Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৪ ছেপ্টেম্বৰ, শনিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৪ ছেপ্টেম্বৰ, শনিবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Sep 2021 4:31 AM GMT

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

কথা-বাৰ্তা এৰাই চলাৰ প্ৰৱণতাই আপোনাক মানুহৰ পৰা নিলগাব পাৰে। এনে স্বভাৱৰ বাবে আপোনাৰ ৰোমাণ্টিক জীৱন বাধাগ্ৰস্ত হব। গতিকে আপুনি মানুহৰ সৈতে অধিক মিলামিছা কৰক আৰু নিজকে সামাজিক কৰি তোলক। আপুনি এখন প্ৰতিযোগিতাত জয়ী হব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী। সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ টান আছে আৰু আপুনি কোনো প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

এক ইতিবাচক দৃষ্টিভংগীয়ে আপোনাৰ জীৱন উপভোগ নিশ্চিত কৰিব। আজিৰ দিনটো আপোনাৰ বাবে অতি সুখৰ দিন হব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কি কৰিছে বা কৈছে. তাক লৈ ক্ষোভ প্ৰকাশ কৰি সময় অপব্যয় নকৰিব। প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত অগ্ৰসৰ হোৱা কাম বাধাগ্ৰস্ত হব। কামত অসাৱধানতাৰ মূল্য আপুনি ভৰিব লাগিব। মানসিক শান্তিৰ বাবে আপুনি কোনো ধৰ্মীয় স্থান দৰ্শন কৰিব।

মিথুন : (২২ মে' – ২১ জুন)

আপুনি সাধাৰণ অজুহাত লৈ ক্ষুব্ধ হব আৰু সম্পূৰ্ণ বিৰক্তিকৰ আৰু সংবেদনশীল হব পাৰে । এই কথা নজনাকৈ আপুনি আপোনাৰ প্ৰেমৰ বিভিন্ন কথা তত্বাৱধান কৰোঁতে সম্পৰ্কত আঘাত নাহানে। আপুনি প্ৰতিবেশীৰ সৈতে কাজিয়া-পেচাল কৰাৰ সম্ভাৱনা আছে। যুৱক-যুৱতীসকল উদ্যমী হব। সন্তানৰ সৈতে জড়িত সমস্য়াসমূহৰ সমাধান ওলাব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে ফলদায়ক সময় পাৰ কৰিব। অতি দ্ৰ্ৰততৰে ভাল ঘটনা সংঘটিত হব পাৰে বুলি আপুনি আশা কৰিব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ভৱিষ্যতৰ আঁচনি প্ৰস্তুত কৰি ব্যস্ত থাকিব। আনৰ কামত হস্তক্ষেপ নকৰিব। শত্ৰুৱে আপোনাক বশীভূত কৰিব। আপুনি বৈষয়িক লাভ আদায় পাব পাৰে আৰু আপোনাৰ আশা-আকাংক্ষা পূৰণ হব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট )

আপোনাৰ জীৱন অধিক আকৰ্ষণীয় কৰি তোলা কোনোবা এজন ব্যক্তিৰ লগত আপুনি বন্ধুত্ব গঢ়িব। আপোনাৰ যদি কাৰোৰে সৈতে সম্পৰ্ক নাই, তেন্তে কোনোবা এজনে আোপনাৰ অন্তৰ জয় কৰিব। আপুনি ব্যৱসায়ত এটা ডাঙৰ সুযোগ পাব। তীব্ৰ প্ৰতিযোগিতা সত্বেও আপুনি ভাল ফলাফল পাব। কাৰ্যালয়ত আপুনি দুঃশ্চিন্তামুক্ত হৈ থাকিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি নিজৰ সামৰ্থক লৈ নিজেই সন্দেহ কৰিবলৈ লব । আত্মসন্মানৰ অভাবে আোপনাৰ মনৰ পৰা আনন্দ-স্ফূৰ্তি হৰণ কৰিব। আপুনি কোনো জ্ঞানবৰ্ধক বা আকৰ্ষণীয় কিতাপ পঢ়ি সময় পাৰ কৰিব। আপুনি দৈনন্দিন জীৱনত নিজৰ ভাল অভ্যাসবোৰ প্ৰয়োগ কৰিব। ই আপোনাৰ বাবে লাভদায়ক প্ৰমাণিত হব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি আপোনাৰ আবেগ-অনুভূতিৰ ক্ষেত্ৰত সততা বৰ্তাই ৰখাটো গুৰুত্বপূৰ্ণ হব। আপোনাৰ স্বাধীনচিতীয়া মনোভাবৰ বাবে আপুনি আনৰ ওপৰত নিৰ্ভৰ কৰাটো কঠিন হব। আপুনি এজন সন্যাসী বা মহান ব্যক্তিৰ পৰা আশীৰ্বাদ পাব। আপোনাৰ শত্ৰু পৰাভূত হব। কামৰ ক্ষেত্ৰত থকা অসুবিধা দূৰ হব আৰু আপুনি সন্তুষ্ট হব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি এজন ক্ষমতাসালী ব্যক্তিক লগ পাব, যিয়ে আপোনাৰ অৱস্থা উন্নত কৰিব পাৰে । আপুনি বিচাৰি থকা ই আপোনাৰ জীৱনত এটা পৰিৱৰ্তন হব। কোনো নতুন বস্তু বা ঘচনাৰ প্ৰতি আপানাৰ আগ্ৰহ থাকিব আৰু আপুনি বৈষয়িক সমপ্দ ক্ৰয়ত ধন ব্যয় কৰিব। আপুনি কাম আৰু চাকৰিত এটা নতুন সুয়োগ পাব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

কৰ্মস্থলীত কামৰ হেঁচা বৃদ্ধি পাব আৰু আপুনি কামত ব্যস্ত হব পাৰে। গতিকে আপোনাৰ প্ৰেম-জীৱনৰ ক্ষেত্ৰত কোনো উত্সাহ-আনন্দোদ্দীপক ঘটনা সংঘটিত নহব পাৰে। আপুনি আজি পিছবেলাৰ সময়ছোৱা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত পাৰ কৰিব। আপোনাক নিজৰ মানুহেই প্ৰৱঞ্চনা কৰিব। আপুনি আপোনাৰ উৰ্ধতন বিষয়াৰ লগত তৰ্কাতৰ্কিত মিলিত হব। আপুনি এনে কাৰ্য এৰাই চলা উচিত।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজিৰ দিনটো আপোনাৰ বাবে সহজ দিন নহব। আপুনি যিমানবোৰ বিষয়ৰ সৈতে জড়িত আছে, সেইসমূহৰ ক্ষেত্ৰত খুলাখুলিকৈ কথা কোৱাৰ প্ৰয়োজন। আপুনি প্ৰতিটো কথাতে সময় লবলৈ পোনপটীয়াকৈ অস্বীকাৰ কৰিব। কিছু কাৰণ বা অন্য কাৰণত আপোনাৰ পথত কিছু প্ৰতিবন্ধকতা থাকিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ বাবে আোপনাৰ উপদেশ লাভদায়ক হব। আপুনি পৰিস্থিতি নিৰীক্ষণত ৰখাৰ প্ৰয়োজন।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আউল লগাৰ বাবে কেৱল আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক দোষাৰোপ নকৰিব। তাৰ পৰিৱৰ্তে আপুনি নিজে কামবোৰ জুঁকিয়াই চোৱা উচিত। আপুনি নিজৰ কাম সূক্ষ্মভাবে চোৱা উচিত। কৰ্মস্থলীত দেখা দিয়া সমস্যাৰ আপুনি সমাধান সূত্ৰ পাব। আপুনি কৰি অহা কাম পুনৰীক্ষণৰ বাবে এয়াই উপযুক্ত সময়।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাসহ ঘৰৰ ওচৰৰে কোনো স্থান ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি এই সময়ত ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ সোণালী সুয়োগ পাব। আপোনাৰ এই ভৱিষ্যত পৰিকল্পনাত বিবাহৰ বিষয়টোৱেও ঠাই পাব। আপুনি চাকৰিত পদোন্নতি পাব। আপোনাৰ ঘৰত শান্তি বিৰাজ কৰিব। আপুনি নতুন ব্যক্তিৰ লগত বন্ধুত্ব গঢ়িব। আপোনাৰ বিত্তীয় অৱস্থা ভাল।

Next Story
চাকৰি