Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (২ ছেপ্টেম্বৰ, বৃহস্পতিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (২ ছেপ্টেম্বৰ, বৃহস্পতিবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2021 3:55 AM GMT

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি এক অপূ্ৰ্ব সুন্দৰ সময়ৰ দিশে অগ্ৰসৰ হৈছে, কাৰণ অপ্ৰত্যাশিতভাবে আপোনাৰ জীৱনত প্ৰেম-ৰোমান্স আৰম্ভ হব। আপুনি কোনো মোহনীয় ব্যক্তিত্বৰ এজন ব্যক্তিক লগ পাব, যিয়ে আপোনাৰ অন্তৰত সুখানুভূতিৰ সৃষ্টি কৰিব। আপুনি ব্যৱসায়ত কোনো নতুন সিদ্ধান্ত নলব। আপোনাৰ নতুন কিছু কথা শিকাৰ প্ৰৱণতা থাকিব আৰু সকলোকে মুগ্ধ কৰিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি আপোনাৰ প্ৰেম-জীৱনৰ প্ৰতি যথাযথ গুৰুত্ব দিবলৈ সময় নাপাব, কাৰণ কোনো আকৰ্ষণীয় কামৰ অফাৰ আহিব । পেচাগত কামত আপুনি সুযোগ লব জানে । আপুনি আপোনাৰ পৰিয়ালৰ এজন সদস্যক লৈ উত্কণ্ঠাৰ মাজত থাকিব। আপুনি ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি পাৰিবাৰিক বিষয়বোৰ ভালদৰে চোৱাচিতা কৰিব।

মিথুন : (২২ মে' – ২১ জুন)

আপোনাৰ অশান্তিৰে ভৰ-পূৰ অতীতে এতিয়া আপুনি নতুন প্ৰেমৰ কথা চিন্তা কৰিলেও অসুবিধা অনুভৱ কৰিব। আপুনি কোনো ৰুচীশীল ব্যক্তিক লগ পালেও প্ৰথমে সম্পৰ্ক গঢ়িবলৈ আগবাঢ়ি যাবলৈ ইতস্তত বোধ কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ মাজত পাৰস্পৰিক বুজাবুজি থাকিব। আপোনাৰ সৈতে আপোনাৰ মুৰব্বী বিষয়া আৰু জ্যেষ্ঠ কৰ্মীসকলৰ ভাল সম্পৰ্ক থাকিব। আপুনি যথেষ্ট প্ৰশংসা অৰ্জন কৰিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ প্ৰিয়জনৰ মাজত থকা উমৈহতীয়া সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব আৰু নিজৰ অন্তৰত অনেক ইতিবাচক অনুভূতি অনুভৱ কৰিব। আপোনাৰ প্ৰিয়জনৰ লগত খকা-খুন্দা এৰাই চলিলে দুঃশ্চিন্তা মুক্ত হৈ থাকিব পাৰিব। মানুহৰ লগত আপোনাৰ সংযোগ বিশাল আৰু বহুল প্ৰসাৰিত। আপুনি জীৱনত অগ্ৰসৰ হব আৰু নিজৰ লক্ষ্য-উদ্দেশ্যত দৃষ্টি ৰাখিব। ছাত্ৰ-ছাত্ৰীৰ বাবে সময় অনুকূল।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

অতি ব্যস্ত কৰ্মসূচীৰ বাবে আপুনি অতি ভাগৰুৱা অনুভৱ কৰিব। কিন্তু আপুনি আপোনাৰ জীৱনসংগীক সন্তুষ্ট ৰাখিবৰ বাবে অধিক কষ্ট কৰিব লাগিব। আপুনি অধিক ব্যয় বহনৰ বাবে পৰিকল্পনা কৰিবলগীয়া হব পাৰে। প্ৰতিযোগিতামূলক আৰু বিভাগীয় পৰীক্ষাৰ ফলাফল আপোনাৰ অনুকূলে হব। সহজেই আপোনাৰ কাম সম্পূ্ৰ্ণ হৈ উঠিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

অলপতে আপোনাৰ প্ৰেম-জীৱনৰ গতি ৰূদ্ধ হৈছে। আপুনি বিত্তীয় সাহায্য বা বনাছ আশা কৰিব পাৰে। এই বনাছ প্ৰাপ্তিয়ে আপোনাৰ মন প্ৰফুল্লিত কৰিব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাবে প্ৰচুৰ ধন ব্যয় কৰিব। আপোনাৰ বিতত্ীয় অৱস্থা অধিক শক্তিশালী হব। আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু শুভাকাংক্ষীৰ লগত কোনো উত্সৱ-পাৰ্বনত অংশ লব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ হৃদয়ৰ সংগীৰ লগত আপোনাৰ এটা সু-মাৰ্জিত সম্পৰ্ক থাকিব । আপোনালোক পৰস্পৰৰ প্ৰতি অতি মনোযোগী হ'ব আৰু ইজনে সিজনৰ যতন ল'ব। আপোনালোক দুয়োজনে বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰখাত সকলো চেষ্টাই প্ৰয়োগ কৰিব। আপোনাৰ কামৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা থাকিব আৰু প্ৰায় সম্পূৰ্ণ হৈ উঠা কাম আধৰুৱা হৈ ৰব। অনাৱশ্যকীয় ব্যয়ৰ পৰা নিজকে আঁতৰাই আনক। কথা-বতৰাবোৰ জটিল হৈ উঠিব পাৰে ।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি সদায়ে বিচৰা এক নীৰৱ আৰু শান্তিপূৰ্ণ সময়ে আপোনাৰ বাবে অপেক্ষা কৰিছে । আপুনি অতিৰিক্ত পৰিশ্ৰম কৰিব আপোনাৰ ওপৰত ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিব। এতিয়াৰ পৰিস্থিতি আপোনাৰ বাবে এনে যে আপুনি কিঞ্চিত অৰ্জন কৰাৰ বিপৰীতে বৃহত্ হাৰত ধন ব্যয় কৰিব লাগিব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু বিত্তীয়ভাবে লাভান্বিত হব।

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

কোনো আবেগিক বিষয়ক লৈ আপুনি আপোনাৰ জীৱসংগীৰ লগত কাজিয়া কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা আপুনি অন্তৰত প্ৰচণ্ড আঘাত পাব । অৱশ্যে যথেষ্ট সন্তুষ্টিৰে আপোনাৰ জীৱন পূৰ্ণ হব। আপুনি যি কামেই নকৰক কিয়, কাম সম্পূ্ৰ্ণ হৈ উঠিব। আপুনি কেৰিয়াৰৰ সৈতে জড়িত পৰীক্ষা আৰু সাক্ষাতকাৰত সফলতা অৰ্জন কৰিব । ইয়ে আপোনাক সন্তুষ্ট কৰিব।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা অতিৰিক্ত সহযোগতিা লাভ কৰিব, ইয়ে আপোনালোক দুজনৰ মাজৰ সম্পৰ্ক অধিক ভাল কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত বিলাসী নৌকাৰে ভ্ৰমণ কৰিব বা দূৰ ভ্ৰমণলৈ যাব। মচলাযুক্ত আৰু তেলেতীয়া আহাৰ নাখাব । অৱশ্যে আপুনি হঠাতে কোনো জটিল সমস্যাৰ সমাধান বিচাৰি পাব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ জীৱনত বহুখিনি ঘটনাই সংঘটিত হৈছে। যদি আপুনি প্ৰেমৰ বাবে অপেক্ষা কৰিছে, তেন্তে আপুনি হতাশ হবলগীয়া নহব। ঘটনা ক্ৰম যিদৰে আগবাঢ়িছে, তাক লৈ আপুনি সম্পূৰ্ণ সুখী হব। অবিবাহিত যুৱক-যুৱতীলৈ বিয়াৰ প্ৰস্তাৱ আহিব। আপোনাৰ প্ৰতিবেশী আৰু বন্ধুবৰ্গৰ লগত আপোনাৰ সম্পৰ্ক উন্নত হব । আপোৱান জীৱন ভাল হব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ প্ৰেম-জীৱনৰ এটা সম্পৰীক্ষা আৰম্ভ হৈছে আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট ৰাখিবৰ বাবে কষ্ট কৰিব লাগিব । এনে কৰিলেহে কথা-বতৰা আপোনাৰ অনুকূলে থাকিব। কিন্তু আপুনি অন্তৰত আঘাত নোপোৱাকৈ নাথাকিব পাৰে। আপোনাৰ নাম আৰু সন্মান বৃদ্ধি পাব। আপোনাৰ জীৱনত ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজ অব্যাহত থাকিব।

Next Story
চাকৰি