Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল,( ৮ অক্টোবৰ, শুকুৰবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল,( ৮ অক্টোবৰ, শুকুৰবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Oct 2021 4:36 AM GMT

মেষ : (২১ মাৰ্চ- ২০ এপ্ৰিল)

আপুনি প্ৰেম-ৰোমান্সৰ পূৰ্ণ আনন্দ উপভোগ কৰিবলৈ পাব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হ'ব আৰু আপোনাৰ প্ৰতি ইচ্ছাই আদেশত পৰিণত হ'ব ৷ আপোনাৰ কাম-কাজে পিছত স্থান পাব ৷ আপুনি দৰিদ্ৰ-নিচলাক সহায় কৰিব। আপুনি অতি সহজ-শিথিলতাৰে নিজৰ দায়িত্ব সম্পাদন কৰিব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপুনি আবেগক গুৰুত্ব দি কাম কৰিলে অ-প্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে ৷ আপোনাৰ কিছু আগ্ৰাসী স্থিতিৰ বাবে আপোনাৰ প্ৰেম-জীৱন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে ৷ এনে পৰিস্থিতিত আপুনি শান্ত হোৱাৰ প্ৰয়োজন হ'ব আৰু সেই অনুসৰি কাম কৰিব লাগিব ৷ আপোনাৰ জ্যেষ্ঠসকলে আপোনাক দিক-নিৰ্দেশনা দিব ৷ আপোনাৰ প্ৰগতিৰ পথ সহজ হ'ব ৷ আপুনি সাৱধানেৰে কৰা কামৰ ফলাফল অতি ভাল হ'ব ৷ আপোনাৰ বিত্তীয় অৱস্থা অতি সুন্দৰ ৷

মিথুন : (২২ মে' – ২১ জুন)

সময়ৰ ভাল ব্যৱস্থাপনা কৰিলে আপুনি আপোনাৰ কাম সময়তকৈ আগতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব ৷ আপুনি আপোনাৰ জীৱনসংগী সন্তুষ্ট হোৱাকৈ সময় দিবও পাৰিব। আপুনি সম্প্ৰীতি শান্ত-সমাহিত জীৱন কটাইছে ৷ আপোনাৰ দিক-নিৰ্দেশনাত এটা ডাঙৰ কাম সম্পন্ন হ'ব ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপুনি আয়ৰ নতুন উৎস মুকলি কৰাৰ সম্ভাৱনা আছে।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনাৰ প্ৰেম-জীৱনত এটা নতুন আৰম্ভণি সূচিত হৈছে। আপোনাক অশান্তি দি থকা অতীতৰ কথাবোৰৰ অন্ত পৰিব ৷ আপুনি উদ্বেগবিহীন জীৱন অতিবাহিত কৰিব। কিন্তু আপুনি আপোনাৰ জীৱনসংগীৰ কোনো পৰিকল্পনা কৰোঁতে যথেষ্ট মানসিক চাপ বহন কৰিবলগীয়া হ'ব ৷ যুৱক-যুৱতীসকল উদ্যমী হ'ব ৷ যদি আপুনি নিজৰ কৰ্মৰ সৈতে একাত্ম হয়, তেতিয়া জীৱনৰ পথ সহজ হ'ব ৷ আপোনাৰ চৰকাৰৰ সৈতে জড়িত কাম সহজে সম্পন্ন হ'ব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ শক্তিশালী ব্যক্তিত্বৰ বলত অনেক অনুৰাগীৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আৰু বহুতে আপোনাৰ সান্নিধ্য পাবলৈ চেষ্টা কৰিব। আপোনাৰ প্ৰিয়জন আপোনাৰ প্ৰতি ইমান আকৰ্ষিত হব যে আপুনি তেওঁক বিয়াৰ প্ৰস্তাৱ দিয়াৰ ইংগিত সূচিত হৈছে। আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক উন্নত কৰিব। আপুনি সাহসেৰে প্ৰতিকূল পৰিৱেশ-পৰিস্থিতিৰ সন্মুখীন হব।

কন্যা : (২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

আপোনাৰ প্ৰেম-ৰোমান্স তুংগত উঠিব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক অধিক ভাল পাবলৈ ল'ব । আপুনি তেওঁৰ সংগ ভাল পাব আৰু আপুনি নিজকে সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত কৰিব। আপুনি বিবাদ আৰু আইন-আদালতৰ গোচৰৰ সন্মুখীন হব পাৰে। স্বামী-স্ত্ৰীৰ মাজত ব্যৱধান থাকিব পাৰে। আপুনি কাম বা ব্যৱসায়ত সফলতা অৰ্জন কৰিব। আপুনি শান্ত-সমায়িত হৈ থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

পেচাদাৰী জীৱনত আপোনাৰ গুৰুত্ব বৃদ্ধি পাব ৷ প্ৰেম-ৰোমান্সৰ কিছু চাপ সৃষ্টিৰ ইংগিত সূচিত হৈছে ৷ আপুনি যিজন ব্যক্তিৰ প্ৰতি আগ্ৰহী, তেৱোঁ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব । আজি দুপৰীয়াৰ পৰা আপোনাৰ কামৰ গতি হ্ৰাস পাব। আপুনি টকা-পইচাৰ ক্ষেত্ৰত প্ৰতাৰিত হ'ব পাৰে। আপুনি আকস্মিকভাবে সমস্যাৰ সন্মুখীন হব পাৰে। আপুনি আজি কোনো উৎপাদনশীল কাম কৰিবলৈ সক্ষম নহ'ব।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি এনে এক পৰিস্থিতিৰ সন্মুখীন হ'ব, যি পৰিস্থিতিত চিন্তা-চৰ্চাৰে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে আপুনি আবেগৰ দ্বাৰা পৰিচালিত হ'ব ৷ আপুনি সৃজনশীল হোৱাৰ সুবাদত কিছু কাম কৰিবলৈ সক্ষম হ'ব । আপুনি আপোনাৰ স্বাস্থ্যৰ উপযুক্ত যতন লওক। আৰু বতৰ অনুসৰি খাদ্য-তালিকা প্ৰস্তুত কৰক। আপুনি দৰিদ্ৰ-নিচলা ব্যক্তিক আহাৰ যোগান ধৰিবলগা হ'ব পাৰে অথবা তেনে ধৰণৰ কাম-কাজত ব্যস্ত থাকিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হ'ব ।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

প্ৰেমিক-প্ৰেমিকাসকল পৰস্পৰৰ অধিক ওচৰ চাপি যাব আৰু বিয়াৰ পৰিকল্পনা কৰিব। আপোনাৰ প্ৰেমত যথেষ্ট সুস্থিৰতা থাকিব ৷ কেৰিয়াৰৰ সৈতে জড়িত আপোনাৰ সকলো সমস্যা সমাধান হ'ব। আপুনি উমৈহতীয়া শত্ৰুতা আঁতৰ কৰক আৰু কামত গুৰুত্ব দিয়ক। অভিজ্ঞ ব্যক্তিৰ দিক-নিৰ্দেশনাত আপোনাৰ পথৰ পৰা প্ৰতিবন্ধকতা দূৰ হব। আজি আপোনাৰ সৃষ্টিশীলতাই চূড়াত উপনীত হ'ব ।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সজীৱতাই আপোনাক আনন্দিত কৰি ৰাখিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাব পাৰে ৷ আপুনি কোনো বিবাদত লিপ্ত হ'ব পাৰে ৷ গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। যদি আপুনি কাৰোবাক ধন ধাৰে দিছে, তেন্তে সেই ধন ঘূৰাই পোৱাটো কঠিন হ'ব ৷ খৰধৰকৈ কোনো সিদ্ধান্ত নল'ব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ প্ৰিয়জনক ক'ৰবালৈ ফুৰাবলৈ লৈ যাব পাৰে, যাতে তেওঁৰ সৈতে কিছু সময় কটাব পাৰে ৷ ৰোমাণ্টিক সম্পৰ্ক মসৃণতা পথেৰে অগ্ৰসৰ হ'ব৷ আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ সিদ্ধান্ত ল'ব, যিবোৰে আপোনাক পাছত লাভান্বিত কৰিব ৷ আপোনাৰ পদক্ষেপে আপোনাক প্ৰত্যাশিত ফলাফল দিব ৷ আপোনাৰ বিত্তীয় অৱস্থা ভাল ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ জীৱনসংগী বাচনি কৰাৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ পৰা প্ৰচণ্ড বিৰোধিতাৰ সন্মুখীন হ'ব ৷ গতিকে আপুনি অকলশৰীয়া অনুভৱ কৰিব ৷ কিন্তু আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গ আপোনাৰ ওচৰলৈ আহিব আৰু আপোনাক সকাহ-সমৰ্থন দিব ৷ হঠাতে পোৱা এক বিত্তীয় লাভে আপোনাৰ জীৱন সলনি কৰিব ৷ ভাগ্য আপোনাৰ দুৱাৰদলিত উপস্থিত হৈছে ৷ আপুনি যথেষ্ট লাভ অৰ্জন কৰিব ৷

Next Story
চাকৰি