আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ২৭ আগষ্ট, শুকুৰবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ২৭ আগষ্ট, শুকুৰবাৰ, ২০২১)


মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সহযোগিতা কৰিব। গতিকে আপোনাৰ ভৱিষ্যত উজ্জ্বল আৰু জাতিষ্কাৰ । আপোনাৰ চৰ্তবিহীন প্ৰেমে বৰ্তমানৰ আপোনাৰ প্ৰেম-ৰোমান্সক মসৃণ গতি দিব। আপোনাক লৈ আপোনাৰ ঘনিষ্ঠ বন্ধুবৰ্গ ঈৰ্ষান্বিত হ'ব। আপোনাৰ জীৱনশৈলী আৰু দৈনন্দিন কাম-কাজলৈ এটা পৰিৱৰ্তন আহিব আৰু যিটো আপুনি কঢ়িয়াবলৈ সক্ষম নহব। আপুনি ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ স্থগিত ৰাখক। আজি এজন ব্যক্তি আপোনাৰ বাবে বিৰক্তিৰ কাৰক হ'ব পাৰে।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপোনাৰ তৰ্ক-বিতৰ্ক কৰা মানসিকতাই আপোনাৰ প্ৰেমৰ সম্পৰ্ক নিশ্চিতভাবে তিক্ত কৰি তুলিব পাৰে। আপুনি সৰু-সুৰা বিষয় আওকাণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিব আৰু ডাঙৰ কথাবোৰলৈ দৃষ্টি দিব। সময় আপোনাৰ অনুকূল। শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ সক্ষম নহব। আপোনাৰ মূল্যবোধ হ্ৰাস পাব পাৰে। সু-বিবেচনাৰে বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্ত লওক। আপুনি ভাল লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে।

মিথুন : (২২ মে'- ২১ জুন)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কত থকা ত্ৰুটি-বিচ্যুতি দূৰ কৰিবলৈ চেষ্টা কৰিব আৰু ইয়ে এই সম্পৰ্ক ভাল কৰিব। দিনক দিনে আপুনি উন্নতিৰ দিশে আগুৱাব। এই সময়ছোৱা আপোনাৰ বাবে জ্ঞান বৃদ্ধিৰ সময়। আপুনি অধিক উত্পাদনশীল হব। আপুনি চাকৰি সলনিৰ চিন্তা কৰাৰ বাবে এয়াই উপযুক্ত সময়। আপোনাৰ প্ৰিয়জন, বন্ধুবৰ্গ আৰু আত্মীয়-স্বজনৰ লগত আপোনাৰ সম্পৰ্ক ভাল হব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি কিঞ্চিত মৰম-চেনেহ প্ৰদৰ্শন কৰিলেই আপোনাৰ প্ৰেম-জীৱন সুন্দৰ হব। আপোনাৰ প্ৰেম-জীৱন বৃথা নহয়। কাৰণ আপোনাক আনন্দিত কৰি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ বাবে অতি অনুকূল আচৰণ কৰিব। বৈবাহিক জীৱনৰ বাবে আজিৰ দিনটো সুন্দৰ দিন। আপোনাৰ ব্যয় বৃদ্ধি পাব। আপুনি নিজ ইচ্ছা অনুসৰি কাম কৰিব পাৰিব। আপুনি নিজৰ কাম ভালদৰে কৰিব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আজি হঠাতে আনন্দত আত্মহাৰা হ'ব। কাৰণ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক এটা প্ৰতিশ্ৰুতি দিবলৈ সাজু হব। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকা দুয়োজেনে বহু সুখৰ মুহূৰ্ত উপভোগ কৰিব। আপুনি এতিয়া ব্যৱসায় আৰু ধনৰ ক্ষেত্ৰত লাভ অৰ্জন কৰাৰ সময়। আপোনাৰ কাম সম্পূৰ্ণ হব। আপোনাৰ ব্যৱসায়ত অনুকূল শ্ৰীবৃদ্ধি ঘটিব। আপোনাৰ চাকৰিৰ ক্ষেত্ৰতো ভাল। আপুনি কাম পাৰদৰ্শিতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বিভিন্ন কাম কৰিব আৰু এয়া সম্পৰ্কক স্থায়ী ৰূপ দিয়াৰ বাবে উপাদান হব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত প্ৰচুৰ বুজাপৰা থাকিব। আপোনাৰ পাৰিবাৰিক বান্ধোনত সুখ, আৰাম আৰু সুবিধা থাকিব। আপুনি জীৱনসংগীৰ পৰা বন্ধুবৰ্গলৈকে সকলোৰে লগত আপুনি মুকলি মনেৰে কথা-বতৰা পাতিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি ইতিবাচক দৃষ্টিভংগীৰ জৰিয়তে আপোনাৰ প্ৰেম-ৰোমান্স শক্তিশালী কৰিব পাৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকো ইতিবাচক দৃষ্টিভংগী লবলৈ অনুৰোধ জনাব। আপুনি চাকৰি বা ব্যৱসায়ত কথা-বতৰাবোৰ আপোনাৰ অনুকূলে আনিবলৈ অশেষ চেষ্টা কৰিব। আপুনি আপোনাৰ বিশেষ প্ৰতিভাৰ বলত নিজৰ এটা সুকীয়া পৰিচয় দিবলৈ সক্ষম হব। আপোনাৰ বিত্তীয় অৱস্থা ভাল।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

মাজে-সময়ে আপোনাৰ আঁকোৰগোজ আচৰণে আপোনাক সহায় কৰিব পাৰে। এয়া প্ৰতিপন্ন হব যেতিয়া কোনোবা বিপৰীত লিংগৰ এজনে আপোনাৰ পৰা অধিক সুযোগ ল'ব বিচাৰিব। আপুনি তেওঁৰ প্ৰস্তাৱ অস্বীকাৰ কৰিব। আপুনি ব্যস্ততাৰ মাজেৰে দৈনন্দিন জীৱন অতিবাহিত কৰিব। তথাপি আপুনি আপোনাৰ বন্ধুবৰ্গক সময় দিব। আপুনি প্ৰেম-ৰোমান্সক লৈ ব্যস্ত থাকিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপোনাৰ মনত থকা পূৰ্বৰ ভুল বুজাবুজি দূৰ হব আৰু আপুনি মানসিক শান্তি পাব। এতিয়া আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ অধিক সুস্থিৰতা আহিব। আপোনাৰ ব্যক্তিগত সমস্যা সমাধানৰ বাবে আপুনি আবেগিক হোৱাৰ প্ৰয়োজন নাই। আপুনি শান্ত মনেৰে চিন্তা কৰক আৰু প্ৰতিটো কাম কৰক। আপোনাৰ সামৰ্থ্যক স্বীকৃতি দিয়া হব আৰু আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি আজি আপোনাৰ কাৰ্যালয়ৰ কাম শেষ কৰিব নোৱাৰিব পাৰে আৰু বাকী থকা কাম ঘৰলৈ আনিব । কিন্তু আপোনাৰ জীৱনসংগীয়ে এই কথা ভাল নাপাব । কাৰণ তেওঁ সময় অতিবাহিত কৰিবলৈ অপেক্ষা কৰি থাকিব। আপোনাৰ মাত-কথা আৰু মানসিকতা নিয়ন্ত্ৰণত ৰাখিব। নেতিবাচক চিন্তাই আপোনাক বশ কৰিব পাৰে, কিন্তু এই পৰিস্থিতি আপুনি আপোনাৰ আত্মবিশ্বাস আৰু মনৰ জোৰত অতিক্ৰম কৰিব। আপুনি কামত বিলীন হৈ যাব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ আজিৰ দিনটোত কাম-কাজ লাহে-ধীৰে আগবাঢ়িব। কিন্তু সময় আগবঢ়াৰ লগে লগে কামৰ গতি দ্ৰুত হব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা অধিক মনোযোগ আশা নকৰিব। কিন্তু আপুনি আজি এটা সুখৰ দিন অতিবাহিত কৰিব। কাৰণ আজি গোটেই দিন আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ কাষতে থাকিব। পুৰণি কাজিয়া-পেঁচাল দূৰ হব। দুখৰ অনুভূতিৰ মাজতে সুখ থাকিব। আপুনি নতুন ব্যৱসায়ত লাভ অৰ্জন কৰিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সলনি কৰিবলৈ বিচাৰিব পাৰে আৰু নিজকে মুক্ত বিহংগ কৰি তুলিব। এই মুহূৰ্তটো আপোনাৰ বাবে উপভোগ্য মুহূৰ্ত হব আৰু পৰিস্থিতিৰ সৈতে আপুনি সুখী হব।আপুনি কোনো ঘনিষ্ঠজনৰ কথা ভাবিব আৰু আবেগিক হব। কিন্তু আপুনি আপোনাৰ ঘৰৰ আৰু কাৰ্যালয়ৰ কামৰ কথাও ভাবিব। একে সময়তে আপুনি আপোনাৰ নীতিক লৈও দৃঢ় থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com