আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (৩০ আগষ্ট , সোমবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (৩০ আগষ্ট , সোমবাৰ, ২০২১)

মেষ : ( ২১ মাৰ্চ -২০ এপ্ৰিল)

আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আপুনি সন্মুখীন হৈ থকা সমস্যাৰ বিষয়ে খুলাখুলিকৈ কয়, তেন্তে তেওঁৰ পৰা আপুনি সহায় পাব। আপুনি কিছু মুকলিমূৰীয়াকৈ থাকিব পাৰে। আপুনি এটা নতুন কামত মনোনিৱেশ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত গুৰুত্ব আৰোপ কৰিব। এটা চাকৰি গোটোৱাত তেওঁলোক সফল হব।

বৃষ: (২১ এপ্ৰিল -২১ মে')

আপোনাৰ জীৱন সফলতাৰ দিশে অগ্ৰসৰ হৈছে । আপুনি আৰু আপোনাৰ প্ৰেমিকাই অংগীকাৰবদ্ধ হৈ অগ্ৰসৰ হৈছে। আপুনি বন্ধুবৰ্গৰ সৈতে আজিৰ সন্ধিয়াতো পাৰ কৰিব। আপোনাৰ পৰিয়ালত শান্তি-সম্প্ৰীতি বিৰাজ কৰিব। বিবাহে আপোনাৰ জীৱনলৈ শান্তি আনিব। আপুনি ব্যৱসায় বা ব্যক্তিগত কামত ভ্ৰমণো কৰিব পাৰে ।

মিথুন : (২২মে' – ২২ জুন )

আপুনি নতুন প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব পাৰে ৷ ইয়ে জীৱনক এটা নতুন অৰ্থ দিব আৰু আপুনি জীৱন সুন্দৰ বুলি অনুভৱ কৰিবলৈ ল'ব। আপুনি যাৰ সৈতে নতুনকৈ প্ৰেমত পৰিছে, সেই ব্যক্তিজনক বিবাহৰ প্ৰস্তাৱ আগবঢ়োৱাৰো পূৰ্ণ সম্ভাৱনা আছে। ধনৰ পাছত অন্ধভাবে নৌ-দৌৰিব। এই সময়ছোৱাত আপুনি এটা গুৰুত্বপূৰ্ণ কাম কৰিব। আজিৰ পিছবেলাৰ সময়ছোৱা আপোনাৰ বাবে অধিক ভাল হ'ব। 

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই দুয়োৰে মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তোলাৰ চেষ্টা কৰিব ৷ আপুনি স্বভাৱজাতভাবে একাত্মতাৰে শান্তিপূৰ্ণভাবে কাম কৰিবলৈ ভাল পাব। আপোনাৰ ধনৰ আৰ্জন ভাল। অধিক হাবিয়াস নকৰিব ৷ আপুনি এই সময়ছোৱাত এটা গুৰুত্বপূৰ্ণ কাম কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

কিছু সময় ঘৰত বাহিৰত কটোৱাৰ বাবে আপুনি ওলাই যাব ৷ লগত প্ৰেমিক বা প্ৰেমিকাকো নিব পাৰে ৷ আপুনি কিছুমান কামৰ বাবে সমালোচিত হ'ব পাৰে ৷ আপোনাৰ প্ৰিয়জনে আপোনাৰ ভুল-ত্ৰুটি আঙুলিয়াই দিব। আপুনি তেওঁক শান্ত কৰিবলৈ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। আপোনাৰ উদ্যম অটুট থাকিব। আপুনি আপোনাৰ বিত্তীয় অৱস্থা উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাক একক ব্যক্তিৰূপে সকলোৱে গ্ৰহণ কৰাটো বিচাৰিব। যিমান পাৰে তৰ্ক-বিতৰ্ক এৰাই চলিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এক কম দূৰত্বৰ ভ্ৰমণ কৰিব পাৰে । পূৰ্বৰে পৰা বুজাপৰা থকা কোনো ব্যক্তিক আপুনি সাক্ষাত কৰিব পাৰে। পৰিয়ালৰ লগত আপুনি কোনো অনুষ্ঠান সুখেৰে উদযাপন কৰিব। আপোনালৈ নতুন কোনো চাকৰি বা ব্যৱসায়ৰ প্ৰস্তাৱ আহিব পাৰে ।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ বাবে আজিৰ দিনটো অতি সুন্দৰ দিন হ'ব। আপুনি কাম কৰি সন্তুষ্টি অৰ্জনৰ চেষ্টা কৰিব। আপুনি মনোৰঞ্জনমূলক কামত ব্যস্ত থাকি সন্তুষ্টি পাব। আপোনাৰ ব্যৱসায় ভাল হব। আপোনালৈ অপ্ৰত্যাশিতভাবে ধন আহিব পাৰে । আপোনাৰ প্ৰেমৰ সম্পৰ্ক সুন্দৰ হ'ব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে অতি ফলদায়ক দিন হ'ব। আপুনি মনত শক্তি আৰু উদ্যম অনুভৱ কৰিব। আপোনাৰ বন্ধু বা পৰিচিতজনে সন্মুখীন হোৱা সমস্যাও দূৰ হ'ব। বিভিন্ন কৰ্মৰ জৰিয়তে আপুনি অতি জনপ্ৰিয়তা অৰ্জন কৰিব । আপুনি প্ৰিয়জনৰ লগত ভাল সময় পাৰ কৰিব। টকা-পইছাক লৈ আপুনি উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। বিনিয়োগৰ জৰিয়তে আপুনি প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰে।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আজি আপুনি জীৱনত কোনো নতুনত্বৰ সন্ধান কৰিব। ইয়ে আপোনালৈ প্ৰচুৰ মানসিক শান্তি আনিব ৷ আপুনি মনত প্ৰেৰণা অনুভৱ কৰিব। আপুনি ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা পাব। আপোনাৰ বিত্তীয় অৱস্থা ক্ৰমে উন্নত হব। আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। আপোনাৰ ক্ষেত্ৰত থকা বাধা-বিঘিনী দূৰ হ'ব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজিৰ দিনটো আপোনাৰ পৰম আনন্দৰ দিন হ'ব। আপুনি প্ৰেমত এইবাৰ বিফল হ'বলগা নহ'ব । আপোনাৰ উদ্যম তথা কৰ্ম-শক্তি বৃদ্ধি পাব। মনোবল অটুট থাকিব ৷ আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব। আপুনি ধনৰ আৰ্জন অব্যাহত ৰাখিব ।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

পঢ়া-শুনাৰ ক্ষেত্ৰত আপোনাৰ সন্তানে উন্নতি লাভ কৰিব ৷ আপোনাৰ সন্তান নিজ নিজ ক্ষেত্ৰত উজলি উঠিব। ইয়ে আপোনালৈ অতিৰিক্ত আনন্দ কঢ়িয়াব। আপুনি কাৰ্যালয়ৰ কামো সম্পূৰ্ণ কৰিব। আপুনি প্ৰতিকূল পৰিৱেশৰ দ্বাৰা অনুৎসাহিত নহ'ব। আপোনাৰ মান-সন্মান বৃদ্ধি পাব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হ'ব। মানসিক শান্তিৰ বাবে আপুনি কোনো ধৰ্মীয় স্থান দৰ্শন কৰিব।

মীন: (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

আজি আপুনি এটা ভাল খবৰ পাব পাৰে ৷ ইয়ে আপোনাক সুখী কৰিব। আপোনাৰ জীৱনসংগীৰ সৈতে বান্ধোন দৃঢ় হ'ব ৷ আপুনি মানসিক শান্তি লাভ কৰিব। আপোনাৰ বিত্তীয় অৱস্থা অতি ভাল হ'ব। আপুনি আপোনাৰ কাম আৰু দক্ষতাৰ মাজত এক ভাৰসাম্য বৰ্তাই ৰাখিব আৰু বিচাৰ-বিবেচনাৰে যিকোনো সিদ্ধান্ত ল'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com