Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (বুধবাৰ, ৭ জুলাই, ২০২১)

৭ জুলাইত জন্মগ্ৰহণ কৰাসকলৰ জন্মদিনত বৰ্ষফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (বুধবাৰ, ৭ জুলাই, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 July 2021 3:56 AM GMT

৭ জুলাইত জন্মগ্ৰহণ কৰাসকলৰ জন্মদিনত বৰ্ষফল

আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত শুক্ৰই শনিগ্ৰহৰ বিপৰীতে অৱস্থান কৰিছে। ইয়ে আপোনাক সৰ্বোত্কৃষ্ট ফল দিব। আপুনি মহত্ আৰু গুৰু-গম্ভীৰৰূপে ভুমুকি মাৰিব। আৰু আপোনাৰ আচাৰ-আচৰণ ভদ্ৰ-মাৰ্জিত হব। আপুনি আপোনাৰ সহকৰ্মী আৰু জ্যেষ্ঠসকলক মুগ্ধ কৰিবলৈ সক্ষম হব আৰু তেওঁলোকে আপোনাক বহুত সহায় কৰিব। আপুনি আচাৰ-আচৰণৰ জৰিয়তে বহু বন্ধু আৰু অনুগামী গোটাবলৈ সক্ষম হব। আপুনি প্ৰভাৱশালী ব্যক্তিক সাক্ষাত কৰাৰ সুযোগ পাব, যিসকলে আপোনাক আহি থকা সময়ত প্ৰচুৰভাবে সহায় কৰিব। আপুনি বিদ্বান ব্যক্তিৰ লগত ভাব-বিনিময়ৰ সুযোগো পাব। আপুনি কৰ্ম-স্থলীত কাম ভালদৰে কৰিব। অধ্যয়নত ছাত্ৰ-ছাত্ৰীসকল উজ্বলি উঠিব। যিসকলে বিদেশত পঢ়াৰ সপোন দেখিছে, তেওঁলোকৰ সপোন পূৰ হ'ব। পৰীক্ষা বা সাক্ষাতকাৰত অৱতীৰ্ণ হোৱাসকলে সফলতা অৰ্জন কৰিব। আপুনি কৰ্মস্থলীত লগ পোৱা কোনো ব্যক্তিৰ লগত সম্পৰ্ক গঢ়ি তুলিব। তেওঁ সুন্দৰ আৰু আধুনিক মনৰ হব। আপোনাৰ বিয়া হব পাৰে। বিয়াৰ বাবে আপুনি আোপনাৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰা সন্মতি পাব।

শুভ তাৰিখসমূহ : ৭, ১৬, ২৫

শুভ বাৰসমূহ : সোমবাৰ, মঙলবাৰ, শনিবাৰ

শুভ ৰংসমূহ: ৰঙা, বেঙুণীয়া, মেৰুণ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি কেৱল মৰম-স্নেহ বা আদৰ কৰা জনকহে আস্থাত লওক আৰু আপোনাৰ প্ৰিয় কামবোৰহে কৰক। আপুনি অহংবোধক সন্মুখলৈ আহিবলৈ নিদিব আৰু সকলো কথাকে হাঁহি মাৰি উৰুৱাই নিদিব। কাৰণ ইয়ে আপোনাৰ প্ৰেমৰ সম্পৰ্কত যতি পেলাব পাৰে। আপুনি বুদ্ধিমত্তা আৰু আধ্যাত্মিকতাৰ চূড়াত উপনীত হব। আপুনি অস্থিৰতাপূৰ্ণ ব্যস্ত কৰ্মসূচীয়ে সৃষ্টি কৰা মানসিক চাপ গ্ৰহণ কৰিব লাগিবই । সেই অনুসৰি আপুনি নিজকে খাপ খুৱাই লব লাগিব।

বৃষ: (২১ এপ্ৰিল – ২১ মে')

আপুনি এক কম দূৰত্বৰ ভ্ৰমণসূচী লোৱাৰ সম্ভাৱনা আছে আৰু লগত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক নিয়াৰ কথা চিন্তা কৰিব। আপুনি বিবাহৰ প্ৰস্তাৱ দি কাৰোবাক হতাশ কৰাৰ সম্ভৱনা আছে। তেওঁ আপোনাক ধন অৰ্জনত গুৰুত্ব দিবলৈ ক'ব । এই সময়ছোৱা আপোনাৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ সময় আৰু ফলাফল লাভ কৰাৰ সময়। কিন্তু খৰধৰ নকৰিব। আপোনাৰ কাম সম্পূ্ৰ্ণ হৈ উঠিব। আপুনি কোনো আইনী কাগজত চহী কৰাৰ পূৰ্বে সেই কাগজ সাৱধানেৰে পঢ়ি চোৱা উচিত।

মিথুন : (২২ মে' – ২১ জুন)

আপুনি ভ্ৰমণ কৰিব পাৰে। আপোনাৰ হৃদয়ৰ আকাংক্ষা পূৰণৰ বাবে এয়া ভাল সময়। আপুনি এই আকাংক্ষা পূৰণ কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক সঠিক দিশত আগবাঢ়িব। আপুনি জীৱনত অগ্ৰসৰ হোৱাত দৃষ্টি নিবদ্ধ কৰিব। আপুনি আপোনাৰ ক্ষেত্ৰত সন্মান আৰু মৰ্যাদাৰ বিষয়বোৰত শীৰ্ষত থাকিব। আপুনি লক্ষ্যত উপনীত হব। আপুনি এক নিৰ্দিষ্ট ধৰণেৰে কাম কৰিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ বাবে সঠিক ব্যক্তিজন বিচৰাতো আপোনাৰ এটা প্ৰকৃতি। আপুনি আনক অনুপ্ৰাণিত কৰিব পৰা ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰিব আৰু কোনো এটা বিশেষ ভ্ৰমণত এজন ব্যক্তিক লগ পাব পাৰে। এই দিনটোৱে আপোনালৈ ভাল ফলাফল কঢ়িয়াব। আপোনাৰ আইন সংক্ৰান্তীয় জঞ্জাল সমাধা হব। যোগাযোগ, কথা-বাৰ্তা, যোগসূত্ৰ ৰক্ষাৰ বাবে এই সময় আপোনাৰ বাবে গুৰুত্বপূৰ্ণ সময়। আপুনি আপোনাৰ অৱস্থিতিৰ অসাধাৰণ উচ্চতাত অৱগাহন কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হব আৰু তেওঁৰ লগত আপুনি ঘনিষ্ঠতাৰে কথা-বতৰা পাতিব। এই কথা মনত ৰাখি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত অনেক সময় কটাব। আপুনি আপোনালোক দুয়োৰে আগ্ৰহৰ কোনো নতুন গৃহো দৰ্শন কৰিব পাৰে। আপুনি চেষ্টাৰ বলত ভাল ধন অৰ্জন কৰিব। আপুনি আপোনাৰ স্বাভাৱিক প্ৰকৃতিৰ দ্বাৰাই মানুহক আপোনাৰ ফালে আকৰ্ষণ কৰিব। কৰ্মৰ ক্ষেত্ৰত আপুনি লক্ষ্যসমূহ পূৰণ কৰিবলৈ সক্ষম হব।

কন্যা: (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আবেগ-অনুভূতিৰ পূৰণ নোহোৱাৰ অসন্তুষ্টিৰ বাবে আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিব পাৰে। অৱশ্যে আপোনাৰ জীৱনসংগীয়ে আপোনাৰ ওপৰত মৰম-স্নেহ উপচাই দিব আৰু আপোনাক পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিব। আপুনি ভাল বিত্তীয় লাভ অৰ্জন কৰিব। আপুনি বন্ধুবৰ্গৰ লগত সময় পাৰ কৰিবলৈ সক্ষম হব আৰু তেওঁলোকৰ লগত আপুনি আপোনাৰ আবেগ-অনুভৱ ভাগ-বাটোৱাৰা কৰিবলৈ সক্ষম হব। আপুনি আপোনাৰ সন্তানৰ অধ্যয়ন বা কেৰিয়াৰলৈ সু-স্থিৰতা আনিবলৈ সক্ষম হব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ আত্মবিশ্বাস এনে যে সিয়ে মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত হবলৈ প্ৰলুব্ধ কৰিব। আপোনাৰ জীৱসংগীয়ে আপোনাৰ ওপৰত আস্থা ৰাখিব আৰু আপুনি তাক মূল্য দিব। কাৰণ ই আপোনাৰ বাবে অসাধাৰণ হব। আপোনালৈ নতুন চাকৰি/ব্যৱসায়ৰ সুযোগ আহিব। আপুনি মাংগলিক কামত ধন ব্যয় কৰিব। আপুনি ব্যৱসায়তো নতুন সম্পৰীক্ষা কৰিব আৰু আপোনাৰ লাভ বৃদ্ধি কৰিব।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সুখী হব আৰু তেওঁ আপোনাক প্ৰশংসাৰে ওপচাই পেলাব। এক ভাল সমন্বয়ে শেষ হাঁহি মাৰিবলৈ গৈ আছে। ইয়ে সুখদায়ক সময়ৰ আগমন সম্ভৱ কৰি তুলিব। ঘৰুৱা সামগ্ৰী ক্ৰয়ত আপোনাৰ অতিৰিক্ত ধন ব্যয় হব। আপুনি যিকোনো ব্যক্তিক ধন ধাৰে নিদিব। অন্যথা সেই ধন ঘূৰাই পোৱাটো কঠিন হব। তদুপৰি কোনো আত্মীয় বা বন্ধুৰ পৰা কিবা পাব বুলি আশা নকৰিব।

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আপোনাৰ অন্তৰত থকা শিল্পীসুলভ ব্যক্তিজনে আপোনাৰ প্ৰেম-জীৱন অধিক আকৰ্ষণীয় কৰিবলৈ কিছু অগ্ৰৱৰ্তী কাম কৰিব। কোনো উদ্দীপনাদায়ক খবৰে আজি আপোনাৰ মন অতি প্ৰফুল্লিত কৰি ৰাখিব। চাকৰিত আপোনাৰ পদোন্নতিৰ সুযোগ আছে। কামত আপুনি জটিল প্ৰত্যাহ্বান গ্ৰহণ কৰিব। আপুনি সুন্দৰভাবে কাম সম্পূৰ্ণ কৰি গৰ্ব অনুভৱ কৰিব।

মকৰ: (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপোনালৈ ধনৰ আগমন অব্যাহত থাকিব। আপোনাৰ মন শান্তিত থাকিব। আপোনাৰ যিহেতু প্ৰেমিক বা প্ৰেমিকা খৰচী, গতিকে আপুনি প্ৰচুৰ ধন ব্যয় কৰিব লাগিব। কোনো পাৰিবাৰিক বিষয আপুনি চোৱাৰ প্ৰয়োজন হব। কোনোবা এজনৰ মধ্যস্ততাত সম্পত্তিৰ সমস্যা মীমাংসা হব। মৃদুভাবে কথা কৈ আপুনি কাম সম্পূৰ্ণ কৰাব পাৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি সুখদায়ক ফল আদায় কৰিবলৈ হলে আপোনাৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব। আপোনাৰ উন্নতিৰ বাবে আপুনি কাম কৰিব। আপুনি কোনো চৰকাৰী সা-সুবিধা পাব। আপুনি চিন্তা আৰু মানসিক চাপৰ পৰা মুক্তি পাব। আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব। আপোনাৰ কোনো পৰিচিত ব্যক্তি আপোনাৰ বাবে আনন্দৰ উত্সত পৰিণত হব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

বিবাহপাশত আবদ্ধ হবলৈ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক উত্সাহিত কৰিব। তীব্ৰ উত্সাহ-উদ্দীপনাৰ মাজত আপুনি বিয়াৰ পৰিকল্পনা কৰিব পাৰে। সময় আপোনাৰ অনুকূলে আছে। আত্মীয়ৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হব। আপুনি ঘৰত কোনো পাৰ্টী বা বিশেষ অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰিব, য'ত আপোনাৰ প্ৰিয়জনো উপস্থিত থাকিব।

Next Story
চাকৰি