Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , (৫ অক্টোবৰ, মঙলবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , (৫ অক্টোবৰ, মঙলবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Oct 2021 4:16 AM GMT

মেষ: (২১ মাৰ্চ – ২০ এপ্ৰিল)

কামৰ অত্যধিক চাপে আপোনাক ভাৰাক্ৰান্ত কৰিব পাৰে ৷ আপুনি প্ৰেম-ৰোমান্সৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। আপোনাৰ জীৱনলৈ অহা ব্যক্তিজনে আপোনাৰ বাবে সকলোখিনি কৰাৰ যৎপৰোনাস্তি চেষ্টা চলাব ৷ ক'ৰবাত আবদ্ধ হৈ থকা আপোনাৰ ধন আপুনি লাভ কৰাৰ সম্ভাৱনা আছে ৷ আপুনি জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহযোগ পাব ৷

বৃষ: (২১ এপ্ৰিল – ২১ মে')

আপোনাৰ বাবে এই সময়ছোৱা হৈছে অগ্ৰসৰ হোৱাৰ সময় ৷ আপুনি কাৰণতে হওক বা অকাৰণতে হওক, আপোনাৰ জীৱনসংগীৰ ভুল-ত্ৰূটিৰ খোচৰাৰ অভ্যাস ত্যাগ কৰক ৷ আপুনি আপোনাৰ বাবে অনুকূল এটা ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব ৷ অংশীদাৰী বা সন্থাগত ব্যৱসায়ৰে জড়িতসকলৰ বাবে এই সময়ছোৱা ভাল সময় ৷ আপুনি আপোনাৰ ব্যৱসায়ৰ ডাঙৰ সম্প্ৰসাৰণ সুযোগ আছে ৷

মিথুন: (২২ মে' – ২১ জুন)

আপোনাৰ পূৰ্বে কৰা ভুলে আপোনাক জৰ্জৰিত কৰি ৰাখিব আৰু আপোনাক আগলৈ অগ্ৰসৰ হোৱাত বাধা দিব ৷ আপুনি অতীতত ঘটা ঘটনা অতীত বুলিয়েই লওক আৰু ভৱিষ্যতলৈ দৃষ্টি ৰাখি অগ্ৰসৰ হওক ৷ আপুনি আপোনাৰ বন্ধুবৰ্গৰ সময় অতিবাহিত কৰি ভাল পাব ৷ ইয়াৰ ফলস্বৰূপে আপুনি সুখ অনুভৱ কৰিব ৷ আপুনি ক'ৰবাৰ পৰা ধনো পাব ৷

কৰ্কট: (২২ জুন – ২২ জুলাই)

কথা-বতৰাবোৰৰ লগত খাপ খাই পৰাৰ ক্ষেত্ৰত আপুনি আপোনাৰ সামৰ্থ্যক লৈ সন্দেহ কৰিব ৷ গতিকে আপুনি আপোনাৰ মনৰ সন্দেহ মৰিষণৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কথা-বতৰা হওক ৷ যাতে আপোনালোক দুজনৰ মাজত কোনো সন্দেহৰ সৃষ্টি নহয় ৷ আপুনি আপোনাৰ সন্তানৰ প্ৰয়োজনীয়তা পূৰণৰ চেষ্টা কৰিব ৷ আপুনি তেতিয়া অনুধাৱন কৰিব যে আপোনাৰ সন্তানে পঢ়া-শুনাক গুৰুত্বসহকাৰে লোৱা নাই ৷ আপুনি আপোনাৰ সন্তানক জ্ঞান দি আৰু ভাল ব্যৱহাৰ শিকাই সময় পাৰ কৰিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

অতীতৰ কোনো তিক্তকৰ অভিজ্ঞতাই আপোনাক নতুনকৈ প্ৰেমত পৰাত বাধা দিব ৷ কিন্তু আপুনি পুনৰ প্ৰেমত পৰাৰ সকলো সুযোগ থাকিব ৷ আপুনি আপোনাৰ মানসিক বান্ধোনৰ পৰা ওলাই আহক আৰু জীৱন উপভোগ কৰক ৷ এই সময়ছোৱা আপোনাৰ বাবে অনুকূল সময় ৷ আপুনি কিছু সৰু -সুৰা ৰোগত আক্ৰান্ত হ'ব ৷ আপোনাৰ বিত্তীয় সমস্যা দূৰ হ'ব ৷ আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন কৌশল অৱলম্বন কৰিব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ বৰ্তমানৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক পদানত কৰি ৰাখিব ৷ কিন্তু আপুনি আনন্দ-উৎসাহৰ মাজত থাকিব ৷ আপোনালোক দুয়োজনে অনেক আনন্দ-স্ফূৰ্তি কৰিব ৷ আপোনালোকে সন্তষ্টিৰ বাবে এক চমু ভ্ৰমণ কৰিব ৷ আপোনাৰ শত্ৰু আৰু বিৰোধী সক্ৰিয় হৈ উঠিব৷ কিন্তু আপুনি তেওঁলোকক সহজে পৰাজিত কৰিব৷ আপুনি আলোচনা-বিলোচনাৰ মাজেৰে সময় অতিবাহিত কৰিব ৷ কিন্তু এই আলোচনাৰ মাজেৰে কিছু ভাল কথা আপুনি বিচাৰি পাব ৷

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি স্বভাৱতে ধীৰ-স্থিৰ প্ৰকৃতিৰ ৷ আপুনি মন কৰিব যে আপোনাৰ সপোনৰ ব্যক্তিজন আপোনাৰ ওচৰলৈ আহিবলৈ লৈছে। গতিকে আপুনি প্ৰফুল্লিত মনেৰে সাজু হওক। কাৰণ তেওঁ আপোনাৰ হৃদয় জয় কৰিব। আপোনাৰ স্বাস্থ্য ভাল হ'ব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সময় অতিবাহিত কৰিব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি নিজকে নিঃসংগ কৰাৰ চেষ্টা নকৰিব ৷ অন্যথা আপুনি আনন্দ-স্ফূৰ্তিৰ বহু সুযোগ হেৰুৱাব ৷ আপুনি নতুন প্ৰেম-ৰোমান্স আৰম্ভ কৰাৰ ইংগিত সূচিত হৈছে ৷ এই প্ৰেম-ৰোমান্সত বহু সুখ থাকিব ৷ আপুনি উৎসাহ-উদ্দীপনাৰ মাজত থাকিব ৷ আপুনি আপোনাৰ আকাংক্ষা পূৰণৰ চেষ্টা কৰিব পাৰে ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতেও সময় অতিবাহিত কৰিব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপোনাক বিৰক্ত কৰি থকা কোনো সমস্যা দূৰ কৰাৰ চেষ্টা কৰিব ৷ আপোনাৰ জীৱনসংগীয়ে আপোনাৰ পৰামৰ্শলৈ অপেক্ষা কৰিব আৰু জীৱন কেনেদৰে আকৰ্ষণীয় কৰিব পাৰি, তাৰ চিন্তা কৰিব ৷ কামৰ চাপৰ পৰা সকাহ পোৱাৰ উদ্দেশ্যে আপুনি পৰিয়ালৰ লগত ওচৰৰে ক'ৰবালৈ ফুৰিবলৈ যাব ৷

মকৰ: (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি আনক শত্ৰু বুলি গণ্য নকৰিব ৷ সকলোকে ভাল পাওক আৰু সকলোৰে পৰা ভালপোৱা আদায় কৰক ৷ আপুনি জানে যে আপোনাৰ জীৱনত প্ৰেম-ভালপোৱা নাই। আপুনি কোনো ঘনিষ্ঠজনক উপদেশ দিব ৷ আপোনাৰ জীৱন মসৃণতাৰে আগবাঢ়িব ৷ সৃজনশীল চিন্তাৰে আপোনাৰ মন ভৰি থাকিব ৷ আপোনাৰ কামৰ প্ৰতি নিচা আছে ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ নিজৰ বাবে আৰু প্ৰেমিক বা প্ৰেমিকাৰ বাবে যথেষ্ট কষ্ট কৰিব ৷ আপোনাৰ মনলৈ বিয়াৰ চিন্তা আহিব আৰু ইয়ে আপোনাক অধিক সুৰক্ষিত অনুভৱ কৰাব ৷ জ্ঞানৰ ক্ষেত্ৰত আপুনি আপোনাৰ সহকৰ্মীসকলতকৈ আগত থাকিব ৷ আপুনি পদোন্নতিও পাব ৷ আপুনি সচৰাচৰ দৰে যথেষ্ট কষ্ট কৰিব লাগিব ৷

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ কম কথা পতা বা একেবাৰে কথা নপতা স্বভাৱে আপোনাৰ প্ৰেমৰ সম্পৰ্কত জটিলতাৰ সৃষ্টি কৰিব পাৰে ৷ আপুনি কি বিচাৰিব লাগে, সেয়া জানে আৰু কি দিব লাগে তাকো জানে ৷ আপোনাৰ পত্নী বা স্বামীৰ লগত আপোনাৰ সম্পৰ্ক আন্তৰিকতাপূৰ্ণ হ'ব ৷ আপুনি আপোনাৰ কামত ব্যস্ত থাকিব ৷ আপোনাৰ চাকৰিত সুস্থিৰতা থাকিব ৷ আপুনি উন্নতি সাধন কৰিব ৷

Next Story
চাকৰি