আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (২৬ আগষ্ট, বৃহস্পতিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (২৬ আগষ্ট, বৃহস্পতিবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি সকলো সময়তে আপোনাৰ পত্নী বা স্বামীৰ অধীন হৈ থকাটোৱে আপোনাক বিৰক্ত কৰিব। আপোনালোকৰ মাজত হঠাতে কাজিয়া হব পাৰে । প্ৰেমিক-প্ৰেমিকাসকলৰ ইজনে সিজনৰ পৰা উপহাৰ পাব পাৰে। আপুনি মহত্ কাম কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল।

বৃষ : (২১ এপ্ৰিল- ২১ মে')

আপুনি আপোনাৰ প্ৰেম-জীৱনৰ সোণালী মুহূৰ্তসমূহ সংৰক্ষণ কৰিব আৰু এনে স্মৃতি অগনন হ'ব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে। আপুনি কাৰোবাক ধন ধাৰে দিব পাৰে বা কাৰোবাৰ পৰা ধন ধাৰে ল'ব পাৰে। আপুনি ধাৰে লোৱা এই ধন সময়মতে ঘূৰাই দিব। আপুনি আত্মবিশ্বাসেৰে ভৰ-পূৰ হৈ থাকিব।

মিথুন : (২২ মে'- ২১ জুন )

আপুনি ভালপোৱা ব্যক্তিজন আপোনাৰ বাবে একেৰাহে অনুপ্ৰেৰণাদায়ক হৈ ৰব। আপুনি ইতিবাচক কৰ্মৰে পৰিপূৰ্ণ এটা দিনৰ দিশে অগ্ৰসৰ হৈছে। আপুনি আজি আপোনাৰ প্ৰিয়জনৰ বাবে বহুখিনি কৰিব আৰু তেওঁৰ সৈতে অনুভৱৰ ভাগ-বাটোৱাৰা কৰিব। আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াৰ প্ৰয়োজন। আইনী জঞ্জালৰ পৰা আপুনি সকাহ পাব। আপুনি কোনো ধৰ্মীয় অনুষ্ঠানত অংশ ল'ব আৰু মানসিক শান্তি পাব।

কৰ্কট: (২২ জুন – ২২ জুলাই)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিছু জটিলতাই দেখা দিব পাৰে আৰু সেয়ে আপোনাৰ প্ৰেমত অতি কম শিহৰণ থাকিব। এনে পৰিস্থিতিত আপোনাৰ মনত দুখবোধ থাকিব। আপুনি সামাজিক কাম-কাজত ব্যস্ত থাকিব। আপুনি এটা নতুন চাকৰিৰ অফাৰ পাব আৰু আপুনি বিশ্বাসী মানুহৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব। আপুনি বিত্তীয় লাভ আদায় কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি এটা গুৰুত্বপূৰ্ণ বিষয়ত ৰায় দিব লগীয়া হব পাৰে আৰু ইয়াক লৈ আপুনি দোধোৰ-মোধোৰত পৰিব পাৰে। আপুনি কথা-বতৰাবোৰ অধিক সুষমভাবে চাওক আৰু প্ৰেম-ৰোমান্স উপভোগ কৰিব পাৰে। আপুনি জীৱন সম্পূ্ণৰূপে উপভোগ কৰিব আৰু আপোনাৰ জীৱনশৈলীলৈ পৰিৱৰ্তন আনিব পাৰে। আপুনি ব্যস্ততাৰে আজি সময় পাৰ কৰিব। আপুনি টকা-পইচাৰে জড়িত বিষয়ত জয়লাভ কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ নতুন প্ৰেমে আপোনালৈ আপুনি সুৰক্ষিত হোৱাৰ অনুভৱ কঢ়িয়াব। এই সময়ছোৱাই আপোনাক গভীৰ সন্তুষ্টি দিব। আপুনি পাবলৈ চেষ্টা কৰি থকাখিনি পাব। আপোনাৰ চেষ্টাই আপোনালৈ প্ৰচুৰ ধন আনিব। আপুনি বিদেশৰ পৰা কামৰ অৰ্ডাৰ পাব পাৰে।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি মন উতলা কৰা প্ৰেম লাভ কৰিব পাৰে। আপুনি আনন্দ-প্ৰমোদৰ মাজত থাকিব। আপুনি কোনো ঠাইলৈ কৰা ভ্ৰমণৰ সময়ত এজন মোহনীয় ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিক লগ পাব। আপোনাৰ মন ধীৰ-স্থিৰ হব আৰু আপুনি জীৱনৰ প্ৰতি এটা ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিব । আপুনি আপোনাৰ কাম আৰু ব্যৱসায়ত সফলতা অৰ্জন কৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ ডিচেম্বৰ)

আপুনি নতুনকৈ পৰা প্ৰেমক বিবাহৰ ৰূপ দিবলৈ খৰখেদা কৰিব । কিন্তু সেই ব্যক্তিজনে আপোনাক অপেক্ষা কৰিবলৈ ক'ব আৰু সিয়ে আপোনাক আশাহত কৰিব পাৰে । আপুনি সুখ আৰু শিথিলতা অনুভৱ কৰিব। আপুনি অৰ্জন কৰা কৃতিত্বৰ সৈতে আপোনাৰ ব্যক্তিত্ব উজ্জ্বলি উঠিব। প্ৰেম, মানুহ আৰু স্থানে আপোনাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থাকিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা প্ৰচুৰ প্ৰেম পাব। ইয়ে আপোনাক সুখী কৰি ৰাখিব। আপুনি আপোনাৰ প্ৰেম-জীৱনলৈ অহা মূহূৰ্তবোৰ উপভোগ কৰিব। হৃদয়, প্ৰেম আদিৰ সৈতে জড়িত বিষয়ৰ ক্ষেত্ৰত সাৱধান হব। অন্যথা আপুনি আবেগিক আৰু ধনৰ দিশৰ পৰা ঠগ খাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আনক সহজে আস্থাত নলব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি আজি সাক্ষাত কৰিবলৈ লোৱা ব্যক্তিজনে আপোনাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব, যাক আপুনি মূল্য দিয়ে । আপোনাৰ হৃদয়ত ৰোমাণ্টিক অনুভূতি জাগ্ৰত হব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা ইতিবাচক সঁহাৰি পাব। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি শান্ত-ধীৰ স্থিৰ মনেৰে সিদ্ধান্ত লব। অন্যথা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব। অ-পৰিচিত ব্যক্তিক সহজে বিশ্বাসত নল'ব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক সঠিক দিশত আগুৱাই নিয়াৰ বাবে অনেক চেষ্টা কৰিব লাগিব। যদি আপুনি তাকে নকৰে, তেন্তে আপোনাৰ প্ৰেমৰ সম্পৰ্ক নিস্তেজ হৈ পৰিব। আপুনি প্ৰচুৰ ধন খৰচ কৰিব লাগিব। আপোনাৰ কাম অসম্পূৰ্ণ হৈ ৰব। আপুনি নিজকে সঠিক দিশত আগুৱাই নিব লাগিব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

স্তূপ হবলৈ ধৰা কামে আপোনাক আপোনাৰ প্ৰিয়জনৰ পৰা দূৰৈত ৰাখিব। কামে আপোনাৰ সিংহভাগ সময় দখল কৰিলেও আপুনি পৰিস্থিতিৰ সৈতে কেনেদৰে খাপ খাব পাৰে, তাৰ আঁচনি প্ৰস্তুত কৰিব লাগিব। আপোনাৰ স্পৃহা হ্ৰাস পাব পাৰে আৰু অলসতা অনুভৱ কৰিব পাৰে। । আপুনি আপোনাৰ কোনো ঘনিষ্ঠজনৰ লগত তৰ্কাতৰ্কিত লিপ্ত হব পাৰে আৰু ইয়ে আপোনাক কিছু হতাশ কৰিব। কথা-বতৰাবোৰ সহজে লওক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com