আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (২৩ আগষ্ট, সোমবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (২৩ আগষ্ট, সোমবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পৰাকৈ আপুনি মানসিকভাবে প্ৰস্তুত নাথাকিব পাৰে। সেয়ে আপুনি কোনো ঘনিষ্ঠ এজনৰ সহয়া লোৱাৰ প্ৰয়োজন হব পাৰে। এইক্ষেত্ৰত আপোনাৰ কোনো ক্ষতিৰ আশংকা নাথাকে। কাৰণ আপুনি নিজৰ অৱস্থা উন্নত কৰাৰ বাবেহে এই কাম কৰিব। আপোনাৰ ঘৰুৱা সমস্যা সমাধান হব। চাকৰিত আপোনাক কোনো গুৰুত্বপূৰ্ণ পদ দিয়া হব পাৰে। ধন-বিতৰ ক্ষেত্ৰত আপুনি আনক আস্থাত লোৱাৰ প্ৰয়োজন নাই। কাৰণ আপুনি ঠগ খাব পাৰে।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি অন্তৰত আঘাত পোৱাৰ আশংকাত সুৰক্ষিত স্থানত থাকিব আৰু মিথ্যাচাৰৰ আশ্ৰয় লব। আপুনি সন্মত হওকেই বা নহওকেই আপুনি আপোনাৰ প্ৰিয়জনৰ কথামতে পৰিচালিত হব। আপুনি কামত ভাল পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। আপোনাৰ কৰ্ম-ক্ষমতা আৰু সামৰ্থ্য বৃদ্ধি পাব। আপুনি বিত্তীয় দিশতো শক্তিশালী আৰু হৈ থাকিব আৰু বিত্তীয় সুস্থিৰতা লাভ কৰিব।

মিথুন : (২২ মে' – ২১ জুন)

আপোনাৰ আত্মবিশ্বাস সৰ্বকালত তুংগত হব। আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ কিছু পৰিৱৰ্তন আনিব যাতে এই সম্পৰ্ক মসৃণতাৰে শান্তিপূৰ্ণভাবে অগ্ৰসৰ হয়। আপুনি কটোৰ পৰিশ্ৰম কৰিব। আপুনি আপোনাৰ আয় বৃদ্ধিৰ বাবে বিচাৰ-বিবেচনাৰে চিন্তা কৰিব। আপুনি কৰ্ম-সংক্ৰান্তত কোনো ঠাইলৈ ভ্ৰমণ কৰিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আজি আপুনি দৌৰা-ঢপৰাকৈ কাম কৰি ফুৰিব লাগিব আৰু কৰ্ম-ব্যস্ততাই আপোনাৰ প্ৰেম-ৰোমান্সতকৈ আগস্থান পাব। আপুনি নিজৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব লাগিব। আপোনাৰ ব্যৱসায় ভাল হ'ব । পূৰ্বৰ তুলনাত আপুনি এতিয়া আপোনাৰ কাম বা চাকৰিত অধিক পৰিশ্ৰম কৰিব। আপুনি নতুন নতুন কাম কৰি ভাল পাব। আপুনি পুৰস্কৃতও হ'ব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ জীৱন অধিক সু-সংহত হোৱাৰ ইংগিত সূচিত হৈছে। আজিৰ দিনটো আপোনাৰ বাবে সুখদায়ক দিন হব। কাৰণ আপুনি জীৱনৰ আৰু আপোনাৰ প্ৰেমিকৰ বা প্ৰেমিকাৰ সৰু-সুৰা কথাবোৰ উপভোগ কৰিব। আপোনাৰ আয় ভাল হব। আপুনি পৰিকল্পনা অনুসৰি কিছু নতুন কাম কৰিব। ইয়াৰ বাবে আপুনি পুৰস্কৃতও হব। আপুনি কাৰোবাৰ সৈতে যুটীয়াভাবে ভূমি অথবা আন সম্পত্তি ক্ৰয় কৰিব। ব্যৱসায়ত আপুনি লাভ অৰ্জন কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ কেৰোণে ধৰা প্ৰেমৰ সম্পৰ্ক পুনৰ ভাল কৰিবলৈ সক্ষম হ'ব। আৰু আপুনি জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হব। আপুনি এই পৰিৱৰ্তনক মূল্যবানৰূপে বিবেচনা কৰিব। আপোনাৰ বিত্তীয় অৱস্থা সন্তোষজনক হব। আপুনি বিনিয়োগৰ পৰা লাভ অৰ্জন কৰিব। আপুনি কাৰোবাক ধাৰে দিয়া ধন ঘূৰাই পাব। আপুনি কোনো ৰাজনীতিককো লগ পাব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি ধৈৰ্য-সহকাৰে কৰা কামৰ বলত পুৰস্কৃত হব। আপুনি আপোনাৰ মাজত ব্যক্তিত্বৰ মাজত ৰখা ব্যক্তিত্বজন মোহনীয়T হৈ উঠিব আৰু আপুনি এটা সুন্দৰ ভৱিষ্যতৰ দিশে অগ্ৰসৰ হব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ লগত ভাল সম্পৰ্ক ৰক্ষা কৰি চলিব । পতি-পত্নীৰ মাজৰ সম্পৰ্ক ভাল হব। আপোনাৰ আয় ভাল হব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি আবেগৰ দ্বাৰা পৰিচালিত হব পাৰে আৰু আপুনি কথা-বতৰাবোৰ ঠিক-ঠাক কৰিবলৈ সক্ষম হব। আপুনি আপোনাৰ মত ব্যক্ত কৰাৰ বাবে পাছত উপযুক্ত সময় নাপাব পাৰে। আপুনি কিছু ভাল খবৰ পাব পাৰে। আপুনি সম্পত্তি ক্ৰয়-বিক্ৰয়তো লাভ অৰ্জন কৰিব। আপুনি আপোনাৰ খং-ক্ষোভ নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন।

ধনু: (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আজি আপোনাৰ ৰোমা্টিক ভাবাবেগ আপোনাৰ প্ৰেমিক বা প্ৰেমকাৰ লগত ভাগ-বাটোৱাৰা কৰিব। আপুনি বিবাহৰ বাবে এই সময়ছোৱা সঠিক বুলি ধাৰণা কৰিব আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক বিয়াৰ প্ৰতিশ্ৰুতি দিব। আপোনাৰ কামৰ সামৰ্থ্য বৃদ্ধি পাব। আপোনাৰ মন ঠিকে থাকিব। আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত আলোচনা কৰি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি নিজকে প্ৰত্যাহ্বানৰে ভৰপূৰ অৱস্থাত উদ্ধাৰ কৰিব আৰু নিজকে আপোনাৰ প্ৰিয়জনৰ ওচৰত যোগ্য বুলি প্ৰতিপন্ন কৰিবলৈ যুঁজ দিয়াৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে আপুনি অনেক শক্তি ব্যয় কৰিব লাগিব কিন্তু আপুনি সফল হোৱাৰ ইংগিত সূচিত হৈছে । আপুনি কঠোৰ পৰিশ্ৰম কৰিব। এই সময়ছোৱা আপোনাৰ বাবে আয় বৃদ্ধি কৰাৰ সময়। আপুনি আপোনাৰ পেচাগত কাম আৰু পৰিয়ালৰ বাবে কৰিবলগীয়া কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ বাবে পৰিৱেশ শান্তিপূৰ্ণ আৰু অনুকূল। আপুনি দৈনদ্নিন কাম-কাজৰ মাজতে ওচৰৰে কোনো ঠাই ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব। আপুনি আপোনাৰ প্ৰিয়জনৰ পৰা সকলো সহায়-সহযোগ পাব । আপুনি সামাজিক দায়িত্বও সুন্দৰভাবে পালন কৰিব। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰটো সাহসী সিদ্ধান্ত ল'ব আৰু সফল হ'ব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ আজি আপোনাৰ মনত দুঃশ্চিন্তাই বাহ ল'ব । কাৰণ আপুনি প্ৰেমত আপুনি নিজৰ কৰ্তৃত্ব আৰোপ কৰিব বিচাৰিব। কৰ্মস্থলীৰ পৰিৱেশ আপোনাৰ অনুকূল হব। আপুনি নিজৰ বুদ্ধিমত্তা আৰু কঠোৰ পৰিশ্ৰমৰ বলত প্ৰতিকূল পৰিৱেশক ইতিবাচক কৰি তুলিবলৈ সক্ষম হব। আপোনালৈ ধনৰ আগমন অব্যাহত থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com