আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( শুকুৰবাৰ, ১ অক্টোবৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( শুকুৰবাৰ, ১ অক্টোবৰ, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল) অলপতে আপোনাৰ কাৰ্যালয়ৰ সময়সূচী সম্পূৰ্ণ সলনি হব, কিন্তু ইয়ে আপোনাক উদ্বিগ্ন নকৰিব। আপোনাৰ নতুন প্ৰেমিক বা প্ৰেমিকাক আপুনি সময় দিয়াৰ বাবে জীৱন নতুনকৈ সজাবলগীয়া হব পাৰে। আপুনি সমাজৰ দৰিদ্ৰ-নিচলাক সহায় কৰিব। সময় আপোনাৰ অনুকূলে থাকিব। পুৰণি বন্ধুবৰ্গক আপুনি লগ পাব আৰু ইয়ে আপোনাক সুখী কৰিব। আপুনি তেওঁলোকৰ সংগ উপভোগ কৰিব।

বৃষ: (২১ এপ্ৰিল – ২১ মে' ) আপুনি আপোনাৰ প্ৰিয়জনৰ অন্তৰ জয় কৰিবলৈ সক্ষম হব। আপুনি এই বিজয়ক উপভোগ কৰিব আৰু আপুনি প্ৰকৃততে কি বিচাৰে, তাকে লৈ কিছুসময়ৰ বাবে উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। কামৰ প্ৰতি আপোনাৰ আগ্ৰহ অধিক বৃদ্ধি পাব । ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ ভাল পাব। তেওঁলোকে নিজৰ কাম সময়মতে কৰিব।

মিথুন: (২১ মে' – ২১ জুন) আপুনি আজি আপোনাৰ বন্ধুবৰ্গৰ লগত গেট টুগেদাৰ কৰিব আৰু ইয়ে আপোনাক নষ্টালজিক হোৱাত সহায় কৰিব। প্ৰেম-ৰোমান্সৰ অনুভূতিয়ে আপোনাক উদ্দীপনা যোগাব আৰু আপোনাৰ নিজৰ মাজত ইতিবাচক অনুভূতি গঢ়ি উঠিব। আপোনাৰ হাতত প্ৰচুৰ টকা-পইচা থাকিব, কিন্তু আপুনি প্ৰচুৰ পৰিমাণে ধন খৰচ কৰিবলগীয়া হব। আপোনাৰ চিন্তা-চৰ্চাৰ পৰিসৰ বৃদ্ধি পাব।

কৰ্কট: (২২ জুন – ২২ জুলাই) আপুনি মাৰ্জিত তথা সু-ৰুচীৰে প্ৰিয়জনৰ হেঁপাহ-আগ্ৰহ পূৰণৰ চেষ্টা কৰিব আৰু ইয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ মনত আপোনাৰ প্ৰতি বিশেষ অনুভূতি জাগ্ৰত কৰিব। আপুনি আপোনাৰ আৰু প্ৰেমিক বা প্ৰেমিকাৰ উমৈহতীয়া বন্ধুৰ লগত আজিৰ সন্ধিয়াটো পাৰ কৰিব। আপুনি তেওঁলোকক ভাল ব্যৱহাৰ কৰিব আৰু কাৰোৰে প্ৰতি ঘৃণাৰ ভাব পোষণ নকৰিব। আপুনি আপোনাৰ আত্মীয়ৰ পৰা ভাল খবৰ পাব। আপুনি নতুন কাম বা ঠিকা লাভ কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট) আপোনাৰ পৰিয়ালত সুখ-শান্তি তথা বুজাপৰা অব্যাহত থাকিব আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্ক এটা নতুন শিখৰলৈ উঠিব। আপুনি মনে বিচৰা ব্যক্তিজনক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকলৰ পাৰদৰ্শিতা উন্নত হব। তেওঁলোকে প্ৰতিযোগিতাত অৱৰ্তীৰ্ণ হবলৈ ভয় নকৰিব। ভাগ্য আপোনাৰ পক্ষে থাকিব। আপুনি এটা ভাল খবৰ পাব। আপুনি আজি সম্পূৰ্ণৰূপে সক্ৰিয় হৈ থাকিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ) আপুনি কামৰ প্ৰতি মনোযোগ দিয়া উচিত। অন্যথা আপোনাৰ এক ভাল কৰ্ম-আঁচনিও আপুনি বিচৰা ধৰণেৰে কাৰ্যক্ষেত্ৰত ৰূপায়ন নহব পাৰে। এই আঁচনি ফলপ্ৰসু কৰাত আপোনাৰ প্ৰিয়জনে আপোনাক সহায় কৰিব আৰু দিহা-পৰামৰ্শ দিব। কাৰণ ইয়াৰ সৈতে তেওঁৰ ভৱিষ্যতো জড়িত থাকিব। আপুনি এজন বন্ধুৰ সহায়ত এটা নতুন কাম পাব। আপুনি সফলতা পৰিয়ালৰ সৈতে উদযাপন কৰিব। আপোনাৰ উন্নতিক লৈ তেওঁলোক সুখী হব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ) আপুনি আপোনাৰ প্ৰকৃতিৰ ফালৰ পৰাই স্বাধীনচিতিয়া আৰু আপুনি আপোনাৰ প্ৰিয়জনৰ বিশেষ যতন লয়। কিন্তু কামৰ হেঁচাই আপোনাৰ মন-মগজু ভাৰাক্ৰান্ত কৰাৰ সম্ভাৱনা আছে। মানসিক শান্তি আৰু জিৰণিয়ে আপোনাক শক্তিশালী আৰু বুদ্ধিমান কৰি তুলিব। এই সময় হৈছে আপুনি জীৱনত উন্নতি সাধন কৰা আৰু অগ্ৰসৰ হোৱাৰ।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ) কৰ্মস্থলীত কামৰ হেঁচাই আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাব। আপোনাৰ কৰ্মস্থলীত আপুনি কাৰোবাৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ এই সম্পৰ্ক সুখ-আনন্দৰে ভৰ-পূৰ হব। আপুনি কামত কঠোৰ পৰিশ্ৰম কৰিব আৰু কোনো অতি গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ বন্ধুবৰ্গৰ পৰামৰ্শ লব। আপুনি আপোনাৰ বাবে অনুকূল কোনো বিত্তীয় লেনদেনৰ চুক্তিত আবদ্ধ হব।

সিংহ : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ) আপুনি অনেক সুখ-আনন্দ পাব। কাৰণ আৰম্ভণীৰ পৰা আপোনাৰ ক্ষেত্ৰত ভাল ঘটনাই সংঘটিত হৈছে। সামগ্ৰিকভাবে আপুনি সঠিক সময়ত উপনীত হৈছে। আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব। আৰু আপুনি নতুন বন্ধুত্ব গঢ়িব। আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিব। আপোনাৰ ভাগ্যত পৰিৱৰ্তন সাধন হব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী) আপুনি কৰ্ম-আঁচিৰ ক্ষেত্ৰৰ কোনো ধৰণৰ পলম হোৱাটো নিবিচাৰিব আৰু ইয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ভৱিষ্যতৰ পৰিকল্পনা কৰাত বাধা জন্মাব পাৰে। আপুনি এক দীঘলীয়া সময় অপেক্ষা কৰিছে আৰু ইয়াৰ ফল হৈছে এতিয়া যি ঘটিছে। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত আপুনি নিজৰ ওপৰত নিৰ্ভৰ নকৰিব। আপুনি মনৰ পৰা ভয় আঁতৰ কৰক। আপুনি জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী) আপোনাৰ জীৱনৰ লক্ষ্য-উদ্দেশ্যত কোনো পৰিৱৰ্তন সাধন হব পাৰে আৰু আপুনি আপোনাৰ প্ৰিয়জনৰ লগত নতুন পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে। আপুনি এক উজ্জ্বল ভৱিষ্যত গঢ়াৰ দিশে অগ্ৰসৰ হৈছে আৰু সুখ-সমৃদ্ধিৰ মাজত জীৱনত স্থাপিত কৰিব বিচাৰে। শাহু-বোৱাৰীৰ মাজত এক সুখানুভূতিৰে ভৰ-পূৰ সম্পৰ্ক স্থাপন হব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনালৈ চাকৰিৰ নতুন প্ৰস্তাৱ আহিব পাৰে।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ) আপোনাৰ প্ৰত্যাশাতকৈ আপোনাৰ আশা-আকাংক্ষা অধিক পূৰণ হব। ইয়ে আপোনাৰ উদ্যম অধিক বৃদ্ধি কৰিব। আপুনি আপোনাৰ পুৰণি বন্ধুবৰ্গক লগ পাব আৰু সন্ধিয়া আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কটাব। আপুনি আপোনাৰ আকাংক্ষিত কামৰ ৰূপৰেখা তৈয়াৰ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে কোনো বিবাহ অনুষ্ঠানত উপস্থিত থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com