Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৮ আগষ্ট, বুধবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

RaktimBy : Raktim

  |  30 Aug 2021 2:30 PM GMT

মেষ : (২১ মাৰ্চ- ২০ এপ্ৰিল)

ধনৰ ক্ষেত্ৰত আপোনাৰ অৱস্থা ভাল হোৱাৰ ইংগিত সূচিত হৈছে। ইয়ে আপোনাক এক বিলাসী জীৱনশৈলী উপভোগ কৰিবলৈ সুবিধা দিব। আপোনাৰ বন্ধুবৰ্গৰো অভাৱ নহ'ব। আপুনি আজি এটা অগতানুগতিক আৰু সুখৰ দিন পাৰ কৰিব। আপুনি সময়মতে নিজৰ কাম সম্পৰ্ণ কৰিব। আৰু নিজক পৰীক্ষা আৰু বিশ্লেষণ কৰিব। আপুনি আপোনাৰ আচৰণ আৰু মানুহৰ সৈতে যোগসূত্ৰ স্থাপনলৈ পৰিৱৰ্তন আনিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি সঠিক ব্যক্তিজনৰ লগত সঠিক পথত আছে নে নাই, সম্ভৱত সেয়া বিশ্লেষণ কৰিব। এনে চিন্তাই আপোনাক বিবুধিত পেলাব আৰু এই কথা ভালদৰে চিন্তা কৰিবলৈ আপোনাক সময়ৰ প্ৰয়োজন হ'ব। আপুনি চাকৰিত এটা পদোন্নতি পাব। আপুনি কোনো ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনাও কৰিব। আপোনাৰ অৱস্থান সন্তোষজনক হ'ব। আপুনি অংশীদাৰী ব্যৱসায়ত লাভ অৰ্জন কৰিব।

মিথুন : (২২ মে' – ২১ জুন)

আজিৰ দিনটো আপোনাৰ বাবে সুখৰ দিন হ'ব । আপুনি সজীৱতা অনুভৱ কৰিব। আপুনি বহুতকে আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব আৰু আনকি প্ৰেমো পাব পাৰে। আপুনি নিজকে আপোনাৰ কামত প্ৰতিষ্ঠিত কৰিব। আপুনি চেষ্টাৰ বলত প্ৰচুৰ ধন অৰ্জন কৰিব। আপুনি নতুন গাড়ীও ক্ৰয় কৰিব। আপোনাৰ স্বাস্থ্য সবল হৈ থাকিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

সমস্যাৰ সৃষ্টি কৰিব পৰা পৰিস্থিতি যিমান পাৰে, সিমান সোনকালে মোকাবিলা কৰক । অন্যথা আপুনি দুঃশ্চিন্তাত পৰিবলগা হব পাৰে। যিহেতু আপুনি আপোনাৰ প্ৰিয়জনক বহু সময় দিয়ে, গতিকে আপুনি প্ৰেমৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট পথ লোৱাৰ প্ৰয়োজন। আপুনি কোনোবা এজনৰ পৰা দামী আৰু মূল্যবান উপহাৰ পাব পাৰে। ঘৰুৱা-পাৰিবাৰিক বিষয়ত আপুনি কোনো গুৰুত্বপূ্ৰ্ণ সিদ্ধান্ত ল'বলগা হব পাৰে।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি এক গোপন প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ পৰিপ্ৰেক্ষিতত এক উত্তাল সময়ৰ বাবে সাজু হওক। সেই ব্যক্তিজনে হঠাতে আপোনাৰ জীৱনত প্ৰৱেশ কৰিব। এয়া শিহৰণ তোলা সম্পৰ্ক হোৱাৰ সম্ভাৱনা আছে। । খৰধৰকৈ কোনো ক্ষেত্ৰত নতুনকৈ বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। আপুনি কৰবাৰ পৰা এটা ভাল খবৰ পাব। আপোনাৰ কোনো কাম সম্পৰ্ণ হওঁ হওঁ সময়ত আৱদ্ধ হৈ পৰিব। আপুনি শান্তি অনুভৱ কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাৰ হৃদয়ৰ সংগীক এক অগতানুগতিক ভ্ৰমণলৈ নিব পাৰে । সেই মুহূৰ্তখিনি চিৰজীৱনলৈ মনত ৰাখিবলগীয়া হব। আজিৰ দিনটো আপোনাৰ আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাবে এটা সুখৰ আৰু আনন্দকৰ দিন হব। টকা-পইচাৰ বিষয়বোৰত সাৱধান হব। জীৱন পুনৰ সঠিক দিশলৈ আহিব। আপুনি কোনো সভা-সমিতিত মূল ভূমিকা পালন কৰিব আৰু সেই সভা-সমিতিত উপস্থিত থকা প্ৰতিজন ব্যক্তিকে অনুপ্ৰাণিত কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি আৰম্ভ কৰিব খোজা নতুন প্ৰেম-ৰোমান্সক লৈ উত্সাহী-আনন্দিত হব পাৰে । আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই সম্পৰ্ক মসৃণভাবে আগুৱাই নিবলৈ নিজৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব । আপুনি এজন নতুন ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰিব। আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। আপোনৰা উদ্যম আৰু স্পৃহা এনে হব যে আপুনি সমগ্ৰ জগতখনেই আপোনাৰ পদানত বুলি ভাবিবলৈ লব।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি উদাস মনেৰে থাকিব পাৰে, কিন্তু এজন অগতানুগতিক ব্যক্তিক দেখাৰ পাছতে আপোনাৰ মন সলনি হব। আপুনি তেওঁৰ প্ৰতি আকৰ্ষিত হব। আপুনি সু-সংস্থাপিত হোৱাৰ কথাও চিন্তা কৰিব। আপুনি লোৱা লক্ষ্য-উদ্দেশ্যত আপোনাৰ সমগ্ৰ মনোযোগ আবদ্ধ থাকিব। এই সময়ছোৱা আপোনাৰ বাবে শান্তিপূৰ্ণ আৰু স্বাভাৱিক হব। আপুনি শান্তিপূৰ্ণভাবে নিজৰ কাম কৰি যোৱা উচিত। আপুনি ঘৰুৱা কাম-কাজত আপোনাৰ অধিক সময় খৰচ কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি কথা-বতৰাবোৰ নিজে নিজে আগবাঢ়িবলৈ দিয়ক আৰু অলপ জিৰণি লোৱাৰ প্ৰয়োজন হব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা পোৱা কিঞ্চিত সহায়ে আপোনাৰ সমস্যা সমাধানত সহায় কৰিব। আপুনি কোনোবাজনক ধাৰে দিয়া ধন উদ্ধাৰ কৰিব । আপুনি আপোনাৰ কামত গুৰুত্ব দিব। কামত আপোনাৰ দক্ষতা আৰু সক্ষমতা বৃদ্ধি পাব।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

যদি আপুনি আপোনাৰ নেতিবাচক দিশ দূৰ কৰিব বিচাৰে, তেন্তে আপুনি কথা আৰু কৰ্মত অতি ভদ্ৰ আৰু মাৰ্জিত হোৱা প্ৰয়োজন । বিবেচনাশীল হওক আৰু সকলোখিনি ভাল হব। আপুনি মানুহক তত্ক্ষণাতে আকৰ্ষণ কৰিব পাৰে। আপুনি কথাৰে মানুহক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰে। এই সময়ছোৱা আপোনাৰ বাবে ভাল সময়। আপুনি সফলতাৰ শীৰ্ষত অৱগাহন কৰিব। আপুনি বিত্তীয় লাভ অৰ্জন কৰাৰ ইংগিত সূচিত হৈছে।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ পেচাদাৰী ক্ষেত্ৰৰ কোনোবা এজন ব্যক্তিৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰে। লাহে-ধীৰে অগ্ৰসৰ হওক । আপোনাৰ ব্যৱসায় আৰু সন্তুষ্টিৰ সদায়ে ভালদৰে মিশ্ৰণ ঘটে। আপোনাৰ জীৱনত এক উত্তাল প্ৰেম-ৰোমান্স আৰম্ভ হ'ব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলে অভূতপূৰ্ব মাদকতাৰ মাজত সময় অতিবাহিত কৰিব। কোনোবা এজনে আপানৰ সৈতে আনন্দ-স্ফূৰ্তি কৰিব। আপোনাৰ লগত আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ সম্পৰ্ক ভাল হ'ব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি অতি আকৰ্ষণীয় হব আৰু সামাজিক ক্ষেত্ৰৰ লগত অধিক জড়িত হব। আপুনি এজন ব্যক্তিৰ সান্নিধ্য উপভোগ কৰিব আৰু অতি সোনকালেই তেওঁৰ লগত সম্পৰ্ক গভীৰ কৰি তুলিব। কোনোবা এজনৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত বাস্তৱত চিঙা-কটা হৈ নুঠিব। আপুনি কোনো উত্সৱ-পাৰ্বন আয়োজনৰ প্ৰস্তুতিক লৈ ব্যস্ত থাকিব। আপুনি প্ৰচুৰ ধন খৰচ কৰিব।

Next Story
চাকৰি