

আপোনাক প্ৰকৃততেই ভাল পাবলৈ হলে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ওচৰ চাপি যোৱা উচিত। ইয়াৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত বহু সময় পাৰ কৰিব লাগিব আৰু তেওঁৰ লগত হাঁহি-স্ফূৰ্তিত অংশ লব লাগিব। কোনোবা ব্যক্তিয়ে আপোনাক দুষ্কাৰ্ষৰ লগত ভুলকৈ সাঙুৰিব আৰু ইয়ে আপোনাৰ ভাবমূৰ্তি বিনষ্ট কৰিব। আপোনাৰ পৰিৱেশ-পৰিস্থিতিলৈ এটা পৰিৱৰ্তন আহিব । কিন্তু আপুনি ভাল ফলাফল পাব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ জীৱনসংগীৰ লগত আপুনি বাস কৰা স্থানৰ পৰা বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সুযোগ পাব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰখাত আপোনাৰ কোনো বন্ধুৱে সহায় কৰিব পাৰে। আপুনি আপোনাৰ কামত উন্নতি সাধন কৰিব আৰু আপোনাৰ চিন্তা-ধাৰাৰ গভীৰতা আৰু দূৰদৃষ্টিৰ জৰিয়তে সকলোকে মুগ্ধ কৰিব । আপুনি বন্ধুবৰ্গৰ পৰা প্ৰত্যাশিত সহযোগিতা পাব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি অগ্ৰসৰ শব্দটোৰ দ্বাৰা প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত বহু চিন্তা-ভাৱনা সংযোজন কৰিব। আপুনি কাম সম্পূৰ্ণ কৰিবলৈ ভাল পায় আৰু আপুনি আপোনাৰ প্ৰেম এনে হোৱা বিচাৰে। আপোনাৰ সমস্যা সমাধান হব। ব্যস্থতাৰ মাজতো আপুনি অতি ভালদৰে দায়িত্ব পালন কৰিব। আপুনি পৰিয়ালৰ সদস্যবৰ্গৰ পৰা অ-প্ৰত্যাশিত সহায় লাভ কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি এটা ভালদিনৰ দিশে অগ্ৰসৰ হৈছে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কিছু আয়োজনৰ পৰিকল্পনা কৰিব আৰু দুয়োজনে উমৈহতীয়া আগ্ৰহৰ বিষয় উপভোগ কৰিব। আপুনি বিবাহৰ কথা উলিয়াব পাৰে। আপোনাৰ জ্ঞান বৃদ্ধি পাব আৰু আপুনি জ্ঞান-বৰ্ধক আকৰ্ষণীয় সাহিত্য পঢ়ি সময় পাৰ কৰিব। আপোনাৰ স্বাস্থ্য অটুট থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি কিছু পৰিৱৰ্তন বিচাৰিব পাৰে যাতে আপুনি আপোনাৰ প্ৰেৰ আন এটা ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব পাৰে। তত্সত্বেও আপুনি অনেক দূৰ আগবাঢ়ি নাযাব। কাৰণ আপুনি পৰিস্থিতি চম্ভালি লব নোৱাৰিব পাৰে। আপোনাৰ কথোপকথনৰ দক্ষতা অ-দ্বিতীয়। আপোনাৰ বাৰ্তালাপ উন্নত হব। আপোনাৰ বন্ধুবৰ্গ আৰু যোগোযোগ বৃদ্ধি পাব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

অ-প্ৰীতিকৰ কথা এৰাই চলিব, কাৰণ এনেবোৰ কথা চম্ভালাৰ প্ৰতি আপোনাৰ মানসিকতা বা শক্তি কোনোটোৱেই নাথাকিব পাৰে। তাৰ পৰিৱৰ্তে আপুনি আপোনাৰ জীৱনসংগীৰ অধিক যতন লোৱাৰ প্ৰয়োজন হব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হৈ থাকিব। আপুনি ভাল চাকৰি বা ব্যৱসায়ৰ সুযোগ পাব। ধনৰ ক্ষেত্ৰত আপোনাৰ বাবে সময় অনুকূল।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

প্ৰত্যাহ্বানে আপোনাক বিচ্যুত কৰিব নোৱাৰে। আপুনি প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰখাটো প্ৰত্যাহ্বানৰ কাম হব আৰু এই সম্পৰ্ক আপুনি উপভোগ কৰিব। ৰাজনীতি/কাম-কাজত আপুনি অধিক জড়িত হব। আপুনি নতুন মানুহৰ লগত যোগাযোগ স্থাপন কৰিব। আপুনি সহজে নতুন পৰিস্থিতি চম্ভালি লব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত হাঁহি-আনন্দ বিৰাজ কৰিব আৰু আপুনি সাধাৰণতে অধিক বোজা লয়। আপোনাৰ প্ৰত্যাশা কমাই ৰাখিব। কাৰণ আপুনি প্ৰত্যাশা পূৰণ নহলে ভাগি পৰে। আপুনি বুদ্ধিমত্তাৰে অৰ্পিত দায়িত্ব পালন কৰিব। আপোনাৰ নাম আৰু যশস্যা বৃদ্ধি পাব। আপুনি সৃষ্টিশীল কামত ব্যস্ত থাকিব। আৰু সন্তুষ্টি অনুভৱ কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

সদ্যহতে আপুনি কামৰ ক্ষেত্ৰত কোনো প্ৰতিবন্ধক নাপাব। আপুনি কিছুসংখ্যক ব্যক্তিৰ বিষয়ে জানিবলৈ বিচাৰিব আৰু তেওঁলোকৰ সংগ উপভোগ কৰিব। প্ৰত্যাশা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে ফলাফল পাব। আপোনাৰ ৰাশিচক্ৰৰ কক্ষপথত চন্দ্ৰই লাভৰ দুৱাৰ মুকলি কৰি দিব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত আপোনাৰ ভাল সম্পৰ্ক থাকিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ প্ৰেম-ৰোমান্স তুংগত উঠিব। আপুনি অনেক নতুন অনুভৱ কৰিব আৰু উপলব্ধি কৰিব যে অতদিনে আপুনি ইয়াকে বিচাৰি আছিল। আহি থকা সময়ত আপোনাৰ বাবে সুখৰ মুহূৰ্তই অপেক্ষা কৰিছে। আপুনি আত্মবিশ্বাস আৰু প্ৰবল ইচ্ছা শক্তিৰে জটিল সমস্যা সমাধান কৰিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য উন্নত হব। আপোনাৰ বাবে উদ্বিগ্নতাৰ কোনো বিষয় নাথাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com