Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (৪ অক্টোবৰ, সোমবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (৪ অক্টোবৰ, সোমবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2021 4:01 AM GMT

মেষ : ( ২১ মাৰ্চ – ২০ এপ্ৰিল )

আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে সময় উপভোগ কৰিব ৷ দুয়োজনৰ উমৈহতীয়া বন্ধুবৰ্গৰ সৈতে নিজকে সামাজিক কৰি তুলিব ৷ দিনটোৰ শেষৰ ফালে আপুনি আপোনাৰ জীৱনসংগীক লৈ ফুৰিবলৈ যাব ৷ আপুনি আপোনাৰ ব্যক্তিত্বলৈ পৰিৱৰ্তন আনিব ৷ আপুনি উদাৰচিতীয়া আৰু মুকলি মনৰ হ'ব ৷ আপোনাৰ দিয়া আৰু লোৱা দৃষ্টিভংগী অব্যাহত থাকিব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে)

আপুনি এক ভাল প্ৰেমৰ সম্পৰ্কৰ দিশে অগ্ৰসৰ হৈছে, যিয়ে আপোনালৈ আনন্দ কঢ়িয়াই আনিব ৷ দিয়া আৰু লোৱাত প্ৰচুৰ আনন্দ-স্ফূৰ্তি থাকিব ৷ আপোনালোক ইজনে-সিজনক ভালদৰে বুজি পাব আৰু ইজনে-সিজনক শুভেচ্ছা জনাব ৷ আপোনাৰ প্ৰভাৱ আৰু যশস্যা বহুগুণে বৃদ্ধি পাব ৷ আপুনি পুৰণি স্মৃতি সজীৱ কৰিব ৷ আপুনি ধনৰ লাভ অৰ্জন কৰিব ৷

মিথুন : (২২ মে' – ২১ জুন)

আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কামত পলম হ'ব পাৰে ৷ ইয়ে আপোনাক অস্থিৰতাৰে কাম কৰিবলৈ বাধ্য কৰিব পাৰে। ফলত আপুনি আপোনাৰ জীৱনসংগীক সময় দিব নোৱাৰিব পাৰে ৷ ইয়ে আপোনালোক দুজনৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে ৷ অংশীদাৰ ব্যৱসায়ত আপুনি লাভ অৰ্জন কৰিব। সামাজিক কাম-কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব ৷ আপোনাৰ সহকৰ্মীয়ে আপোনাক সহায় কৰিব ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিছু উত্থান-পতনে বৰ্তমানৰ সম্পৰ্ক শেষ হোৱাৰ ইংগিত স্পষ্ট কৰিব ৷ আপুনি কথা-বতৰাবোৰ সহজ কৰিবলৈ চেষ্টা কৰিব লাগিব। আপুনি প্ৰেমৰ ক্ষেত্ৰত আঘাত পাব পাৰে ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে এই সময়ছোৱা ফলদায়ক সময়। তেওঁলোকে পৰীক্ষা বা সাক্ষাৎকাৰত সফলতা অৰ্জন কৰিব ৷ আপুনি চাকৰিৰ ক্ষেত্ৰত কিছু নতুন জ্ঞান অৰ্জন কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ ঘৰুৱা জীবনত সুস্থিৰতা আহিব ৷ আপুনি কথা-বতৰাবোৰ স্বাভাৱিক বুলি ধৰি ল'লে ঘৰত শান্তি বিৰাজ কৰিব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে এক দীঘলীয়া ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ গোপন কথা ফাদিল হোৱাৰ বাবে আপুনি অ-সহজ অনুভৱ কৰিব পাৰে৷ আপুনি আপোনাৰ ভাবমূৰ্তি অটুট ৰখাৰ প্ৰয়োজন ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ চুম্বকীয় ব্যক্তিত্বই আপোনাৰ প্ৰতি মানুহক আকৰ্ষণ কৰিব ৷ সচৰাচৰ দৰে আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিব ৷ আপোনাৰ ভাব আৰু আবেগে আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক দৃঢ় কৰিব ৷ আপোনাক আপোনাৰ বন্ধুবৰ্গই যথেষ্ট সহায় কৰিব ৷ আপুনি কোনো পুৰণি জটিল ৰোগৰ পৰা মুক্তি পাব ৷ ভৱিষ্যতকলৈ আপোনাৰ আশা থাকিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ মাজত বুজাপৰাৰ অভাৱ থাকিব ৷ যদি আপুনি প্ৰায়োগিক দৃষ্টিভংগীৰে ক্ষুদ্ৰ ব্যৱধান দূৰ কৰে, তেন্তে আপোনালোকৰ সম্পৰ্ক উন্নত হোৱাৰ বহু সুযোগ আছে ৷ পৰি থকা কাম আপুনি সম্পূৰ্ণ কৰিব৷ ব্যৱসায়ত আপোনাৰ উন্নতি হ'ব ৷ আপোনাৰ কৰ্ম-দক্ষতাও বৃদ্ধি পাব ৷ আপুনি বিত্তীয় লাভ পাব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ একাকীত্ব আৰু অৱসাদগ্ৰস্ততাই বাহ্যিক ৰূপ পাব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ স্থিতিৰ বাবে আপোনাৰ প্ৰেমৰ গতি নেতিবাচক হ'ব পাৰে ৷ আপুনি বাদ পৰি থকা কামৰ লগত ব্যস্ত হ'ব ৷ আপুনি আপোনাৰ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ সৈতেও ব্যস্ত হ'ব ৷ আপুনি সকলো কথা-বতৰাকে আপোনাৰ অনুকূল কৰিব ৷

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আপুনি ভৱিষ্যতলৈ দৃষ্টি ৰাখি কাম কৰিব লাগিব ৷ আপোনাৰ প্ৰেম প্ৰস্ফুটিত হ'ব আৰু আপোনাৰ জীৱনলৈ বহু পৰিৱৰ্তন আহিব ৷ আপুনি পূৰ্বতকৈ অধিক শান্ত-সমাহিত আৰু সুখী হ'ব ৷ আপোনাৰ কামৰ বোজা অধিক বৃদ্ধি পাব ৷ কিন্তু আপুনি কামৰ হেঁচাৰ সৈতে খাপ খাই পৰিব পাৰিব ৷ আপুনি কোনো বিশেষ ব্যক্তিজনৰ কথা ভাবিব আৰু আবেগিক হৈ পৰিব ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

যদি আপুনি অবিবাহিত তেন্তে কোনোবাজনক প্ৰেমৰ প্ৰস্তাৱ দিব ৷ আপোনাৰ জীৱনত নতুন প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে ৷ আবেগিক হৈ থকাৰ সময়ত কোনো সিদ্ধান্ত নল'ব ৷ ইয়ে আপোনাক আঘাত দিব পাৰে ৷ ভাই-ককাইৰ সৈতে থকা সম্পত্তি বিবাদ মীমাংসা হ'ব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমিক বা প্ৰেমিকাক লৈ ছিৰিয়াছ হ'ব ৷ প্ৰেমৰ সম্পৰ্ক মসৃণ কৰাৰ ক্ষেত্ৰত এয়াই আপোনাৰ বাবে উপযুক্ত সময় ৷ কিছু ভাল কৃতিত্বৰ বাবে আপোনাৰ জ্যেষ্ঠসকলে আপোনাক প্ৰশংসা কৰিব ৷ আপুনি ইতিবাচক দৃষ্টিভংগীৰে অগ্ৰসৰ হ'ব ৷ আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু সহকৰ্মীৰ পৰা প্ৰত্যাশিত সহায় লাভ কৰিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

ঘটি থকা কথা-বতৰাবোৰ ভাল হ'ব ৷ কোনো ধৰণৰ বাধা-বিঘিনী নথকা এক মুক্ত প্ৰেমৰ সম্পৰ্ক গঢ়াৰ বাবে আপুনি প্ৰচুৰ সুযোগ পাব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে সুখী হ'ব ৷ আপুনি পাৰিবাৰিক সমস্যা সমাধান কৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ'ব ৷ আপোনাৰ কাৰ্যালয়ৰ পৰিৱেশ আপোনাৰ অনুকূল হ'ব ৷

Next Story
চাকৰি